শুভচিন্তকৰ চেষ্টা-দ্বিজেন তামুলী
যেতিয়াৰ পৰা বিয়া পাতিম বুলি মনত ভাৱ এটা উপজিছিল তেতিয়াৰ পৰা মনত এগৰাকী ছোৱালীৰ কল্পনাও নকৰা নহয়৷
যিহেতু আগতে কাৰো লগত ফাইনেল লিলিমাই কৰাই নহ’ল ভাবিব লাগিবই দিয়কচোন৷ মনত ভাৱ আছিল এগৰাকী খুব মৰমীয়াল, সহজ-সৰল, পতিব্ৰতা লগতে চুলিকোছা দীঘল ছোৱালী চাম৷ মুঠৰ ওপৰত চুলিখিনিৰ বাহিৰে একদম এওঁৰ দৰে৷ মই কিন্তু নিজে গৈ কাৰো ওচৰত পেৰেম নিবেদন কৰিব পৰা বিধৰো নাছিলোঁ৷
যি হওক, মোৰ দুজন ‘শুভচিন্তকে’ এজনী ছোৱালীক মোৰ কথা কৈ বাৰুকৈ মোৰ প্ৰতি আকৰ্ষিত কৰিছিল৷ কথাটো মই ঘুনুক-ঘানাককৈও শুনা নাছিলোঁ৷ ছোৱালীজনীয়ে মোক হেনো বহুদিন আগতেই আমাৰ ঘৰলৈ আহোতে দেখিছিল৷ বেচেৰীয়ে মোক লগ পাবলৈ বৰকৈ মন কৰি আছিল হেনো৷ তাইক সকলো সময়তে মোৰ নাম কৈ কৈ মোৰ শুভচিন্তকদুজনে ব্যাকুল কৰি ৰাখিছিল ৷
দিন বাগৰিল৷ মোৰ দাদাৰ খুলশালীৰ ককায়েকৰ বিয়াৰ দিন ঠিক হ’ল৷ বিয়াখনলৈ মই যে যাম এই কথাটো ছোৱালীজনীক আগতে জনোৱা হ’ল৷ অৱশ্যে নজনোৱাকৈ থাকিলেও তেওঁ আৰু মই যে এইখন বিয়াত উপস্থিত হমেই সিহঁতে জানে৷ মোকো কোৱা হ’ল বিয়ালৈ নগলে মোক এটা চাৰপ্ৰাইজ দিব নোৱাৰিব, গতিকে মই যাবই লাগিব৷ মই ‘হ’ব, যাম বাৰু’ বুলি সঁহাৰি দিলোঁ৷
মনত ভাবিছিলোঁ তেনে কিবা এটা কথাই হ’ব৷ মই গৈ বিয়াঘৰ পোৱা মাত্ৰকে সাউতকৈ এজনে মোক ভিতৰলৈ লৈ গ’ল আৰু ক’লে— ‘ভিনদেউ আজি কিন্তু আপুনি যাব নোৱাৰে, ৰাতি থাকিব লাগিব৷’ বিয়া নপতাকৈয়েই মই ‘ভিনদেউ’ হৈছিলোঁ, মানে ভিনদেউৰ ভায়েক ‘ভিনদেউ’৷ যি কি নহওক মই তেওঁৰ আহ্বানত বেছি আপত্তি নকৰিলোঁ, কাৰণ ঘূৰিবলৈ হলেও অসুবিধা হয়, বহু দূৰ বাট৷
চাহ দিয়াৰ পাছতেই এজনী ছোৱালী লগত লৈ দুয়োটাই মোৰ ওচৰ পালে আৰু কাষত বহুৱাই ক’লে— ‘ভিনদেউ, আমি এইজনী আপোনাৰ বাবে ঠিক কৰিছোঁ৷ নাম ‘অমুকী’৷ আপুনি কথা পাতক৷’ মই হঠাতে তেনে এটা পৰিস্থিতিৰ সন্মুখীন হৈ কি কম কি নকম একো উৱাদিহ পোৱা নাছিলোঁ৷ ছোৱালীজনীয়ে কিন্তু মোক লগ পাবলৈ বৰ আকুলতাৰে বাট চাই আছিল৷
তেওঁ মোক ভিনদেউ সম্বন্ধ ধৰিয়েই মাতিলে আৰু কলে, ‘কি হে ল’ৰা মানুহ হৈ ইমান লাজ?
মই বোলো কিয় লাজ কৰিম হা? (লাজ কৰিলেও কিয় স্বীকাৰ কৰিম হে?) তেওঁ বোলে, ‘আপুনি আজি নাজাব দেই৷ আমি ৰাতি দৰাৰ সৈতে যাম কইনা ঘৰলৈ৷’ মই ক’লোঁ, ‘হ’ব দিয়া যাম৷’
বিয়া চলি আছে ইটো সিটো কামত লাগি অমুকী আৰু অমুকাই এৰা এৰি হলোঁ৷ এবাৰ মাজতে আহি অমুকীয়ে কৈ গ’ল, ‘ভিনদেউ আপুনি য’তে থাকে মই দেখাত থাকিব দেই৷’
আমি বৰযাত্ৰী হ’লোঁ৷ সুযোগ বুজি দুয়ো কথাও পাতিলোঁ৷ দুজনে কাষে কাষে নথকা সময়খিনিত চকু চাৰিটাই দৌৰী থাকিল৷ আৰু এনেদৰেই বিয়া সমাপন হ’লত ঘৰমুৱা হলোঁ আৰু দুয়ো দুয়োকে দেখা নোপোৱা হলোঁ৷
কেতিয়াবা দুই শুভচিন্তকে আহিলে মোক অমুকীৰ কথা কৈ যায় আৰু মোৰ কথাও হয়তো তাইক কয়৷ দিন বাগৰিল৷ মইও বিয়া পাতিম বুলি মন মেলাৰ আগতে ‘অমুকী’ক চাবলৈ এজন ল’ৰা আহিল৷ তেওঁ মোৰ ঘৰত কথাটো আলোচনা কৰিবলৈ খাটনি ধৰিলে৷ মই নজনাকৈ ঘৰত কথাটো আলোচনাও হ’ল৷ কিন্তু আলোচনাত নেতিবাচক সিদ্ধান্ত লোৱা হ’ল৷ কাৰণটো আছিল, দাদাই বিয়া কৰোৱা ঘৰৰ ফালৰ ছোৱালী গতিকে একেখন ঘৰতে দুটা সম্বন্ধ কৰিবলৈ আপত্তি উঠিল৷ পিছতহে কথাবোৰ গম পালোঁ৷
দিন বাগৰিল৷ এদিন মই অফিচৰ পৰা ৰিক্সাৰে আহি আছোঁ৷ হঠাতে এখন বাইক মোৰ ওচৰত ৰ’ল আৰু বাইকখনৰ পৰা সেই ধুনীয়াজনী নামি আহি মোক বুকু ভেদি যোৱা খবৰটো দিলে— ‘ভিনদেউ অহা মোৰ বিয়া, আপুনি যাব কিন্তু৷ ঘৰত গৈ চিঠিখন দি আহিছোঁ৷’ তেওঁ বিয়াৰ তাৰিখটোও কৈছিল৷
ঘৰলৈ আহি চিঠিখন পঢ়িলোঁ৷ হুমুনিয়াহ এৰাৰ বাহিৰে তেতিয়া একো কৰাৰ উপায় নাছিল৷ এনেদৰে ফটা প্ৰেম ফাটি দুফাল হ’ল৷
☆ ★ ☆ ★ ☆
9:09 pm
ভাল লাগিল পঢ়ি