ফটাঢোল

লক ডাউন আৰু মৌচুমীৰ অথন্তৰ-পল্লৱী কৌশিক শৰ্মা

: অ’ৰা.. শুনিছা নে? বৰ ভয়ানক পৰিস্থিতি হ’বলৈ গৈ আছে দেই দেশত৷ অফিচো কৰিব নোৱাৰিম এতিয়া৷ কাইলৈৰপৰা এসপ্তাহৰ লক ডাউন ঘোষণা কৰিছে চৰকাৰে৷ কি নো ভাইৰাছ এটা ওলাল আৰু! জীয়াই থাকিমেই নে নাই তাৰেই ঠিক নাইকিয়া হৈছে বুজিছা৷

: ভালেই হৈছে৷ থাকা ঘৰতে কেইদিনমান৷ দিনটো আমি গৃহিনীবোৰে কি কৰি থাকোঁ প্ৰশ্ন কৰা নহয়? নিজেই উত্তৰ বিচাৰি পাই যাবা এতিয়া। মইহে বুজোঁ অকলে অকলে কিদৰে চম্ভালোঁ সকলোবোৰ! ঘৰৰ কাম কাইলৈৰপৰা তুমিয়েই কৰিবা। মোকো ব্ৰেক লাগে নহয় মাজে মাজে, ডেইলি কৰি থকাবোৰৰ পৰা৷

এয়া নিশান্ত আৰু মৌচুমীৰ কথোপকথন৷ লক ডাউন হোৱাৰ ঠিক আগদিনা সন্ধিয়া অফিচৰপৰা আহি নিশান্তই মৌচুমীক ভিতৰৰ বজাৰ কি আছে কি নাই সুধি লিষ্টখন লিখি লিখি কথাখিনি কৈ আছিল৷

চাকৰিৰ তাড়নাত দুয়ো ঘৰৰপৰা আঁতৰত এখন বেলেগ চহৰত ঘৰ ভাড়া কৰি আছে৷ সুখৰ সংসাৰ দুয়োৰে। মাথোঁ মৌচুমীৰ অভিযোগ এটাই, নিশান্তৰ সময়ৰ অভাৱ, তাইলৈ। পিছদিনাৰপৰাই যিহেতু সকলো বন্ধ, মৌচুমীয়ে কি কৰিব কি নকৰিব যুগুতাই লোৱা কামৰ লিষ্টখনৰ প্ৰথম কামটো ঠিক কৰি ল’লে। কেইদিনমান দেৰিলৈকে শুব তাই৷ সদায় কাউৰীয়ে কা-কা কৰোঁতেই উঠি বাহি বন কৰি, ভাতে-টিফিনে যোগাৰ ধৰি কমখন দৌৰা-দৌৰি কৰিব লাগে নে! বাকীবোৰ বাৰু লিষ্টখনত পিছে পৰেও এড কৰি ল’ব পৰিব। এই এসপ্তাহ অন্ততঃ আৰামত কটাব মৌচুমীয়ে।

মনেৰে ভাবিলেও ঘৰখন চলোৱাৰ দায়িত্বটো যে তাইৰেই ভালদৰে বুজে মৌচুমীয়ে। তথাপি মনে মনে সিদ্ধান্ত লৈয়েই পেলাইছে, নিশান্তৰ ওচৰত এইকেইদিন অলপ ভাও খাব তাই৷

ভবামতেই পিছদিনা মৌচুমীয়ে ইচ্ছা কৰি দেৰিলৈকে বিছনাতে পৰি থাকিল৷ নিশান্তই ইতিমধ্যে শোৱাৰপৰা উঠি ঘৈণীয়েকৰ ৰেহ-ৰূপ চাই, হামিয়াই-হিকতিয়াই নিজেই চাহ দুকাপ কৰি তাইৰ ওচৰলৈকে লৈ আহিল৷ মৌচুমীৰ বিৰাট স্ফূৰ্তি লাগিল৷

“অ’ আই এইখন মোৰ কপালেই নে! আজি পতি পৰমেশ্বৰে মোক বেড-টি খুৱাব মানে! ব্ৰেকফাষ্ট, লান্স এইবোৰো ৰান্ধি খুৱাব নেকি বাৰু! নালাগে, সেইখিনি নকৰিলেও পুৱাৰ চাহ কাপ যদি এইদৰে সদায় খুৱাই, কিমান যে ভাল হ’ব অ’৷ এনাৰ্জি বুস্ত কৰিহে দিনটো আৰম্ভ কৰিম মানে?”

মনৰ ভিতৰতে কথাবোৰ ভাবি একেজাঁপে বিছনাত বহি ল’লে মৌচুমীয়ে৷

: গুড মৰ্নিং নিশান্ত৷ ইয়ে ৰাম তুমি কিয় চাহ কৰিব লাগে? মই কৰিলোহেঁতেন নহয়?

ফৰ্মেলিটি দেখুৱাই মৌচুমীয়ে তেনেদৰে ক’লে যদিও তাইহে জানিছে স্ফূৰ্তিতে তাইৰ মনে যে থৌকি-বাথৌ হৈ নাচিছে৷ কেৰাহিকৈ তাই চাহৰ কাপটোলৈ চালে। ঠিকে আছে চাহ কাপ ৰঙে-বৰণে। পাণ কৰাৰহে কথা৷

: তুমি খোৱাচোন৷ মই মুখখন পতককে ধুই আহোঁ ৰ’বা৷

নিশান্তৰ চুলিখিনিতে আঙুলিকেইটা বোলাই, পৰম সুখানুভূতিৰে মুখখন ধুবলৈ বুলি উঠি গ’ল তাই৷ বেচিনটোৰ ওচৰৰ ষ্টেণ্ডডালৰপৰা টুথ ব্ৰাছডাল ল’বলৈ হাত মেলোঁতেই মৌচুমীয়ে দেখিলে সেইডাল আগমুহূৰ্তত কোনোবাই ব্যৱহাৰ কৰাৰ দৰে তিতি আছে৷ মনৰ সন্দেহত তাই গিৰিয়েকৰ ব্রাছডাল চুই চালে। শুকান সেইডাল। মানে নিশান্তই তাইৰ ব্ৰাছৰে দাঁত ঘঁহি চাহৰ কাপত আৰামচে চুমুক দি আছে৷ খঙতে চিঞৰি উঠিল মৌচুমীয়ে৷

: নিশান্ত.. এইফালে আহা৷

নিশান্তয়ো মৌচুমীৰ চিঞৰৰ ভাইব্ৰেচনতে বুজি পালে যে কিবা এটা অথন্তৰ নিশ্চয় ঘটিছে৷ চাহকাপ এৰি ততাতৈয়াকৈ সি ঘৈণীয়েকৰ কাষত উপস্থিত হ’ল৷

: কি হ’ল? কিয় টেঁটু ফালিছা এনেকৈ?

: তোমাৰ ব্রাছ কোনডাল?

ভুলটো ক’ত বুজিব পাৰি একো নামাতি বেঙাটোৰ দৰে নিশান্তই এবাৰ ব্রাছদুডাল আৰু এবাৰ মৌচুমীৰ মুখলৈ চাই ৰ’ল৷

: নিজৰ ব্রাছডাল ইমান দিনে চিনি নাপালা তুমি? ছিঃ! মোৰ ব্রাছডালেৰেই দাঁত ঘহিলা যে গম পালা নে? মই কোনডাল ল’ম এতিয়া?

খঙতে তাই নিশান্তলৈ চাই ব্রাছডাল দূৰলৈ দলিয়াই দিলে৷ পেটে পেটে নিশান্তৰ বিৰাট হাঁহি উঠিল। কিন্তু ঘৈণীয়েকৰ ৰুদ্ৰ মূৰ্তি দেখি হাঁহিটো যেনে-তেনে দমাই ৰাখিলে। কিন্তু ক্ষন্তেক পিছতে তাৰ মনত দুষ্ট বুদ্ধিয়ে বাঁহ ল’লে৷ সি ঘৈণীয়েকক উভতি ধৰিলে৷

: অ’ৰা, মই যদি তোমাৰ ব্ৰাছডালৰে দাঁত ঘঁহিব পাৰোঁ, তুমি মোৰ ব্রাছডাল কিয় ল’ব নোৱাৰিবা হে?

এইবুলি সি তাৰ ব্ৰাছডালত টুথপেষ্ট অলপ লগাই মৌচুমীক হেঁচা মাৰি ধৰিলে৷

: আজি তুমি ঘঁহিবই লাগিব এইডালৰে৷

মৌচুমীয়ে তাক ঠেলা মাৰি দৌৰি পলাবলৈ উদ্যত হ’ল। নিশান্তয়ো খেদি গ’ল তাইক। ঘৰটোৰ ভিতৰতে যেনি-তেনি দৌৰিবলৈ ধৰিলে মৌচুমীয়ে৷ পিছে পিছে ব্রাছডাল লৈ নিশান্তও দৌৰি থাকিল ঘৰৰ ভিতৰতে৷

: ঠিক আছে সেয়াই মৰম! তুমি ব্রাছৰো ভাগ বটোৱাৰা কৰি দেখুৱালা। বুজি পাই গ’লোঁ তোমাৰ মৰম৷ তুমি কিমান ভালপোৱা মোক প্ৰমাণ পাই গ’লোঁ৷ আচৰিত মাইকী মানুহ হে তুমি!

এপাকত ভাগৰি পৰি নিশান্তই ৰণত জিকাৰ শেষ কৌশলটো প্ৰয়োগ কৰি মিচিকিয়া হাঁহি এটিৰে নাটকখনৰ যৱনিকা পেলাবলৈ সাজু হ’ল। মৌচুমীয়ে কিন্তু নিশান্তৰ কৌশল নুবুজাকৈ নাথাকিল৷ তায়ো উত্তৰ দিলে৷

: থোৱা হে, সেইকণ মৰম মোক নালাগে দেখাব৷ পুৱাই মূৰ গৰম কৰি দিলা আজি৷

মৌচুমীয়ে ভেঙুচালি কৰি নিশান্তলৈ কেৰাহিকৈ চাই আনি থোৱা নতুন ব্রাছ এডাল উলিয়াই ল’বলৈ আগবাঢ়িল৷

আচলতে অভ্যাসবোৰ তায়েই কৰালে৷ পলমকৈ বিছনা এৰা গিৰিয়েকৰ অফিচলৈ দেৰি হয় বুলি তায়েই বাথৰূমত টাৱেলখনৰ লগতে ব্রাছডালো থৈ আহিছিল সদায়৷ সেইবাবেই হয়তো নিশান্তই আজি নিজৰ ব্রাছডাল চিনিয়েই নাপালে৷

মৌচুমীয়ে বুজিলে৷ সপোন দেখি লাভ নাই৷ তাইৰ দৈনন্দিন কাৰ্যসূচীখনৰ লক ডাউন নাই কেতিয়াও৷ আমনি লাগিলেও একেখিনি কৰ্ম সদায় কৰিবই লাগিব। তাৰ বিনে গতি নাই৷

এটাই ভাল লাগিল, অন্ততঃ এই এসপ্তাহ সময়বোৰ অকল তাইৰ আৰু নিশান্তৰ হ’ব৷ যিটোৰ অভিযোগ  নিশান্তৰ ওচৰত সদায়েই কৰি আহিছিল মৌচুমীয়ে৷

“লক ডাউন”…. ধন্যবাদ তোমাক।

☆ ★ ☆ ★ ☆

3 Comments

  • মুকুট শৰ্মা

    খুউব ভাল লাগিল পঢ়ি।

    Reply
  • জিতু

    ভাল লাগিল

    Reply
  • Pranita Goswami Barthakur

    ভাল লাগিল। পত্নীসকলে নিজেই সৱ দ্বায়িত্ব মূৰ পাতি লয়, এয়াই সংসাৰ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *