জিমলৈ যাবি নেকি – অৰ্চন শৰ্মা
: ভাই, পাৰিবি দে, আৰু পাঁচটা মাৰ।
আমি শিকিছিলোঁ যে নতুনকৈ জিমলৈ যাবলৈ আৰম্ভ কৰা মানুহক অলপ উৎসাহ দিব লাগে, তেতিয়াহে পাঁচবাৰ বুক ডাউনৰ ঠাইত দহবাৰ বুক ডাউন মাৰিব পাৰি৷ অৱশ্যে কথাটো মিছাও নহয়, সকলো কামতে উৎসাহ পালে কামটো কৰিবলৈ বেছিকৈ মন যায়; কিন্তু এই এলেহুৱাটোৰ ক্ষেত্ৰত কোনো ফৰ্মূলাই ফলপ্ৰসূ নহয়৷ লাগিলে তাৰ মূৰত কোনোবাই যদি বন্দুক ৰাখিও আদেশ দিয়ে, তেতিয়াও ই দুবাৰতকৈ বেছি বুক ডাউন মাৰিব নোৱাৰে৷
মই সাধাৰণতে অলপ স্বাস্থ্য সচেতন, আন নহ’লেও এৰা ধৰাকৈ জিমটোৰ লগতে অলপ সম্পৰ্কটো আছেগৈ৷ মিছা ক’লে কিডাল হ’ব, এটা সময়ত ময়ো খেলিছিলোঁ, মানে খেলিব বিচাৰিছিলোঁ৷ কিন্তু মই খেলিব খোজা খেলবিধৰ নাম শুনিয়ে মা দেউতাৰ চকু কপালত উঠিল৷ ‘কাৰাটে’ আমাৰ ঘৰৰ মানুহৰমতে মাৰ – পিট কৰা খেল, গতিকে পোনছাটেই নাকচ৷ ধূপ – ধূনা জ্বলাই, কাকুতি – মিনতি কৰি ফল নধৰাত খঙতে অনশনতো বহিলোঁ৷ কিন্তু এঘণ্টাৰ পিছতে পেটত নিগনিয়ে ধিসূম – ধাসাম কৰিবলৈ ধৰাত সেই পন্থা লগে লগে বাদ দিলোঁ৷ মোৰ আগ্ৰহটো দেখি দেউতাৰ মনটো কুমলিছিল নেকি! কাৰাটেৰ কোনোবা এজন মাষ্টৰৰ সৈতে কথাও পাতিছিল এই বিষয়ে৷ পিছে সেইদিনাখনেই যেতিয়া মই স্কুলত এটা ল’ৰাক একে গোৰে বেঞ্চৰ পৰা পেলাই দিয়াৰ ৰিপ’ৰ্টটো পালে, লগে লগে মোৰ মোৰ জেকী ছেন হ’ব বিচৰা সপোনটোত চিৰদিনৰ বাবে এটা মস্ত তলা ওলমাই দিলে৷ বাৰু সেয়া গ’ল কথা গুছিল, তাৰ পাছত লাহেকৈ পঢ়াৰ বোজাটোও বাঢ়িল, লগতে আত্মীয়- স্বজনৰ পৰামৰ্শবোৰো৷ ‘এইটো পৰীক্ষা ভাল দৰে পাছ কৰি ল, তাৰ পিছত যি কৰ কৰিবি’ কথাষাৰ শুনি শুনিয়ে মেট্ৰিকৰ দেওনা পাৰ হৈ, ‘হাস্যকেন্দ্ৰী’ পৰীক্ষা পাছ কৰি কলেজ পালোহি । কলেজ পালেই মনটো অলপ ডেকা ডেকা যেন অনুভৱ হয়, মোৰো একে গতি হ’ল । আন দহটা ল’ৰাৰ দৰে ময়ো জিমলৈ যাবলৈ আৰম্ভ কৰি দিলোঁ, মানে সদায় যোৱা নহ’লেও একেবাৰে এৰিও নিদিয়া হ’লোঁ৷ ঘৰতে ‘ডামবেল’ এযোৰো আনি ললোঁ। সকলো ভালদৰেই চলি আছিল৷ তাৰ পিছত আহিল কোৰোনা, কোৰোনাৰ সংহাৰৰ পৰা পৰিত্ৰাণ পাবলৈ স্কুল-কলেজত তলা ওলমাই দিয়াৰ লগতে মই যোৱা জিমতো তলা ওলমিল৷ ওলমিল মানে ওলমিয়েই আছে, আৰু দুনাই কেতিয়া খুলিব সন্দেহ!
সেইটো জিম বন্ধ হৈ যোৱাত মই বৰ বিপদত পৰিলোঁ, লক ডাউন খুলিলে কিন্তু জিম বন্ধ! গতিকে উপায় নোহোৱাত ঘৰৰ পৰা কিছু দূৰত থকা জিম এটালৈ যাবলৈ আৰম্ভ কৰিলোঁ৷ বৰ ভাল নহয় যদিও নাই মোমাইতকৈ কণা মোমায়ে ভাল দিয়কচোন৷ দুদিনমান অকলে গ’লো৷ কিন্তু এনেবোৰ ক্ষেত্ৰত অকলে যাবলৈ বৰকৈ মন নাযায়, তাতে সেইটো এটা ইউনিচেক্স জিম৷ মাজে মাজে ছোৱালীবোৰো আহে৷ গতিকে অকলে যাবলৈ কিবা ভাল নালাগে, কাজেই লগৰ এটাক খাটনি ধৰিলোঁ—
: ঐ যাবিনে মোৰ লগত?
: ধুৰ, তোৰ দৰে মই জিমলৈ গৈ ঘণ্টাৰ পিছত ঘন্টা লোহা দাঙি সময় নষ্ট কৰিব নোৱাৰোঁ । — তাৰ চিধা উত্তৰ৷
বহুত সময় বুজনি দিয়াৰ পাছতো তাৰ মন সলনি নহ’ল৷ তাৰ এটাই কথা — সি নোৱাৰে৷ উপায়ন্তৰ হৈ মোৰ শেষ অস্ত্ৰ প্ৰয়োগ কৰিলোঁ—
: ঠিক আছে ভাই, মই মোৰ কথাটো ক’লো, বাকী তই যি ভাল দেখ কৰ, পিছে তোক এটা কথা কোৱাই নাই নহয়?
: কি কথা, ক’ৰবাত খাবলৈ যোৱাৰ প্লেন কৰিছ নেকি?
: ধেই খকুৱা, অকল খাওঁ খাওঁ কৰিয়েই কিয় থাক? এইযে তহঁতৰ ওচৰৰ পি জিটোলৈ যে নতুনকৈ আহিছে ছোৱালীজনী, তাই কালি জিমত মোলৈ বৰকৈ চাই আছিল জান?
: কি কৱ বে, তায়ো জিমলৈ যায় নেকি? মোক ইমানপৰে কিয় কোৱা নাছিলি গাধ?
পি জি লৈ নতুনকৈ অহা ছোৱালীজনীক বপুৰাই আঁৰ চকুৰে চায়৷ তাৰ যে মনে মনে তাইৰ প্ৰতি দুৰ্বলতা এটা গঢ়ি উঠিছে সেয়া মই ভালকৈয়ে জানো৷ গতিকে এতিয়া উপায় নোহোৱাত সেই কথাটোকে মোৰ ব্ৰহ্মাস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিলোঁ৷
: কাইলৈৰ পৰা ময়ো যাম৷ কেতিয়া যাব লাগে সময়তো জনাবি৷
বুজিলোঁ, মিছন চাকছেছফুল! তাৰ পাছৰে পৰাই মোৰ লগতে তাৰো জিম যোৱা আৰম্ভ হ’ল৷ ভাবিছিলোঁ লগত এটা থাকিলে মোৰ সহায় হ’ব, পিছে তাক লগত নিয়াৰ পাছত মোৰ হাৰমাল হে হ’ল৷ দুটা ‘পুশ্ব-আপ’ মাৰিয়ে তাৰ ভাগৰ লাগে৷ ‘পুল-আপ বাৰ’ডাল (য’ত ধৰি উঠা নমা কৰে)ত উঠিলেই তাৰ হাতত সিৰামুৰিয়ে ধৰে, মুঠতে তাৰ ওজৰ আপত্তি মাৰোতে মোৰ নিজৰ বাবেই সময় নাথাকে৷ লগতে বপুৰাৰ সদায় একেটাই কথা—
: ঐ তাই কেতিয়া আহিব, এদিনো দেখা নাই যে?
আচলতে ছোৱালীজনী অহাৰ কথা আছে বুলি জিমৰ দাদাজনেহে কৈছিল মোক, তাই মোৰ ফালে চাই থকা কথাটো মই এনেয়ে কৈছিলোঁ, এতিয়া তাক কি উত্তৰ দিওঁ? মই সাধাৰণতে সেইটো সময়ত যাওঁ যেতিয়া জিমলৈ ছোৱালী নাহে, কেতিয়াবা যদি কোনোবা আহেও তেতিয়ালৈকে মোৰ যাবৰ সময়ে হয় গতিকে ইমান সমস্যা নাই৷ কিন্তু এই পাপীটোৱে আকৌ ছোৱালীৰ বাদে একো চিনিয়ে নোপোৱা হ’ল ।
পিছে মোৰ ৰেগুলাৰ গালি, লগতে মটিভেচন শুনি শুনি লগৰটোৱে আজি-কালি অলপ পৰা হৈছে৷ আজি-কালি সি দুটামান পুল-আপ নিজেই মাৰিব পাৰে৷ মাজে মাজে বেছি গৰম উঠিলে দুয়ো টি-ছাৰ্ট খুলি লওঁ, মুকলিকৈ এক্সাৰচাইজ কৰাৰ মজাই বেলেগ৷
: ঐ, বৰ গৰম উঠিছে, টি ছাৰ্টটো খুলি লওঁ নেকি?—সি মোলৈ চাই সুধিলে৷
: খোল আকৌ, মোক কিয় সুধিছ?
: নহয় মানে পেন্টটোও খুলি লওঁ বুলিয়ে ভাবিছোঁ, কালি ভিডিঅ’ এটাত দেখিছিলোঁ এনেকৈ কৰা৷
: তোৰ ইচ্ছা, কৰ যদি কৰ৷ পিছে বৰ এটা ভাল নেদেখাব নেকি!
মোৰ কথা শেষ হোৱাৰ আগতেই বপুৰাই পেন্ট টি-ছাৰ্ট খুলি কেৱল শেষ বস্ত্ৰকণ গাত ৰাখি পুল-আপ মৰাত লাগিল।
:আ…!
দুৱাৰমুখৰ পৰা মৰা চিঞৰটোত মই চক্ খাই গ’লোঁ৷ ভাগ্যেহে হাতৰ ডাম্বেল যোৰ সৰি নপৰিল৷ সেই চিঞৰত দুৱাৰৰ ফালে পিঠি দি অৰ্ধ নগ্নহৈ পুল আপ মাৰি থকা মোৰ লগৰটো ধুপুচকৈ মাটিত সৰি পৰিল । চিঞৰৰ উৎসৰ ফালে চাই দেখিলোঁ সেই পি জি নিবাসীজনীয়ে দুহাতেৰে চকু ঢাকি ৰৈ আছে৷ দুৱাৰখন যে ভিতৰৰ পৰা খোলা আছিল সেই কথা আমি মনেই কৰা নাছিলোঁ৷ লগে লগে দৃষ্টি ঘূৰাই আনি লগৰটোৰ ফালে চালোঁ৷ বেচেৰাই এইবাৰ মাটিত পৰাৰ পৰা কোনোমতে উঠি দুই হাতেৰে নিজৰ লাজ ঢাকিবলৈ আপ্ৰাণ চেষ্টা কৰিছে৷ এইবাৰ তাই দুচকু ঢাকিয়েই দিলে বাহিৰলৈ দৌৰ৷ তেতিয়ালৈকে মোৰ লগৰটো লাজত ৰঙা-চিঙা পৰি গৈছে৷ মাটিত পৰা কঁকালৰ বিষ, তাৰ ওপৰতে ছোৱালীৰ আগত উলংগ হৈ পৰাৰ লাজৰ বোজা৷ বেচেৰাৰ মুখখন দেখি মই কি কৰোঁ তাকে থিৰাং কৰিব পৰা নাই৷
সেইদিনাৰ ব্যায়াম তাতে সামৰি দুয়োটা একেবাৰে নিঃশব্দে ঘৰলৈ আহিলোঁ৷ গোটেই ৰাস্তা বেচেৰাৰ মুখেৰে এটাও শব্দ নোলাল৷ ময়ো ভাবিলোঁ, বেচেৰাই চাগে ভালকৈয়ে দুখ পাইছে, গতিকে আজি একো নোকোৱাই উচিত, কাইলৈহে তাক বুজনি দিলে ভাল হ’ব৷ বেচেৰাই চাগে বৰ লাজ পাইছে আজি৷
সেইদিন ধৰি বেচেৰাই মোৰ ফোনেই ৰিচিভ কৰা নাই৷ জিমলৈ আৰু নাযায় বুলি মেছেজ কৰি থৈছে৷ মোৰো পিছে এইকেইদিন বিভিন্ন কাৰণত জিমলৈ যোৱা হোৱা নাই৷ এতিয়া বহি বহি তাকেই ভাবি আছোঁ, আজি জিমলৈ যাবলৈ কাক লগ ধৰোঁ?’
☆ ★ ☆ ★ ☆
4:35 pm
বেচেৰা, এয়াহে হ’লগৈ তাৰ লগত!
5:51 pm
কি যে হব।
6:02 pm
হা হা
8:39 pm
বেচেৰালৈ এসোপামান সমবেদনা ৷