পঞ্চপদী পদ্য- হেমেন ডেকা
(১)
ৰাতিৰাম অভিভূত দেখি নেতাৰ ৰূপ ভিন্ন
তাৰহে আশাবোৰ দেখো তেনেই শতচ্ছিন্ন
মাথোঁ থৰ লাগি সি চায়
নেতাই হাঁহি মাৰি যায়
শুৱলা ভাষণ শুনি ইহ জীৱন হ’ল ধন্য৷
(২)
এয়া কি ভেলেকি নে মায়া-মৰিচীকা অদ্ভুত
সপোন দেখুওৱা নেতা ওলাইছে বহুত!
দিয়ে কিমান আশ্বাস!
কাক কৰিব বিশ্বাস?
সৱৰে যে গাত লাগিছে নিৰ্বাচনৰ ভূত৷
(৩)
আকাশে-বতাহে বিয়পিল সপ্তসুৰৰ লহৰ
বিপুল হৰ্ষোল্লাসত পৰিৱেশ উৎসৱমুখৰ
সহস্ৰ পৰুৱাৰ লানি
দলৰ বাজে জয়ধ্বনি
যেন হাউছফুল ছাঁয়াছবি অতিকৈ মনোহৰ৷!
(৪)
ৰাইজক টুপী পিন্ধোৱাই পেছা
ৰাজনীতি কৰাতো প্ৰধান নিচা
আন্দোলনত খৰধৰ
চান্দা বিচাৰি মাৰে লৰ
লোকে কয়,’পেটটো তেওঁৰ পচা!’
(৫)
এসময়ত আছিল তেওঁ অলগদ্ধ ছাত্ৰ
দলৰ কামত আজিকালি ব্যস্ত অহোৰাত্ৰ
বৰ নেতাৰ হোকাধোঁৱা
কাম মাথোঁ প্ৰশস্তি গোৱা
কেতিয়াবা হৈ পৰে ৰাইজৰ নিন্দাৰ পাত্ৰ৷
(৬)
কষ্টেৰে কৰিছিল কবিতা খেতি
সময়ত পাচে সৱ হ’ল মাটি
ভাল নহ’ল ধান
বেছি হ’ল পতান
ঠিকেই ধৰিছে, কবি মুৰুখমতি৷
(৭)
সূৰ্যমুখী শব্দবোৰৰ চলিছিল ৰেলী
কলমবোৰ সাইলাখ যেন ডাইনা-পালী
সলনি হ’ল সময়
ৰাস্তাও পংকময়
বেচেৰাহঁত নীৰৱ-নিথৰ আজিকালি৷
☆ ★ ☆ ★ ☆