ফটাঢোল

ছন্দোৱদ্ধ কবিতা : শ্বায়েৰী-সঞ্জীৱ মজুমদাৰ

“ভাঙি গ’ল বীণখনি 

ছিঙি গ’ল তাঁৰ

ৰৈ গ’ল অৱশেষ

অমিয়া জোকাৰ।”

“কাৰ পৰশত ফুলিলি বান্ধৈ

অ’ মোৰ সাদৰী ফুলাম পাহি

শ্যামলী পাতৰ ওৰণি গুচাই

কাৰ ফালে চাই মাৰিলি হাঁহি?”

“আৰুনো কিমান দিয়া 

বেদনাৰ বোজা

হে মোৰ হৃদয় দেৱতা।

কৰুণ ৰোদন তুলি ভাঙিলা কিয় প্ৰাণৰ নিবিড় নীৰৱতা।”

“আই আজি ম‌ই বৰ

হিংস্ৰ হৈ উঠিছোঁ

মোৰ নিয়াৰিৰ

কাঁচিখন দেখিলেই বুজিবি

কাৰ ডিঙিৰ জোখাৰে গঢ়িছোঁ?”

এইধৰণৰ কালজয়ী কবিতাবোৰে তাহানিৰেপৰা আজিলৈকে পাঠকৰ বুকুত এক ভাললগা অনুভূতি তথা আলোড়ণৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। এই ভাললগাৰ মূলতেই আছিল অন্তৰত আৱেগ জগাই তোলা বিষয়বস্তু আৰু কবিতাৰ ছন্দোৱদ্ধ ৰচনা। যিটো বৰ্তমানৰ আধুনিক কবিতাবোৰত আপুনি বিচাৰি নাপায়। 

পাচাত্য সমালোচক ছেমুৱেল জনছনৰ মতে, “ছন্দোৱদ্ধ ৰচনাই কবিতা”।

প্ৰকৃততে কবিতা আৰু অকবিতা বুলি যিমানেই কাজিয়া, বাদ-বিসম্বাদ আৰু আত্মপক্ষ সমৰ্থন নকৰক কিয়, বৰ্তমান সময়ৰ কবিতা বা অকবিতাৰ মাজত অন্তৰাল বুলিবলৈ মাথো এডাল সুক্ষ্ম ৰেখাহে আছে, সেইয়া হৈছে পাঠকৰ ভাল লগা আৰু নলগা। ভাল লাগিল যদি সেইটো কবিতা আৰু বেয়া লাগিলে অকবিতা। ইয়াৰ বাহিৰে কবিতা আৰু অকবিতা, দুয়োটাক বেলেগে শ্ৰেণীৱদ্ধ (classified) কৰাৰ বেলেগ কোনো মানদণ্ড (criteria) নাই।

ঊৰ্দু সাহিত্যৰ এক অভিন্ন অংগ হৈছে শ্বায়েৰী – এক ছন্দোৱদ্ধ সংগীত কবিতা। মনৰ গভীৰতা আৰু আবেগ অনুভূতিৰ মাজৰপৰা প্ৰকাশ পোৱা ছন্দোময় শব্দৰ মায়াজাল, এই শ্বায়েৰীসমূহ। শ্বায়েৰীবোৰ ৰাগ ভিত্তিক সুৰাৰোপ কৰি সঙ্গীতৰ ৰূপ দিলেই হৈ উঠে গজল। 

শাস্ত্ৰীয় সংগীত আৰু মননশীল প্ৰেমৰ কাব্যিক সমন্বয়ৰ এক অপূৰ্ব নিদৰ্শন হৈছে শ্বায়েৰী। 

শ্বায়েৰীবোৰৰ মাজত এনে এক যাদুকৰী শক্তি আছে যিয়েই নেকি কোনো দিনে প্ৰেমত নপৰা মানুহকো কন্দুৱাব পাৰে আৰু যিসকলে প্ৰেমত পৰিছে সেইসকলৰ অৱস্থা বা কেনেকুৱা ঈশ্বৰেহে জানিব। 

শ্বায়েৰী বা শ্বে’ৰ :

দুটা পদ লগ লাগি শ্বে’ৰ বা ‘বেইঁত’ হয়। শ্বেৰৰ দুটা পদেই অৰ্থপূৰ্ণ আৰু সমান ‘ৱজনদাৰ’ হোৱা বাঞ্ছনীয়। 

যেনে –

“চুপকে চুপকে ৰাতদিন আঁচু বহানা য়াদ হ্যায়, 

হামকো অবতক আশ্বিকী কা জমানা য়াদ হ্যায়।”

শ্বে’ৰৰ দ্বিতীয় পংক্তিৰ “তুক” অৰ্থাৎ ছান্দিক শব্দ পূৰ্বনিৰ্দ্ধাৰিত হয় আৰু এই শব্দটো বাৰে বাৰে গজলত পুনৰাবৃত্তি হৈ গজলক মালা এধাৰিৰ দৰে গাঁথি পেলায়। এই গজলটোত “তূক” হৈছে “য়াদ হ্যায়”।

সাধাৰণতে  প্ৰত্যেক শ্বে’ৰৰ বিষয়বস্তু বেলেগ হয় কিন্তু কিছুমান গজলত শ্বে’ৰৰ বিষয়বস্তু একেটা অৰ্থাৎ কাহিনীৰ দৰে ধাৰাবাহিকতা থাকে। আগত থকা এক ছন্দোময় শব্দ‌ই হৈছে কাফিয়া। আমি উদাহৰণ হিচাবে লোৱা গজলটোত থকা “বহানা য়াদ হ্যায় আৰু জমানা য়াদ হ্যায়” এই শব্দবোৰ হৈছে কাফিয়া। 

প্ৰেম-প্ৰত্যাখ্যান, হৃদয়ৰ বতৰা, দীল-মোহব্বত, একপক্ষীয় ভালপোৱা, বিৰহ-বেদনা, প্ৰতাৰণা, বিচ্ছেদ আদি সকলো বিষয় আৰু দিশ সামৰি শ্বায়েৰীসমূহ সৃষ্টি হয়। 

শ্বায়েৰীৰ এনে এক যাদুকৰী শক্তি আছে, যিয়েই নেকি কোনোদিনে প্ৰেমত নপৰা মানুহৰ মনতো প্ৰাপ্তি -অপ্ৰাপ্তিৰ বেদনা আৰু প্ৰেমৰ স্বৰ্গীয় অনুভূতি জগাই তুলিব পাৰে। 

আনহাতে যিসকলে প্ৰেমত পৰি পাইছে বা নতুনকৈ প্ৰেমত পৰিছে তেখেতসকলৰ অৱস্থা বা কি হ’ব সেইয়া মাথোঁ ঈশ্বৰেহে জানিব।

নিম্নলিখিত শ্বায়েৰীৰ স্তৱকবোৰৰ মাজত মন প্ৰাণ পৰশি যোৱা আৰু প্ৰেমৰ এক সৃজনশীল অভিব্যক্তিৰ ধাৰাবাহিকতা মন কৰক।

শ্বায়েৰী :

অব কে হাম বিছড়ে, তো শ্বায়দ, কভী 

খোৱাবো মে মিলে

জিছ তৰহ, চুখে ফুল কিতাবো মে মিলে।

অনুবাদ :

এতিয়া যদি আমাৰ বিচ্ছেদো হয়, তথাপি সপোনত হ’লেও এদিন নিশ্চয় লগ পাম। 

যিদৰে পুৰণি কিতাপৰ মাজত শুকাই যোৱা ফুলৰ কলি বিচাৰি পোৱা যাব।

শ্বায়েৰী :

ৰঞ্জীশ্ব হী চহী, দীল হী দুখানে কে লিয়ে আ,

আ ফিৰ চে মুঝে, ছোড়

কে জানে কে লিয়ে আ।

অনুবাদ :

মোৰ প্ৰতি তোমাৰ হৃদয়ত থকা বিৰাগ থাকিলেও থাকক, মাথো হৃদয়াঘাত কৰিবলৈ আৰু পুনৰ এৰি থৈ যাবলৈ হ’লেও, মোৰ জীৱনলৈ আকৌ এবাৰ আঁহা। 

শ্বায়েৰী :

এক বচ তু হী নহী

মুঝচে খফা হো বেইঠা,

মেইনে জো সংগ তাৰাশ্বা

ৱহ খুদা হো বেইঠা।

অনুবাদ :

অকল মাথো তুমিয়েই মোৰ ওপৰত ক্ষুব্ধ হৈ থকা নাই।

মই নিজ হাতেৰে কঠিন শিলত খোদাই কৰা মূৰ্ত্তিটোও, আজি স্বয়ং ভগৱান হৈ পৰিছে।

শ্বায়েৰী :

ইষ্ক মে উলঝনে পহলে হী কম না থী, 

অউৰ পেগামে আ-দৰ্দ-চৰ কৰ লিয়া।

লোগ ডৰতে হ্যায় কাতিল কী পৰছাই চে,

লোগ ডৰতে হ্যায় কাতিল কী পৰছাই চে,

হামনে কাতিল কে দীল মে ভী, ঘৰ কৰ লিয়া।।

অনুবাদ :

এনেয়েই আগৰেপৰা প্ৰণয়ৰ বাদ-বিবাদ কম নাছিল।

তাৰপিছতো ম‌ই যেন মূৰৰ বিষ আমন্ত্ৰণ কৰিহে আনিলোঁ।

হত্যাকাৰিণীৰ ছাঁটো দেখিলেও, মানুহবোৰ ভয়ত পেপুৱা লাগে।

ম‌ই আকৌ হত্যাকাৰিণীৰ হৃদয়তেই বাস কৰোঁ।

শ্বায়েৰী :

জিক্ৰ এক বেৱফা অউৰ চিতমগৰ কা থা, আপকা এইচী বাতো চে ক্যা ৱাস্তা।

আপতো বেৱফা অউৰ চিতমগৰ

নহী, 

আপনে কিছলিয়ে মূহ উধৰ কৰ লিয়া।।

অনুবাদ :

ম‌ই মাথো বিশ্বাস ভংগকাৰিণী অথবা ক্ৰূৰ নাৰীৰ বিষয়েহে উল্লেখ কৰিছিলোঁ, যাৰ সৈতে আপোনাৰ কোনো সম্পৰ্কই নাই।

আপুনিতো বিশ্বাস ভংগকাৰিণী অথবা ক্ৰূৰ নাৰী নহয়, গতিকে আপুনিনো কেলেই মুখ সিফালে ঘূৰাই দিছে?

শ্বায়েৰী :

জিন্দেগী ভৰ কে চিকৱে-গিলে থে বহুত, ৱক্ত ইতনা কাঁহা থা কী দোহৰাতে হম।

এক হিচকী মে কেহ ডালী চব দাস্তা, হমনে কিচ্চো কো ইউ মুফতচৰ কৰ লিয়া।।

অনুবাদ :

জীৱনকালত দুখ-বেদনা

ইমানেই বেছি আছিল যে, পুনৰাবৃত্তি কৰিবলৈ হাতত সময় নাছিল।

এটা মাথোঁ হিকতিয়ে সকলো

ঘটনাৱলী স্পষ্ট কৰিলে আৰু ম‌ই

কাহিনী চমু কৰি পেলালোঁ।

শ্বায়েৰী :

ইস্ক জালিম হ্যায় বড়া 

ইছকী না পুছো সঞ্জীৱ,

ইস্ক জালিম হ্যায় বড়া 

ইছকী না পুছো সঞ্জীৱ,

অচ্ছে অচ্ছো কো ঠিকানে চে লগা দেতা হ্যায়।

অজনৱী চেহেৰে কো, মেহেবুব বনা দেতা হ্যায়।

প্যাৰ কা জজ্বা নয়া ৰঙ্গ, দিখা দেতা হ্যায়।।

অনুবাদ :

প্ৰেম সচাঁকৈয়ে বৰ বেছি নিদাৰুণ

এই বিষয়ে বেছি নোকোৱাই ভাল।

প্ৰেমে কৰ্মঠ ব্যক্তিকো নিষ্কৰ্মা কৰি পেলায়।

অচিনা জনকো বুকুৰ আপোন কৰি পেলায়।

প্ৰেমৰ যাদুকৰী পৰশ কিযে ৰমণীয়,

অচিনা জনকো বুকুৰ আপোন কৰি পেলায়।

শ্বায়েৰী :

অগৰ মে হদ্ চে, গুজৰ যাউ তো মুঝে মাফ কৰনা,

তেৰে দীল মে উতৰ যাউ তো

মুঝে মাফ কৰনা,

ৰাত মে তুঝে দেখ কে, তেৰে দীদাৰ কে খাতিৰ,

পল ভৰ জো, ঠহৰ যাউ তো,

মুঝে মাফ কৰনা।

অনুবাদ :

যদি কেতিয়াবা ম‌ই মোৰ সীমা অতিক্ৰম কৰোঁ, মোক যেন ক্ষমা কৰি দিয়া।

যদি কেতিয়াবা ম‌ই তোমাৰ হৃদয়ত অৱগাহন কৰোঁ, মোক যেন ক্ষমা কৰি দিয়া।

যদি কেতিয়াবা নিশা তোমাক এপলক চোৱাৰ হেপাঁহেৰে থমকি ৰৈ যাওঁ, মোক যেন ক্ষমা কৰি দিয়া।

শ্বায়েৰী :

ৰাহে-উলফত্ মে আপ চাথ্ নহী,

যাইয়ে খেৰ্ কোঈ বাত্ নহী।

ইউ তো হৰ্ চীজ্ মেৰে পাছ্ মে হ্যায়,

চিৰ্ফ হাথো মে আপকা হাথ্ নহী।

অনুবাদ :

প্ৰেমৰ বাটৰ লগৰী নহ’লা তুমি!

ঠিক আছে বাৰু, কোনো কথা নাই

থাকোতে মোৰ সকলোয়েই আছে,

মাথোঁ মোৰ হাতৰ মুঠিত তোমাৰ হাতখন নাই।

শ্বায়েৰী :

ইউ না মিল মুঝছে খফা 

হো জেইছে,

চাথ চল মৌজ-এ-চাবা 

হো জেইছে।

হিছকিয়া ৰাত কো আতী 

হী ৰহী,

তুনে ফিৰ ইয়াদ কিয়া 

হো জেইছে।

মৌওত ভী আয়ী তো ইছ 

নাজ্ কে চাথ,

মুঝ পে এহেচান কিয়া 

হো জেইছে।

অনুবাদ :

মোৰ সতে তুমি ইমান ক্ষুব্ধ হোৱাৰ দৰে যেন সন্মুখীন নোহোৱা,

মোৰ সতে তুমি পুৱঁতিৰ মৃদুল সমীৰ জাক হৈ আঁহা।

কালি ওৰে নিশাটো, মোৰ হিকতি আহিয়েই আছিল,

তুমি চাগৈ মোৰ কথাবোৰ পুনৰ  সুৱঁৰিছিলা!

মৃত্যুও মোৰ জীৱনলৈ ইমানেই দম্ভালি মাৰি আহিল , 

যেন মোক কিবা অনুগ্ৰহহে কৰিবলৈ আহিছিল।

শ্বায়েৰী :

তনহাঈ মে ফৰিয়াদ 

তো কৰ চকতা হু

বীৰাণে কো আবাদ 

তো কৰ চকতা হু

জব চাহু তুমহে মিল 

নহী চকতা লেকীন 

জব চাহু তুমহে ইয়াদ 

তো কৰ চকতা হু। 

অনুবাদ :

নীৰৱে-নিশব্দে ম‌ই নিশ্চয় অনুযোগ কৰিব পাৰোঁ।

হিয়া ভাঙি যোৱা শূন্যতাকো কোলাহলেৰে পূৰ্ণ কৰিব পাৰোঁ।

মন গ’লেই তোমাক, আগৰ দৰে লগ নিশ্চয় কৰিব নোৱাৰোঁ।

কিন্তু যেতিয়াই মন যায়, তেতিয়াই তোমাক সুঁৱৰিব নিশ্চয় পাৰোঁ।

শ্বায়েৰী :

অগৰ তু ইত্তেফাকন্

মিল ভী যায়ে,

তেৰী ফুৰকত্ কে চদমে্

কম না হোঙ্গে।

মোহব্বত কৰনেৱালে

কম না হোঙ্গে,

তেৰী মেহফিল্ মে লেকীন

হম না হোঙ্গে।

অনুবাদ :

কাকতালীয়ভাবে যদি তোমাক কেতিয়াবা হঠাতে লগো পাই যাওঁ,

তোমাৰ বিৰহৰ শোকাঘাত নিশ্চয় নকমিব।

আজিও তোমাৰ প্ৰণয় প্ৰাৰ্থীৰ সংখ্যা চাগৈ কমা নাই।

কিন্তু তোমাৰ হৃদয় পদূলিত মাথো ম‌ইহে নাই।

শ্বায়েৰী :

জব চিবা মেৰে 

তুমহাৰা কোই

দীৱানা না থা,

জব চিবা মেৰে 

তুমহাৰা কোই

দীৱানা না থা।

সচ কহো,

সচ কহো,

তুমকো ভী ক্যা ৱহ

জমানা য়াদ হ্যায়।

হাম কো অব তক

আশ্বিকী কা ৱহ 

জমানা য়াদ হ্যায়,

চুপকে চুপকে ৰাত দিন

আঁচু বহানা য়াদ হ্যায়।

অনুবাদ :

এনে এটা দিন আছিল যেতিয়া মোৰ বাহিৰে তোমাৰ কোনো 

প্ৰেমানুৰাগী নাছিল।

সঁচা ক’বা সোণজনী 

সেই পাখি লগা

মৰমসনা দিনবোৰৰ কথা

তোমাৰ আজিও মনত পৰেনে?

মোক কিন্তু, প্ৰণয়সিক্ত

সেই দিনবোৰে আজিও ব্যাকুল কৰে।

সেই দিনবোৰৰ কথা সুঁৱৰি

দিনে-ৰাতি মোৰ চকুহাল

সেমেকি উঠে।

শ্বায়েৰী :

জিন্দগী মে তো, 

চভী প্যাৰ কিয়া কৰতে হ্যায়,

মেই তো মৰকৰ ভী 

চাহুংগা তুমহে।

তুম মিলে তো, 

য়ে এহচাচ হুৱা কি,

এ মেৰী জিন্দগী চিৰ্ফ, 

চিৰ্ফ তুমহাৰে লিয়ে হ্যায়।

অনুবাদ :

প্ৰেম হয়তো

সকলোৰে জীৱনলৈ আহে,

মোৰো জীৱনলৈ আহিল

যেতিয়া, তুমি আহিলা।

তোমাক দেখাৰেপৰা

অনুভৱ কৰিছোঁ

জীৱনটো সঁচাকৈয়ে দুদিনীয়া!

বাৰে বাৰে মনলৈ আহিছে 

তুমি কিয় আগতেই নাহিলা?

শ্বায়েৰী :

আপ তো নজদীক চে, 

নজদীকতৰ আতে গয়ে।

আপ তো নজদীক চে, 

নজদীকতৰ আতে গয়ে।।

পেহলে দিল,

ফিৰ দিলৰূবা।

পেহলে দিল,

ফিৰ দিলৰূবা।

ফিৰ দিল কে, মেহমান হো গয়ে…..

অনুবাদ :

আপুনি একেবাৰে নিকট সান্নিধ্যৰপৰা নিকটতম হৈ পৰিছে।

প্ৰথমতে প্ৰিয়া, তাৰপিছত প্ৰিয়তমা আৰু পিছলৈ একেবাৰে হৃদয়ৰ গৰাকী হৈ পৰিলে।

শ্বায়েৰী :

প্যাৰ কা পেহলা খত লিখনে মে,

ওৱাক্ত তো লগতা হ্যায়।

নয়ে পৰিন্দো কো উড়নে মে,

ওৱাক্ত তো লগতা হ্যায়।।

জিস্ম কী বাত নহী থী,

উনকে দীল তক জানা হ্যায়।

লম্বী দূৰী ত্যয় কৰনে মে

ওৱাক্ত তো লগতা হ্যায়।।

অনুবাদ :

প্ৰথম প্ৰেমৰ

প্ৰথম চিঠি, লিখিবলৈ,

সময়তো লাগিবই।

সৰু চৰাইজনী,

উৰিব শিকিবলৈ, 

সময়তো লাগিবই।।

কায়িক প্ৰেমানুভূতি,

নহয় মাথোঁ এইয়া,

তেওঁৰ হৃদয়ৰ গভীৰতাক,

পৰশিবৰ মন।

সুদীৰ্ঘ এক লক্ষ্যত,

সুকলমে উপনীত হ’বলৈ, 

সময়তো লাগিবই।।

শ্বায়েৰী :

মৰনে কে বাদ ভী

মেৰী আঁখে খুলী ৰহী,

আদত পৰী হুই থী 

ইন্হে ইন্তজাৰ কী।।

জব তুঝে দীল চে

ভুলানে কী কছম 

খায়ী হ্যায়,

অউৰ পেহেলে চে ভী

জ্যাদা তেৰী য়াদ আয়ী হ্যায়।।

অনুবাদ :

মৃত্যুৰ পিছতো মোৰ চকুহাল মেল খাই আছিল, হয়তোবা প্ৰতীক্ষা কৰাটো মোৰ অভ্যাস হৈ পৰিছিল।

যেতি‌য়াৰপৰাই তোমাক অন্তৰৰপৰা পাহৰি যোৱাৰ শপত খাইছিলোঁ,

কিয় জানো তাৰ পিছৰেপৰাই তোমাৰ কথাবোৰ বেছিকৈহে মনত পেলাইছিলোঁ।

নিম্নলিখিত শ্বায়েৰীৰ স্তৱকবোৰৰ মাজত এক সৃজনশীল ধাৰাবাহিকতা মন কৰক।

ওঠৰ শতিকাৰ বিখ্যাত উৰ্দু কবি মীৰ্জা গালিবে লিখিছিল,

“জাহিদ, শ্বৰাব্ পীনে দে মছজিদ্ মে বেইঠ কৰ,

ইয়া, ৱহ জগহ্ বতা, জাঁহা খুদা নহী ….”

উনৈছ শতিকাৰ কবি আল্লামা ইকবালে অৰ্ধশতিকাৰ পিছত উত্তৰ স্বৰূপে লিখিছিল,

“মছজিদ্ খুদা কা ঘৰ হেই, পীনে কী জগহ্ নহী………

কাফিৰ্ কে দিল মে জা, ৱাহা খুদা নহী…….”

কুৰি শতিকাৰ কবি আহমদ ফাৰাজে প্ৰত্যুত্তৰত লিখিছে,

“কাফিৰ্ কে দীল্ চে আয়া হু,

মেই য়ে দেখ্ কৰ্ ফাৰাজ….

খুদা মৌজুদ হেই ৱাহা, 

পৰ্ উচে পতা নহী ।”

তাৰুণ্যৰে পৰিপূৰ্ণ বয়োজ্যেষ্ঠ নাগৰিকৰ প্ৰতি সমৰ্পিত শ্বায়েৰী :

কৌন কহতে হ্যায় কী বুদ্ধে

ইস্ক নহী কৰতে,

কৌন কহতে হ্যায় কী বুদ্ধে

ইস্ক নহী কৰতে,

বুদ্ধে ভী ইস্ক কৰতে হ্যায়,

লেকিন য়ে অলগ বাত হ্যায় কি 

বুদ্ধে পে কোই শ্বক্ নহী কৰতে।

অনুবাদ :

পুৰুষ মানুহ বাহিৰত যিমানেই অটল বিহাৰী বাজপেয়ী নহওক কিয়, ভিতৰত সকলোৰে এজন নাৰায়ণ দত্ত তিৱাৰী সুপ্ত অৱস্থাত থাকে।

এই সন্দৰ্ভত, মিৰ্জা গালিবৰ, সঁচাকৈয়ে শলাগিবলগীয়া, এটা শ্বায়েৰীৰ পংক্তি আগবঢ়ালোঁ।

শ্বায়েৰী :

উম্ৰ ভৰ গালিব,

য়েহী ভুল কৰতা ৰহা,

ধূল চেহৰে পে থী,

আউৰ, আইনা চাফ 

কৰতা ৰহা॥

অনুবাদ :

আজীৱন মই মাথো 

এটা ভুলকেই কৰি গ’লোঁ,

মুখ আৱৰি পেলোৱা 

ধূলি গুচাব এৰি,

মাথোঁ দাপোণখনকেই 

মোহাৰি ফুৰিলোঁ।।

শ্বায়েৰী :

কেহতে হ্যায় কিছ কো দৰ্দে মোহব্বত, কৌন তুমহে বতলায়েগা?

প্যাৰ কিছি ছে কৰকে দেখো, খুদ হী পতা চল জায়েগা।

অনুবাদ :

প্ৰেমৰ বেদনা যে কি বস্তু, সেইয়া বাৰু তোমাক কোনেনো ক’ব?

কাৰোবাৰ প্ৰেমত পৰি চোৱা, পৰিণতিৰ উমান নিজে নিজেই পাই যাবা।

শ্বায়েৰী :

তুমহাৰে তচব্বুৰ মে দিন ৰাত ৰেহেনা!

য়ে মেৰী ইবাদত নহী হ্যায়, তো ক্যা হ্যায়?

অনুবাদ :

দিনে নিশাই মাথো তোমাৰ কল্পনাতেই বিভোৰ হৈ থাকোঁ।

এয়া যদি মোৰ পূজা-অৰ্চনা নহয়, তেনেহ’লে কিনো?

শ্বায়েৰী :

কাশ্ব ৱহ মঞ্জৰ হোতা,

মেৰে কন্ধে পে, 

তেৰা শ্বৰ হোতা।।

অনুবাদ :

এটা দৃশ্য এনেকুৱা হোৱাহেঁতেন। 

যদি মোৰ কান্ধত তোমাৰ মূৰটো থ’লাহেঁতেন।

শ্বায়েৰী :

জুদাই কে লমহে

কৰীব আ গয়ে হ্যায়,

চিতাৰো কী দীল, টুটে জা ৰহে হ্যায়,

ইধৰ আও তুমকো, 

গলে চে লগা লু,

খুদা জানে ফিৰ কব,

মুলাকাত হোগী?

অনুবাদ :

বিৰহৰ মুহূৰ্ত নিচেই সমীপত,

কিছু সময়ৰ ভিতৰতেই

নক্ষত্ৰবোৰৰ হিয়া ভাঙি 

খহি খহি পৰিব।

মোৰ কাষচাপি আঁহা, 

বুকুৰ মাজত সোমাই যোৱা,

কেতিয়া যে আকৌ 

লগালগি হ’ম, 

ঈশ্বৰেহে জানে?

ছন্দোৱদ্ধ কবিতা : শ্বায়েৰী (ভিন্নস্বাদ)

সঞ্জীৱ মজুমদাৰ

☆ ★ ☆ ★ ☆

মোৰ কাষচাপি আঁহা, 

বুকুৰ মাজত সোমাই যোৱা,

কেতিয়া যে আকৌ 

লগালগি হ’ম, 

ঈশ্বৰেহে জানে?

Leave a Reply

Your email address will not be published. Required fields are marked *