ফটাঢোল

এটা প্ৰেমৰ গল্প-বিদৰ্ভ বৰুৱা

গাড়ীৰ দুৱাৰখন মাৰি সন্মুখৰ মনিটৰখনত পৰা নিজৰ প্রতিবিম্বটোলৈ চকু দি আৰিফ সন্তুষ্ট হ’ল।

মিচিককৈ হাঁহি এটা ওলাই আহিল। সুহুৰি এটা বজাবৰ মন গ’ল তাৰ। কিবা এটা ভাবি সি স্বয়ংক্রিয় গাড়ীখনক গন্তব্যস্থানৰ নির্দেশ দিবলৈ জিপিএছ মনিটৰখনত মনােযােগ দিলে। নতুন গাড়ী; গাড়ীৰ চালক কম্পিউটাৰৰ যান্ত্রিক অভিবাদন গ্রহণ কৰি সি সময়টোলৈ চালে। ৫ বাজি ২০ মিনিট ৩৯ ছেকেণ্ড! সন্মুখৰ ক্ৰীনখনত গন্তব্যস্থান পাবলৈ ১ ঘণ্টা ৪৫ মিনিট ১৪ ছেকেণ্ড লাগিব বুলি দেখুৱাইছে। এই গুগুল গাড়ীবিলাক ব্যৱহাৰ কৰাৰ পৰা সময়ৰ হিচাপবিলাক বৰ বেছি নির্ভুল হােৱা হ’ল। কেতিয়াবা অকণমান ভুল কৰিও ভাল লাগে আৰিফৰ। সুহুৰিটো মাৰি সি পুৰণি গীতৰ কলি এটা মনত পেলােৱাৰ চেষ্টা কৰিলে। নাহে দেখােন পুৰণি কলিবােৰ! তাৰ মনােভাৱক অনবৰতে নিৰীক্ষণ কৰি থাকি প্রতিটো ক্ষণতে তাৰ আউল মাৰি থকা কম্পিউটাৰৰ ক্ৰীনত ওলাই থকা নাৰীমূৰ্ত্তিটোৱে বােধহয় কিবা বুজিলে! “আৰিফ, এই সময়ত তুমি বাৰু ভূপেন হাজৰিকাৰ ৰােমাণ্টিক গীত এটা শুনিবলৈ ভাল পাবা নেকি?” মূৰ দুপিয়ালে আৰিফে। ভাহি আহিল কম্পিউটাৰৰ লগত সংলগ্ন অসংখ্য নেন’ স্পীকাৰত সেই কালজয়ী গীত ঃ “তােমাৰ উশাহ কঁহুৱা কোমল…!” আৰিফে গাড়ীৰ চাইস্ক্রীনখনত বাহিৰলৈ চালে, ক্ষীণ আশাৰে ক’ৰবাত কিজানি সঁচাসচিকৈ এদৰা কঁহুৱা দেখা পায়েই বা! কম্পিউটাৰৰ নাৰীমূৰ্তিয়ে তাৰ মনৰ কথা বুজিছিল চাগৈ! স্ক্রীনত ভাহি আহিল কঁহুৱাৰে ভৰা এক বিস্তীর্ণ এলেকাৰ ত্রিমাত্রিক ছবি। আৰিফ বিৰক্ত হ’ল। কিমান আৰু এনে কৃত্রিমতাৰ মাজত জীৱন নির্বাহ কৰিব! সকলাে প্রয়ােজনেইতাে এনেদৰে প্রতি মুহূর্ততে পূৰাই আহিছে তাৰ একান্ত বাধ্য সন্মুখৰ এই নাৰীয়ে ! আজিৰ এই প্রায় দেৰ ঘণ্টাৰ যাত্ৰাটোৰ আঁৰতাে

তেনে এটা প্ৰশ্নৰে উত্তৰ বিচৰাৰ প্ৰচেষ্টা নাই জানাে? হঠাৎ আৰিফৰ চকুৰ আগেৰে তাৰ কৈশােৰ-যৌৱনৰ সন্ধিক্ষণৰ কেইখনমান ছায়াচিত্র খৰকৈ পাৰ হৈ গ’ল। সেই চিত্ৰকেইখন তাৰ বাবে আচলতে নতুন নহয়। এই চিত্ৰকেইখনৰ লগতেই সি তাৰ কৈশােৰ, তাৰ যৌৱন আৰু এতিয়াৰ এই জীৱন পাৰ কৰিছে। তাৰ সন্মুখৰ কম্পিউটাৰত সঞ্চিত হৈ আছে সেই ছায়া-চিত্ৰবিলাকৰ বিভিন্ন চিমুলেটেড প্রতিচ্ছবি-প্রতিলিপি। 

সেই ছায়াচিত্ৰৰ প্রতিলিপিবােৰৰ পৰা সৃষ্টিকৰি লােৱা মানৱী শৰীৰটোৰ আৱদাৰত নতুনত্ব বিচাৰি পােৱাত ব্যর্থ হয় সি! কেনেকৈ তাই তাক নতুনত্ব দিব? তাইৰ সৃষ্টি যে সি বিচৰা ধৰণৰ কামবিলাক কৰিবলৈকে! নতুনত্বৰ ছফ্টৱেৰটো সি তাইৰ দেহত আপডেট কৰিব নােৱাৰে। তাৰ নিজৰ ওপৰতে পুতৌ হ’ল। চমক পাবলৈ প্রথমে চমক দিব লাগিব! কি যে প্রহসন! কিবা ভুল কৰিছে নেকি বাৰু আৰিফে ? পুনৰ সি অতীতলৈ ঘূৰি গ’ল।

অৰুণিমা নামৰ লাজকুৰীয়া ছােৱালীজনী সিহঁতৰ স্কুললৈ ক্লাছ নাইনত আহিছিল। দেউতাক চাকৰি

সূত্রে কোনােবা ডাঙৰ চহৰ এখনত আছিল যদিও ‘ৱৰ্ক ফ্রম হােম’ সংস্কৃতিৰ সুবাদত তেওঁৰ পৰিয়ালটোৱে নিজৰ পুৰণি ঘৰলৈ উভটি আহি তাৰ পৰাই নিজৰ কাম আৰম্ভ কৰিছিল। অৰুণিমাৰ চাৱনিটো তেতিয়া আৰিফৰ কিয় ভাল লাগিছিল সেই কথা বুজাৰ বয়স হােৱাই নাছিল। পাছত বুজা হওঁতে গম পাইছিল যে তাইৰ চাৱনিত এক কাৰুণ্য—এক বিষাদ আছিল যি তাক আকৃষ্ট কৰিছিল। অৰুণিমাই হাঁহি মাতিয়েই সকলােৰে লগত কথা পাতিছিল যদিও তাৰ লাগিছিল যেন সেই হাঁহিৰ আঁৰত অনবৰতে এক বিষাদে তাইক আৱৰি আছিল। পাছত গম পাইছিল সি, সৰুতে মাতৃহাৰা হােৱা, মাকৰ মৰমৰ পৰা বিচ্ছিন্ন হােৱা ল’ৰা-ছােৱালীবােৰে নিজে নজনাকৈ এটা বিষাদ কঢ়িয়াই ফুৰে।

সিহঁতৰ মাজত বন্ধুত্ব বৰ সােনকালে গঢ়ি উঠিছিল। ফেচবুক-ইনষ্টাগ্রাম-হােৱাটচএপৰ যুগত মানুহৰ

মাজৰ ভাৰ্চুৱেল বন্ধুত্বৰ বাবে লাগে মাত্র এটা ক্লিক্‌। ৰাতি ৰাতি পঢ়াৰ মাজে মাজে প-আপ্ আহি থকা

সময়বােৰৰ কথা ভাবিলে আৰিফৰ আজিও মনটো ৰােমান্সিত হৈ উঠে। সেয়া আছিল শংকা-দ্বিধাগ্রস্ততাৰ যুগ। তাৰ মাক-দেউতাকে সামাজিক মাধ্যমৰ ধামখুমীয়াত ল’ৰা নষ্ট হ’ব বুলি লােৱা বদ্ধমূল ধাৰণা সলনি কৰাৰ অন্তত আৰিফৰ দৰে অন্তর্মুখী সন্তানৰ বাবে সম্ভৱপৰ কেতিয়াও নাছিল৷ প্রতিক্ষণতে দুটা প্ৰজন্মৰ মাজৰ দ্বন্দ্ব-সংঘাতৰ মাজতে অৰুণিমাৰ ফেচবুক-ইনষ্টাগ্ৰামৰ প’ষ্টবিলাকত আৰিফে এক বিশেষ আকর্ষণ অনুভৱ কৰা হ’ল। সি প’ষ্ট কৰা কাহিনীবিলাকত অৰুণিমাৰ ৰঙা হার্ট চিনটো দেখা পালে তাৰ অন্তৰখনে থৌকি বাথৌ কৰা হ’ল।

ইয়াকে ভালপােৱা বুলি কয় নেকি? আৰিফে বুজা হােৱাৰ পাছত বহুবাৰ নিজকে এই কথাটো সুধিছে ঃ এয়া ভালপােৱা নে সাময়িক মােহাচ্ছন্নতা? সাময়িক যে নহয় সি বুজিছিল দ্বাদশ শ্রেণীৰ শিক্ষান্ত পৰীক্ষাৰ শেষৰ দিনা! আৰু সিয়েই যে প্রেম আছিল তাক বুজোতে তাৰ লাগিছিল আৰু প্রায় ছয় বছৰ। অৰুণিমাই যেন কিবা এটা বুজি পাইছিল! তাই অপেক্ষা কৰিছিল তালৈ—সি প্রথম প্রস্তাৱটো দিয়ক বুলি!

“আৰিফ! নতুন গান এটা তুমি শুনিব বিচাৰিবা নেকি?” ভূপেন হাজৰিকাৰ তােমাৰ উশাহ কঁহুৱা

কোমল’ কেতিয়াবাই শেষ হ’ল, একে ধৰণৰ গানে তাৰ পাছত আৰু দুটামান বাজিল। পাছৰ গানকেইটাত সি বৰ মন নকৰাৰ উমান পায়েই হ’বলা নাৰীমূৰ্তিয়ে তাক সুধিলে, তাৰ কিবা বিশেষ গানৰ নির্বাচন আছে নেকি?

আৰিফে মূৰ দুপিয়ালে—নাই। সি উলটি যাব খুজিছে তাৰ অতীতটোলৈ, য’ত সি এৰি থৈ আহিছে তাৰ প্ৰথম আৰু একমাত্র প্রেম অৰুণিমাৰ স’তে কটোৱা এটা দীঘলীয়া দিনৰ সিঁহতে অনুভৱ কৰা জীৱনৰ আটাইতকৈ চুটি সময়খিনি।

দুয়ােৰে যে দুয়ােৰে প্রতি কিবা এটা আছিল দুয়াে তাক অনুমান কৰিছিল। কোৱাৰ অৱকাশ নাছিল।

হয়তাে আৰিফে প্রস্তাৱ দিয়া হ’লে অৰুণিমাই সাদৰেৰে তাক গ্ৰহণ কৰিলেহেঁতেন! কিন্তু সামাজিক মাধ্যমৰ আগ্রাসন, বিভিন্ন প্রযুক্তিগত উন্নতিৰ লগে লগে মানুহৰ সহনশীলতাৰ অভাৱ সিহঁতৰ প্রজন্মটোৱে বাৰুকৈয়ে অনুভৱ কৰিছিল। একৈশ শতিকাৰ প্রথম তিনিটা দশকত ধৰ্মৰ নামত যি বিচ্ছিন্নতাৰ বীজ সমাজত সিঁচা হৈছিল—তাৰ কৰাল গ্রাসত সিহঁতাে বাৰুকৈয়ে সােমাই পৰিছিল। অৰুণিমা-আৰিফৰ প্রেম কাহিনী সেয়ে আৰম্ভ হােৱাৰ আগেয়েই সিদিনাই সমাপ্তি ঘটিছিল! সেই দীঘলীয়া দিনটোৰ তাকৰীয়া সময়খিনি সিহঁতে অতিবাহিত কৰিছিল শেষবাৰৰ কাৰণে একেলগে—দুয়াে দুয়ােকে হেৰুৱাবৰ বাবে প্রস্তুতিৰে।

আঁতৰি গৈছিল অৰুণিমা। আঁতৰি আহিছিল আৰিফো। নতুনকৈ জীৱনটো আৰম্ভ কৰিব বিচাৰিছিল, নােৱাৰিলে। ছফ্টৱেৰ ইঞ্জিনীয়াৰ আৰিফ আলি খানৰ নতুন ঠিকনা হৈছিল কেলিফর্নিয়াৰ চিলিকন ভেলী!

আন কাকো আৰিফে নিজৰ কাষলৈ আহিবলৈ সুযােগ নিদিলে। পাহৰিব খুজিছিল অৰুণিমাক-

আকর্ষণ অধিক গাঢ়হে হ’ল। জীৱন ৰথৰ চকৰি ঘূৰাৰ লগে লগে তাৰ সমগ্র দেহ মন অৰুণিমাৰ চেতনাত আৱিষ্ট হৈ গৈ থাকিল। এতিয়াও আচৰিত লাগে আৰিফৰ!কিয় সি আনতকৈ পৃথক? কিয় অরুণিমাৰ অবর্তমানত তাইৰ এক কায়িক অৱস্থিতিৰ মাজত সি জীৱন অতিবাহিত কৰিব বিচাৰে? এনেদৰে থাকি সি সুখীনে?

তাৰ গুগল কাৰখন হঠাৎ ব্রেক মাৰি ৰৈ গ’ল। বােধহয় সন্মুখত থকা ছেনছৰকেইটাই কিবা নিৰীক্ষণ কৰি সষ্টম হৈ গাড়ীখনক ৰ’বলৈ নির্দেশ দিলে! চিন্তাত ক্ষন্তেকৰ বাবে য’তি পৰিল যদিও আৰিফ আকৌ ঘূৰি

গ’ল তাৰ অতীতলৈ।

ইতিমধ্যে চিলিকন ভেলীত ভাঙুৱেল ৰিয়েলিটি বিষয়ৰ গৱেষণালব্ধ প্রযুক্তিৰে আৰিফ সমগ্র বিশ্বৰ

বাবে এটা পৰিচিত নাম। তথাপিও সি সুখী নে? নহয়, তাৰ চৌপাশে অৰুণিমা নামৰ নাৰীগৰাকীৰ অৱয়ব-অৱস্থিতি সি অনুভৱ কৰিব বিচাৰে। অসম্পূর্ণ অনুভৱ কৰে সি। তাক লাগে প্ৰেমৰ অনুভৱ। অৰুণিমাৰ প্ৰেম, শাৰীৰিক অৱস্থিতি প্রাকৃতিকভাৱে নাপালেও কৃত্রিমভাৱেতাে পাব পাৰি!

এটা গােপন প্রজেক্টত নিমজ্জিত হ’ল আৰিফ। লক্ষ্য কৃত্রিম অৰুণিমা এজনী তৈয়াৰ কৰা। তাইৰ

আচাৰ-আচৰণ সকলাে কৃত্রিম বুদ্ধিমত্তাৰে ৰােপণ কৰা হ’ব। আৰু থাকিব তাইৰ এটা কৃত্রিম শৰীৰ—যাক “সাধাৰণ মানৱী শৰীৰৰ দৰে অনুভৱ কৰিব পৰা যাব। তাৰ মনৰ আটাইবােৰ আবেগ ঢালি সৃষ্টি কৰিলে কৃত্রিম অৰুণিমাক, তাৰ অৰুণিমাক, যি একমাত্র তাৰ… তাইৰ বুদ্ধিমত্তা সি বিচৰা ধৰণেৰেই তৈয়াৰ

কৰিছে, যাতে সি পৰা প্ৰতিটো কথাতে তাই ভাগ ল’ব পাৰে, তাৰ প্ৰতিটো মুহূৰ্তৰ সুখ-দুখ, হাঁহি-কান্দোনত তাই তাক সহচর্য দিয়ে। তাৰ কৃত্রিম অৰুণিমাজনী মানৱী অৰুণিমাজনীতকৈ বেলেগ হ’ব পাৰেনে? নােৱাৰে,

অন্ততঃ সি বিশ্বাস কৰিছিল নােৱাৰে বুলি। ফে’চবুকত বহুবাৰ সি বিচাৰিছিল তাইৰ প্ৰফাইল।নাই, তাই বােধহয় ফেচবুকৰ পৰা ওলাই গৈছিল! তাৰ হাতত সিহঁতৰ স্কুলৰ শেষৰ দিনাখন তােলা সিহঁতৰ গ্রুপ ফটো এখন আছিল, অৰুণিমা একেবাৰে সোঁফালে থিয় হৈ আছিল। সেই ফটোখন ছিমুলেছন আৰু ইমেজ প্রছেছিং কৰাত তাইৰ ১৭-১৮ বছৰৰ ত্রিমাত্রিক এটা অৱয়ব আৰিফৰ কম্পিউটাৰত ভাঁহি আহিল। নাই, সি এতিয়া ইমান সৰুকালৰ অৰুণিমাক বিচৰা নাই। তাৰ বয়স? পঞ্চলিছ! হাঁহি উঠি গ’ল তাৰ। পঞ্চলিছ বছৰীয়া আৰিফৰ প্রেম উনৈছ বছৰীয়া অৰুণিমাৰ লগত! সি পুনৰ ছিমুলেট কৰিলে অৰুণিমাৰ ত্রিমাত্রিক প্রতিকৃতিটো! ৪৫ বছৰৰ অৰুণিমাজনীক বৰ বয়সস্থ যেন লাগিল তাৰ! নাঃ! চল্লিছ কৰি লওঁ। আৰু আৰিফৰ কম্পিউটাৰে চল্লিছ বছৰীয়া অৰুণিমাৰ প্রতিকৃতি এটা তৈয়াৰ কৰিলে। সন্তুষ্ট আৰিফ! সি দিব পৰা, সি ভাবি পােৱা আটাইবােৰ বুদ্ধিমত্তাকে তাইৰ শৰীৰত স্থাপন কৰিলে। এইবিলাকৰ ভিত্তিত নতুন বুদ্ধিমত্তা কৃত্রিমভাৱে সৃষ্টি কৰাৰ কৌশলো সি অৰুণিমাক শিকালে। কৃত্রিম অৰুণিমাক লৈ সুখী আৰিফ। সি আৰু ফেচবুক-ইনষ্টাগ্ৰামত তাইক বিচাৰি নুফুৰে। মাজে মাজে সি ভাবেঃ সি অৰুণিমাৰ প্রতি অন্যায় কৰিছে নেকি? ক’ত আছে বাৰু মানৱী অৰুণিমা ? তাই কাৰােবাক জীৱনসংগী কৰি ল’লেনে বাৰু? কেনে বা আছে তাই? তাইতাে নাজানে তাইৰ এটা প্রতিকৃতিয়ে তাৰ প্ৰতিটো মুহূর্তক জীপাল কৰি ৰাখে; তাইৰ মৰমৰ উমেৰে!

সিদিনা হঠাৎ ফে’চবুকত সি এখন ফটো দেখিলে। শ্লোভকিয়াৰ টট্রা মাউন্টেইছত কেইজনমান

মহিলাই স্কী কৰি থকা এখন ফটো! তাৰ লগৰ অৰিমৰ প’ষ্টত থকা ফটোখন দেখি ক্ষন্তেক সময় সি থৰ লাগি চাই ৰ’ল! অৰুণিমা! চিকাৰ কৰি উঠিল সি! “হয়, অৰুণিমা হ’বই লাগিব!”—স্বগতােক্তি কৰিলে। ইমেজ প্ৰছেছিং ছফ্টৱেৰটোত ফটোখন আপলােড কৰি ফলাফলটো দেখি নিশ্চিত হ’ল। তাৰ কৃত্রিম অৰুণিমাৰ লগত সাতানব্বৈ শতাংশ সাদৃশ্য! এইজনী অৰুণিমা ! কেনেকৈ লগ পাব তাইক? অৰিমলৈ ভিডিঅ’ কল কৰিলে,—ব্যস্ত সি! ভইছ মেছেজৰ বাবে অনুৰােধ! বিৰক্ত হ’ল আৰিফ। তাক তৎক্ষণাৎ অৰুণিমাৰ ঠিকনা

লাগে। অৱশেষত ঠিকনাটো পালে!

চিনেমা এখনৰ দৰে যােৱা দুমাহৰ কথাবােৰ তাৰ মন-মগজুৰ মাজেৰে পাৰ হৈ গ’ল। অৰুণিমাৰ

অৱস্থিতি সি গম পালে। ট্যুৰিজিম কম্পেনী এটাত কৰ্মৰত অৰুণিমাৰ বাবে সমগ্র পৃথিৱীখনেই কর্মভূমি।

স্পে’ছ এক্সৰ মহাকাশ যাত্ৰাৰাে তাই ব্যৱস্থা কৰি দিব পাৰে হেনাে!

ফেচবুকত তাইৰ কম্পেনীৰ একাউণ্টহে আছে, তাই নিজৰ ৰখা নাই। আৰু গম পালে ঃ অৰুণিমা

এতিয়াও অবিবাহিতা, তাৰ বাবেই? তেনেদৰে আৰিফৰ ভাবিবৰ মন গ’ল। আৰু তাইক লগ পাবলৈ তাৰ মনটো ব্যাকুল হৈ পৰিল। ইমান বছৰৰ মূৰত সি লিখা প্রথম ইমেইলটোৰ উত্তৰ হিচাপে অৰুণিমাৰ পৰা অহা ৰিপ্লাই ইমেইলটোৰ, উত্তেজনাৰ কোবত বাৰে বাৰে পঢ়িও অর্থ উলিওৱাত সি অপাৰগ হৈছিল। তাৰ সহচৰী কৃত্রিম অৰুণিমাই তাক ইমান উত্তেজিত হােৱা দেখি তাৰ হাতত একাপ কফি তুলি দিছিল। তাই বুজিব পাৰিছিল নে আৰিফ কিহৰ বাবে ইমান আলােড়িত হৈছিল—উত্তেজনাত কপালৰ ঘাম নিগৰিছিল। কৃত্রিম বুদ্ধিমত্তাত ঈর্ষাৰ ক’ড এতিয়ালৈকে লিখা হােৱা নাই! আচলতে যিবিলাক অনুভৱে আমাক অপ্রস্তুত কৰে তেনেবােৰ অনুভৱৰ কড লিখা নহয়, ই এটা সবর্জনগৃহীত সিদ্ধান্ত!

কথাখিনি ভাবি থাকোতে আৰিফৰ কপালৰ পৰা কেতিয়ানাে আকৌ টোপটোপকৈ ঘাম নিগৰিবলৈ

আৰম্ভ কৰিলে সি গম নাপালে, গম পালে সন্মুখৰ কম্পিউটাৰত নিৰীক্ষণ কৰি থকা তাৰ কৃত্রিম অৰুণিমাই।

“আৰিফ, কি হৈছে তােমাৰ?” কৃত্রিম অৰুণিমাৰ স্বৰত হঠাৎ সি বাৰু উৎকণ্ঠাৰ চিন পালে নেকি? কঁপি উঠিল

আৰিফ!

অৰুণিমা ছান ফ্রান্সিস্কো চহৰৰ উপকূলীয় অঞ্চলত থকা হিল্টন হােটেলত উঠিছেহি। কালি আহিছে।

দুই তিনিদিন থাকিব। তাইক লগ পাবলৈকে আৰিফৰ এই যাত্রা! কি কৰিব সি তাইক প্রায় পঁচিশ বছৰৰ পাছত লগ পাই? তাইৰ বা কি প্রতিক্রিয়া হয় ! তাৰ ভাব হয়—তাৰ বাবেই তাই চাগৈ পুনৰ সংসাৰ নকৰিলে! সি

তাইক প্রস্তাৱ দিব নেকি? বিবাহৰ প্ৰস্তাৱ? সি বাৰু অসুখী নেকি? আৰু তাই? তাইৰ যে তেনে এটা আৰিফ নাই কোনে ক’ব পাৰিব? কথাটো ভাবি আৰিফৰ মনটো চটফটাই উঠিল। অন্তত এক দহন অনুভৱ কৰিলে। একেবাৰে সমীচিন নহয়। সি জানে, যিটো কাম সি নিজে কৰি আছে, অৰুণিমাই কৰা বুলি ভাবি কিয় তাৰ ঈর্ষা হ’ব? কিছুমান অনুভূতিক যুক্তিৰে শাসন কৰিব নােৱাৰি। ইতিমধ্যে কেইবাবাৰাে ভিডিঅ’ কনফাৰেন্সিঙৰ জড়িয়তে সিহঁতৰ কথা বার্তা হৈছে। অৱশ্যে শাৰীৰিকভাৱে তাইৰ স’তে তাৰ এয়ে প্রথম সাক্ষাৎ—ইমান দিনৰ মূৰত!! কৃত্রিম অৰুণিমাৰ কথা জনাব নেকি তাইক? এই যে প্রস্তাৱ দিয়াৰ কথা ভাবিলে, ইয়াৰ প্ৰয়ােজন আছেনে? সিটো সমাজত ভালদৰেই প্রতিষ্ঠিত! তাৰ শাৰীৰিক-মানসিক সকলাে খাদ্যৰে যােগান তাৰ কৃত্রিম অৰুণিমাই অহৰহ ধৰি থাকে, আৰু কি লাগে তাক? সি ভালপােৱা ভূপেন হাজৰিকাৰ গীত সি অনুৰােধ কৰাৰ আগেয়েই তাই তাক বজাই শুনাইছে।

তাৰ পাছত এই মানৱী অৰুণিমাজনীৰ প্রয়ােজন কি? তাইৰো নিশ্চয় বয়স হৈছে, তাৰ

সমানেই বয়স! তাই জানাে তাৰ আউল মাৰিব পাৰিব? পুৰুষতান্ত্রিক মানসিকতাই যেন তাক ক্ষন্তেকৰ বাবে বশ কৰিলে! সি মানৱী অৰুণিমাক তাৰ আউল মাৰিবলৈহে বিচাৰিছে নেকি? নে শৰীৰৰ প্রয়ােজন পূৰাবলৈ?

কিয় সি ইমান হাবিয়াস কৰিছে তাইক লগ পাবলৈ? কিয় মনত গােপন আশা এটা ৰাখিছে তাইক নিজৰ কৰি লােৱাৰ? কৃত্রিম অৰুণিমাৰ দৰে তাইতাে সি বিচৰা ধৰণে কথাবােৰ নক’বও পাৰে, কামবােৰ নকৰিবও পাৰে, কৃত্রিম অৰুণিমাৰ মুখখন আৰিফৰ চকুৰ আগত ভাঁহি আহিল। মানৱী অৰুণিমাক আকোৱালি ল’লে সি জানাে তাইক নিজৰ পৰা আঁতৰাই দিব নালাগিব? তাই তাৰ সৃষ্টি! সি তৈয়াৰ কৰা কৃত্রিম বুদ্ধিমত্তাৰে বুদ্ধিমতী তাই! 

এসপ্তাহ আগৰ এটা দৃশ্যলৈ তাৰ মনত পৰি গ’ল। অৰুণিমা তেতিয়া টকিঅ’ৰ কোনােবা এখন বিলাসী

হােটেলৰ ৰূমৰ বিচনাত পৰি তাৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙত তাইৰ দিনটোৰ কৰ্মৰাজিৰ পুংখানুপুংখ বিৱৰণত ব্যস্ত। আঁঠুলৈকে ঢকা এটা পাতল নাইটীৰে অৰুণিমাক অত্যন্ত আকর্ষণীয় দেখিছিল। ইতিমধ্যে কেইবাটাও এনেধৰণৰ কনফাৰেন্সৰ পাছত দুয়াে দুয়ােৰে ওচৰত সহজ হৈ পৰিছে। কিন্তু আৰিফৰ দৃষ্টিয়ে বাৰে বাৰে অৰুণিমাৰ দেহৰ আন্দোলিত ভাঁজবিলাকত পিচল খায়। সন্ত্রষ্ট হৈ সি চায়,—কিজানিবা তাই তাৰ অবাধ্য চকুহালক ধৰা পেলাইছে! নাই, তাইৰ ক্ৰক্ষেপ নাই।অনর্গল কৈ গৈছে সপোনৰ কথা! সপোন আৰিফেও দেখিব বিচাৰে, অৰুণিমাই তাকো বাৰু ডাঙৰ সপােন এটা দেখুৱাব বিচাৰিছে নেকি? এই মুহূর্তত তাৰ স্বপ্নবিতােৰ দৃষ্টি

নিমগ্ন তাইৰ প্ৰকট হৈ থকা দেহৰ ভাঁজবােৰত! কথাবােৰৰ পৰা মনটো তাৰ ওলাই আহে! এনেদৰে কিমান সময় অতিবাহিত হৈছিল তাৰ মনত নাই; সেই সময়ত কেৱল তাৰ অৰুণিমাক দুহাতেৰে সাৱটি মৰম কৰি দিবৰ মন গৈছিল…। হঠাৎ তাৰ যেন মনৰ কথা বুজি উঠিল অৰুণিমাই! কিন্তু অকণাে বিচলিত নহৈ দুষ্টালিৰ হাঁহি এটা মুখত সানি তাক সুধিছিলঃ “মােৰ কি ভাগ্য! ইমান দিনৰ পাছতাে মােক দেখা পাই ঋষিৰ তপস্যা

ভংগ হৈছে যেন পাওঁ!” তাৰ লাজ লাগিছিল, ধৰা পৰি গৈছিল সি। লাজকুৰীয়া হাঁহি এটাৰে সি তলমূৰ কৰি ৰৈছিল। তাৰ অপ্রস্তুত অৱস্থাটোৰ যেন সম্পূর্ণ তৃপ্তি লৈছিল অৰুণিমাই! তাই বাৰু এতিয়াও তাক আগৰ দৰেই ভাল পায় নে? এতিয়াতাে দুয়াে প্রতিষ্ঠিত! কিহৰ বাবে তেন্তে সংকুচিত সি? আচলতে সি কৃত্রিম অৰুণিমা

আৰু মানৱী অৰুণিমাৰ মাজত বস্তুনিষ্ঠভাৱে কাক অগ্রাধিকাৰ দিব? পক্ষপাতিত্বৰ দ্বিধাত ভুগিছে সি।

এই সমস্যাটো সি কৃত্রিম অৰুণিমাক দি দিয়া হ’লে ইমান সময়ে তাই তাক কেইবাটাও সম্ভাৱ্য সমাধান

উলিয়াই দিলেহেঁতেন। এনে সমস্যা সমাধানৰ বাবে সি যিটো ছফ্টৱেৰ যােৱা বছৰ অৰুণিমাৰ দেহত সংযােগ কৰিছিল, সি অভিজ্ঞতাৰে পূৰ্ণ হৈ

এতিয়া আৰু অধিক কার্যক্ষম হৈ সিদ্ধান্ত নিৰূপণৰ ক্ষেত্ৰত অদ্বিতীয় হিচাপে পৰিগণিত হৈছে। কিন্তু আৰিফে তাইক ইয়াত জড়িত কৰিব নিবিচাৰিলে। কৃত্রিম অৰুণিমাৰ ঈর্ষা হ’ব বুলি ভয় খালে নেকি? হয়তাে হয়—হয়তাে নহয়।মানৱী অৰুণিমা আহি উঠা হিল্টন হােটেলৰ পৰা সি কেৱল তিনি মিনিটৰ দূৰত আছে। কম্পিউটাৰ মনিটৰত দূৰত্ব প্রতি ছেকেণ্ডত কমি আহিছে। সি কেনেদৰে অৰুণিমাৰ সৈতে কথা পাতিব? দূৰত্ব মানি চলি নে

হৃদয়ৰ সমস্ত আবেগ ঢালি? তাইৰ প্ৰতি সি সঞ্চিত কৰি ৰখা ভালপােৱাখিনিৰ বিষয়ে জনাবনে? ক’বনে যে তাইৰ প্ৰতি থকা তাৰ ভালপােৱাৰ চিন স্বৰূপে সি তাইৰ এটা প্রতিকৃতি তৈয়াৰ কৰি লৈছে? ক’বনে যে তাই বিচাৰিলে কৃত্রিম অৰুণিমাক সি ধ্বংস কৰি পেলাব? কৃত্রিম অৰুণিমাই কম্পিউটাৰ মনিটৰখনৰ পৰা যেন বৰ

দুখেৰে আৰিফলৈ চালে! এনে লাগিল তাৰ। ইমান দিনৰ তাইৰ সাহচর্য প্রতিদান সি এইদৰে দিব বিচৰা বুলি গম পাই তাই যেন শােকত ফাটি পৰিব।

“অৰু’ (কৃত্রিম অৰুণিমাক আৰিফে ‘অৰু’ বুলি মাতে)! মই মানৱী অৰুণিমাৰ প্ৰতি আকৌ এক

আকর্ষণ অনুভৱ কৰিছোঁ। তােমাৰ প্ৰতিটো কামৰে পূর্বাভাস মই পাওঁ, কাৰণ তােমাক মই তৈয়াৰ কৰিছোঁ। মানৱী অৰুণিমা এটা স্বতন্ত্র সত্ত্বা, যি মােক মই অনুমান কৰিব নােৱৰা এখন পৃথিৱী উপহাৰ দিব পাৰিব। মই সেই পৃথিৱীখনৰ প্রতি আকর্ষণ অনুভৱ কৰিছোঁ। মােক মানুহ লাগে।” কওঁ নকওঁকৈ সি কৃত্রিম অৰুণিমাক খবৰটো দিলে। “ই এটা নতুন খবৰ ! মােৰ ডাটাবেছত এই বিষয়ে কোনাে তথ্য নাই।” তাইৰ কথা শুনি

আৰিফৰ তাইলৈ পুতৌ উপজিল। হয়তাে, এনেধৰণৰ তথ্য তাইৰ ডাটাবেছত সি কেতিয়াও ভৰােৱা নাই! কত তাইৰ সি বিচৰা আবেগ? ঈর্ষা? এইবিলাক নােহােৱাকৈ মৰম-ভালপােৱা জানাে

সম্ভব ?

গুগল কাৰখনে লক্ষ্যস্থান পােৱাৰ সংকেত দিলে। আৰিফৰ মুখখন কঠিন হ’ল। এটা সিদ্ধান্ত লোেৱা

হ’ল। মানুহৰ জয় হ’ল। মানৱী অৰুণিমাৰ মানৱী আৱদাৰ-অনুভূতিখিনি কৃত্রিম অৰুণিমাৰ যান্ত্রিক আৱদাৰতকৈ অধিক মূল্যবান বুলি তাৰ অনুভৱ হ’ল। সিদ্ধান্তটো ল’ব পাৰি আৰিফৰ মনটো মুকলি লাগিল। কালিয়েই গােটাই থােৱা গােলাপ ফুলৰ থােপাটো দুহাতেৰে খামুচি লিফ্‌টৰ দুৱাৰত থকা পাঁচশ পঞ্চল্লিছ মহলৰ বাৰ নম্বৰৰ কোঠাটোৰ বুটামটো টিপি দিলে। অথনিৰে পৰা বন্ধ হৈ থকা তাৰ সুহুৰিটো তাৰ মুখত আপােনা আপুনি

বাজি উঠিল।

☆ ★ ☆ ★ ☆

One comment

  • কাবেৰী মহন্ত

    নতুন সোৱাদ পালোঁ গল্পটোৰ৷ আগলৈও আশা কৰিলোঁ, লিখি থাকিবা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *