ফটাঢোল

ফাপৰে ধৰা ফাগুন-জয়দীপ চক্ৰৱৰ্তী

ফাগুন মানেই গৰু-ছাগলীৰ ঘাঁহৰ হাহাকাৰ,

ফাগুন মানেই জুই লাগিলে সকলো ছাৰখাৰ৷

ফাগুন মানেই হাঁচি-কাহি লেবেজান দেহা মন,

ফাগুন মানেই পেটচলা ৰোগ, যাব লাগে ঘন-ঘন৷

ফাগুন মানেই ৰামখোৱা মদপীয়ে হুইস্কি-ভোডকা খায়,

ফাগুন মানেই সুন্দৰীবোৰ ফকটিয়ালৈ যায়৷

ফাগুন মানেই চাৰিওকাষে ধূলিময় এক ছবি,

ফাগুন মানেই জাগি উঠে, পৃথিৱীৰ  চেৰাবলিয়া কবি৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *