ঐ ভূত..ভূত – জয়ন্ত গগৈ
বাহিৰত দোপালপিটা বৰষুণ দি আছে। ৰাতিৰ ভাতসাঁজ খাই ৰূমৰ দুয়োখন বিছনাত লেধেপা-লেধেপকৈ বহি আড্ডা মাৰি আছোঁ। বৰষুণৰ বতৰত লগৰীয়াৰ লগত কথাৰ মহলা মাৰি থকা আমেজেই সুকীয়া। কিতাপৰ টেবুলতকৈ আড্ডাৰ যি ৰস পাওঁ, সেয়ে আমাৰ ৰূমটোত আমাৰ মনে-মিলা আটাইকেইটাই এনেদৰে কেতিয়াবা কেতিয়াবা লগ হওঁ। বহুত ভাল লাগে। জমনি জমনি কথাবোৰ ওলায়, প্ৰাণখুলি হাঁহিবলৈ পাওঁ, ইটোৱে সিটোক ভালপোৱাগৰাকীৰ বিষয়ত জোকোৱা-জোকোৰি কৰোঁ। আড্ডাৰ বিষয়বস্তু ৰাষ্ট্ৰীয় -আন্তঃৰাষ্ট্ৰীয়ৰপৰা আমাৰ ঘৰৰ পদূলিমুখলৈকে থাকে। সত্যকামৰ যুক্তিৰে ভৰপুৰ কথাৰে আমাৰ আড্ডা কেতিয়াবা গুৰু-গম্ভীৰ হৈ পৰে। অপৰ্ণে আকৌ ফুচুৰি জমনি জমনি কথাবোৰহে উলিয়াই। আনক উচতোৱা বা ভয় খুওৱাত নিলোৎপল এখোপ চৰা। প্ৰাণজিৎ হ’ল মুখত মিচিকিয়া হাঁহিৰে আড্ডাৰ কথাবোৰৰ শলাগ লৈ সৰু-সুৰা মন্তব্য এটি দি কথোপকথনবোৰ হৃদয়ংগম কৰি যোৱা। এই কথাটো লৈয়ে তাক মই কেতিয়াবা টানকৈয়ো দুই-এষাৰ নোকোৱা নহয়। কিয় বা নক’ম। হাজাৰ হ’লেও সি মোৰ ৰূমমেট। একেলগে দুটা বছৰে তাৰ লগত আছোঁ। প্ৰতিটো সুখ-দুখৰ সমভাগী মই।
প্ৰাণজিৎ ল’ৰাটোৰ কথা ক’ম, আবেগ বেছি। আবেগিক হৈ তাৰ চকুলোও বৈ অহা দেখিছোঁ। তাৰ আবেগপ্ৰৱণ মনটোৰ বাবেই হয়তো সি ধুনীয়া ধুনীয়া বিহু গাব পাৰে। হাতত ঢোলটো পৰিলে ঢোলত যি চাপৰ জোৰে, আমি কাষত থকাকেইটাৰ ৰক্ত সঞ্চালনত মতলীয়া হৈ নাচোঁ নাচোঁ লাগে। অলপ দূৰৈত অৱস্থিত ‘জয়মতী’, আইদেউ’, নলিনীবালা’ ..ছোৱালী হোষ্টেলত বিহুৱতী প্ৰতিযোগিতা চলে বুলি মঞ্জু, বৰষাহঁতে কেইবাদিনো জনাইছে। সি বজোৱা বাঁহীৰ ৰ্মূচ্ছনাত মই কেইবাদিনো টোপনিত লাল-কাল দিছোঁ। প্ৰাণজিতৰ কথা কৈ যেন শেষ কৰিব নোৱাৰি, অপাৰ। সেয়ে ছোৱালীবিলাকে যেনেকৈ তাৰ কাষ চাপিব বিচাৰে, তেনেকৈ লগৰীয়া ল’ৰাবোৰেও লগ এৰিব নিবিচাৰে। সবাৰে ভিতৰত অতি সৌভাগ্যৱান ময়েই। কাৰণ তাক মই হোষ্টেলৰ ৰূমমেট হিচাপে পাই গ’লোঁ।
সেইদিনা আমাৰ আড্ডাত ভূতৰ বিষয়ত আলোকপাত হ’লগৈ। প্ৰত্যেকেই ভূত সম্বন্ধে থকা জ্ঞাত, কল্পিত কথাবোৰ কৈ গৈছিল। নিশা যেনেদৰে বাঢ়ি আহিছিল, আমাৰ ভূতৰ জয়াল জয়াল কাহিনীবোৰেও ৰূমটোৰ পৰিৱেশটো প্ৰহেলিকাময় কৰি তুলিছিল। অপুৱেও জনালে-এবাৰ হেনো সন্ধিয়া চিকিমিকি বেলা সময়ত মটৰ চাইকেলেৰে নগৰৰপৰা ঘৰলৈ আহি থাকোঁতে নিজান ঠাই এডোখৰত এজনী অচিনাকি গাভৰু ছোৱালীয়ে তাক হাত দাঙি লিফট্ বিচৰাত মটৰ চাইকেলত উঠাই আনিছিল। অলপ দূৰ অহাৰ পিছত অচিনাকি ছোৱালী বাবেই অপুৱে চিনাকি হ’বলৈ দুই-এষাৰ কথা পাতিছিল যদিও ছোৱালীজনীৰপৰা একো সঁহাৰি পোৱা নাছিল। ছোৱালীজনীৰ নিজম নিমাতত এবাৰ সি পিছফাললৈ উভতি চাই ছোৱালীজনীক নেদেখি তাৰ মূৰ আচন্দ্ৰাই কৰা যেন লাগিছিল। ভয়ত বিতত হৈ তাৰ তেজবোৰ গোট মাৰি যোৱা যেন লাগিছিল। সি মটৰচাইকেল ইমানেই জোৰেৰে চলাই ঘৰ সোমালেহি যে তাৰ ঘৰলৈ অহা আলিৰ সোঁমাজত থিয় দি থকা পাঁচ ছয়টা স্পীডব্ৰেকাৰ, খলা-বমা ৰাস্তাবোৰ সমান কৰি আহিছিল। ঘৰ সোমাই সৰিয়হ অলপ গৰম কৰি ঘৰৰ চাৰিওফালে ছটিয়াই হে আশ্বস্ত হৈছিল।
নিলোৎপল আৰু অপুই টয়লেটৰপৰা আহোঁ বুলি ওলাই গৈ কিছুসময়ৰ পিছতে ঘূৰি আহি আড্ডাৰ ভাগ লৈছিলহি। ময়ো হাইস্কুলত পঢ়ি থকা সময়ৰ ভূত সম্বন্ধীয় অভিজ্ঞতাৰ কথা কৈ গৈছিলোঁ – “গৰমৰ দিন আছিল। বিশ্বকাপ ফুটবল খেল হৈ আছিল। ভাৰতীয় সময়নুসৰি ৰাতি ১১:৩০-১২:০০মান বজাত প্ৰায়বোৰ খেল হৈছিল। আমিও লগৰীয়া কেইবাটাও মিলি খেল চাবলৈ লৈছিলোঁ টোপনিৰপৰা ৰক্ষা পাবলৈ। মই মোৰ ভাতৃ ফুনু আৰু আমাৰ কাষৰ ঘৰৰ চুনুমুনু – তিনিওটাই দীঘলীয়া পদূলিমুখৰ বৰদেউতাৰ ঘৰত খেল চাবলৈ গৈছিলোঁ। বৰদেউতাহঁতৰ ঘৰত পৰমা ককাইদেউ আৰু আমাৰ সমনীয়া ভাস্কৰ আৰু বৰদেউতাক ধৰি ছজনে ফুটবল খেল উপভোগ কৰিছিলোঁ। তাতে বৰদেউতা ফুটবল খেলৰ ৰেফাৰী আছিল। আমাৰ ওচৰে-পাজৰে হোৱা ফুটবলৰ নামী ৰেফাৰী। সেয়ে আমি তেখেতৰ লগত খেল উপভোগ কৰি আনন্দিত হৈছিলোঁ। খেলৰ টেকনিকবোৰ আমাক আঙুলিয়াই দেখুৱাইছিল। সেইদিনা ছেমিফাইনেল খেল আছিল। খেল শেষ হয় মানে নিশা বহুত হ’লগৈ। খেল চাই ঘৰলৈ উভতি দীঘলীয়া পদূলিটোৱে আহি ঘাই পথটোত উঠিছোঁহে, ক্ষীণ ৰ্টচৰ পোহৰত চুটি-চাপৰ মানুহ এজনে মূৰত বস্তা জাতীয় কিবা বেগ এটা লৈ সিফালৰপৰা আমাৰ ফালে ক্ৰমে ওচৰ চাপি আহি থকা দেখি লগৰ চুনুমুনুৱে – “ঐ কোন? কোন? এই দুভাগ ৰাতিখন ক’লৈ যাৱ?” বুলি সুধিলত একো উত্তৰ নাপায় তিনিওটা ওচৰলৈ গৈ ৰ্টচৰ পোহৰ মানুহজনৰ গালৈ পেলালোঁ। ৰ্টচৰ পোহৰত দেখিলোঁ, মানুহজনৰ মূৰ-ডিঙি একোৱেই নাই। মাথোঁ বুকুৰ মাজত দুয়োফালে টেলেকা-টেলেক ঈষৎ চকুযুৰিৰে আমালৈ চাইহে আছে। গৰমৰ দিনতো আমাৰ শৰীৰৰ মাজেৰে এক শীতল শিহৰণ বৈ গ’ল। মোৰ শৰীৰৰ নোমবোৰ এডাল এডালকৈ থিয় হোৱা যেন অনুভৱ হ’ল! অহা বাটেৰে উভটি – “ঐ ভূত …ভূত…..ভূত…ঐ” বুলি চিঞৰি ভিৰাই লৰ মাৰিলোঁ। আমাৰ চিঞৰত সৰুপানী চুবলৈ অহা পৰমা ককাইদেউ আগবাঢ়ি অহাত মনলৈ সাহস গোটাই পুনৰ ভূতৰ পিছ ল’লোঁ যদিও ক’তো একো সাৰ-সুৰ নাপালোঁ। নিমিষতে ক’তনো অন্তৰ্ধান হ’ল। ভূতেই নে অন্য কিবা আছিল সি সাঁথৰ হৈ ৰ’ল। বুকুত চকুলগা ভূতৰ কথা শুনিহে আছিলোঁ। সেই বুকুত চকুলগা ভূতৰে মুখামুখি হৈ ৰাতিতো টোপনিয়াবই নোৱাৰিলোঁ। চকু মুদিলেই চকুৰ আগত টেলেকা-টেলেক বুকুত চকুলগা ভূতৰ ছৱিখনেই ভাঁহি উঠা হ’ল।
“ঐ, তই বৰ ভয়ানক ভূতৰ কথাই ক’লি ঐ! হ’ব হ’ব আৰু দে আজিলৈ সামৰণি মাৰোঁ” বুলি নিলোৎপল, অপু, সত্যকাম, অপৰ্ণ, ৰূপম নিজৰ নিজৰ ৰূমলৈ গুচি গ’ল। মইও সিহঁতৰ লগতে ৰূমৰপৰা ওলাই টয়লেটৰপৰা গৈ আহিলোঁগৈ। টয়লেটো আমাৰ ৰূমৰপৰা তিনিটামান ৰূম পাৰ হ’লেই পোৱা যায়। টয়লেট ৰূমৰ সন্মুখতে এজোপা ডাঙৰ বগৰী গছ আছিল। নিলোৎপলে ইংগিত এটি দি বগৰীজোপাৰ তলতে বগাচোলা ভলীবল এটাৰ সৈতে এনেদৰে সজাই ওলোমাই থৈছে যে ঘপহকৈ সেইফালে চকু দিলে সাইলাখ কোনোবা মানুহ এটা ৰৈ আছে যেনেই লাগিব। বাহিৰত ফিৰফিৰিয়া বতাহ এচাটিৰে চিপচিপিয়া বৰষুণ এজাক পৰি আছে। ৰূমলৈ ঘূৰি আহি দেখোঁ প্ৰাণজিৎ ঘৰঘৰাই নাক বজাই টোপনিয়েই গ’ল। লাইট অফ কৰি বিছনাত পৰি কেতিয়া টোপনি গ’লোঁ ক’ব নোৱাৰোঁ। ‘কে..ৰে..ক’কৈ হোৱা শব্দটোত চিকিমিকিকৈ সাৰ পালোঁ। উমান পালোঁ প্ৰাণজিৎ বাহিৰলৈ গৈছে আৰু তৎক্ষণাতে খৰধৰকৈ পুনৰ দৰ্জাখন জোৰেৰে টানি হুকটো লগাই প্ৰাণজিৎ ভিতৰত সোমাইছেহি। মোৰ চকু মেলাৰ মন যোৱা নাই যদিও ৰূমৰ ভিতৰত উৎপত্তি হোৱা আচহুৱা শব্দবোৰৰপৰা বুজিছোঁ – প্ৰাণজিতে অতি সতৰ্পণে কিবা বিছৰাৰ পিছত চৰচৰকৈ পানী ধলাৰ দৰে শব্দ কিছুমান শেষ কৰি খিৰিকী খুলি পুনৰ বন্ধ কৰি শুই পৰিল। ময়ো টোপনি গ’লোঁ।
পুৱা আনদিনাতকৈ অলপ দেৰিকৈ চকু মেলিয়েই প্ৰাণজিতক ৰাতি কি হৈছিল বুলি সুধিলত সি অলপো সংকোচ নকৰাকৈ কৈ গ’ল-
: তহঁতে কালি যিহে ভূতৰ কথা ক’লি, টয়লেটলৈ গৈ নাপালোগেই। বগৰীজোপাৰ তলিতে কোনোবা এটা দেখি মাতিলোঁ যদিও একোৱেই মাত নাপালোঁ। ভয়ত গাটো জিকাৰ খাই উঠিল। একেলৰে ৰূম পালোঁহি। খালী বটল এটি বিচাৰি তাতে সৰুপানীচোৱা কামফেৰা কৰি খিৰিকীৰে বাহিৰলৈ দলিয়াই দিলোঁ। তোক নজগালো আও।
মোৰ মুখৰপৰা ইমান জোৰেৰে হাঁহি ওলাই আহিল যে বেৰৰ সিফালে থকা অপুৱে – ‘ঐ কিহে পালে ঐ এই পুৱাতেই’ বুলি চিঞৰা শুনিলোঁ।
মই পুৱাই ৰূমৰপৰা বাহিৰ হৈয়েই বগৰীজোপাৰ তললৈ চাই পঠিয়ালোঁ। নাই সকলো নিলোতৎপলে চিজিল কৰি থ’লেই। কথাটো লাহে লাহেকৈ গোটেই হোষ্টেলতে বিয়পি গ’ল। প্ৰাণজিতক লগ পোৱা প্ৰায়জনে ভূতৰ কথা সুধিছে। দিনটোৰ বেছিভাগ সময় বিশ্ববিদ্যালয়ৰ চৌহদৰ ভিতৰত এই ভূতৰ প্ৰসংগটোৱে ঠাই ল’লে। আমি বুজি পোৱাকেইটাই খুউব সাৱধানে বিষয়টোৰপৰা ফালৰি হৈ আছোঁ। গধূলি আমিকেইটাই প্ৰাণজিতৰ মনৰপৰা এই ভূতৰ ভাৱবোৰ আঁতৰি যাওক বুলিয়েই অলপ মাৰ্কেটিং কৰিবলৈ ওলাই গ’লোঁ। ৰেষ্টুৰেণ্টত ৰাতিৰসাজ খাই ৰূমত সোমাই ফ্ৰেচ্ হৈ পঢ়া টেবুলত বহিলোঁহি। এটা সময়ত আমি দুয়োটা শুই পৰিলোঁ।
ৰাতি কিমান সময় হৈছিল ঘড়ীটোলৈ চোৱা নহ’ল। উ..ম..উ..ম.. আ..আ…য়াঔ..কৰি ৰূমৰ ভিতৰতে হোৱা বিকট্ শব্দ এটাত খকমককৈ টোপনিৰপৰা সাৰ পালোঁ। লাইটো জ্বলাই প্ৰাণজিতলৈ চালোঁ, গাৰু এটি সাৱটি লৈ কঁপি আছে। তাৰ বাহুত ধৰি হেঁচুকি – “ঐ প্ৰাণজিৎ, প্ৰাণজিৎ কি হ’ল হে” বুলি চিঞৰি থাকোঁতে সি সাৱটি থকা গাৰুটো দলিয়াই পঠিয়ালে। প্ৰাণজিতে চকু মেলি মোলৈ ভেবা লাগি চাই ৰ’ল। দুই হাতেৰে চকুদুটা মোহাৰি মোহাৰি ক’লে-
: ধেৎ ..! বহুত বেয়া, ভয়লগা সপোন এটা দেখিলো অ’। ইমান ধুনীয়া ছোৱালী এজনীয়ে আমনি কৰি আছিলহি। তাইৰ ফিৰফিৰিয়া চুলিটাৰীৰে মোৰ দুগালত, চকুত মৰম সানি আছিল। বাউলি হৈ তাই মোক সাৱটি ধৰিবলৈ ব্যাকুল কৰি তুলিছিল। যেতিয়া মই সজোৰেৰে বুকুৰ মাজলৈ তাইক টানি আনিছিলোঁ আৰু তাইৰ দুগালত তপত চুমা এটি দিবলৈ তাইৰ মুখখন মোৰ ফাললৈ ঘূৰাই লৈছিলোঁ তেতিয়াই তাইৰ টেলেকা-টেলেক ৰঙচুৱা চকুৰ মণিৰে সৈতে চিকমিকাই থকা জোঙা জোঙা দাঁতৰ কুচিৎ বিকট ভয়লগা মুখখন দেখি বিৰাট ভয় খালোঁ আৰু চিঞৰি পলাবলৈ ধৰিছিলোঁ।
ধেৎ .. হাঃ..হাঃ..হাঃ..হাঃ…….। হাঁহি হাঁহি দুয়োটাৰে চকুৰে নিগৰি অহা পুৱাৰ তপত চকুপানীবোৰ মোহাৰিবলৈ ধৰিলোঁ।
☆ ★ ☆ ★ ☆
6:50 pm
তামাম জমনি । মজা
8:45 pm
হা হা। জমনী
5:43 pm
ভাল লাগিল৷ জমনিি৷