ফটাঢোল

নাও-বিতোপন দাস

: নাওখন গ’ল বোলে!

: কেতিয়া?

: কালি, গৰাখহনীয়াত। আঁহত জোপাও গৈছে বোলে উভালি।

: ভালেই হʼল দে। একেলগে গʼল।

বুলি হুমুনিয়াহ কাঢ়ি সৰুকণে মহাজনৰ ঘৈণীয়েকে দিয়া চাহকাপত মুখ দি বঙলাৰ পিনে চালে। মহাজন আৰু সৰুকণ সৰুৰেপৰা বন্ধু, দুয়োৰে দেউতাক আন্দোলনৰ সময়ত একেলগে আছিল। মহাজনৰ চোতালৰপৰা বঙলাৰ মূধচখন ধুনীয়াকৈ দেখি। পুৱাৰ কিৰণত মূধচখন এতিয়াও জিলিকি আছে। বঙলাৰ আগেৰে ধূলিয়ৰি ৰা‌স্তাটো গৈছিল গাঁওখনৰ সোঁমাজৰেই। এসময়ৰ ধানে-মাছে ভৰপূৰ নৈপৰীয়া গাঁওখনত কিনো কালকেতূৰ চকু পৰিল, সেইবছৰৰপৰা এতিয়ালৈকে ধান ভাল হোৱা নাই। যোৱাবছৰো অসময়ত বানপানী আহি সকলো ধুই থৈ গ’ল। গৰাখহনীয়াই গাঁওখনৰ আধা খালে। মানুহখিনিৰ আধা সোনাইৰ ফালে গ’ল আৰু আধাই ৰাস্তাৰ ইপাৰে ভেটি বান্ধিলে।

চনটো ঠিক মনত নাই সৰুকণৰ। তেতিয়া সিহঁত বোকা-পানী গচকি ফুৰা বয়সৰ। ইমান পাতল জনবসতিৰ গাঁওখনৰপৰা সৰহখিনি‌ পৰিমাণৰ শস্য-মাছ আদায় কৰিব‌লৈ পোৱাত ওপৰৰপৰা বৃটিছে গাঁওখনৰ তদাৰক কৰিবলৈ এজন বৃটিছ বিষয়া পঠিয়ালে। তেজৰঙা মুখৰ ফটফটীয়া বগা চাহাবজনক গাঁৱত সকলোৱে বগা চাহাব বুলি মাতিবলৈ ল’লে। গাঁও নৌপাওঁতেই নৈপাৰৰ ওখ এঢলীয়া ঠাইখিনিত বগা চাহাবৰ বাবে বঙলা সজা হ’ল। আগত নৈ, নৈ পাৰৰ বতাহ, নৈৰ তেলাল মাছ। গাঁওখন চাহাবৰ বেচ পচন্দ হ’ল। বগা চাহাবে গাঁৱৰ সকলোৱে দেখাকৈ বঙলাৰ মূধচখন হেঙুলেৰে ৰঙোৱাইছিল বোলে৷ আজিও পুৱাৰ ৰ’দত মূধচখন জিলিকি উঠে।

গাঁৱত বগা চাহাবৰ বেচ কিছুদিন গ’ল।‌ খৰালি আহিল, নৈও শুকাল। আজি কিছুদিনৰপৰা হেনো নৈত মাছৰ জাক উঠিছে। এদিন পুৱাতে গাঁৱে-ভূঞে থকা সকলো ওলাই আহিল মাছ ধৰিবলৈ। ডেকা-বুঢ়া, মাইকী-ল’ৰা কোনো বাকী নাই। প্ৰতিবছৰৰ দৰে এইবাৰো সকলোৱে কলচিয়ে-পাচিয়ে মাছ ধৰিছে। মোৱা-পুঠিৰপৰা চিতল-বৰালিলৈ। মাছ ধৰা শেষ হ’লত সকলোৱে বগা চাহাবক মাছ দিবলৈ বঙলালৈ গ’ল। কিছুমানে মাছ দিয়াৰ চলেৰে বঙলা চাবলৈও গ’ল। গাঁৱৰ কেইজনমানৰ বাহিৰে আন সকলোৱে দূৰৰপৰাহে দেখিছিল। সকলোৱে বগা চাহাবক মাছ যাচিলে। কিন্তু এইবাৰ বগা চাহাবে মাছ নলʼলে৷ আগে-পিছে লয় এইবাৰ কিন্তু নল’লে। এইবাৰ নিজেহে ধৰি খাব বোলে। আনে মাছ ধৰা দেখিলে নিজৰো মাছ ধৰিবলৈ মন যায় এইটো মানুহৰ চিৰাচৰিত স্বভাৱ। কলকাতাত থাকোঁতেও আগতে বহুবাৰ নাৱত উঠি মাছ ধৰিছে। চাহাব মানুহ ক’তনো বোকাপানী গচকি মাছ ধৰিব। গতিকে চাহাবে গাঁৱৰ মানুহক‌ নাও এখন যোগাৰ কৰি দিবলৈ ক’লে। হুলস্থূলটো তেতিয়াহে লাগিল যেতিয়া চাহাবে গম পালে যে গাঁৱত এখনো নাও নাই। মাছমৰীয়াকেইজনেও পাৰৰ পৰাহে মাছ ধৰে। গাঁৱৰ মানুহেও বছৰটোত দুই এবাৰহে নাও দেখে, বেপাৰৰ বাবে অহা নাও।

: গাঁৱৰ কোনোৱেই নাও সাজিব নাজানে। পিচে এইবছৰ পাহাৰৰপৰা নামি অহা মিচিংকেইঘৰে ধুনীয়া কাঠৰ কাম কৰে। সিহঁতে জানিব নিশ্বয়।

এজন মুখিয়ালে ক’লে। সিদিনাই মিচিংসকলক মাতি পঠিওৱা হ’ল। তিনিজন সূঠাম দেহৰ মিচিং ডেকা আহিল, নাও সাজিবলৈ। নাও সাজিবলৈ এতিয়া গছ বিচাৰিব লগা হ’ল। বগা‌ চাহাবৰ চকুত আগৰপৰাই ঘাটৰ পাৰৰ যোৰা লাগি যোৱা বৰগছ আৰু আহঁত গছ দুজোপাত আছিল। বগা চাহাবে বৰগছ জোপালৈ আঙুলিয়ালে৷

: ডাঙৰ জোপা নাৱৰ জোখাৰেই হ’ব৷

মিচিং ডেকা এজনে ক’লে। এনেতে গাঁওবাসীৰ মাজত কোলাহল লাগি গʼল। সকলোৱে ফুচফুচাবলৈ ধৰিলে। গাঁওবাসীৰ মাজৰপৰা বগা ডাঢ়িৰে ভোবোকাৰ গাঁওবুঢ়াজন উঠি গৈ বগা চাহাবৰ লগত কথা পাতিলে। ক’লে যে,

: দুটামান তেলাল মাছ লৈ নাৱত মাছ ধৰা সপোন এৰি পেলাওক।

কিন্তু বগা চাহাব যেন আঁকোৰগোজ৷ গাঁওবুঢ়াই কাকূতি-মিনতি কৰি ক’লে,

: বৰগছজোপা নাকাতিব। কাটিলে গাঁৱৰ বৰ অন্যায় হ’ব৷

: কিন্তু কিয়?

চাহাবে ডাঠকৈ সুধিলে।

: বৰগছজোপা আৰু আঁহত জোপা ঘাটৰ পাৰত আমাৰ পুৰ্বপুৰুষে ৰুই থৈ যোৱা। এবছৰমান আগতে গাঁৱৰকেইজনমানে সপোনত দেখিছিল যে গছ দুডালৰ বিয়া কৰাই দিব লাগে। এনেকুৱা গছৰ বিয়া প্ৰথা আমাৰ সমাজত আগৰ পৰাই আছে, গাঁৱৰপৰা অপায়-অমংগল দূৰ কৰিবলৈ। গতিকে ৰাইজে নাম-গুণ কৰি নীতি-নিয়মেৰে গছদুজোপাৰ বিয়া কৰাই দিছিল।

গাঁওবুঢ়াই তলমূৰ কৰি কথাখিনি ক’লে। সকলোৱে বগা চাহাবৰ তেজৰঙা মুখৰ পিনে চালে। বগা চাহাবে অট্টহাস্য কৰি উঠিল। গাঁৱৰ মানুহক পাগল বুলি ভাবি তাৰপৰা খেদি পঠিয়ালে আৰু দুদিনৰ ভিতৰতে মিচিংকেইজনক বৰগছডাল কাটি নাও সাজিবলৈ হুকুম দিলে।

পিছদিনা গোটেই গাঁওবাসী নৈ পাৰত ভিৰ কৰিলহি।যোৰা লাগি যোৱা গছডালৰপৰা বৰগছডাল এফালকৈ কাটি উলিওৱা হ’ল। কেইগৰাকীমান বুঢ়ীআয়ে চকুপানীও টুকিলে। সিদিনা হেনো ধাৰাষাৰ বৰষুণ হৈছিল। নৈৰ পানীও বাঢ়িছিল।

দুদিন পিছত নাও সজা শেষ হ’ল। নাওখনে মিচিংৰ হাতৰ যাদুৰ পৰশ পাই আটকধুনীয়া হৈ উঠিছিল। এনেতে ভৰিত বুটজোতা, মূৰত কাওবয় টুপী, হাতত বৰশী লৈ চাহাব‌ সাজু হৈ আহিল। বগা চাহাব নাৱত উঠিল লগত গাঁৱৰে মাছমৰীয়া এজন। মাছমৰীয়াজনে নাও মেলি দিলে। হঠাৎ ফৰকাল আকাশখন গোমা হৈ আহিল। চাৰিওপিনে ডাৱৰে আৱৰি ধৰিলে। এনেতে মেঘে গিৰ্-গিৰ্ কৰি ধাৰাষাৰ বৰষুণ নামি আহিল। নৈৰ সোঁত বাঢ়িল। মাছমৰীয়াজনে আগতে কেতিয়াও নাও বাই পোৱা নাছিল। অলপ সোঁত বাঢ়োঁতেই নাওখনে নিয়ন্ত্ৰ হেৰুৱাই এটা ডাঙৰ চাকনৈয়াৰ মাজত সোমাই পৰিল। মাছমৰীয়াজনে সুযোগ বুজি পানীলৈ জঁপিয়ালে। ঘটনাটো ইমান সোনকালে হ’ল যে পাৰত থকা কেইজনে একো তলকিবই নোৱাৰিলে। কিছু সময়ৰ পিছত মাছমৰীয়াজন সাতুৰি-নাদুৰি আহি পাৰ পালে। কিন্তু বগা চাহাব! বগা চাহাব কʼলৈ গ’ল? গাঁৱত একপ্ৰকাৰৰ হুলস্থূলৰ পৰিবেশ সৃষ্টি হ’ল। কেইজনমানে নৈৰ পাৰে-পাৰে বিচাৰি ওলাই গ’ল। সকলো গাঁৱৰ মানুহ নৈৰ ঘাটলৈ ওলাই আহিল। বৃটিছ চৰকাৰৰ বিষয়া এজন এনেকৈ নোহোৱা হ’লে গোটেই গাঁওবাসী বৃটিছৰ ৰোষত পৰিব। সাতুৰিব জনাকেইজনে নৈত নামি নৈখন চলাথ কৰিলে। কিন্তু বগা চাহাবৰ দেহটোও নাপালে। পিছদিনা সকলোকে আচৰিত কৰি নাওখনহে পালে, আঁহতজোপাৰ তলত। পিছত ৰাইজে নৈৰ পাৰত পূজা-পাঠ কৰি নাওখন আঁহতজোপাৰ সৈতে বান্ধি থৈ আহিল৷

কিছুদিন পিছত বৃটিছৰ বিচাৰ চলিল। বিচাৰৰ শেষত নাও সজা মিচিং তিনিজনক কাৰাদণ্ড বিহা হ’ল। পিছত আকৌ এদিন সন্ধিয়া পুলিচ আহি স্বাধীনতা আন্দোলনত ভাগ লোৱা গাঁৱৰ কেইজনমান সক্ৰিয় ডেকাক বগা চাহাবক‌ ষড়যন্ত্ৰ কৰি হত্যা কৰা বুলি মিছাতে অভিযোগ দি জিলা কাৰাগাৰলৈ পঠিয়াই দিলে। গাঁওখনত বৃটিছ চৰকাৰে নতুন কৰ আৰোপ কৰিলে। প্ৰতিবছৰে গাঁৱত বানে গৰকা হ’ল। বহুতৰ ভেটি গৰাখহনীত উছন হ’ল। পিছত এবাৰ মহামাৰীয়ে গাঁওখন কঙালী কৰিলে। এসময়ৰ ধানে-মাছে ভৰপূৰ গাঁওখন জুৰুলা হৈ পৰিল।

এনেতে মহাজনৰ ঘৰৰ ৰেডিঅ’টো বাজি উঠাতহে সৰুকণৰ সপোন ভাঙিল। সৰুতে জুহালত বহি দেউতাকে শুনোৱা কথাখিনি আৰু তাৰ পাছত পুলিচ আহি দেউতাকক তুলি নিয়া সন্ধিয়াটো আজি আকৌ যেন তাৰ আগত ভাঁহি আহিছিল।

: বʼল তেন্তে‌ যাওঁগৈ৷

মহাজনে হাতত ছাটিটো লৈ ওলাল। মুখত এমোকোৰা তামোল লৈ সৰুকণে থিয় হৈ আগৰ পথাৰৰ পিনে চাই ক’লে,

: এইবাৰ ধানবোৰে ভৰপক দিছে। সোনকালে চপাবৰহে হ’ল আৰু৷

এইবুলি কৈ দুয়ো জিলা কাৰাগাৰলৈ বুলি খোজ লʼলে। এনেতে ৰেডিঅ’টোত পুৱাৰেপৰা বাজি থকা নেহৰুৰ ভাষ্যখিনি আকৌ সিহঁতৰ কাণলৈ ভাঁহি আহিল – “………………………………At the stroke of the midnight hour when the World sleep, India will awake to life and freedom.”

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *