মূল: কয়েকটি দৃশ্য,লেখক:সুনীল গঙ্গোপাধ্যায়,ভাষান্তৰ-মুনমুন সৰকাৰ শইকীয়া
কেইটামান দৃশ্যঃ
চাৰি পাঁচজন মান বন্ধুৰ সৈতে কথা পাতি পাতি তপন বোলাজন গৈ আছে। তাৰে মাজত আটাইতকৈ কৃপণ সুকুমাৰ। সকলোৱে তাক ইতিকিংসূচক কথা শুনাই শুনাই যেনে-তেনে এপেকেট চিগাৰেট আদায় কৰিছে। বহুত দিনৰ মূৰতহে তাৰপৰা বস্তু এটা উলিয়াব পৰা গ’ল। সৱেই নিজৰ নিজৰ ভাগৰ চিগাৰেট জ্বলাই লৈ হুপিবলৈ ল’লে।
দক্ষিণ কলিকতাৰ জনবহুল পথ। ভিন ভিন প্ৰকৃতিৰ মানুহ। শীতৰ শেষ অথচ বৰ গৰমো নহয়। ফিৰফিৰিয়া বতাহ এছাটি মাৰিছে, এসময়ত এয়া বসন্তৰ বা আছিল। এতিয়া বসন্তৰ বা, ফুলৰ গোন্ধ আৰু জোনাকৰ কথা কোনেও নাপাতে।
তন্ময় হৈ তুমুল আড্ডা দিবলৈ গৈ আছিল সিহঁত। হঠাৎ তপনে লগৰবোৰক ক’লে,
: তহঁতবোৰ আগবাঢ়চোন, মই আহিছোঁ ৰ’।
পটকৈ সি কাষৰ দোকান এখনত সোমালেগৈ।
অলপ দেৰি পিছত সি ওলাই আহি দেখিলে লগৰবোৰ ইতিমধ্যে চাৰিআলিৰ মূৰত ৰৈ আছে তাৰ বাবে। ইফালে সিফালে ভালদৰে চাই সি লগৰবোৰৰ ওচৰলৈ আহিল। এজনে সুধিলে,
: ক’লৈ গৈছিলি?
সি লাহেকৈ ক’লে,
: ইলেকট্ৰিক হিটাৰ এটাৰ দৰ দাম কৰিলোঁ, দৰকাৰী বস্তু অথচ কিনিবপৰা নাই আজিলৈকে।
: ফাঁকি নামাৰ। দোকানত ছোৱালী এজনী মন কৰিলোঁ, তোৰ চিনাকি নেকি?
: নাই সঁচা কৈছোঁ।
তপনে মিছা মাতিছিল, ছোৱালীজনী তাৰ চিনাকি নাছিল কিন্তু ইলেকট্ৰিক হিটাৰৰ প্ৰয়োজন তাৰ নাছিল। নাতিদূৰত স্কুল শিক্ষক এজনক সি দেখিবলৈ পাইছিল। তপন এতিয়া কলেজৰ ছাত্ৰ কিন্তু শিক্ষকজন স্কুলৰ। জ্বলাই লোৱা চিগাৰেটটো পেলাবলৈ সি মন কৰা নাছিল অথচ শিক্ষকৰ মুখামুখি হ’লে সি চিগাৰেট হুপিব নোৱৰা হৈ যায়। আৰু শিক্ষকক দেখি চিগাৰেট পেলাই দিয়াতো ফ্যেশনেবল হয় নে নাই বুজিব নোৱাৰাত সি লুকাই দিছিল।
তপনে একপ্ৰকাৰ চিঞৰি ক’লে,
: যা-যা আজে-বাজে কথা নক’বি, গোৰ্কিয়ে এনেধৰণৰ কথা কেতিয়াও কোৱা নাছিল।
সুকুমাৰে ক’লে,
: আলবাৎ কৈছিল। তই তেখেতৰ জীৱনী পঢ়ি চালে গম পাবি।
: মই পঢ়িলোঁ, তই মোক শিকাব নালাগে।
: পঢ়িছ তই? তেওঁৰ ‘মাই ইউনিভাৰ্ছিজি’ পঢ়িছ?
: নিশ্চয় পঢ়িছোঁ। গোৰ্কীয়ে তাত লিখিছে…
তপনে পাঁচমিনিট সময় গোৰ্কীৰ কিতাপখনৰ সাৰাংশ গালে, সুকুমাৰ পতিয়ন গ’ল যে তপনে কিতাপখন পঢ়িছে। তপনে অৱশ্যে এই কিতাপখন পঢ়া নাছিল। সম্পূৰ্ণ মিছা কথা। গোৰ্কি সম্পৰ্কে আৰ তাৰপৰা যি শুনিছিল তাৰেই কাম চলালে। সুকুমাৰেও যিহেতু কিতাপখন পঢ়া নাছিল সেয়ে সি মানি ল’বলৈ বাধ্য হৈছে।
বহুত ৰাতি হৈছে, তপনৰ কোঠাত লাইট জ্বলি আছে, টোপনি ধৰা নাই তাৰ। তাৰ মুখখন বিষন্ন। বিছনাৰপৰা উঠি আহি সি চকীত বহিল। কবিতাৰ কিতাপ এখনৰ পাত লুটিয়াই থাকিল। নাই ভাল লগা নাই। আলোচনী এখনৰ ধাৰাবাহিক উপন্যাস পঢ়িবৰ চেষ্টা কৰিলে, সেয়াও তাৰ ভাল নালাগিল। চিগাৰেট এটা হুপিবলৈ মন গৈছে কিন্তু দিয়াশলাইৰ বাকচ নাই। নিজৰ ঘৰত সি বহুত সন্তৰ্পণে চিগাৰেট হুপে, দৰ্জা খিৰিকী মাৰি। এই ৰাতিখন দিয়াশলাই বিচাৰিনো যায় ক’লৈ?
এটা পেডত ডট পেনেৰে কিবা আঁক-বাঁক কৰিলে। তাৰ পিছত লিখিলে,
“বনানী তুমি যে মোক ভুল বুজিবা সেয়া মই জানিছিলোঁ।”
ইমানটো লিখিয়েই কাগজখন সি ফালি পেলালে। পিছৰ পৃষ্ঠাত পৰিষ্কাৰকৈ লিখিলে,
“বনানী মই ঠিক দুখ পাইছোঁ বুলি নাই কোৱা কিন্তু মনটো অসাৰ হৈ পৰিছে। মই জানো মোক সকলোৱে ভুল বুজিব। তুমি নিৰঞ্জনৰ সৈতে ইমান দেৰি কথা পাতিলা, তাৰ সৈতে একেখন বাছত উঠি গ’লা, তাত মোৰ আপত্তি কৰিবলগীয়া একো নাই কিন্তু তুমি এবাৰ যদি মোক মাত এটা লগালা হয়, খুব দোষণীয় কিবা হ’লহেঁতেন নেকি? তুমি যেন মোক চিনিয়েই নাপালা।”
সেই পাতখিলাও সি ফালি পেলালে। লাইট নুমাই বিছনাত পৰিল হয় কিন্তু বহু দেৰিলৈ সাৰে থাকিল।
ফুটপাথৰ পুৰণা দোকান এখনত গোৰ্কিৰ মাই ইউনিভাৰ্ছিজি কিতাপখন বিচাৰি ফুৰিছে তপনে, তিনি-চাৰিখনমান দোকানত বিচৰাৰ পিছত পাই গ’ল। বাৰ অনা পইচাৰ কমত নিদিয়ে। তাৰ ওচৰত ঠিক সিমানেই পইচা আছিল। সি কিতাপখন কিনিলে। বাছৰ ভাড়া হাতত নাথাকিল। বহুত দূৰ বাট খোজ কাঢ়িব লাগিব এতিয়া।
তপনহঁতৰ চুবুৰীৰ বয়ত্ৰিছজন ল’ৰাক পুলিচে সন্দেহৰ বশৱৰ্তী হৈ জেৰা কৰিবলৈ উঠাই লৈ গৈছে। টেবুলৰ ওপৰত সৰু লাঠি এডাল ঠুকি ঠুকি অ.চি য়ে তপনক সুধিলে,
: সুবিমল দাসগুপ্তক তেন্তে তুমি চিনি নোপোৱা?
☆ ★ ☆ ★ ☆
5:59 pm
ভাল লাগিল