ফটাঢোল

এচকুৱা ছানগ্লাছ-মণিকা চাংমাই গগৈ

সেইদিনা আছিল মঙলবাৰ। ছোৱালী দুজনীক স্কুলত থৈ দুয়ো,মানে পতিদেৱ আৰু মই সিদ্ধান্ত ললোঁ যে নাহৰকটীয়া বজাৰলৈকে যাওঁ৷ তেল ৰাহি কৰি দুয়ো কুৰি টকা খৰছ কৰি টাটা মেজিক এখনতে যাবলৈ ওলালোঁ। সৰুজনী ছোৱালী চাৰে বাৰমান বজাতহে ছুটি দিব৷ তেতিয়ালৈকে বজাৰ কৰি আহি পাই যাম বুলি নিশ্চিন্ত হ’লোঁ৷

সিদিনা ৰ’দ বৰ চোকা আছিল। গতিকে, লগত ছান গ্লাছযোৰ নিবলৈ নাপাহৰিলোঁ। এখেতৰ আক’ দিনত অনবৰতে নাকত সেইযোৰ লাগিয়েই থাকেই।

বজাৰ কৰি থাকোঁতে এসময়ত ঘড়ীটোলৈ চাই দেখোঁ,বাৰ বাজিলেই। লগৰ এগৰাকীলৈ ফোন লগালোঁ,নাই নালাগেহে নালাগে। মোৰ টেনচন বাঢ়িবলৈ ধৰিলে৷ স্কুল ছুটী দিবলৈ মাত্ৰ আধাঘণ্টা আছে আৰু আমি গৈ পাওঁ মানে পঞ্চলিশ মিনিট মান সময় লাগিব৷ লৰালৰিকৈ বজাৰৰ পৰা ওলাই আহি টাটা মেজিক এখনত একপ্ৰকাৰৰ দৌৰ মাৰিয়েই উঠিলোঁ। আহোঁতে বাটত লগৰজনীলৈ আকৌ ফোন লগালোঁ। এবাৰত ফোনটো লাগিল৷ ছোৱালীজনীক তেওঁলোকৰ ঘৰলৈকে লৈ যাবলৈ লগৰজনীক কলোঁ৷

ঘৰলৈ আহি বজাৰ কৰা বস্তুখিনি সামৰি মোৰ মণিবেগটো খুঁচৰিলোঁ। সৰুসুৰা বস্তু কেইটামান লৈ বেগটোতে ভৰাই থৈছিলোঁ৷ গাড়ীত উঠাৰ সময়ত ছান গ্লাছযোৰো তাতেই ভৰাই থৈছিলোঁ৷ কিন্তু ই কি! ছান গ্লাছযোৰৰ এটা চকুৰ ফালৰ এপাত গ্লাছচোন নাই! খুঁচৰি খুঁচৰি চোৱাৰ পিছত গোটেই বেগটো উবুৰিয়াইও চালোঁ৷ নাইচোন, কি হ’ল? মোৰ অৱস্থা দেখি পতিদেৱে মিচিককৈ গহীনত হাঁহি এটা মাৰি ক’লে, ” বজাৰতে পৰিলে ,তুমি ছোৱালীৰ টেনচনত থকাৰ কাৰণে একো নকলোঁ।”

হে ভগৱান! তাৰমানে মই বজাৰত এখনীয়া গ্লাছৰ গগলছ পিন্ধি- – – !

হয়তো! মনত পৰিছে, সেই কাৰণে এপাকত এটা চকুৰে কম পোহৰ আৰু আনটো চকুৱে পোহৰ দেখা পাইছিলোঁ৷ ছোৱালীজনীৰ কথা ভাবি থাকোঁতে সেইবোৰ একো ধ্যান দিবলৈ নহ’ল।

এওঁ বিছনাত বাগৰি খিকখিকাই হাঁহিবলৈ ধৰিলে। মোৰ হাতুৰী যেন টান হাতৰ গেজেলা ভুকু দহটামান খাইওঁ তেওঁ কেৰেপেই নকৰিলে।

☆ ★ ☆ ★ ☆

One comment

  • মুকুট শৰ্মা

    মজা। পঢ়ি ভাল লাগিল ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *