ফটাঢোল

বাপুদেউৰ মান – দীক্ষিতা বৰা

বাপু দেউৰে জোলোঙাটি

নহয় জানা সৰু,

চাউল ধৰে চৰু ধৰে

আৰু ধৰে গৰু।

 বিয়াঘৰৰ ৰভাতলীত আনন্দৰ ঢল, আয়তীসকলে বিয়াৰ উছাহত বিয়ানাম, যোৰানাম গাই আছে। দৰা ওলাই অহালৈ বাট চাই পুৰোহিতে হামিয়াই হিকটিয়াই বহি আছে। আয়তীসকলে সেয়ে তেওঁকো নামৰ মাজেৰে একোবাৰ জোকাই চাইছে। ঘৰখনৰ বৰ পুত্ৰৰ বিয়া, সকলোৱে উছাহত আছে। সৰুটো ল’ৰাই আগতেই ভালপোৱা ছোৱালীজনী আনি ঘৰ সুমোৱাইছিল। সৰুকৈ নিয়ম এটা কৰি ঘৰখনে উদ্ধাৰ হৈ থৈছে যদিও এতিয়া ককায়েকৰ বিয়াৰ লগতে সৰুহাল পো-বোৱাৰীকো মাহ-হালধি সনাৰ নিয়মখিনি কৰি আজৰি কৰি দিয়াৰ কথা চিন্তা কৰিলে আটায়ে। সেয়েহে এয়া আগদিনাই সৰুটো ল’ৰাৰ বিয়া। কইনাফালৰ অতিথি আছে, নীতি নিয়মখিনি কৰিছে। সমাজত বহা আটাইবোৰে গাঁৱৰেই মানুহ, গতিকে সকলোৱে মিলি খুব ফূৰ্তি কৰিছে। পিছদিনা ডাঙৰ ল’ৰাৰ সম্পূৰ্ণ ৰীতি-নীতিৰে বিয়া, কামো বাঢ়িব কষ্টও বেছি হ’ব। সেয়েহে আটায়ে আলোচনা কৰি আগদিনাৰ বিয়াখন সোনকালে কৰি আজৰি হোৱাৰ কথা চিন্তা কৰিলে।

সেই হিচাপতেই সোনকালেই আগদিনাৰ বিয়াখন আৰম্ভ কৰিবলৈ লৈছে। কিছু পৰৰ পিছত দৰা ওলাই আহিল। পুৰোহিতে বিয়াৰ নীতি-নিয়ম আৰম্ভ কৰিলে।‌ এসময়ত বিয়া ভাগিল। বৰ কইনা ভিতৰলৈ গ’ল, ৰাইজ ভাগিল, বাপুদেউকো মান ধৰি সেৱা জনাই দৰাৰ পিতৃয়ে বিদায় দিলে৷

পিছদিনা পুৱাৰ পৰাই বিয়াঘৰ উখল-মাখল। জোৰণ যাবলৈ ওলাইছে। বাকী সকলো টালি-টোপোলা লোৱা হ’ল, কেৱল ‘মাইকী সাৰ’যোৰ ল’বলৈ আছে। জোৰণত গৈ দুই বিয়নীয়ে ইগৰাকীয়ে সিগৰাকীক এযোৰ এযোৰ বস্ত্ৰ আগবঢ়াই, গলত সাৱটি মিতিৰ হ’ব। পিছত পানী তুলিবলৈ যাওঁতে সেই কাপোৰেই পিন্ধিব। বিশেষ কাপোৰ সেইভাগ, দৰাৰ মাকৰ বাকচত সামৰণকৈ থোৱা আছে। জোৰণ ওলোৱাৰ পৰতে দৰাৰ মাকে দৰাৰ খুৰীয়েকক চাবিকোছা দি ক’লে,

: আহাচোন দুলু, সেই বাকচৰ চুকতে কাপোৰযোৰ আছে উলিয়াই আনা।

খুৰীয়েকে বাকচ খুলি চালে, কিন্তু দেখা একো নাপালে।

: তাতেই আছে অ’, তুমি খেপিওৱা।

খুৰীয়েকে সেই অনুসৰি খেপিয়াই খেপিয়াই আনিলে টোপোলা এটা উলিয়াই৷ ওপৰত গোট গোট আখৰেৰে লিখা আছে ‘মাইকী সাৰ’। তথাপি এবাৰ চাই লওঁ বুলি খুৰীয়েকে টোপোলাটো মেলি কাপোৰযোৰ উলিয়ালে আৰু ঠিক সেই মুহূৰ্ততে যেন বিনা মেঘে বজ্ৰপাত হে হ’ল।

: এয়া কি বৌ?

মাইকী সাৰ বুলি লিখি থোৱা টোপোলাটোৰ পৰা ওলোৱা চুৰিয়া চেলেং আৰু গামোছাখন হাতত লৈ খুৰীয়েকে দৰাৰ মাকলৈ চাই সুধিলে। এইবাৰ দৰাৰ মাকৰ হতবাক হোৱাৰ পাল৷ লৰ মাৰি আহি বাকচত আৰু টোপোলা বিচাৰি তেৱোঁ পাত পাত কৰিলে। পিছে নাই, তেনেকুৱা আৰু কোনো টোপোলা নাই।

তেনে সময়তে দৰাৰ দেউতাক কোঠালৈ আহিল বিশেষ কামত। দৰাৰ মাকে সুধিলে,

: হেৰি নহয়, কালি আপুনি পুৰোহিত বৰণৰ কাপোৰ ক’ৰপৰা নিছিল?

: সেই বাকচৰ চুকৰ পৰাই নিছিলোঁ। মান-দানৰ কাপোৰ সকলো তাতেই আছে বুলি কোৱা নাছিলা জানো?

: কিহৰ টোপোলা চাইছিল নে?

: নাই, কিন্তু ওপৰত লিখাই আছিল পুৰোহিত বৰণ বুলি।

জা-জোৱালী দুয়ো বিস্ফোৰিত নেত্ৰে ইজনীয়ে সিজনীলৈ চালে। দৰাৰ বাপেকে কথাটোৰ তত্ ধৰিব নোৱাৰি উচপিচাই উঠিল৷

: ঐ মুন ক’ত আছ, একদম বাইক উলিয়া।

মাকৰ চিঞৰত দৰাৰ ভায়েক একেলৰে আহি পালে। আহি দেখে মাক কোঠাৰ মজিয়াতে বহি আছে৷ দেউতাকে হতভম্ব হৈ ওচৰতে ৰৈ আছে৷ খুৰীয়েকৰো অৱস্থা কিংকৰ্তব‍্যবিমূঢ়। দৰাৰ ভায়েকে আহি মাকক সুধিলে কিয় মাতিছিল। মাকে দেউতাকলৈ চাই চিধাই নিৰ্দেশনা জাৰি কৰিলে,

: একদম এতিয়াই যাওক আৰু টোপোলা সলাই আনক। 

জোৰণত যাবলৈ ওলাই থকা ৰাইজে উৱাদিহ পোৱা নাই একো। দৰাৰ মূৰত তেল দি ওলাই যাব লাগে খৰধৰকৈ, ইফালে মাক ওলাই অহা নাই। সিফালে আকৌ যাবলৈ ওলাই থকা দৰাৰ দেউতাক আৰু ভায়েক বাইকত উঠি আন দিশত হে ভুৰুংকৈ ওলাই গ’ল। কিবা এটা হৈছে, পিচে কি বা হৈছে? মনবোৰ উৎকণ্ঠিত।

জোৰণ দি অহাৰ পিছত ঘৰৰ সকলো লগলাগি যেতিয়া পুৱাৰ কথাটো আলোচনা কৰিলে, তেতিয়াহে উৰহী গছৰ ওৰ ওলাল। কোনোবাই নাম লিখা টোপোলা দুটাৰ ভিতৰৰ কাপোৰ সালসলনি কৰি ভৰাই থৈছিল। ফলত আগদিনা বিয়াৰ ৰাতি দৰাৰ দেউতাকে টোপোলা খুলি নোচোৱাৰ ফলত বৰপুত্ৰৰ ফালৰ নতুন বিয়নীলৈ আনি থোৱা পাটৰ সাজযোৰেৰেই পুৰোহিতক মান ধৰি বিদায় দিলে। পুৱা দৰাৰ খুৰীয়েকে টোপোলা খুলি চোৱাতহে খেলিমেলিটো ধৰা পৰিল। সেয়েহে পুৱাই পুৱাই বাপুদেউক পাটিৰ পৰা উঠাই দৰাৰ পিতৃয়ে খেলিমেলি এটা হ’ল বুলি আগদিনাৰ টোপোলাটো ঘূৰাই খুজি নতুন টোপোলাটো দি থৈ আহিল। দৰাৰ মাকে নহ’লে শুদাই এৰিবনে? নতুন বিয়নীকতো আৰু চুৰিয়া-কূৰ্টাৰে সৈতে চেলেং লৈ পানী তুলিবলৈ যাবলৈ দিব নোৱাৰি, নহয় জানো?

☆ ★ ☆ ★ ☆

7 Comments

  • Pranita Goswami

    ভাল লটিঘটিখন হ’ল বিয়াঘৰত। ভাল লাগিল।

    Reply
  • মুকুট শৰ্মা

    সুন্দৰ লিখনি। বৰ ভাল লাগিল পঢ়ি।

    Reply
  • ডলী

    হা হা। যদি খুলি নাচালে হয় কি হ’লহেতেন?

    Reply
  • বন্দিতা জৈন

    মজা লাগিল দেই ??

    Reply
  • প্ৰদীপ বৰা

    মোৰ ডাঙৰ ছোৱালীৰ বিয়াত দৰাৰ ঘৰ ওচৰতেে আছিল ৷ আমাৰ ঘৰৰ বহুতো উপহাৰত পেন্টৰ পিচ চাৰ্ট ধুতি গেঞ্জী আদি ওলাইছিল ৷

    Reply
  • জয়ন্ত দাস

    হাঃ হাঃ জমনি৷ খুলি নাচালে বিপদেই আছিল৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *