ফটাঢোল

ৰোহঘৰ – যোগেশ ভট্টাচাৰ্য্য

সন্ধিয়া সাত বজাত ঘৰ সোমায়েই বৰাই বেগটো থৈ চোফাত বহি টিভিটো অন কৰি দিলে। চাউথ ইণ্ডিয়ান চিনেমা এখন টিভিত চলি আছিল। বাছত ঠিয় হৈ ষ্টপেজৰপৰা আধাকিলোমিটাৰ ঘৰলৈ খোজকাঢ়ি লেবেজান হোৱা ভৰি দুটাক অলপ আৰাম দিও বুলি সন্মুখৰ টি টেবুলখনত উঠাই দিছিলহে মাত্ৰ, তেনেতে পাকঘৰৰপৰা ধুনীয়া মুখ এখনে ভুমুকি মাৰিলে। পিচে সেই ধুনীয়া মুখখনেৰে অমৃত নোলাই হলাহল বিষহে ওলাল।

: ভৰি দুখন টেবুলতনো কিয় উঠাইছা? চাহ খোৱা টেবুল হয় সেইখন। দিনটো মই ঘৰ দুৱাৰ চাফা কৰি থাকিম আৰু তুমি আহিয়েই লেতেৰা কৰিবা?

বৰাই লগে লগে ভৰিখন আঁ‌তৰাই দিলে। তেওঁৰ মনত পৰিল বাছৰপৰা নামিয়েই এন্ধাৰত গোবৰ গচকিছিল। পিছে ঘৈণীয়েকে কেনেকৈ গম পালে সেইটো কথা। এবাৰ ভৰিৰ তলুৱাখন হাতেৰে খেপিয়াই চাই একো নাপাই ৰামদেৱে যোগা কৰোঁ‌তে ভৰিখন পকাই পেটৰ ওচৰলৈ নিয়াৰ ষ্টাইলত নি তলুৱাখনত ভালদৰে চালে কিবা লাগি আছে নেকি। তেতিয়াও একো নেদেখি বৰা চিন্তাত পৰিল। গোবৰ গচকিছিল যিহেতু অলপ দাগটো লাগি থাকিব লাগিছিল। ক’ত গ’ল দাগটো? 

কিছুসময় তেনেদৰে চিন্তা কৰাৰ পিছতহে তেওঁ বুজি পালে যে গোবৰ গচকোতে তেওঁ জোতা পিন্ধি আছিল আৰু সেই চামৰাৰ জোতা আৰু মোজা ভেদ কৰি তেওঁৰ ভৰিত গোবৰ লগাটো চাউথ ইণ্ডিয়ান চিনেমাৰ হিৰোক ভিলেইনে পিটি দিয়াৰ সমানেই অকল্পনীয়। লগে লগে তেওঁ আৰু এটা কথাও বুজি পালে যে বৰানীৰ খং উঠাৰ কাৰণটো টেবুলত ভৰি তুলি বহাটো নহয়। হিৰোৰ ওপৰত উঠা খঙটো মেইন ভিলেইনটোৱে নিজৰেই পালি পহৰীয়া দুটামানক মাৰি পিটি জৰাৰ দৰে বৰানীয়েও বেলেগ কিবা কথাৰ খং টেবুলত ভৰি উঠোৱা দুৰ্ঘটনাটোৰ ওপৰত জাৰিছে। এতিয়া বৰাৰ সম্মুখত আহি পৰা সকলোতকৈ ডাঙৰ চেলেঞ্জটো হ’ল বৰানীৰ খং উঠাৰ কাৰণটো উদ্ধাৰ কৰা আৰু নতুন শাড়ী নাইবা চেলৱাৰ জাতীয় কিবা এটাক পণ ৰাখি নিজক আসন্ন বিপদৰপৰা উদ্ধাৰ কৰা। টিভিত চলি থকা চাউথ ইণ্ডিয়ান চিনেমাখনৰ মোচ থকা হিৰোটোক তেতিয়া দহটামান গুণ্ডাই আগুৰি ধৰিছিল।

আচলতে বৰানীয়েও এটা কথাত বহুদেৰি লাগি থকা মহিলা নহয়। কিন্তু সেই আধাঘণ্টা এঘণ্টাত যিখিনি চিঞৰ বাখৰ হয়, সেইখিনি আধা কিলোমিটাৰ দূৰৈৰ মানুহেও শুনা পায়।

: টেবুলতচোন মই আগে পিছেও ভৰি উঠাই টিভি চাও। আজি কিয় খং কৰিছা? 

চাউথ ইণ্ডিয়ান হিৰোটোৱে গুণ্ডা এটাক থেকেচি দিয়া দৃশ্যটো উপভোগ কৰি বৰাই ক’লে।

: টেবুলত ভৰিখন উঠাব ঠিকেই জানা, কিন্তু টেবুলত থকা দৰকাৰী বস্তুবোৰ চকুত নপৰে। 

হিৰোই গম নোপোৱাকৈ গুণ্ডা এটাই পিছফালৰপৰা লাঠি এডালেৰে একোব মাৰিলে।

হঠাতে বুকুখন চিৰিংকৈ উঠিল বৰাৰ। 

: (সৰ্বনাশ, আজি টেবুলৰপৰা সপ্তাহিক বজাৰৰ লিষ্টখন ল’বলৈ পাহৰিলোঁ‌)

বৰাই মনতে ভাবি লৈ অংক এটা মিলালে যে কোনখন ৰেষ্টুৰেণ্টত ডিনাৰ কৰিলে কম খৰচত হ’ব। কিন্তু লগে লগে মনত পৰিল যে সাপ্তাহিক বজাৰতো কালিয়েই কৰিছে। তেনেস্থলত টেবুলত থকা কি দৰকাৰী বস্তু নেদেখি এই ভাৰত পাকিস্তানৰ লেখিয়া পৰিবেশৰ সৃষ্টি হ’ল তাকে উদ্ধাৰ কৰিবলৈ বৰুৱাই টেবুলত থকা এপদ এপদ বস্তু তন্নতন্নকৈ নিৰীক্ষণ কৰিবলৈ ধৰিলে। টেবুলৰ ওপৰত থকা বৰানীৰ মোবাইলটো ৰিচাৰ্জ কৰা হৈছে, টিভি ৰিমটটোৰ বেটাৰী লগোৱা হৈছে, পেপাৰৰ বিল দিয়া হৈছে। তেনেহ’লে কিহৰ বাবে বৰানীৰ খং উঠিল? 

: হেৰা, কি দৰকাৰী বস্তু চকুত পৰা নাই মোৰ কোৱাহে।

: মই কিয় ক’ব লাগে? চকু নাই তোমাৰ?

বৰাৰো হঠাৎ টিঙিচকৈ খং উঠি গ’ল নহয়।

: চকু থকা নথকাৰ কথা কিয় কৈছাহে? কি প্ৰব্লেম হৈছে কোৱা। মিলি জুলি চল্ভ কৰোঁ‌। চাচপেন্স দি চিঞৰি থাকি কি লাভ?

: মই হে চাচপেন্স দিলোঁ‌ এতিয়া। প্ৰতিটো কথা মনত পেলাই দিবলৈ মই তোমাৰ পিএ নেকি? 

: হাৰে মোৰ পিএ ক’ত আছেনো? মই নিজেই জুনিয়ৰ একাউণ্টেণ্ট দেখোন?

: ঠাট্টা কৰিবলৈ নেৰিবা মোক। মই উদাহৰণহে দিছোঁ।

: তুমি উদাহৰণ দিওতেও কনফিউজ কৰি দিয়া। চিধা চিধি কথা ক’বলৈ ইমান অসুবিধা কিয় তোমাৰ? 

: চিধা চিধিকৈ ক’লে গুৰুত্ব দিয়া নেকি তুমি? মোৰ কথাৰ ওপৰত কেতিয়াও গুৰুত্ব নিদিয়া। নিজৰ বন্ধুৰ মাহীয়েকৰ জীয়েকৰ বান্ধৱীৰ দেওৰেকৰ বিয়া নাপাহৰা। কিন্তু মোৰ নিজা মামাৰ ছোৱালীৰ দেওৰেকৰ বন্ধুৰ বিয়া মনত নাথাকে তোমাৰ?

টিভিত চলি থকা চিনেমাখনত তেতিয়া প্ৰচণ্ড মাৰপিট চলি আছিল। হিৰোটোৱে চল্লিশটামান গুণ্ডাক মাৰি বগৰাইছিল যদিও এইবাৰ মেচিনগান লৈ অহা গুণ্ডাদুটাক দেখি ৱাল এখনৰ আঁ‌ৰত লুকাবলৈ থিৰাং কৰিলে।

বৰাই অনুমান কৰিলে, নিশ্চয় বৰানীৰ ফালৰ কাৰোবাৰ বিয়া মিচ কৰিছে আজি। টেবুলখনৰ এচুকত পৰি থকা চিঠিখনৰ ওপৰত তেতিয়াহে বৰাৰ চকু পৰিল। ঘড়ীটোলৈ চালে, সাত বাজি পোন্ধৰ মিনিট। এতিয়াও সময় আছে বিয়ালৈ যাবলৈ। 

: হাৰে, এনেয়ে কিয় হাল্লা কৰি আছা? আঠ বজাতহে বিয়াত যাম। মোৰ মনত আছেতো। চাহ একাপ খাই ওলাই যাও ব’লা।

: আজিয়েই যাবা নেকি? কাইলৈহে বিয়া?

: তেনেহ’লে কিয় হাল্লা কৰি আছা?

: মই কথা ক’লেই হাল্লা কৰা হয় নেকি? আৰু তুমি মিছা কথা কিয় কৈছা? বিয়াৰ তাৰিখ মনত থকা বুলি মিছাকৈ কিয় কৈছা?

: সেইটো বাদ দিয়া না। কাইলৈৰ বিয়াখনৰ বাবে আজিয়েই হাল্লা কিয় কৰিছা?

: মই আজি পাৰ্লাৰলৈ যাব নালাগিছিল? যখিনী হৈ যাম বিয়ালৈ?

: তোমাক এনেও ধুনীয়াই দেখিচোন? (কাজিয়া কৰিলেহে যখিনী যেন লাগ।)

পিছৰ বাক্যটো বৰাই নক’লে, মনতেহে ভাবিলে। আৰু লগে লগে সুফলো পালে। 

বৰানীয়ে এইবাৰ লাহেকৈ ক’লে,

: হ’ব দিয়া নহ’লে, কাইলৈ পুৱাই মই পাৰ্লাৰলৈ যাম। তুমি পাৰিলে অলপ সোনকালে আহিবা। চাহ দুকাপ বনাই আনো ৰ’বা। তোমাৰ ফেভৰিট পকৰিও বনাও।চুলিখিনি আজিয়েই ষ্ট্ৰেইট কৰি থ’ম।

ইতিমধ্যে আটাইকেইটা গুণ্ডাক মাৰি পিটি বেহুচ কৰি চাউথ ইণ্ডিয়ান হিৰোটেৱে হিৰোইনক বাইকত বহুৱাই ঘৰমূৱা হৈছিল। বৰাই টিভিটো অফ কৰি মুখ-হাত ধুবলৈ বাথৰুমত সোমাল।

ৰাতি ভাত খাই থাকোঁ‌তে বৰাই ক’লে,

: কথা এটা ভাবিছো ৰ’বা। আমি সৰু সৰু কথাত কাজিয়া কৰি থকাটো ঠিক নহয়। এই শইকীয়াই সদায় পুৱা সোধে আমাৰ মাজত কাজিয়া লাগিছিল নেকি বুলি। আমাৰতো আধা ঘণ্টাত কথাৰ কটাকটি হৈ আকৌ পিছলৈ ঠিক হৈ যায়েই। কিন্তু চুবুৰীয়া মানুহে ভাবে আমাৰ মাজত ভাল ভাব নাই বুলি। গতিকে আমি এটা ৰোহঘৰ বনাও। 

: সেইটো কি বস্তু?

বৰানীয়ে সুধিলে।

: আগৰ দিনত ৰাণীসকলৰ ৰোহঘৰ এটা আছিল। কিবা কথাত খং উঠিলে হাল্লা নকৰি মনে মনে সোমাই আছিল। ৰজাই তেনেদৰেই বুজি গৈছিল যে ৰাণীৰ কিবা অসুবিধা হৈছে আৰু লগে লগে প্ৰব্লেম চল্ভ কৰি দিছিল। প্ৰজাগণে ইয়াৰ একো ভূকে নাপাইছিল। গতিকে আমিও চিঞৰ বাখৰ কৰি চুবুৰীয়াক জনোৱাতকৈ ৰোহঘৰত সোমালেই হ’ল। তোমাৰ কিবা কথাত খং উঠিলে তুমি সোমাবা, মোৰ উঠিলে মই সোমাম। আধাঘণ্টামানৰ পিছত খং কমিলে আমি আলোচনা কৰি বুজাবুজি কৰি ল’ম। 

বৰানীয়েও ৰাণীয়ে ব্যৱহাৰ কৰা ৰোহঘৰ এটাত সোমাবলৈ পোৱাৰ আনন্দতেই হওক বা অইন কাৰণতেই হওক, কথাটোত হয়ভৰ দিলে। দুদিনৰ ভিতৰতেই তেওঁলোকে ষ্টোৰৰূম এটা চাফা কৰি বিচনা এখন পাৰি ৰোহঘৰ এটা সাজি উলিয়ালে।

এসপ্তাহ পিছত বৰা অফিচৰপৰা আহি দেখিলে বৰানী ৰোহঘৰত সোমাইছে। বৰাই ভাবিলে, এঘণ্টামান জিৰাই লওঁ‌, তাৰ পিছত খং কমিলে আলোচনা কৰি প্ৰব্লেমটো চল্ভ কৰি ল’ম। মুঠতে কাজিয়া পেচাল হোৱা বুলি চুবুৰীয়াৰ কাণত কথাবোৰ পৰিব নালাগে। প্লেন সফল হোৱাৰ আনন্দখিনি অলপ সময় উপভোগ কৰোঁ‌ বুলি বৰাই টিভিটো অন কৰি ল’লে।

টিভিত চিনেমা এখন দি আছিল। হিৰোটোৱে গুণ্ডাকেইটাক মাৰি পিটি বেঞ্চ এখনত আৰামত বহি লৈ চিগাৰেট এটা জ্বলাই লৈছিল। ঠিক সেইসময়ত চাৰিখন জীপ আহি হিৰোৰ সম্মুখত ৰৈ গ’ল। গাড়ীৰ দৰ্জা খুলি অসংখ্য গুণ্ডাই হিৰোৰ ফালে চোঁচা ললে।

আৰু ঠিক সেই সময়তেই ৰোহঘৰৰ দৰ্জা খোল খালে। বৰানীয়ে উগ্ৰমূৰ্তি ধৰি ৰোহঘৰৰপৰা ওলাই আহি বৰাৰ পিনে চকু পকাই ক’বলৈ ধৰিলে,

: মই কিবা দুখত ৰোহঘৰত সোমাই আছোঁ‌, আৰু তুমি টিভি চাই ফূৰ্তি কৰি আছা ইয়াত।

পিছদিনা ৰাতিপুৱা শইকীয়াই বৰাক সুধিলে,

: যোৱাকালি আপোনালোকৰ ঘৰৰপৰা চিঞৰ বাখৰ শুনিছিলোঁ। কাজিয়া লাগিছিল নেকি বাৰু?

☆ ★ ☆ ★ ☆

6 Comments

  • ৰাজশ্ৰী শৰ্মা

    তামাম আইডিয়া হে। কিছু মজা লাগিল পঢ়ি।

    Reply
  • ডলী

    হা হা। তামাম জমনী

    Reply
  • বাগ্মিতা

    অ’ মাই গড ! কি কি যে ভাবি পোৱা নহয়…বিৰাট ভাল লাগিল হে

    Reply
  • জয়ন্ত

    ফাটাফাটি৷ আকৌ চিক্সাৰ৷

    Reply
  • পূৰ্ণময়ী

    বঢ়িয়া জগ্গু

    Reply
  • ৰাজু কুমাৰ নাথ

    বঢ়িয়া।সেইখন সংসাৰ সিজাবলৈ চৌদাখাৰ লাগিব দেই।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *