প্ৰেক্টিকেল-পপী ৰাণী দেৱী
: হেল্লো
: অফিচৰপৰা কেতিয়া ওলাবা?
: বেছি দেৰি নাই ৰ’বা কাম হ’লেই আৰু, এই পোন্ধৰ মিনিটত ঘৰ পাই আছোঁ।
সন্ধিয়াৰপৰা চাৰিবাৰ ফোন কৰিলে শ্ৰীমতী কলিতাই৷ অফিচৰপৰা ঘৰলৈ দহ মিনিটৰ বাট কিন্তু তিনি ঘণ্টা ধৰি শুনি থকা “আধা ঘণ্টা, বিশ মিনিটৰপৰা পোন্ধৰ মিনিটৰ ভিতৰতে পাইছোঁ” বোলা কথাবোৰৰ লগত শ্ৰীমতী কলিতা অভ্যস্ত। শ্ৰীমান অফিচৰ কামত সদায় ব্যস্ত। অফিচ মানে নিজৰ চাৰ্ভিচ চেণ্টাৰ এটা আছে। শ্ৰীমানৰ যেনিবা অন্য বেয়া স্বভাৱ নাই। শ্ৰীমতীয়ে বুজি পায়। কেৱল কাম কাম বুলি মানুহজন ব্যস্ত। ৰাতি ভাত সাজ ল’ৰা-ছোৱালী দুটাৰ লগতে মাক-বাপেকহালে একেলগে বহি খাবলৈ শ্ৰীমতী কলিতাৰ বৰ মন যায় কিন্তু ল’ৰা-ছোৱালীয়ে ভাত খাই টি ভি চাবলৈ লয়, তেতিয়াহে শ্ৰীমান ঘৰ পায়হি।
বন্ধৰ দিনতো শ্ৰীমানে লেপটপটো উলিয়াই বহি লয়। বন্ধৰ এটা দিনত শ্ৰীমতী কলিতাই ক’লে,
আজি দেওবাৰ। আজিও তুমি এইটো উলিয়াই ল’ব লাগেনে। অলপ কথা পাতোঁ দিয়া।
: কোৱা।
: তুমি এইবোৰ সামৰি থোৱা।
: তুমি কৈ যোৱা মই শুনি আছোঁ নহয়।
: হ’ব, নালাগে মোৰ লগত কথা পাতিবলৈ।
: কাম নকৰিলে খাবলৈ নাপাই মৰিব লাগিব। কাম আগত। অলপ প্ৰেক্টিকেল হ’বলৈ শিকাচোন। আৰু মই তোমাৰ কথাবোৰ শুনি উত্তৰবোৰ দিয়ে আছোঁচোন।
: মই মৰিলেও চাগে আপুনি মোক জ্বলাবলৈ যোৱাৰ সলনি ইয়াতে বহি শ্ৰাদ্ধৰ হিচাব কৰি থাকিব।
শ্ৰীমতীৰ অভিমান৷
এইবাৰ শ্ৰীমানে লেপটপটো সামৰি শ্ৰীমতীৰ হাত এখনত ধৰি, চকুত চকু থৈ ক’লে,
: নো, তুমি মানুহজনী প্ৰেক্টিকেল হ’ব নোৱাৰিলা। মৰি যোৱা মানুহজনীৰ শ্ৰাদ্ধৰ হিচাব কিয় কৰিম হে? শ্ৰাদ্ধখন যেনেতেনে কৰি থৈ আহিবলগীয়াজনীক আনোতে কি কি দিম তাৰ হিচাবহে কৰিম। ভালকৈ আ-অলংকাৰ, কাপোৰ দি আনিব লাগিব। তুমি যোৱাৰ পিছত তাইৰ লগতে জীৱনৰ বাকীছোৱা কটাম যেতিয়া তাইৰো ভাল লগা বেয়া লগাবোৰত গুৰুত্ব দিব লাগিব৷
শ্ৰীমতী কলিতাই খঙতে হাতখন আঁজুৰি আনি ল’ৰা-ছোৱালীহালক মানে বাবু আৰু ধুনুক ক’লে,
: বল, আজি দিনটোৰ বাবে ফুৰিবলৈ যাওঁ। দুপৰীয়া বাহিৰতে খাম৷
ধুনুৱে সুধিলে,
: পাপাও আমাৰ লগত যাব ন মা?
: নাযায়। পাপা প্ৰেক্টিকেল মানুহ যে। আমিও আজিৰ দিনটোত অলপ প্ৰেক্টিকেল হ’বলৈ চেষ্টা কৰোঁ৷ ড্ৰেছ-পাতি সলাই লওঁ আহ।
শ্ৰীমান কলিতাই শ্ৰীমতী সাজু হোৱাৰ আগতেই গাড়ীখন উলিয়াই মুখত দুষ্ট হাঁহি এটিৰে পদূলিত ৰৈ থাকিল৷
☆ ★ ☆ ★ ☆
5:58 pm
মোৰ গল্প টো ফটাঢোল আলোচনীৰ বুকুত স্থান দিয়া বাবে আপোনাক সকলোলৈ মোৰ আন্তৰিক ধন্যবাদ জনালোঁ ।??