তীখৰে লিখা ৰচনাখন – ৰঞ্জিত কুমাৰ শৰ্মা
ভোগালী বিহুৰ পিছত বিদ্যালয়ৰ প্ৰথমটো দিন৷ অসমীয়া বিষয় পঢ়োৱা হৰিশ মাষ্টৰে নৱম শ্ৰেণীৰ কোঠাত সোমাই চকীখনত বহিয়েই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ক’লে,
: ল’ৰা-ছোৱালীহঁত, বিহুৰ বন্ধৰ আগতে ৰচনা লিখিবলৈ দিছিলোঁ যে লিখিছানে?
ছাত্ৰ-ছাত্ৰীসকলে একেলগে ‘লিখিছোঁ ছাৰ’ বুলি কোৱাত হৰিশ মাষ্টৰে সকলোকে ৰচনাবোৰ তেওঁৰ মেজত জমা দিবলৈ ক’লে৷ সেইমতে সকলো শিক্ষাৰ্থীয়ে ৰচনা লিখা বহীবোৰ মাষ্টৰৰ মেজত জমা দিলে৷ হৰিশ মাষ্টৰে ৰচনাবোৰ মেজৰ একাষে থৈ লগত লৈ অহা অসমীয়া ব্যাকৰণখন মেলি লৈছিল মাত্ৰ, তেনেতে হিমাদ্ৰী নামৰ ছাত্ৰীগৰাকীয়ে অলপ উচ্চস্বৰত মাত দিলে,
: ছাৰ?
হৰিশ মাষ্টৰ
: কি হ’ল?
হিমাদ্ৰী,
: ছাৰ, তীখৰে চুলি টানি আছে৷
: তীখৰ, কি হৈছে
বুলি মাষ্টৰে ধমক দিয়াত তীখৰে সেমেনা-সেমেনিকৈ ক’লে,
: নাই টনা ছাৰ৷ উৰুকাৰ পিছদিনা বিহু ফিল্ডত এইজনীয়ে বিহু নাচিছিল৷ নাচ ভাল হোৱা বুলিহে কৈছোঁ ছাৰ৷
: এইফালে আহ৷
মাষ্টৰে তীখৰক তেওঁৰ কাষলৈ মাতিলে৷ ভয়ে ভয়ে তীখৰ হৰিশ মাষ্টৰৰ কাষলৈ আহিল৷
: ৰচনা লিখিছ?
মাষ্টৰৰ প্ৰশ্ন৷
তীখৰে-
: লিখিছোঁ ছাৰ
বুলি কোৱাত মাষ্টৰে পুনৰ সুধিলে,
: কিহৰ ৰচনা লিখিছ?
: ছাৰ, বিহুৰ ৰচনা৷
মূৰ খজুৱাই খজুৱাই তীখৰে উত্তৰ দিলে৷
: ৰচনাখন উলিয়া৷
মাষ্টৰৰ নিৰ্দেশনা৷
তীখৰে ভয়ে লাজে ৰচনাৰ বহীবোৰৰ মাজৰ পৰা নিজৰ বহীখন উলিয়াই ল’লে৷
মাষ্টৰে চকুদুটা ডাঙৰ কৰি ক’লে,
: কি লিখিছ এতিয়া ডাঙৰ ডাঙৰকৈ পঢ়ি যা৷ সকলোৱে শুনক৷
তীখৰে দুবাৰমান সেপ ঢুকি নিজে লিখা ৰচনাখন পঢ়ি গ’ল৷
‘বিহু’
আৰম্ভণিঃ বিহু অসমৰ জাতীয় উৎসৱ৷ বিহু তিনিটা৷ ব’হাগ বিহু, কাতি বিহু আৰু মাঘ বিহু৷ ব’হাগ বিহুক ৰঙালী বিহু, মাঘ বিহুক ভোগালী বিহু আৰু কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয় যদিও বৰ্তমান তিনিওটা বিহুতেই বিহুগীত গোৱা, বিহু নৃত্য নচা দেখিবলৈ পোৱা যায়৷ সেইদৰে মাঘ বিহুৰ দৰে ব’হাগ বিহুতো পিঠা-লাড়ু বনোৱা দেখা যায়৷ কঙালী বিহু বুলি ভাবি অহা কাতি বিহুতো পিঠা-লাড়ু বনোৱা আৰু পথাৰত চাকি জ্বলোৱাৰ আগত বা পাছত বিহু ডেন্স দিয়া দৃশ্য আমি সামাজিক মাধ্যম আৰু টিভিত দেখা পাওঁ৷ এয়া পৰিবৰ্তন৷ অসমীয়া টেলিভিছন চেনেলবোৰে এই পৰিবৰ্তন আনিছে৷ এতিয়া বিহু আহেও অসমীয়া টেলিভিছন চেনেলত আৰু জমেও টেলিভিছন চেনেলতে৷ ডিজিটেল ইণ্ডিয়াত নতুনকৈ উদয় হোৱা ৱেব পৰ্টেলবোৰৰো দুই-এটাই এইক্ষেত্ৰত উজান দিবলৈ আৰম্ভ কৰিছে৷ উদাৰ দৃষ্টিভংগীৰে আমাৰ সংস্কৃতিৰ আধুনিকীকৰণ হ’বলৈ আগবাঢ়িছে৷
তীখৰৰ ৰচনা শুনি ছাত্ৰ-ছাত্ৰীবোৰে হাঁহিবলৈ ধৰিলে৷ হৰিশ মাষ্টৰে ধমক দি ক’লে,
: হাঁহিছ কিয়? তাক পঢ়িবলৈ দে৷
তীখৰে পুনৰ পঢ়ি গ’ল৷
ব’হাগ বিহুঃ চ’ত মাহৰ শেষৰ দিনটোৰ পৰা, মানে চ’ত আৰু ব’হাগ মাহৰ সংক্ৰান্তিৰ দিনৰ পৰা ব’হাগ বিহু আৰম্ভ হয়৷ এইবোৰ কথা যুগ যুগ ধৰি আলোচনা হৈ আছে, নতুনকৈ লিখি সময় নষ্ট নকৰোঁ৷
সহপাঠীসকলে পুনৰ হাঁহিবলৈ ধৰাত মাষ্টৰে আকৌ ধমক দিলে৷ হাঁহি বন্ধ হোৱাত তীখৰে পুনৰ ৰচনা পঢ়াত লাগিল৷
কোনদিনা গৰু বিহু, কোনদিনা মানুহ বিহু সেইবোৰো সকলোৱে জানে৷ ককা-আইতা আৰু মা-দেউতাৰ মুখত শুনিবলৈ পোৱামতে ব’হাগ বিহুক ৰঙালী বিহু বোলা হয়৷ এতিয়া অৱশ্যে অকল ৰঙালী বিহু বুলিলে ভুল হ’ব৷ ব’হাগ বিহুতো পিঠা-লাড়ু আদি বনোৱা, মাছ-মঙহেৰে এসাঁজ খোৱা ফটো আমি ফে’চবুকত দেখা পাওঁ৷ টিভিতো তেনে ভিডিঅ’ দেখুওৱা হয়৷ ব’হাগ বিহুত গৰুক গা ধুওৱাৰপৰা আৰম্ভ কৰি দীঘলটি পাতেৰে কোবোৱালৈকে, পদূলিয়ে পদূলিয়ে হুচৰি গোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন বনৌষধি খোৱালৈকে ৰীতি-নীতি, পৰম্পৰাবোৰ চলি আহিছে৷ এচামে এইবোৰ এতিয়াও জীয়াই ৰাখিছে৷ এইবোৰ ‘কমন’ কথা৷ এইবোৰৰ বিষয়ে নতুনকৈ লিখিবলগা নাই৷ বৰ্তমান লক্ষ্য কৰিবলগা আৰু ভাল লগা কাৰ্যসূচীবোৰহে আলোচনা কৰাটো জৰুৰী৷ বৰ্তমান সাংস্কৃতিক সন্ধিয়া নহ’লে বিহু পতাৰ অৰ্থ নাথাকে৷ ৰাস্তাত যান-বাহন ৰখাই চান্দা উঠোৱাৰ লগতে ঠিকাদাৰ-ব্যৱসায়ী, ৰাজনৈতিক নেতা-আৰক্ষীকে ধৰি যাকে য’তে পোৱা যায় সকলোৰে পৰা চান্দা তুলি বিহু উপলক্ষে ‘কালচাৰেল নাইট’ বা ‘সাংস্কৃতিক সন্ধিয়া’ পতা হয়৷ ৬-৭ লাখটকীয়া শিল্পী নহ’লে বিহু ফাংচন পতাত মজা নাথাকে৷ এতিয়া মাত্ৰ সাত দিনতে ব’হাগ বিহু শেষ নহয়, ফাংচনবোৰ জেঠ মাহলৈকে চলে৷ টিভি চেনেলবোৰেও জেঠ মাহলৈকে ব’হাগ বিহুৰ কালচাৰেল নাইটবোৰৰ লাইফ টেলিকাষ্ট দেখুৱাই থাকে৷ চেনেলবোৰত আকৌ চ’ত মাহৰ পৰাই ব’হাগ বিহুৰ দেহা ৰাই-জাই কৰা নিচা লাগি যায়৷ ইপিনে সাংস্কৃতিক সন্ধিয়াত অংশ লৈ এচামে নাচি-বাগি পুৱতি নিশালৈ ফাংচন চায়৷ জীয়ৰী-বোৱাৰীয়েও পুৱতি নিশালৈ ফাংচন চাই আনন্দ কৰে৷ আমাৰ ফাংচন সংস্কৃতিয়ে সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ বগা-ৰঙা পানী খাই বিহুৰ ফাংচনত নচাৰ আমেজ ককাদেউতা বা দেউতাহঁতৰ জেনেৰেছনে হয়তো নাপালে৷ সেয়ে নৱ প্ৰজন্মই কেৱল পুৰণিকে বুকুত সাৱটি নাথাকি এইক্ষেত্ৰত নতুন নতুন চিন্তাৰে আগবঢ়া দেখা যায়৷
তীখৰৰ ৰচনা শুনি ছাত্ৰ-ছাত্ৰীসকলে পুনৰ হাঁহিলে যদিও হৰিশ মাষ্টৰে
: আকৌ যিয়ে হাঁহে তাকেই কাণত ধৰাই আঁঠু্ কঢ়াই থ’ম
বুলি কোৱাত কোঠাটোত হাঁহি বন্ধ হ’ল৷ তীখৰে পঢ়ি থাকিল৷
মাঘ বিহুঃ পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু৷ এই কথাও সকলোৱে জানে৷ আগদিনা উৰুকা, লগে-ভাগে এসাঁজ খোৱাৰ দিন৷ নতুন চিন্তাৰে আজিকালি উৰুকাৰ নিশাও ফাংচন আদি পতা হয়৷ উৰুকাত ডেকাৰ লগতে বিবাহিত একাংশইও মাছ-মঙহৰ উপৰি নিচাপানী পান কৰা দেখা যায়৷ সঁচাকৈয়ে ফূৰ্তিৰ দিন এই উৰুকা৷ আমি হস্তকলাত কিমান পাৰ্গত সেয়া মাঘ বিহুতেই প্ৰমাণ হয়৷ আজিকালি ৰংঘৰ-কাৰেংঘৰ, বিভিন্ন মন্দিৰ, ইণ্ডিয়া গে’ট, ঢোল-পেঁপা, জাপি, চৰাই, ডাইন’চৰ, ৰে’ল-মটৰ আদিৰ আৰ্হিতো ভেলাঘৰ বা মেজি সজা হয়৷ বিহুৰ দিনা সেইবোৰ জ্বলাই দিয়া হয়৷ এনেদৰে মেজি প্ৰজ্বলনক আধুনিক ৰূপ দিয়া হৈছে৷ টিভি চেনেলবোৰেও এইবোৰ দেখুৱাই টি.আৰ.পি.ৰ যুঁজ দিয়ে৷ ঠায়ে ঠায়ে ৰাজহুৱাভাৱে মেজি জ্বলোৱাৰ অনুষ্ঠানৰ আয়োজন কৰি বিহু নৃত্য প্ৰদৰ্শনেৰে ভোগালীত ৰঙালীৰো ‘কালাৰ’ দিয়াৰ চেষ্টা কৰা হয়৷ টিভি চেনেলবোৰে মাঘ বিহুতেই ৰঙালী বিহুক আদৰি আনে৷ চেনেলবোৰে উৰুকাৰ নিশাৰ পৰাই ফাংচনৰ আয়োজন কৰি গতিশীলতাৰ পৰিচয় দাঙি ধৰিছে৷ মাঘ বিহুত বজাৰৰপৰা কিনি অনা পিঠা-লাড়ুও নিজে বনোৱা বুলি ফে’চবুকত ফটো দিব পৰা যায়৷
কাতি বিহুঃ কাতি বিহুৰ বিষয়ে বিশেষ লিখিবলগা নাই৷ এই বিহুত তুলসীৰ তলত আৰু পথাৰত চাকি দিয়া হয়৷ এই বিহুত আকাশবন্তি জ্বলোৱা পৰম্পৰা আছে যদিও বৰ্তমান এইবিধ বন্তি কাৎচিৎহে দেখা পোৱা যায়৷ টিভিত অৱশ্যে কাতি বিহুতো কেতিয়াবা বিহু গীত, বিহু নৃত্য আদি দেখিবলৈ পোৱা যায়৷ কোনো কোনোৱে পিঠা, কেক, পায়স আদিৰ ফটো ফে’চবুকত নিদিয়াকৈ নাথাকে৷
সামৰণিঃ বিহু উদযাপনত নতুনত্ব আহিছে৷ এই পৰিবৰ্তন অব্যাহত থাকিলে এদিন বিশ্ববাসীক আমি আমোদ দিবলৈ সক্ষম হ’মেই ৷ আজিকালি হোৱাটছ এপ, ফে’চবুক আদিৰ যোগেদিও ‘হেপি বিহু’ বুলি আনক বিহুৰ শুভেচ্ছা দিয়া হয়৷ আমিও বাটে-পথেও বিহুৰ বতৰত চিনাকিসকলক ‘হেপি বিহু’ দিওঁ৷ হেপি বিহু বোলা শব্দদুটা বহুত পপুলাৰ হৈছে৷ কাতি বিহুতো হেপি বিহু বুলি শুভেচ্ছা দিয়া হয়৷ নতুন প্ৰজন্ম আৰু এচাম পিতৃ-মাতৃয়েও ‘হেপি বিহু’ক ওঁঠৰ আপোন কৰি লৈছে৷
: হৈ গ’ল ছাৰ৷
ৰচনাখন পঢ়ি উঠি তীখৰে ক’লে৷ লগে লগে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পুনৰ হাঁহিৰ ৰোল উঠিল৷ এইবাৰ হৰিশ মাষ্টৰৰো হাঁহি উঠিল৷ তথাপি তেওঁ হাঁহি নিয়ন্ত্ৰণ কৰি তীখৰৰপৰা বহীখন ল’লে৷
: হেৰৌ, এইখন হ’বলা বিহুৰ ৰচনা?
বহীখন মেলি লৈ মাষ্টৰে তীখৰক সুধিলে৷
: হয় ছাৰ৷
মূৰ খজুৱাই খজুৱাই তীখৰে উত্তৰ দিলে৷
: ঐ গাধ, বিহুৰ বিষয়ে এইবোৰহে কিতাপত পাইছ নেকি?
ধমকৰ সুৰত মাষ্টৰে সুধিলে৷
: কিতাপত নাপালোঁ কি হ’ল? মইতো মিছা কথা লিখা নাই ছাৰ৷
তীখৰে লাহেকৈ উত্তৰ দিলে৷ তীখৰৰ উত্তৰত তাৰ সহপাঠীসকলে পুনৰ এবাৰ হাঁহিৰ খোৰাক পালে যদিও মাষ্টৰৰ ভয়ত হাঁহিবোৰ চেপা হ’ল, মানে খিক্খিকীয়া হ’ল৷ হৰিশ মাষ্টৰে ভাবিলে, এৰা, বিহুৰ ৰচনা বুলিব নোৱাৰিলেও ল’ৰাটোৱে কিন্তু মিছা কথা লিখা নাই৷ মাষ্টৰে কিছুসময় মৌন হৈ ৰ’ল৷ কাষত তলমূৰ হৈ তীখৰো থিয় হৈ থাকিল৷ ক্ষন্তেক নিৰৱতাৰ পিছত হৰিশ মাষ্টৰে তীখৰক ক’লে,
: তই যিয়েই নকৱ কিয়, এনেকৈ লিখিলে নহ’ব৷ বহীখন লৈ যা, ৰচনাৰ কিতাপত চাই ভালকৈ লিখি আনিবি৷
মাষ্টৰে বহীখন তীখৰক ওভতাই দি ছাত্ৰ-ছাত্ৰীসকলক কেইটামান বাক্যৰচনা লিখিবলৈ দিলে৷ কিছুসময় পিছত শ্ৰেণী শেষ হোৱাৰ ঘণ্টা বজাত মাষ্টৰে বহীবোৰ হাতত তুলি ল’লে৷
: বাক্য ৰচনাবোৰ কাইলৈ চাম
বুলি কৈ তেওঁ শ্ৰেণী কোঠাৰপৰা ওলাই গ’ল৷ শিক্ষকৰ ‘কমন ৰূম’লৈ যোৱালৈকে হৰিশ মাষ্টৰৰ কাণত যেন বাজি থাকিল তীখৰে কোৱা শেষৰ বাক্যটি— ‘মইতো মিছা কথা লিখা নাই…৷’
☆ ★ ☆ ★ ☆
6:18 pm
তীখৰে গোটেই সমাজখনৰে ছবি আঁকি দিলে ৰচনা খনত৷ সুন্দৰ ব্যংগ
9:50 pm
ধন্যবাদ৷
7:27 pm
খুব সুন্দৰ ব্যংগ, খুব ভাল লাগিল দাদা
9:50 pm
ধন্যবাদ৷
10:49 pm
বৰ সুন্দৰ ব্যংগ ৰচনা ৷ তীখৰে এটা কথা লিখিবলৈ পাহৰিলে এই বছৰৰ পৰা কাতি বিহুত মিঞা গাওঁবোৰত চাকি জলাই দেৱালী পাতি সংস্কৃতি ৰক্ষা কৰা ফেচবুকত দেখা গৈছে ?
3:09 pm
বৰ সুন্দৰ