পাৰ্থিৱ- শৰ্মিষ্ঠা শইকীয়া
ৰীণাৰ শাহুয়েকৰ ওপৰত বৰ খং উঠিল। আজি তিনিদিন হল শাহুয়েকে-শহুৰেকক মাতবোল কৰা নাই। শহুৰেকে নিজৰ ভ্নীয়েকলৈ পঠিওৱা টকা কেইটাৰ ওপৰতে চকু তেওঁৰ। শহুৰেকে পেঞ্চনৰ কিছু অংশ প্ৰতিমাহে ভ্নীয়েকলৈ পঠিয়ায়। চাকৰি কৰি থকা দিন ধৰি এই কাম শহুৰেকে কৰি আহিছে। ভনীয়েকৰ অৱস্থা বেয়া বাবে অলপ সহায় কৰে ককায়েকে। ৰীণাই গিৰিয়েকৰ পৰা শুনা মতে সেই একেটা কথালৈয়ে বিয়া হোৱা দিন ধৰি যি মাজে সময়ে হাই কাজিয়া চলি থাকে, সেয়া আজি পৰ্য্যন্ত মাৰ যোৱা নাই। গিৰিয়েক যিটো কথাত সলনি নহয় বুলি গম পাইছেই, সেই কথাতনো শাহুয়েকে কেলেই লাগি থাকে ৰীণাই আজি পৰ্য্যন্ত বুজি নাপালে। শাহুয়েক আছিল পিতৃ মাতৃৰ একমাত্ৰ সন্তান। সেইকাৰণেই বোধহয় শাহুয়েকে ককায়েক ভনীয়েকৰ মৰম আৰু বান্ধোনৰ কথা বুজিব নোৱাৰে।
ৰীণাই মন কৰিছে শহুৰেকে মাতিবলৈ বিচাৰিলেও শাহুয়েকে সেই সুবিধা দিয়া নাই। শহুৰেক, শাহুয়েক থকা কোঠাটোলৈ সোমাই গলেই তেওঁ ততালিকে কোঠাটোৰ পৰা ওলাই আহে। ৰীণাই ভাবিলে কিমান দিননো নমতা কৈ থাকিব শাহুয়েকে? খং কমিলে নিজেই মাতিব। সেইকাৰণে ৰীণাই পৰাপক্ষত এনেবোৰ কথাত মাত নামাতে। এইখ্ন নাটক ৰীণাৰ বাবে নতুন নহয়।
গা ধোৱা ঘৰৰ পৰা অহৰহ পানী বাগৰি থকা শব্দ শুনি ৰীণাই জীয়েকক চিঞৰ এটা মাৰিলে, ” মাজনী চা’ চোন , বাথৰূমৰ টেপটো খোলা আছে নেকি? “….
“মা” …হঠাৎ মাজনীৰ চিৎকাৰ শুনি ৰীণা গা ধোৱা ঘৰৰ ফালে দৌৰি গল। বাথৰূমৰ মজিয়াত শহুৰেক অচেতন হৈ পৰি আছে আৰু টেপেৰে পানী বৈ আছে। ৰীণাই ভাবিলে শহুৰেকক গা ধুবলৈ যোৱা তাই দেখাই নাপালে দেখোন! লগে লগে চাৰিওফালে হুলস্থূল লাগিল। ওচৰৰে ভাড়া ঘৰৰ লৰা দুটা দৌৰি আহিল। প্ৰণৱ অৰ্থাৎ ৰীণাৰ গিৰিয়েক আৰু লৰা দুজন লগ লাগি শহুৰেকক বিচনা এখনত শুৱাই দিলে। প্ৰেচাৰ আছিল মানুহজনৰ। প্ৰেচাৰ বাঢ়ি গল চাগে! শাহুয়েকে শিল পৰা কপৌৰ দৰে জঠৰ হৈ শহুৰেকলৈ চাই থাকিল।
প্ৰণৱে তৎক্ষনাত দেউতাকক ওচৰৰ হস্পিতেললৈ গল । দেউতাক তেতিয়াও অচেতন অৱস্থাতে আছিল। ৰীণাই মন কৰিলে শাহুয়েকে উচুপি উচুপি কান্দিবলৈ আৰম্ভ কৰিছে। ৰীণাই শাহুয়েকলৈ ঘূৰি চালে। শাহুয়েকে ক’বলৈ আৰম্ভ কৰিলে “তেওঁ মোৰ মনটো একেবাৰে নুবুজিলে। গুৱাহাটীৰ ঘৰটো মেৰামতি কৰি তাতে থাকিমগৈ বুলি ভাবিছিলোঁ , তোমালোকৰ ভাড়া ঘৰটোতেনো কিমান থাকিম। মোৰও তো নিজাকৈ ঘৰ এখন সজাবলৈ মন যায়।”
শাহুয়েকৰ কথাষাৰে ৰীণাক অলপ বিন্ধিলে যদিও তাই একো নামাতিলে। মনতে তাইৰ ভাবিলে কিযে বিচিত্ৰ এই জীৱন! শহুৰেকৰ ৰিটায়াৰমেণ্টৰ পাছত শহুৰেক, শাহুয়েক লগত থকা দিন ধৰি শাহুয়েকে এদিনো তাৰমানে পুতেকৰ ঘৰখন নিজৰ বুলি ভাবিব নোৱাৰিলে। পুতেকৰ লগত থকাতকৈ কি ঘৰত আছে, সেই কথাই হে গুৰুত্ব পালে তেখেতৰ জীৱনত।
ৰীণা তৎক্ষনাত শাহুয়েকৰ ওচৰৰ পৰা আতঁৰি আহিল। পূজাঘৰত চাকি এগজ জ্বলাই প্ৰাৰ্থনা জনালে শহুৰেকক যেন উভটাই আনে তেওঁলোকৰৰ জীৱনলৈ! শহুৰেক ভাল হৈ আহিলে গুৱাহাটীৰ পুৰণা ঘৰখন মেৰামতি কৰি দিব লাগিব শহুৰেক শাহুয়েকৰ বাবে।
☆ ★ ☆ ★ ☆
1:07 pm
খুব ভাল লাগিল
7:52 pm
সুন্দৰ গল্প শৰ্মিষ্ঠা৷ লিখি থাকিবা
11:01 am
ভাল লাগিল গল্পটো৷