সম্পাদকীয়- ৰঞ্জিত কুমাৰ শৰ্মা
দুৰ্যোগৰ মাজেৰে আমি এটা বৰ্ষ অতিক্ৰম কৰিলোঁ৷ এতিয়াও সংকট আঁতৰা নাই৷ এটা ক্ষুদ্ৰাণু ভাইৰাছে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিলে৷ এই সম্পাদকীয় লিখি থকাৰ সময়লৈকে বিশ্বত কোৰোনাৰ ভাইৰাছ ক’ভিড-১৯ ত আক্ৰান্ত হৈছে ১১.২৭ কৌটি লোক৷ বৰ্তমানলৈকে ২৫ লক্ষাধিক মানুহৰ প্ৰাণ গ’ল৷ আনৰ জীৱন বচাবলৈ গৈ চিকিৎসককে ধৰি বহু কোৰোনা যোদ্ধাই প্ৰাণ দিলে৷ এনে দুৰ্যোগ এয়ে প্ৰথম নহয়, আগতেও আহিছিল৷ সময়ে সময়ে অতিমাৰী ভাইৰাছ বা মহামাৰী ৰোগে বিশ্বত সংহাৰী ৰূপ লৈ আহিছে৷ কোৰোনাৰ পূৰ্বে টাইফয়ড, প্লেগ, কুষ্ঠ, দি ব্লেক ডেথ, কলেৰা, ৰাছিয়ান ফ্লু, স্পেনিছ ফ্লু, এছিয়ান ফ্লু আদি মহামাৰী ৰোগে বিশ্বত কোটি কোটি মানুহৰ প্ৰাণ লৈছে৷ বতাহত বা সাধাৰণ স্পৰ্শত নিবিয়পিলেও ঘাতক আন জটিল ৰোগবোৰো আছেই৷ কিন্তু সকলোবোৰ অতিক্ৰমী, মহামাৰী আৰু ঘাতক ৰোগৰ বিৰুদ্ধে যুঁজ দি, সেইবোৰক নিয়ন্ত্ৰণ কৰি বিশ্ব সভ্যতাও আগবাঢ়ি আছে৷ তথাপি একবিংশ শতিকাত বিজ্ঞান, চিকিৎসা আৰু প্ৰযুক্তিবিদ্যাৰ জয়জয়কাৰৰ দিনতো বা বিশ্বত কোনো কোনো দেশে ‘চুপাৰ পাৱাৰ’ৰ অধিকাৰী হোৱাৰ অঘোষিত প্ৰতিযোগিতা চলোৱাৰ সময়তো এটি ক্ষুদ্ৰাণুৱে আধুনিক মানৱ সভ্যতাক বিশ্বজুৰি শংকিত কৰা বিষয়টোৱে কি সূচায়? বিষয়টো আমি দুই ধৰণে ল’ব পাৰোঁ৷ প্ৰথমতে আমি ভাবিব পাৰোঁ যে আধুনিক বিশ্বসভ্যতাই যিমানেই দম্ভ-অহংকাৰ নকৰক কিয়, বিশ্বৰ কোনো শক্তিয়েই সৰ্বশক্তিমান হ’ব নোৱাৰে৷ দ্বিতীয়তে, মহামাৰীয়েই হওক বা অতিমাৰীয়েই হওক বা আন কোনো দুৰ্যোগেই হওক, এইবোৰক বিশ্বই প্ৰত্যাহ্বানৰূপেহে গ্ৰহণ কৰিছে৷ এনে প্ৰত্যাহ্বান গ্ৰহণ কৰি বিশ্বসভ্যতাই যুঁজ দিছে৷ এই যুঁজ আগুৱাই যোৱাৰ৷ এনেবোৰ প্ৰত্যাহ্বানৰ সৃষ্টি হোৱাৰ বাবেইতো নতুন নতুন চিন্তাৰ জন্ম হৈছে, পৰীক্ষা-নিৰীক্ষা হৈছে, গৱেষণা হৈছে, প্ৰতিকাৰৰ উপায় ওলাইছে, নতুন নতুন উদ্ভাৱন হৈছে৷ আৰু এনেদৰে শক্তিশালী আৰু আধুনিকৰ পৰা অত্যাধুনিক হৈছে বিশ্বপ্ৰযুক্তি, বিশ্বসভ্যতা৷ প্ৰত্যাহ্বান গ্ৰহণ কৰিব নোৱাৰিলে প্ৰগতিয়ে গতি কৰিব কিদৰে? সেয়ে কোৰোনাৰ বিৰুদ্ধে হোৱা যুঁজখনত যিসকলে আগভাগ লৈছে তেওঁলোক প্ৰশংসাৰ পাত্ৰ৷ এই যুঁজত যিসকলে প্ৰাণ দিলে তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাবই লাগিব৷ বিশ্বই তেওঁলোকক সোঁৱৰণ কৰা উচিত৷
ক’ভিড ভাইৰাছে সৃষ্টি কৰা পৰিস্থিতিৰ ফলত দেশবোৰত বিত্তীয় সংকটৰো সৃষ্টি হ’ল৷ আৰ্থিক সংকটত পৰিল লাখ লাখ লোক৷ ব্যৱসায়-বাণিজ্যতো বহুতেই ক্ষতিৰ সন্মুখীন হ’ল৷ আমাৰ দেশতেই বহুতেই কৰ্মসংস্থাপন হেৰুৱালে৷ বিশেষকৈ ব্যক্তিগত খণ্ডত কাম কৰা বহুতেই চাকৰিও হেৰুৱালে৷ বিভিন্ন মালিকগোষ্ঠীয়ে কেৱল নিজৰ লাভ-লোকচানৰ কথা চিন্তা কৰিয়েই এই সংকটৰ সময়ত কৰ্মচাৰী ছাটাই কৰিলে৷ ইয়াৰ বিপৰীতে লকডাউনৰ সময়ত গভীৰ সংকটত পৰা লাখ লাখ লোকক সাময়িক সকাহ দিবলৈ হেজাৰজন আগবাঢ়িও আহিল৷ এয়াই ইতিবাচক৷ মানৱতা জীয়াই আছে, জীয়াই থাকিব৷ ভাইৰাছটোৰ পৰা মানুহক ৰক্ষা কৰিবলৈ বিজ্ঞানী, গৱেষক, চিকিৎসকে অবিৰাম সংগ্ৰাম অব্যাহত ৰাখিছে৷ প্ৰতিষেধকৰ প্ৰয়োগো আৰম্ভ হৈছে৷ এই যুঁজত আমি জয়ী হ’ব লাগিব, আমি জীৱশ্ৰেষ্ঠ! কিন্তু একে সময়তে আমি প্ৰকৃতিৰ কথা, বিশ্বৰ আন আন জীৱ-প্ৰাণীৰ কথাও ভাবিব লাগিব৷ আমি জীৱশ্ৰেষ্ঠ হ’লেও বিশ্ব বা প্ৰকৃতিৰ তুলনাত আমি তেনেই নগন্য নহয়নে? বিশ্বৰ সপ্তাশী লাখ প্ৰজাতিৰ জীৱ-জন্তুৰ মাজত জানো কোৰোনাৰ প্ৰভাৱ পৰিছে? আমাৰ ৰাজ্যখনৰ গাতে লাগি থকা পাহাৰীয়া ৰাজ্যকেইখন আৰু পাহাৰীয়া ৰাষ্ট্ৰ ভূটানত কৰোনাৰ প্ৰকোপ অসমতকৈ কম৷ দ্বীপৰাষ্ট্ৰকে ধৰি সৰু সৰু ৰাষ্ট্ৰ কেইবাখনতো কোৰোনাৰ শক্তি কম দেখা গৈছে৷ ইয়াৰ বিভিন্ন কাৰণ থাকিব পাৰে৷ কিন্তু কোনোবাখিনিত এইক্ষেত্ৰত প্ৰকৃতিৰো অৱদান আছে নেকি বাৰু? সেই প্ৰকৃতিৰ প্ৰতি আমিনো কিমান সচেতন? কোনো কোনোৱে কৈছে, পৃথিৱীৰ হেনো অসুখ! কিন্তু সঁচাকৈয়েই পৃথিৱীৰ অসুখনে? নে পৃথিৱীত অসুখ হৈছেহে?
এতিয়া হেনো পৃথিৱীৰ অসুখ!
সপ্তাশী লাখ প্ৰজাতি জীৱৰ
কাৰনো কিমান দুখ?
সাহিত্যৰত্ন কবিয়ে কৈ যোৱাৰ দৰেই দেখোন
দিন গৈ ৰাতি হৈছে
জোন-বেলি ওলায়েই আছে
গছত ফুলিছে ফুল, বতাহ বলিছে
নিজ বাটে নক্ষত্ৰ ঘূৰিছে৷
বনৰীয়া পশু-পক্ষী আৰু চৰাইবোৰ
সাগৰ তলিৰ প্ৰাণীবোৰ
পৃথিৱীত আছে য’তমানে জীৱ
কোননো কিমান অসুস্থ?
জীৱশ্ৰেষ্ঠ নহ’লেই যেনিবা, সকলোৱেতো সুস্থ৷
নিৰ্মল, সুস্বাস্থ্য প্ৰকৃতিয়েও দেখোন
পৃথিৱীৰ বঢ়াইছে আয়ুস৷
তেনেহ’লে পৃথিৱীৰ কিনো হৈছে অসুখ?
পৃথিৱীৰ নহয়, পৃথিৱীতহে হৈছে অসুখ
মহাকাষত ঘৰ সাজিব খোজা মানুহৰ
আজি জীয়াই থকাৰ যুঁজ৷
ধৰিত্ৰীৰ বক্ষ আঁজুৰি খোৱা জীৱশ্ৰেষ্ঠৰ
ক’ত হেৰাল অহংকাৰ?
চূৰ্ণ হ’ল ধৰ্মান্ধৰ দৰ্প
দেশে দেশে ন’ভেল কোৰোনাৰ সংহাৰ৷
কাৰ কিমান আছে ক্ষেপণাস্ত্ৰ আৰু যুদ্ধজাহাজ
সামৰিক শক্তি আছে কাৰ কিমান?
কিমাননো গণিবা বাৰু
আনবিক বোমা আৰু যুদ্ধবিমান?
মহাশক্তিধৰ হোৱা প্ৰতিযোগিতাৰ
ৰঙা ফিটাডাললৈ দূৰত্বইনো কিমান?
মন্দিৰ-মছজিদ, গীৰ্জা-বিহাৰত
ঈশ্বৰ-আল্লা-গড আজি আবদ্ধ
সঁচাকৈয়ে জানো পৰিত্ৰাণৰ পথ ৰুদ্ধ?
ক্ষুদ্ৰাণুৰ বিৰুদ্ধে ৰণত নামিছে বিজ্ঞানী
হাস্পতালে হাস্পতালে ক’তজন যে
ফ্লৰেন্স নাইটিংগেল আৰু জ’-কিলুবা
পৰম ধৰ্ম পালি ছহিদ হ’ল ক’ত মনিষী!
অথলে নাযায় এই বলিদান
বাজিবই মানৱতাৰ জয়গান৷
বিজ্ঞানৰ সেনানী থমকি নৰয়
আঁতৰিব মহামাৰী ক্ষুদ্ৰাণু ক’ভিড
হ’ব মানৱৰেই জয়৷
কিন্তু আমি জানো কাহানিবা সুধিম ধৰিত্ৰীক
যি কথা আমি কেতিয়াও সোধা নাই–
আমাক ঐশ্বৰ্যশালী কৰিবলৈ
আৰু কিমান আঘাত সহিব পাৰিবি আই?
আমি জানো লম খবৰ
প্ৰকৃতিয়ে কান্দেনে প্ৰাপ্যৰ বাবে
কৰেনে হাহাকাৰ ভাৰসাম্যতাৰ কাৰণে?
ক্ষদ্ৰাণুক হৰুৱাই নৱজীৱন পালে
বিশ্ব সভ্যতাই সলাবনে নীতি
অৰণ্য, নদী, পাহাৰ কিম্বা ভূগৰ্ভৰ
ল’বনে কেতিয়াবা মংগল বাতৰি?
হয়, পৃথিৱীত অসুখ হৈছে৷ কিন্তু কেৱল এটা ভাইৰাছেহে পৃথিৱীত অসুখ বিয়পাইছেনে? পৃথিৱীত যে এতিয়া কিমান অসুখ, মানে ৰোগ বিয়পি আছে! ক্ষমতাৰ যুঁজ, হত্যা-হিংসা, অসূয়া-অপ্ৰীতি, অসহিষ্ণুতা, প্ৰদূষণ সৃষ্টি, জাতিগত-গোষ্ঠীগত সংঘাত, বৰ্ণবাদ-সন্ত্ৰাসবাদ, নাৰীৰ ওপৰত নিৰ্যাতন, প্ৰকৃতি ধ্বংস, দুৰ্নীতি-ভ্ৰষ্টাচাৰ, নানা ধৰণৰ সামাজিক অপৰাধ, আৰু যে কিমান কি? এইবোৰো জানো ৰোগ নহয়? এই ৰোগবোৰৰ বাহক দেখোন আমি মানুহেই, যিদৰে অতিমাৰী বা মহামাৰী সৃষ্টিৰ আঁৰতো প্ৰত্যক্ষ বা পৰোক্ষভাৱে মানুহৰেই হাত থাকে৷ আমি বৰ স্বাৰ্থপৰ! কিন্তু এইটোওতো সঁচা যে ভাল কামবোৰো মানুহেই কৰি আছে৷ বিজ্ঞানীৰ পৰা চিকিৎসক-গৱেষকলৈ, কৃষক-বনুৱাৰ পৰা সৈনিকলৈ তথা লেখি শেষ কৰিব নোৱৰা বিভিন্ন ক্ষেত্ৰত কিমানে যে একোটা সুস্থ মন লৈ কাম কৰি আছে! পৃথিৱীত অসুখ বিয়পোৱাসকলতকৈ এওঁলোকৰ কৰ্মশক্তিহে প্ৰকৃতাৰ্থত আজিও সবল হৈ আছে বাবেই পৃথিৱীখন জীয়াই আছে আৰু আমিও হেজাৰ সমস্যাৰ মাজতো পৃথিৱীত বাস কৰাৰ আশা আৰু বিশ্বাস কৰিব পাৰিছোঁ৷
কোৰোনাকালীন সময়ত বহু কামত বাধাৰ সৃষ্টি হ’ল৷ বহুতৰে হয়তো বিভিন্ন পৰিকল্পনা-সপোন পূৰণ নহ’ল৷ বহুতৰে মনত হতাশাই বাহ ল’লে৷ সেয়াই স্বাভাবিক৷ কিন্তু তাৰ মাজতো ২০২০ বৰ্ষটোতো বহুতেই জিলিকি উঠিল৷ অসমৰ ক্ষেত্ৰতে যদি চাওঁ তেন্তে দেখা যায় বহু অসম সন্তানে ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় সন্মান-কৃতিত্বৰ অধিকাৰী হ’ল৷ চিন্তা-দুঃচিন্তাৰ পৰিবেশতো এয়া আশাৰ বতৰা৷
লকডাউন-আনলোকে আকৌ লেখা-মেলা কৰা মানুহখিনিৰ সাহিত্যচৰ্চাত সহায়হে কৰিলে৷ যোৱা উত্তৰ-পূব গ্ৰন্থমেলাত তথা সেই সময়ৰ আগে-পিছে কিতাপ বা গ্ৰন্থ প্ৰকাশৰ ব্যাপকতাই তাকেই প্ৰমাণ কৰে৷ সামাজিক মাধ্যম (ছ’চিয়েল মিডিয়া)তো সাহিত্য চৰ্চাই প্ৰসাৰ লাভ কৰিলে৷ মাতৃভাষাৰ সংকট আহিছে বুলি শংকা হোৱাৰ সময়ত সামাজিক মাধ্যমত মাতৃভাষাৰ চৰ্চা বৃদ্ধি পাইছে৷ এয়া ভাল খবৰ৷ আহিবলগা দিনবোৰ হয়তো ডিজিটেল মাধ্যমে প্ৰাধান্য পোৱাৰ দিন হ’ব৷ নতুন প্ৰজন্ম যেন তাৰ বাবে সাজু হৈছে৷ কিন্তু ছপা মাধ্যম আছিল, আছে আৰু থাকিব৷ দুয়োটা মাধ্যমক লৈ আমি আগবাঢ়িব লাগিব৷
এইবাৰ বিশ্ব মাতৃভাষা দিৱসতে এটা ভাল খবৰ পালোঁ৷ সেয়া হ’ল শ্ৰদ্ধাৰ বাণীকান্ত কাকতিৰ সোঁৱৰণত অসম প্ৰকাশন পৰিষদে অসমীয়াত ছপা উপযোগী ইউনিকোড ফণ্ট ‘ছপাযোগ্য বাণীকান্ত ইউনিকোড ফণ্ট’ মুকলি কৰে৷ একে সময়তে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সোঁৱৰণত আন অসমীয়া ফণ্টৰ আখৰ ইউনিকোডলৈ ৰূপান্তৰ কৰিব পৰা ‘ৰসৰাজ ৰূপান্তৰক’ও মুকলি কৰা হয়৷ অৱশ্যে ইয়াৰ পূৰ্বে আন কেইজনমান অসমীয়াইও লাগি-ভাগি জাহ্নৱী, লাচিত, ৰ’দালি আদি কেতবোৰ অসমীয়া ফণ্ট বা ৰূপান্তৰক মুকলি কৰিছে৷ (আৰু হয়তো আছে, কিন্তু মনত পৰা নাই৷) লাচিত ৰূপান্তৰকে কিন্তু মোক কৰ্মক্ষেত্ৰত বহুখিনি সহায় কৰিছে৷ বাণীকান্ত ফণ্টে পূৰ্বতে থকা কাৰিকৰী সমস্যাবোৰ আঁতৰ কৰিব বুলি ভবা হৈছে৷ বহু ভাল খবৰৰ ভিতৰত আৰু এটা ভাল খবৰ হ’ল, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ‘পাটমুগী’কে ধৰি ১৮টা প্ৰখ্যাত অসমীয়া গল্পৰ একৰ ইংৰাজী অনুবাদ গল্প এখন শেহতীয়াকৈ অ’ এন জি চিৰ আৰ্থিক সাহায্যত অসম সাহিত্য সভাই প্ৰকাশ কৰিছে৷
লক্ষ্মীনাথ বেজবৰুৱাৰ নাম লোৱাৰ পিছত ব্যংগ সাহিত্যৰ কথা উল্লেখ নকৰিলে কেনেকৈ হ’ব? বেজবৰুৱাদেৱে গঢ়ি থৈ যোৱা ভেটিটো আৰু অধিক শক্তিশালী কৰিবলৈ নোৱাৰিলেও ভেটিটো অন্ততঃ ধৰি ৰাখিবলৈকে হ’লেও অসমীয়া হাস্য-ব্যংগ সাহিত্য জীয়াই আছে৷ সাহিত্যৰ এই ধাৰাটোক আগবঢ়াই নিবলৈ ফটাঢোল ফে’চবুক গোটে কৰা প্ৰয়াসো উল্লেখযোগ্য৷ এই প্ৰয়াসৰ অন্যতম কাৰ্যসূচী হ’ল মাহেকীয়া ই-আলোচনীখন৷ গোটটোত থকা বাবে গোটৰ আত্মপ্ৰশংসা নকৰোঁ বাৰু! কিন্তু স্বীকৃতি আহক বা নাহক, প্ৰচেষ্টা জানো ইতিবাচক নহয়? নিজৰ ব্যক্তিগত জীৱনতেই হওঁক বা সমজুৱা কামতেই হওক আমি জানো আশা লৈয়েই আগবাঢ়িব নালাগিব? বিশ্ব, দেশ, মাতৃভূমি কিম্বা মানৱজাতিৰ সমস্যা-সংকটৰ সময়তো আমি আশা বুকুত বান্ধিয়েই কাম কৰিব লাগিব৷ অ’, এইটো ঠিক যে আশাৰ প্ৰাপ্তি সকলো সময়তে বা সকলো ক্ষেত্ৰতে আকাংক্ষামতে নহ’ব পাৰে! তথাপি কওঁ—
আশাৰ প্ৰাপ্তি তেনেকুৱাই
কেতিয়াবা পদুম হৈ ফুলে
কেতিয়াবা উল্কা হৈ খহে৷
এৰিষ্ট’টলে কোৱাৰ দৰেই
‘আশা সাৰে থাকি দেখা সপোন’
সেই সপোনৰ বীজগণিত জীৱন৷
তথাপিতো আশা
জীৱন-যৌৱনৰ প্ৰেৰণা
আশা জীৱন চাকিৰ শলিতা৷
আমৃত্যু আশা থাকে বাবেইতো
জীৱনত থাকে প্ৰাণ
জীৱনৰ বাটত আশা প্ৰাপ্তিৰ সোপান৷
জয়তু ফটাঢোল ,
জয়তু অসমীয়া ভাষা।
সহৃদয়তাৰে,
সম্পাদক,
ফটাঢোল ই-আলোচনী
চতুৰ্থ বৰ্ষৰ অষ্টম সংখ্যা
☆ ★ ☆ ★ ☆
10:29 am
সম্পাদকীয় অতি সাৱলীল। বৰ ভাল পালোঁ দাদা।আপোনালৈ আন্তৰিক অভিনন্দন জনালোঁ ।
9:35 pm
অশেষ ধন্যবাদ৷
10:55 am
সুন্দৰ আৰু সময়োপযোগী সম্পাদকীয়। ভাল লাগিল ৰঞ্জিত দা
9:36 pm
ধন্যবাদ দেই৷
11:42 am
সম্পাদকীয় পঢ়ি ভাল পালোঁ
9:37 pm
ধন্যবাদ জনালোঁ৷
11:43 am
ভাল লাগিল সম্পাদকীয়। সম্পাদকলৈ অভিনন্দন!
9:38 pm
ধন্যবাদ জনালোঁ৷
3:26 pm
সমসাময়িক সমাজৰ সুন্দৰ সম্পাদকীয়৷
মন পৰশা আলোচনীৰ বাবে অভিনন্দন দাদা
9:38 pm
অশেষ ধন্যবাদ৷
3:34 pm
ভাল লাগিল সম্পাদকীয় দাদা
9:39 pm
ধন্যবাদ৷
3:59 pm
এৰি অহা বছৰটোৰে সুন্দৰ এক আত্মবিশ্লেষণ… ভবাইতোলা..
ভাল লাগিল দাদা..
9:40 pm
ধন্যবাদ জনালোঁ৷
6:47 pm
সুন্দৰ সম্পাদকীয়৷ বহুত ভাল লাগিল
9:41 pm
ধন্যবাদ জনালোঁ৷
6:38 am
বছৰৰ এই সৰু মাহটোত আটোমটোকাৰীকৈ সম্পাদনা কৰা ই আলোচনীাৰ সম্পাদক শৰ্মা দেৱৰ ভাৱোজ্জ্বল সম্পাকীয়ই মন পৰশিলে ৷
6:54 am
সুন্দৰ সম্পাদকীয়।
8:54 pm
অতি সুন্দৰ আৰু তথ্যসমৃদ্ধ সম্পাদকীয়।ভাল লাগিল।
10:53 pm
ধন্যবাদ জনালোঁ৷
9:46 am
সম্পাদকীয় ভাল লাগিল দাদা।