ফটাঢোল

নিৰ্বাচনী প্ৰচাৰ-ৰিণ্টুমণি দত্ত

দেখাক দেখি বিজয় মহন্তৰো নিৰ্বাচন খেলিবলৈ মন গ’ল৷ পাতিহাঁহৰ ছবিক প্ৰতীক হিচাপে লৈ তেওঁ মনোনয়ন দাখিল কৰাৰ পাছত আদিত্য আৰু দেবজিত শৰ্মাক লৈ হাঁহ ভিক্ষা, অপচ্‌ কিবাহে কওঁ, মানে ভোট ভিক্ষা কৰিবলৈ নিৰ্বাচনৰ প্ৰচাৰ কৰিবলৈ গ’ল৷ আগতেই দুই একক খবৰ দিয়া হৈছিল৷

সভা আৰম্ভ হ’ল৷ ভাষণ দিবলৈ লৈয়ে বিজয় মহন্তই ক’লে,

: ৰাইজ আপোনালোকৰ কি কি সমস্যা আছে কওঁকচোন?

ৰাইজ : আমাৰ ইয়াত খোৱা পানীৰ বৰ সমস্যা৷

বিজয়: ঠিক হৈ যাব৷ ৰ’ব, এতিয়াই কথা পাতোঁ৷

এই বুলি বিজয়ে কাণত ফোনটো লৈ য়েচ য়েচ, ন’ ন’ বুলি কৈ কথা পাতি পুনৰ ‘থেংকচ থেংকচ’ বুলি কৈ ফোনটো কাটি ৰাইজলৈ চাই পুনৰ ক’বলৈ আৰম্ভ কৰিলে,

: ৰাইজ, কাইলৈৰ ভিতৰতে ইয়ালৈ দমকল আহি যাব৷ গ’লে যাব, আমানতৰ ধনহে যাব৷

ৰাইজ: (একেলগে) আৰে ছাৰ, আপুনি আমাৰ দ্বিতীয় সমস্যাটোও শুনি লওঁক৷ ইয়াত ফোনৰ নেটৱৰ্ক একেবাৰেই নাপায়৷

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *