ফটাঢোল

বাঁহৰ চুঙাৰ আধুনিক ব্যৱহাৰ-ধীৰেন শইকীয়া

অসমীয়া সভ্যতা সংস্কৃতিত বাঁহৰ গুৰুত্ব অসীম। গীত মাত সকলোতে বাঁহৰ উল্লেখ দেখা যায়। জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন অনুসৰি বাঁহৰ বৰ্গ – Poales, পৰিয়াল – Poaceae, গোত্ৰ – Bambuseae। অসমত ২৬ বিধ বাঁহৰ প্ৰজাতি পোৱা যায়। খুব কম সময়ত ক্ষীপ্ৰতাৰে বৃদ্ধি হোৱা গছসমূহৰ ভিতৰত ই অন্যতম। অতীজৰেপৰা দক্ষিণ এছিয়াৰ দেশসমূহত বাঁহৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক প্ৰমূল্য যথেষ্ট। সাধাৰণতে ইয়াক গৃহ নিৰ্মাণ, কাগজৰ মণ্ড তৈয়াৰ, ঘৰুৱা সামগ্ৰী, খাদ্যৰ উত্‍স আদি বিভিন্ন প্ৰকাৰৰ কামৰ লগতে শেহতীয়াভাৱে সংৰক্ষণৰ আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে। অসমতো অতীতজৰেপৰা নিমখ, চাউল, দাইল আদি ৰাখিবলৈ তথা দৈ গাখীৰ প্ৰস্তুত কিম্বা সৰবৰাহ কৰিবলৈ বাঁহৰ চুঙা ব্যৱহাৰ কৰা হৈছিল। বাঁহেৰে নিৰ্মিত ঘৰো যথেষ্ট বাতানুকুল বুলি প্ৰমাণিত হোৱাত কেইবাখনো ৰাষ্ট্ৰৰ ধনাঢ্য লোকেও বাঁহেৰে ঘৰ নিৰ্মাণ কৰিবলৈ ধৰিছে। অসমত জাতি বাঁহ, মকল বাঁহ, ভলুকা বাঁহ, বিজুলি বাঁহ, কটা বাঁহ যথেষ্ট উৎপাদন হয়। আজিকালি বাঁহেৰে নিৰ্মিত ফাৰ্ণিচাৰৰো জনপ্ৰিয়তা যথেষ্ট বাঢ়িছে। NATIONAL BAMBOO MISSION এনে এটা সংগঠন যিয়ে বাঁহৰ সংৰক্ষণ, ব্যৱসায় তথা কৃষিৰ লগত জড়িত হৈ আছে। এই লেখাত বাঁহৰ চুঙাৰ দুটা সৰল ব্যৱহাৰৰ বিষয়ে উল্লেখ কৰিবলৈ চেষ্টা কৰিছোঁ।

বাঁহৰ চুঙাৰ পেকেটেৰে ছয়বিধ অৰ্গেনিক চাহৰ ৰপ্তানিৰে বিখ্যাত হোৱা যুৱকজন –

অচ্যুত প্ৰসাদ গগৈ। ক্ষুদ্ৰ চাহ ব্যৱসায়ী যোৰহাটৰ চেলেংহাটৰ অচ্যুত প্ৰসাদ গগৈ নামৰ এই যুৱকজনে আটকধুনীয়া পেকিঙেৰে বিদেশলৈ চাহ ৰপ্তানি কৰি জনপ্ৰিয় হৈছে। সম্পূৰ্ণ থলুৱা আৰু পৰম্পৰাগত পদ্ধতিৰে ক্ষুদ্ৰ চাহ ব্যৱসায়ীজনে অসমৰ থলুৱা বাঁহৰ চুঙাৰ পেকেটেৰে ছয়বিধ অৰ্গেনিক চাহৰ সম্ভাৰ ৰপ্তানিৰে জনপ্ৰিয়তা লাভ কৰিছে। ইতিমধ্যে ব্ৰাজিল, থাইলেণ্ড, ডুবাই, কানাডাত যথেষ্ট জনপ্ৰিয় হৈছে এই বাঁহৰ চুঙাৰ চাহকেইবিধ। ইণ্টাৰনেচনেল টি এক্সপোলৈ চাহ লৈ যাওঁতে বহুকেইখন দেশে এই চাহ ভাল পোৱাত এই কামটো বহল ভিত্তিত কৰিবলৈ মন গ’ল আৰু তাৰেই ফলশ্ৰুতিত অচ্যুত প্ৰসাদ গগৈয়ে এই কামত আগবাঢ়িছে বুলিও জানিব পৰা গৈছে।

বাঁহৰ চুঙাত ৰখা পানীৰে পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ চেষ্টা চন্দন নাথ –

কাজিৰঙাৰ কঁহৰা নিবাসী চন্দন নাথে তেওঁৰ নিজা সৃষ্টি বাঁহৰ চুঙাত খোৱা পানী ৰাখি (বটলৰ দৰে) পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ চেষ্টা কৰি আহিছে। এই কামেৰে তেওঁ The Indian Book’s Of World Records ত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈও সক্ষম হৈছে। উল্লেখযোগ্য যে প্লাষ্টিক বৰ্জনৰ আহ্বান দি অহা চন্দন নাথে থলুৱাভাৱে তৈয়াৰী বাঁহৰ চুঙাত এনেদৰে পানী থৈ প্লাষ্টিকৰ বিকল্পৰ লগতে পৰ্য্যটন ক্ষেত্ৰ তথা বনভোজ থলীত পানীৰ ব্যৱহাৰ কৰিলে পৰিবেশ আৰু পাৰিপাৰ্শ্বিকতা ৰক্ষা হ’ব বুলিও সজাগতা আগবঢ়াই আহিছে। তেওঁৰ YouTube channel “Chandan Naturals” ত এই বিষয়ে তেওঁ বিতংকৈ উল্লেখো কৰিছে। পৰ্যটকসকল কাজিৰঙা ভ্ৰমণৰ বাবে অাহি কাজিৰঙাত প্লাষ্টিকৰ বিকল্প হিচাপে তেওঁৰ বাঁহৰ চুঙাত থকা পানী দেখি আপ্লুত হৈছে।

☆ ★ ☆ ★ ☆

2 Comments

  • ডলী

    ভাল লাগিল পঢ়ি

    Reply
    • Anonymous

      সুন্দৰ লেখা ব্যতিক্ৰমী বিষয়

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *