পিকনিক-নীলাক্ষি কাকতি
: এবাৰ চোৱানা মোৰ ফালে। মই তোমাক বহুদিন ধৰি এটা কথা ক’ব বিচাৰি আছোঁ৷
: কি–কি– অঁ -অঁ কোৱা নীলা ৷
কোনোমতে কঁপা কঁপা মাতেৰে ৰাজীৱে ক’লে৷
: মোৰ ওচৰত আহা আকৌ৷
: আ–আহি-ছোঁ৷ কোৱা কোৱা৷
থপ৷ ৰাজীৱে পিঠিত কিবা এটা বিষ অনুভৱ কৰিলে৷ হাৰে! এয়া কি? এয়া দেখোন সি তাৰ বিচনাত! নীলা ক’ত গ’ল? মানে সি সপোন দেখি আছিল! এয়া দেখোন মাকে বেলনা মাৰিডাল লৈ তাৰ সন্মুখত মা কালীৰ অৱতাৰ লৈ থিয় হৈ আছে!
: অ কটা নিধক৷ কাক কি কৈ আছিলি? ৰাতি দুপৰত মোবাইলটো টিপি টিপি শুবি৷ ইফালে বেলি মূৰৰ ওপৰলৈ উঠালৈ বিচনা এৰাৰ নাম নাই৷ পঢ়াশুনাতো ধোৱা চাঙত উঠাইছয়েই৷ বাপেৰৰ হোটেলত খাবলৈ পাইছ৷ মইতো আছোঁৱেই তোক দহবিধ ব্যঞ্জন যতনাই দিবলৈ৷ উঠ বুলিছোঁ উঠ৷ তোক মই আজি নেৰোঁ৷
থপ৷ বেলনা মাৰিডালেৰে আৰু দুকোবমান লগাই মাকে ৰূমটোৰপৰা আঁতৰি গ’ল৷
: হ’ব৷ একো নিদিবা মোক খাবলৈ৷ মই ওলাই যাওঁ৷ দুসাঁজ খোৱাই আছা বুলিয়ে ইমান কথা শুনাই থাকা৷ লোকৰ ল’ৰাক মাক বাপেকে দে বোলোতেই বাইক দিয়ে৷ আৰু মোক খালি তোমালোকে কথাই প্ৰতি গালি পাৰি থাকা৷ হ’ব ওলাই যাম। পিছত কান্দি নাথাকিবা৷
: অই। যাৱ যদি ওলাই যা৷ যোৱাৰ পিছত আৰু ঘৰ নুসুমাবি। বাপেৰ আৰু মোক যে তই বুঢ়াকালত চাবি তোৰ লটি লক্ষণেই কয়৷ বাপেৰৰ পেঞ্চনৰ টকাৰে আমি কিবা কৰি চলি থাকিম।
মাকে পুনৰ হাত জোকাৰি জোকাৰি সোমাই আহিল৷
: ধেই নাথাকোঁ এইখন ঘৰত৷ অকণো শান্তি নাই৷
ৰাজীৱে টি-চাৰ্ট এটা পিন্ধি পিন্ধি ক’লে৷
: যা যা। মাত্ৰ বিচনাখন পাৰি থৈ যা৷ তোৰ মই গোলামী খাটি থকা নাই৷
*********
: অই চিগাৰেট এটা দে।
সমীৰে বাবুল দোকানীক ক’লে৷
: দিম বাৰু। পিছে ভাইটি আগৰ বাকীবোৰ দিবা কেতিয়া? মই এইমাহৰপৰা বস্তু বাকীত নিদিও বুলি ভাবিছোঁ৷
: আবে। দিম নহয়৷ চব ক্লিয়াৰ কৰি দিম। এটা চিগাৰেটৰ কাৰণে ইমান কথা নুশুনাবাহে ককাই৷ অই তোৰ আকৌ কি হ’ল? মুখখন পানীত পৰা মেকুৰীটোৰ দৰে কৰি আছ কিয়?
ৰাজীৱৰ ফালে চাই সমীৰে ক’লে৷
: আবে নক’বি আৰু। জিন্দেগী জন্দ হৈ গৈছে৷ মাডাৰ ইণ্ডিয়াই এনিটাইম আমাৰ লোকেল নিউজ চেনেলকেইটাই একেটা কথাকে বাৰে বাৰে কৈ থকাৰ দৰে মোক কথা শুনাই থাকে৷ বচেতো মোক মাতবোল বন্ধ কৰাৰ দৰেই এইবাৰ চেমিষ্টাৰত বেক লগাৰপৰা আৰু বেছি হৈছে। ইমান ধুনীয়াকৈ সপোন এটা দেখি আছিলোঁ। নীলাই মোক প্ৰপ’জ কৰিব ওলাইছিলহে৷ মা কচম। মাডাৰ ইণ্ডিয়াই পিঠিত যি কোব দিলে নহয়৷ নাথাকোঁ বেং। সেইখন ঘৰতে নাথাকোঁ৷ ঘৰ এৰি গুচি আহিছোঁ।
: হাঃ হাঃ৷ কি ক’লি? ঘৰ এৰি গুচি আহিলি? ক’ত যাবি এতিয়া? তোকতো কোনেও কাম কৰা ল’ৰা কৰিও নাৰাখিব৷ এটা কাম কৰ। তই নীলাকে ক৷ তোক তাইৰ বাপেকৰ গাড়ীত ড্ৰাইভাৰ কৰি ল’ব৷
: সেয়া, মই জানোৱেই তই ফটুৱামি আৰম্ভ কৰিবি বুলি৷ মাথা খাৰাপ হৈ আছে বেং। আৰু নুচুবাবি৷ মাৰ্ডাৰ কৰি দিম।
: অই চৰি বে চৰি৷ অই দোষ্ট৷ ইমান ইমোশ্যনেল হৈ লাভ নাই৷ দুদিনমান সময়ত ঘৰ সোমাই পঢ়া টেবুলত দুঘণ্টামান বহি দিবি৷ দেখিবি চৰকাৰ তোৰেই৷ বচ আৰু মাডাৰ ইণ্ডিয়া লাইনত আহি যাব৷ এতিয়া শুন। ডিপাৰ্টমেণ্টৰপৰা পিকনিক ওলাইছে৷ শুনিছোঁ তোৰ নীলাও যাব৷ পাৰ হেড ছশ টকা৷ এইবোৰ বাদ দি পিকনিক ওলা৷
: আবে। তই তেজপুৰ যাগৈ যা। মই এইমাত্ৰ মাৰ লগত কাজিয়া কৰি আহিছোঁ৷ আৰু এতিয়া পিকনিকৰ বাবে টকা খুজিম? বেক লগাৰ পিছততো কি কৰি পকেট মানি উলিয়াই আছোঁ সেয়া মইহে জানোঁ৷ মোৰ যোৱা নহ’ব বুজিছ৷ লাভ নাই বুলি জানোঁ৷
: ভাবি চা দোষ্ট৷ নীলাক তোৰ মনৰ কথা কোৱাৰ চাঞ্চ এৰি দিয় যদি তোৰ কথা৷ প্ৰপ’জ কৰিব নোৱাৰিলেও অন্ততঃ এটা দিন তাইৰ লগত কটাব পাৰিবি।
: কথাটো হওঁতে হয় বাৰু৷ টেঙা লগা কথা শুনি শুনি কাণ পকি গৈছে৷ পিচে বচৰপৰা টকা কেনেকৈ উলিৱাও সেইটো বুদ্ধিহে মাথাত অহা নাই৷ ৰহ কি কৰিব পাৰোঁ চাওঁ৷ অঁ বাবুলকাই তামোল এখন দিয়াচোন।
*********
: অঁ কি হ’ল বীৰমতা? ঘৰ এৰি গৈছিলিচোন? ইমান সোনকালে ঘৰলৈ মনত পৰিল নে কোনোবাই পিছফালে লাথ মাৰি খেদিলে? কোনেও নাৰাখিলে নেকি?
মাকে ৰাজীৱক ঘৰ সোমাই অহা দেখি ক’লে৷ এইবাৰ লগত দেউতাকো বহি আছে।
: মা প্লিজ৷ আহি পাইছোহে৷ অনবৰতে কিয় ইমান খেচখেচাই কিয় থাকা?
: অঁ তেন্তে। তই বহ৷ মই ধূপ চাকি দি তোৰ ভজন গাব আৰম্ভ কৰোঁ৷
: হেৰা মনে মনে থাকাহে। মোৰ আৰু অশান্তি লগা হৈছে। যিয়ে যেনেকৈ মৰে মৰক৷
দেউতাকে টিভিৰ ৰিমোটতো টিপি টিপি ক’লে৷
: দেউতা৷ কথা এটা আছিল৷
: ক৷ এইবাৰ কোন চাৰক টিউচনৰ টকা দিব ৰৈ গৈছে?
: নহয় দেউতা৷ টিউচন নহয়৷ আমাক ডিপাৰ্টমেণ্টৰ ফালৰপৰা এঠাইলৈ শিক্ষামূলক ভ্ৰমণত নিব৷ কিবা প্ৰজেক্ট এটাৰ কাৰণে৷ টকা ছশ লাগে৷
: হেৰৌ৷ বেকটো লগাইছয়েই। আৰু মোৰ কিমান টকাৰ শ্ৰাদ্ধ কৰ?
: নহয় দেউতা। এইবাৰ ভালদৰে পঢ়িম৷ মোৰ বেক লগা পেপাৰখনৰ বাবে এই প্ৰজেক্টটোৰপৰা নম্বৰ আহিব। দেউতা এইবাৰ প্ৰমিজ৷ মই মন লগাই পঢ়িম৷
: বাৰু হ’ব যা৷ টকা মাৰৰপৰা লৈ যাবি। মাত্ৰ চাবি এইটোৱেই তোৰ লাষ্ট চাঞ্চ৷ তাৰপিছত বাপেৰক বুজি পাবি৷ কোনদিনা যাবি?
: অহা দেওবাৰে৷
*********
: ধুই বেং৷ নীলাই মোক অকনো ভাওৱে নিদিলে৷ তাই বিকাশৰ লগতেই থাকিলচোন! মই আহিবই নালাগিছিল৷
: বাদ দে দোষ্ট ছোৱালী লাইফত আহিব আৰু যাব৷ মন বেয়া কৰি কি লাভ? মোক চা৷ আজি যদি লীলা কাইলৈ শীলা৷ দুয়োজনীয়ে নহ’লে পৰহিলৈ ৰীয়া৷ ব’ল ব’ল৷ ঘৰ যাওঁ৷
নাই আজিৰপৰা সচাকৈয়ে ভালদৰে পঢ়িব লাগিব৷ ইমান আৰু কথা শুনিবলগীয়া হৈ আছে৷ বিকাশ চোকা কাৰণে নীলায়ো তাকহে পাট্টা দিয়ে। ৰাজীৱে ড্ৰয়িং ৰূমত সোমাই দেখিলে মাক দেউতাকে টিভি চাই আছে৷ বোধকৰো অসমীয়া বাতৰি৷
: আহি পালি?
: পালোঁ৷
: প্ৰজেক্ট কৰিলি?
: কৰিলোঁ৷
ৰাজীৱে ঠিক তাৰ ৰূমত সোমাবলৈ লৈছিলেই। হঠাৎ দেউতাকৰ মাত শুনি ৰৈ গ’ল৷
এয়া চাওঁক দৰ্শকসকল৷ কি সুন্দৰ পিকনিকৰ আয়োজন কৰিছে বিভিন্ন পিকনিক পাৰ্টিবিলাকে৷ এয়া মাংসৰ তৰকাৰী বহাই দিয়া হৈছে কেৰাহীত৷ এয়া চাওঁক৷ এওঁলোকে কি সুন্দৰকৈ নাচিছে গীতৰ তালে তালে৷ কওঁকচোন আপোনালোক ক’ৰপৰা আহিছে?
: আমি লাহোৱালৰপৰা আহিছোঁ। এয়া বন্ধুসকলৰ লগত আহিছোঁ৷ অলপ স্ফূৰ্তি কৰিম বুলি। কৰ’ণাৰ বাবে বহুদিন ওলোৱাই হোৱা নাছিল৷
হে প্ৰভু! এয়া দেখোন সমীৰ! ৰাজীৱে মনত পেলালে৷ হয়েইতো৷ আজি ৰিপৰ্টাৰ আহিছিল পিকনিকৰ বাতৰি ক’ভাৰ কৰিবলৈ৷
: সৌটো তই নহয়নে? মুখখন লুকাই দিলি যে? প্ৰজেক্টটো পিকনিকৰ ওপৰত আছিল নেকি? ক আকৌ লাটচাহাব৷
ৰাজীৱৰ কিয় জানোঁ ডিঙিটো শুকাই গৈছে যেন অনুভৱ হৈছিল!
☆ ★ ☆ ★ ☆
7:49 pm
ধুনীয়া ব্যংগ নিলাক্ষী৷ পঢ়ি বেলেগ মজা লাগিল
10:20 am
হা হা। বহুত ভাল লাগিল।
1:54 pm
বঢ়িয়া লাগিল নীলাক্ষি
3:35 pm
ভাল লাগিল।
4:24 pm
বঢ়িয়া লাগিল
6:14 pm
হা হা বঢ়িয়া লাগিল ।
9:15 pm
নিলাক্ষীবা, বহুত ভাল লাগিল সঁচাকৈ!???
11:06 pm
ভাল লাগিল নীলাক্ষী৷
12:12 am
ভাল পালোঁ পঢ়ি৷
5:05 am
খুব ভাল লাগিল
1:32 pm
ভাল লাগিল