ফটাঢোল

চুলিপ্ৰীতি-মানসী বৰা

‘হে ভগৱান! এইখন তুমি  কি কৰিলা প্ৰভূ?’

শইকীয়াৰ ভীমাকাৰ দি উখহি যোৱা মুখখন দেখি শইকীয়ানীয়ে  জোৰৰে চিঞৰি উঠিল।

কি কৰিম কি নকৰিম ভাবি একোবত তেওঁ  শইকীয়ালৈ চাই গুজৰি উঠিল।

‘মই কৈছিলোঁ নহয় এইবোৰ বস্তু একেবাৰে ভাল নহয়।ক’ত কি কেমিকেল ব্যৱহাৰ কৰি বনায় ভগৱানে জানে!

এতিয়া কি হ’ব বাৰু? হে ঈশ্বৰ! মই এতিয়া কি কৰোঁ?’

মৌন হৈ থকা শইকীয়াই মুখখন মেলিবলৈ পাৰে মানে চেষ্টা কৰিলে যদিও কোনোপধ্যে খুলিব নোৱাৰিলে৷ শইকীয়ানীক কেনেকৈ বুজাব তাকে চিন্তা কৰি মানুহজন ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰিবলৈ ধৰিলে৷

দুদিন পূৰ্বে অনলাইনত অৰ্ডাৰ দি চুলি গজা তেল এটা আনিছিল শইকীয়াই। তিনিমহীয়া কিবা কোৰ্চ। তপা মূৰতো হেনো চুলি  ভৰভৰাই উলিয়াই দিব পাৰে। দাম পাঁচ হাজাৰ টকা। শইকীয়ানীয়ে কিনিবলৈ বহুতবাৰ বাধাও দিছিল৷ কৈছিল— ‘ডেকাকালতে চুলি নৰ’ল৷ দুটা ল’ৰা-ছোৱালীৰ বাপেক হোৱাৰ পিছত ক’ৰ পৰা চুলি ওলাব? আপোনাৰ বংশগত কাৰণতে চুলি নহয়গৈ৷ তাতকৈ টুপীকে পিন্ধি থাকিব৷ এইবোৰ যি টি বস্তু ঘঁহা একেবাৰে ভাল নহয়। তাতে মূৰৰ কথা। কিবা ৰিয়েকচনো হ’ব পাৰে।’

পিছে শইকীয়া মানুহজন হ’ল নাচোৰ বান্দা। সেইবোৰ কথালৈ তেওঁৰ একেবাৰে ভ্ৰুক্ষেপ নাই। চুলি নোহোৱাৰ দুখটোৱে তেওঁকযে কিমান মনোকষ্ট দিয়ে সেইকথা আন মানুহে কেতিয়াও বুজিব নোৱাৰে৷ সেয়ে সকলো কথা  উলাই কৰি তেওঁ তেলটো কিনি আনিছিল।

দুদিন আগত ঘৰ আহি পোৱা সেই বিশেষ তেলটো আজি  ব্যৱহাৰ কৰিবই বুলি ওফাইদাং মৰা সেই শইকীয়াৰে এতিয়া মুখ উখহি অৱস্থা বিষম।

সেই উখহা মুখখন দেখি শইকীয়ানীৰ বুজি পাবলৈ অলপো সময় নালাগিল যে ৰিয়েকচনৰ বাবেই মাুহজনৰ মুখখন ফুলাৰ লগতে মুখেৰেও মাতিব নোৱৰা হ’ল।

শইকীয়াৰ চুলিৰ প্ৰতি কিমান হেঁপাহ সেইকথা একমাত্ৰ তেওঁহে জানে। ঈশ্বৰে নিদিয়া বস্তুৰ প্ৰতি হেঁপাহ কৰাটো ভুল। তথাপি চুলি গজাৰ য’ত যিমান সূত্ৰ জানিছে সেইবোৰৰ কোনোটোৱেই শইকীয়াই বাকী ৰখা নাই বুলি ক’ব পাৰি। তিলৰ লেপৰ পৰা আৰম্ভ কৰি তিল তেল, জেঁতুকা, কেঁহৰাজৰ ৰস, আমলখিৰ ৰস, পিঁয়াজৰ ৰস, জবাৰ পাতলৈ শইকীয়াই সকলোবোৰ লগালে। কোনোবা এজনে আকৌ পিঁয়াজৰ ৰসৰ লগত আদা-নহৰুৰ ৰসো মিলাই ঘঁহিবলৈ কৈছিল। এতিয়া লগত মাংস অকণ হ’লেই হ’ল বুলি ৰগৰ কৰি শইকীয়াই সেইয়াও ঘঁহিছিল৷ একমাত্ৰ কেইডালমান চুলিৰ আশাত। কিন্তু কামত হ’লে একোতে নাহিল। ভৰ যৌৱনতে সৰিবলৈ আৰম্ভ কৰা এডাল দুডাল চুলি পিছত ঝৰঝৰাই সৰিবলৈ ধৰিলে। তপ‍া মূৰ ঢাকিবলৈ পিছৰ চুলি কেইডাল দীঘলৈ ৰাখি আগলৈ আনি মূৰ আঁচোৰাৰ নতুন ষ্টাইল ল’লে শইকীয়াই৷

এবাৰ অফিচৰ সহকৰ্মী বৰুৱাই কথাই কথাই  কৈছিল— বোলে শইকীয়া, বিয়া কৰাবলৈ বাকী থাকোঁতেই  চুলিখিনি পঠিয়াই দিলে নহয়। তালুখন তেনেই মৰুভূমি হ’ল।ছোৱালী চোৱাৰ আগতে উইগ এটাৰ ব্যৱস্থাকে কৰি লওক৷

বৰুৱাৰ কথাটো শইকীয়াৰ মনত এনেভাৱে ক্ৰিয়া কৰিলে যে গুৱাহাটীৰ পৰা উইগ আনি পিন্ধিবলৈ ল’লে। উইগ লগায়ে শইকীয়ানীকো চাবলৈ গ’ল। দুয়ো দুয়োকে পচন্দ কৰিলে। ঘৰদুখনৰ মাজত কথা-বতৰা চলিল। ব’হাগত নতুন পঞ্জিকা চাই দিন বাৰ ঠিক কৰিব বুলি সিদ্ধান্ত লোৱাৰ পিছতে দুবাৰমান শইকীয়া হ’ব লগা শইকীয়ানীৰ লগত ফুৰিবলৈকো গ’ল। এবাৰ শিৱসাগৰৰ শিৱদৌললৈ, আৰু এবাৰ দিচাংমুখলৈ। দিচাংমুখলৈ যোৱাৰ দিনাখনৰ কথাটো শইকীয়াই কেতিয়াও পাহৰিব নোৱাৰে। সেইদিনা দিচাংমুখৰ ফেৰফেৰিয়া বতাহজাক যেন হঠাৎ বলিয়া হৈ উঠিছিল। একোবত উদণ্ড বতাহজাকে দীপন শইকীয়াৰ মিহি চুলিৰ উইগটো ভাবী পত্নীৰ আগতে খহাই পেলালে। পিছফালৰ পৰা টানি আনি আগফালে তালু ঢাকিবলৈ দীঘলকৈ ৰখা  চুলিকেইডাল উলটি একেবাৰে মূৰৰ পিছফালে গৈ উৰি থাকি যেন গীতহে জুৰিলে …ধুমুহাৰ স’তে মোৰ বহু যুগৰে নাচোন…!

পলকতে শইকীয়াৰ  নিমজ তালুখন ৰ’দৰ পোহৰত চিকমিকাই জিলিকি উঠিল ।

হঠাৎ সেয়া কি ঘটি গ’ল শইকীয়াই তলকিবই নোৱাৰিলে।  লাজতে  গোটেইটো ৰঙাচিঙা পৰিল। যিমান পাৰে সিমান  চুলিকেইডাল হাতেৰে ধৰি আগলৈ আনিবলৈ কৰা সকলো চেষ্টা যেন অথলে গ’ল।

শইকীয়াৰ মনৰ অৱস্থা এতিয়াৰ শইকীয়ানী আৰু তেতিয়াৰ  অলকা দত্তই ভালকৈ বুজিব পাৰিছিল। লাহেকৈ ভাবী স্বামীৰ হাত এখন খামুচি ধৰি তেওঁ কৈছিল—

‘একো নাই  দিয়ক , মই জানো আপোনাৰ চুলিৰ কথা। এনেকৈয়ে থাকিব দিয়ক৷ যি হৈছে বা হ’ব মনেৰে এক্সেপ্ট কৰক। আগলৈ ইয়াতকৈও কমি নোহোৱা হ’ব, ঠিক আপোনাৰ দেউতা আৰু খুৰাৰ দৰে।’

সেইদিনা প্ৰথমবাৰৰ বাবে শইকীয়াৰ বুকুত ভাবী শইকীয়ানীৰ প্ৰতি প্ৰেমৰ ফুলপাহ ফুলি উঠিছিল। সেইবাৰ ব’হাগতে দুয়োৱে বিশ্বাস আৰু প্ৰত্যয়ৰ মাজেৰে বৈবাহিক জীৱনৰ পাতনি মেলিছিল। এসময়ত দুটি সন্তানেৰে এখন সুখৰ সংসাৰ ঠন ধৰি উঠিল।

এনেও শইকীয়াৰ সকলো বিষয়তে শইকীয়ানী সজাগ-সচেতন। দুটা সন্তান নহৈ যেনিবা তেওঁৰ তিনিটা সন্তানহে ,ঠিক তেনেকৈয়ে শইকীয়াৰ যতন লয় তেওঁ।

মহিলা সমিতিৰ মিটিংখনৰ পৰা উভতি আহিয়ে দেখা পোৱা শইকীয়াৰ সেই আচহুৱা ৰূপটোৱে সেয়ে মানুহজনীক বিতত কৰি তুলিলে। ফোনটো বেগটোৰ পৰা উলিয়াই শইকীয়ানীয়ে ভায়েকলৈ বুলি ফোন লগালে। পিছৰটো ফোন মিলালে দেওৰেকলৈ। চুলি গজা তেলৰ ৰিয়েকচনৰ সকলোখিনি নিমিষতে কৈ তেওঁ প্ৰতিবেশী  গগৈনীকো চিঞৰি মাতিলে। মুঠতে মানুহজনীয়ে গোটেইখন তালফাল লগাই দিলে। আনফালে শইকীয়াই যেন কিবা বিচাৰি চলাথ কৰিহে ফুৰিছে।

ভায়েক আৰু দেওৰেক আহি পোৱাৰ পিছতে  শইকীয়ানীয়ে গিৰীয়েকক ডাক্তৰৰ ওচৰলৈ নিয়াৰ কথা আলচ কৰিলে। মুখৰ এনেকুৱা ভয়ংকৰ অৱস্থা এটা কোনেও কল্পনা কৰা নাছিল। ঘপহকৈ খুলখালীয়েকৰ ছাৰ্টৰ জেপতে  কলমটো দেখি শইকীয়াই একপ্ৰকাৰ আঁজুৰিয়ে আনিলে৷ অতপৰে তেওঁ তাকেই বিচাৰি আছিল। পুৰণা আলোচনী এখনৰ খালী চুক এটাত ততাতৈয়াকৈ কিবা অলপ লিখি শইকীয়ানীৰ মুখৰ আগত তেওঁ দাঙি ধৰিলে। লিখা কথাকেইটা শইকীয়ানীয়ে মুখৰ ভিতৰতে  পঢ়িলে— ‘মোক  বৰলেহে বিন্ধিলে!’

☆ ★ ☆ ★ ☆

14 Comments

  • Pranita Goswami

    হাঃ হাঃ, ভাল চাছপেন্স দিলা দেই। বৰ ভাল লাগিল।

    Reply
    • মানসী

      ধন্যবাদ জনালোঁ বা..

      Reply
  • বন্দিতা জৈন

    হা:হা:জমনি কিন্তু

    Reply
    • মানসী

      আন্তৰিক ধন্যবাদ..

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    মজা লাগিল৷

    Reply
    • মানসী

      বহুত বহুত ধন্যবাদ দাদা..

      Reply
  • ডলী

    হাঃ হাঃ। সাংঘাটিক চাচপেঞ্চ

    Reply
  • মানসী

    ধন্যবাদ দেই..

    Reply
  • প্ৰদীপ বৰা

    বৰল কেমিকেলৰ তাণ্ডৱহে ৷ কৃষ্ণ ৷

    Reply
    • মানসী

      হয় হয়, আন্তৰিক ধন্যবাদ জনালোঁ

      Reply
  • জিতু

    এএএ মজাআআআ।

    Reply
    • মানসী

      বহুত বহুত ধন্যবাদ

      Reply
  • জয়ন্ত দাস

    হাঃ হাঃ মজ্জা৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *