ফটাঢোল

পৰিবৰ্তন-ৰীতালীনা সোণোৱাল

দুৱাৰখন খুলি বাহিৰলৈ ওলায়েই সি দেখিলে সৰু বগা গোলাপজোপা এথোপাহৈ ফুলি আছে। যোৱাবছৰ বায়েকে বাৰে বাৰে কৈ থকাৰ বাবে ওচৰৰ নাৰ্চাৰীখনৰপৰা আনি দিছিল সি। গোলাপজোপালৈ অলপ সময় তভক মাৰি চাই থাকি সি মাকক বিচাৰিলে। পৰীক্ষালৈ যাবৰ সময় হৈছে তাৰ। কিবা এটা ঘৰতেই খাই যাব পাৰিলে ভাল হয়। অন্ততঃ চাহ পৰাঠা খোৱাৰ পইচাটো বাচি যায়। চকুদুটা টনটনাই উঠিল তাৰ। যোৱা ৰাতিটো উজাগৰে পাৰ হ’ল। অন্তৰাৰ দুহাতত চাগৈ এতিয়া মেহেন্দী জকমকাইছে। পেটৰ ভোকটো নাইকিয়া হৈ গ’ল। সিনো খোৱাৰ কথা কেনেকৈ ভাবিছে? পৰীক্ষা দিয়াৰ শেষ উৎসাহকনো নোহোৱা হ’ল তাৰ। মনত অসংলগ্ন ভাৱ কিছুমান লৈ পেণ্ট-ছাৰ্ট দুটা খৰধৰকৈ সলাই সি পৰীক্ষা দিবলৈ ওলাই গ’ল। আগতে পৰীক্ষা দিবলৈ ওলালে মাকে তাক সদায় মিঠা বস্তু এবিধ খুৱাই পঠিয়াইছিল। পদূলিলৈকে আগবঢ়াই দি সি নেদেখা হোৱালৈকে মাকে তালৈ চাই ৰৈছিল। এতিয়া মাকৰো ধৈৰ্য কমি আহিছে। সি পৰীক্ষা দিবলৈ গৈছে নে নাই তাৰো হিচাপ নাৰাখে। পাঁচ বছৰে পুতেকৰ হতাশাগ্ৰস্ত মুখখন চাই তেওঁ নিজেও হতাশ হৈ পৰিছে। আচলতে আজি তেওঁ নাজানেই পুতেকৰ পৰীক্ষা আছে বুলি। নহ’লে তেওঁ পুতেকক একো এটা নোখোৱাকৈ ওলাই আহিবলৈ দিয়া মানুহ নহয়।

দুপৰীয়ালৈকে সি কি পৰীক্ষা দিলে বুজি নাপালে। উত্তৰ বহীখনত মাথোঁ ক’লা বল পেনটোৰে ঘহি গৈ থাকিল। অনলাইন পৰীক্ষা হ’লে সি বেছি ভাল পায়। বেঙ্কৰ প্ৰাৰম্ভিক পৰীক্ষাবোৰ সদায় তাৰ ভাল হয়। মুখ্যবোৰত পইণ্ট এক দুইৰ বাবে সি ৰৈ যায়। তাৰ কোনখিনিত ভুল হয় সি নিজেও নাজানে। পেটটো পকাই উঠিল তাৰ। অন্তৰা চাগৈ এতিয়া মানে কইনা সাজি বহিছে। ভাগৰুৱা মনেৰে পৰীক্ষা বহীখনত শেষৰটো দাগ দি সি পৰীক্ষা হলৰপৰা ‌ওলাই আহিল।

প্ৰায় এসপ্তাহমান হ’ল সি দাঢ়ি খুৰোৱা নাই। চুলিখিনিও বাঢ়ি আহিছে। পৰীক্ষা হলৰপৰা ‌ওলাই সি বুবুলৰ চেলুনত সোমালগৈ। বুবুল তাৰ লগৰ হয়। হায়াৰ চেকেণ্ডেৰী পাছ কৰাৰ পাছত আৰু নপঢ়িলে। সিহঁত কলেজ পঢ়িবলৈ যাওঁতে বুবুলে সিহঁতৰ চ’কতেই চেলুন খুলি বহিল। প্ৰথমে তাক খুব হাঁহিছিল সকলোৱে। সিও বুবুলক তাতকৈ অলপ তলৰ বুলিয়েই ভাবি লৈছিল। কিন্তু বুবুলৰ চেলুনৰ  সন্মুখভাগত যেতিয়া ক’লা আইনা আৰু ভিতৰত এ চি লাগিল তাৰপৰাই সিহঁতৰ দৃষ্টিভঙ্গী সলনি হ’বলৈ বাধ্য হ’ল। চ’কটোত তাৰ চেলুনখন জিলিকি উঠিল। ঘৰ চলাবলৈ কেঁচি হাতত তুলি লোৱা বুবুলে এতিয়া তাক মাজে মাজে হাজাৰ পাচশ টকা ধাৰলৈ দিয়ে। সি পাৰিলে ওভটাই দিয়ে নোৱাৰিলেও বুবুলে ধৰি নাথাকে।

তাৰ চুলিখিনি কেনেকৈ কাটিব লাগিব নতুন ল’ৰাটোক বুজাই দি বুবুল কোণৰ আৰামী চকীখনত বহি থাকিল। আজিকালি বুবুলৰ চেলুনত তিনিজন ল’ৰা সহায়কাৰী হিচাপে থাকে। তাৰ বুবুলৰ ওচৰত কেতিয়াবা নিজকে খুব সৰু যেন অনুভৱ হয় সফলতাৰ দিশৰপৰা।
: আজি বকুলতলিৰ অন্তৰাৰ বিয়া নেকি?

চেলুনলৈ সোমাই আহিয়ে ৰূপকে বক্ৰ ওঁঠেৰে বুবুললৈ চাই প্ৰশ্ন কৰিলে। ৰূপকে তাক দেখিছে। তাক দেখিয়েই আচলতে ৰূপকে প্ৰশ্নটো বুবুলক সুধিছে। তাৰ মূৰত তেজৰ প্ৰবাহ এটা লাহেকৈ খুন্দা মাৰি গ’ল। হাতৰ মুঠিটো গম নোপোৱাকৈয়ে টান হৈ উঠিল তাৰ। অন্তৰাৰ বিয়াত এতিয়া মানে চাগে চেহনাই বাজিছে। খঙটো তাৰ গলিবলৈ ধৰিলে। ডিঙিটো বেকা কৰি দিলে সি।

: দাদা চাব!

তাৰ দাড়ি খুৰাই থকা ল’ৰাটোৱে চিঞৰি উঠিল। ডিঙিত লাগি গৈছিল ধাৰ অলপ। ৰূপকে ফিচিঙা-ফিচিঙিকৈ হাঁহিলে তাৰফালে চাই। কি লাভ এতিয়া অন্তৰাৰ বাবে লাগি? তাই সুখী হৈ থাকক। সি বুবুলক চুলি দাড়ি কটাৰ পইচাটো নিদিয়াকৈয়ে ওলাই আহিল। পাছত দিব। জানে বুবুলে।

ৰূপকৰো দুৰ্বলতা আছিল অন্তৰাৰ প্ৰতি। কিন্তু আছিল যদিও কি হ’ল? অন্তৰাতো সিহঁত এজনৰো নহ’ল। অন্তৰা ৰৈছিল তাৰবাবে পাঁচ বছৰ। আৰু অপেক্ষা কৰাবলৈ তাৰ নিজৰেই সাহস নহ’ল। তাৰ বায়েকৰ ওচৰতো নিজকে অপৰাধী যেন লাগে। ক’ৰ্টত সৰু চাকৰি এটা কৰা বায়েকে সিহঁতৰ কষ্ট হ’ব বুলি ভাবিয়েই এতিয়াও বিয়া নপতাকৈ আছে। ঘৰলৈ যাবলৈ মন নগ’ল তাৰ। পেটত ভোক আছে কিন্তু খোৱাৰ ইচ্ছা অলপো নাই। মনত অন্তৰাক চাবলৈ এবাৰ বহুত হেঁপাহ জাগিছিল তাৰ।

: পলুদাদা বলটো এইফালে মাৰি দিয়াচোন।

সি বলটো চানীৰফালে ঠেলি দিলে। মুকলি ফিল্ডখনত তাৰ ঘৰৰ ওচৰৰ সৰু ল’ৰাবোৰে ফুটবল খেলিছে। তাৰ নাম অনুপল। কিন্তু ওচৰৰ মানুহবোৰে তাক মৰমতে পলু বুলি মাতে।

ফিল্ডখনৰ একাষত গৈ সি বহি পৰিল। ইয়াৰ পাছত তাৰ কৰণীয় বুলি কি আছে সি বুজি পোৱা নাই। অন্তৰাও গুচি যাবগৈ আজিৰপৰা। তাৰ কান্দিবলৈ মন গ’ল। ল’ৰা মানুহে নাকান্দে। সি চানীহঁতে দেখা পোৱাৰ আগতেই খৰধৰকৈ চকুপানীখিনি মচি পেলালে। ইমান দিনে তাৰ হাতত উপাৰ্জনৰ এটা পথ নাছিল। আজিৰপৰা তাৰ কাষত অন্তৰাও নাথাকিব তাৰ কষ্টবোৰ বুজিবলৈ। পঢ়াত কিমান ভাল ল’ৰা আছিল সি। মাক দেউতাক, স্কুলৰ প্ৰতিজন শিক্ষকৰ আশাৰ সমল আছিল সি। ভাবি নাপায় সি, কিয় সকলো স্থৱিৰ হৈ গ’ল এনেকৈ!

এবাৰ ভাৱ হ’ল বুবুলেই সকলোতকৈ সঠিক সিদ্ধান্ত ল’লে। সি, ৰূপক, চিন্ময় এতিয়াও ভাগ্যৰ লগত সংঘৰ্ষ কৰি আছে। গধূলি পৰত সি ঘৰলৈ ওভতিল। মাক ৰৈ আছিল তাৰবাবে। মাক-দেউতাক, বায়েক কোনেও তাক একো নুসুধিলে। ঘৰত সকলোৱে জানে তাৰ আৰু অন্তৰাৰ কথা। লাইটটো নুমাই সি বিছনাত পৰিল৷ তাৰ জীৱন সলনি হ’ল আজিৰপৰা।

ফাগুনৰ ধূলি বালিৰপৰা ৰক্ষা পৰিবলৈ সিহঁতৰ ঘৰৰ সমুখৰ বাটটোত পানীৰ টেঙ্কাৰখনে পানী ঢালি আছিল। ঘৰ্ ঘৰ্ শব্দৰ বাহিৰে একো নুশুনি। মাকে চিঞৰি মাতিলে তাক,

: বায়েৰে ফোন কৰিছে। ফোনটো ধৰহি।

বায়েকে কোৱা কথাকেইটা তাৰবাবে অপ্ৰত্যাশিত আছিল। সি কোবাকুবিকৈ বুবুলৰ চেলুন পালেগৈ। বায়েকে পঠিওৱা মেছেজটো সি বুবুলক মোবাইলত দেখুৱালে। বুবুলে ‘কি বন্ধু’ বুলি তাক সাৱটি ধৰিলে।

সি বাতৰি অথবা তাৰ পৰীক্ষা, সাক্ষাৎকাৰ আদিৰ ৰিজাল্টবোৰ চাবলৈ বাদেই দিছিল। বায়েকে অফিচত গম পাইহে তাক খবৰটো দিলে। এমাহ আগতে পৰীক্ষা দিয়া চাকৰিটো সি পাইছে। উফ্! এমাহ আগতে অন্তৰা যদি আনৰ হৈ নগ’ল হয়।

বুবুলে তাক জোৰ কৰি শৰ্মা চুইটচলৈ লৈ গ’ল।

: ব’ল মই চাহ খুৱাম তোক। পাছত চাকৰিৰ দৰমহা পালে তই মোক ডাবল খুৱাবি।

বুবুল তেনেকুৱাই। আনৰ সফলতাত সুখী হ’ব জানে। শৰ্মা চুইটচত চাহ মিঠাইৰ অৰ্ডাৰ দি সিহঁত ৰৈ থাকিল। বুবুল শকত হৈছে অলপ।

: জিলাপী এক কেজি দিয়কচোন।

সি উচপ খাই উঠিল। মাতটো তাৰ চিনাকি। বুবুলে একাষৰীয়া হৈ দিলে। অন্তৰা ৰৈ আছিল জিলাপীৰ অৰ্ডাৰ দি। ৰঙা সেন্দুৰৰ ফোঁটটোৰে তাই উজলি আছিল। অন্তৰাক দেখি সিহঁত দুয়োটাই থতমত খালে। তাৰ বুকুত যেন কিহবাই কোবাইছিল। অন্তৰাক কিন্তু অলপো অসহজ দেখা নগ’ল। তাই যেন সদায় শৰ্মা চুইটচত জিলাপী কিনিবলৈ আহি সিহঁত দুটাক লগ পায় তেনে এটা ভাৱতেই ৰৈ থাকিল। অন্তৰা সুখী। তাইৰ চকু মুখত বিয়পি আছিল সেই সুখৰ আভা।
: ইয়াৰ চাকৰিটো হ’ল নহয় আজি। বুবুলে কৈ পেলালে।

: অহ্ ! হয় নেকি? বহুত ভাল খবৰ। ময়ো আজি মাহঁতৰ ঘৰলৈ আহিছোঁ এওঁৰ‌ লগত।

অন্তৰা জিলাপীৰ পেকেটটো লৈ যাবলৈ ওলাল। তাৰফালে হাত এখন আগবঢ়াই দি অন্তৰাই কৈ উঠিল, ‘অভিনন্দন!’

ইমান চেঁচা! যেন এখন অনুভৱহীন হাত। অন্তৰা গিৰীয়েকৰ লগত গাড়ীত উঠি গুচি গ’ল। সিহঁত দুয়োটাই চাই থাকিল তাই আঁতৰি যোৱালৈ।

সি ভাবিলে সঁচাকৈয়ে মানুহৰ মন পৰিবৰ্তনশীল।

☆ ★ ☆ ★ ☆

4 Comments

  • মুকুট শৰ্মা

    সুন্দৰ লিখনি । খুউব ভাল লাগিল পঢ়ি

    Reply
  • দিম্পল

    বৰ ধুনীয়া লিখে বা আপুনি

    Reply
  • Swapnali phukan singh

    খুব সুন্দৰ ৰীতা

    Reply
  • জয়ন্ত দাস

    সুন্দৰ৷ আজিহে পঢ়িলো৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *