ফটাঢোল

ইটো সিটো – সুস্মিতা দাস

(১)

এণ্টাৰটেইনমেণ্ট

ডাক্তৰৰ ওচৰলৈ গৈছিলোঁ অলপতে৷ নামজ্বলা ডাক্তৰ৷ ৰ’ব লগা হ’ল বহু সময়৷ গধূলিৰ পিছত মানুহৰ সংখ্যাও বাঢ়ি আহিছিল৷ ওচৰতে মানুহ এগৰাকী আহি বহিল৷ লগত দুটা বডিগাৰ্ড, এটা সাতবছৰীয়ামান, আনটো প্ৰায় চাৰিবছৰীয়া৷ মোৰ পাল আহিবলৈ প্ৰায় এঘণ্টা আছিল বাবে মানুহগৰাকীৰ লগত কথা পাতো বুলি ভাবিলোঁ৷ মাকগৰাকীক অলপ বিৰক্ত দেখা গ’ল৷ সাতবছৰীয়াটোৰ পৰীক্ষা চলি আছে, মাকে আনিব বিচৰা নাছিল৷ বডিগাৰ্ড পিছে দেউতাকৰ লগত নাথাকে৷ মাকে বা ক’লৈ যায়, চাৰিবছৰীয়াটোৱে বা কি এক্সট্ৰা খাই পেলায়, গতিকে সিও যাব৷ ফলস্বৰূপে পূৰা খানদান আহিল ডাক্তৰৰ ওচৰলৈ৷ মাকে বুজোৱাত লাগিল সাতবছৰীয়াটোক,

‘তই বাহিৰতে থাকিবি, মই পটককৈ ভিতৰৰ পৰা আহিম৷’

‘ভাইটী যাব নে নাই? সি গ’লে ময়ো যাম৷’ তাৰ পোনপটীয়া উত্তৰ৷

মাকে এটা চকলেট বেগৰ পৰা উলিয়াই চাৰিবছৰীয়াটোক দিলে৷ সি সেইটো খোৱাত লাগিল। মাকে মৰমেৰে ক’লে, ‘সোণটো, তুমি বাহিৰতে থাকিবা দেই দাদাৰ লগত৷ মই যাম আৰু আহিম৷’

“না, মই যামেই৷ মই তোমাৰ লগত থাকিম৷’ চকলেট মুখত ভৰাই সিও উত্তৰ দিলে৷ মাক পুনৰ বিৰক্ত হৈ উঠিল ।

সময় পাৰ হৈ গৈ আছে৷ আৰু তিনিজনৰ পিছৰ তেওঁৰ নম্বৰ৷ সিহঁত দুয়ো ভিতৰলৈ যাবলৈ ৰেডী৷ ইফালে ডাক্তৰৰ কোঠাটো যথেষ্ট সৰু৷ মাকে নানা ধৰণৰ কথাৰ লগতে ডাক্তৰে বেজী দিব বুলি কৈও চাৰিবছৰীয়াক ফুচুলাব পৰা নাই৷ সাতবছৰীয়াই চাৰিবছৰীয়াটোক লেবেল দি ওচৰলৈ মাতিলে৷ সি গ’ল৷ সাতবছৰীয়াই গহীন স্বৰত ক’লে, ‘মই মাৰ লগত ভিতৰলৈ যাম, তই পাপাৰ লগত ইয়াতে থাকিবি৷ আমি যাম আৰু আহিম৷’ চাৰিবছৰীয়াই মন দি কথাখিনি শুনিলে, বুজিবলৈ যত্ন কৰিলে। খন্তেক সময় গুণা-গথাঁ কৰিলে কথাখিনি। তাৰপিছত….তাৰপিছত প্ৰচণ্ড জোৰেৰে সাতবছৰীয়াটোৰ পেটত গোৰ এটা শোধালে৷ হুৱা-দুৱা লাগি গ’ল অপেক্ষা গৃহত৷ এইখিনিলৈ চিটুৱেশ্বন আণ্ডাৰ কণ্ট্ৰল আছিল৷ পয়মাল লাগিল কেইচেকেণ্ডমান পিছতহে। সিহঁত দুটাৰ কাষতেই প্ৰায় তিনিবছৰীয়া, আকাশ নীলা ফ্ৰক পিন্ধা এজনী বৰ এটিটিউডত মাক দেউতাকৰ লগত বহি আছিল। তাই বৰ ধুনীয়াকৈ সাতবছৰীয়াটোৰ ফালে চাই হাঁহি দিলে। ফিৰ ক্যা থা…? সাতবছৰীয়াটোৱে চাৰিবছৰীয়াটোক…! মাকে তৰ্কিবই নোৱাৰিলে ঘটনাটো। বহিবলৈ ঠাই নোপোৱা বাবে অ’ত ত’ত থিয় হৈ থকা দেউতাক উৰি আহি ক্ৰেনে দঙা দি দাঙি চাৰিবছৰীয়াক উঠাই লৈ গ’ল। দেউতাকৰ চকু দুটা জ্বলি আছিল…! সাতবছৰীয়াই এক্সপ্লেনেশ্বন দিলে, ‘সি আগতে মাৰিছিল, চবে মোক হে দেখা পায়…৷’

মোৰ নামটো উচ্চাৰণ কৰাত চেম্বাৰৰ ভিতৰলৈ সোমাই গ’লোঁ৷ আধা বেমাৰ ভালেই হৈছিল প্ৰায় ।

(২)

গীত -গজল

তীখৰে আজিকালি গাড়ী চলাব পৰা হ’ল । মানে তাৰ ১৮ বছৰ পাৰ হ’ল বাবে আজিকালি ৰাস্তাত গাড়ী উলিয়াব পৰা হ’ল৷ মনৰ উলাহত আজিকালি তীখৰে দেউতাকক অফিচলৈ থ’বলৈ যায়৷ এনেই তীখৰে ভালেই গাড়ী চলায়৷ স্পিড লিমিট ৪৫-৫০ ৰ ভিতৰতে ৰাখে৷ বাওঁকাষেৰে অ’ভাৰটেক কৰাৰ স্বভাৱ তাৰ নাই৷ চিগনেল মানি চলে আৰু গধূলি হ’লে পাৰ্কিং লাইট জ্বলাই ৰাখে৷ কিন্তু কথাটো হ’ল যে তীখৰে গাড়ী চলালে ইংৰাজী গানহে বাজে মিউজিক চিষ্টেমত৷ কিবা বোলে সেই লিংকিন পাৰ্কৰ গান! কিবা বোলে চেষ্টাৰ…. নে কি! আৰু দুটামানৰ নাম খুব কয় সি– কোনোবা জাষ্টিন বিবাৰ, তাৰ হেনো প্ৰেয়সীজনী তাতকৈ ডাঙৰ, নামটো কিবা বোলে ছেলিনা গোমেজ? মুঠতে ঘৰে বাহিৰে মাথোঁ ইংৰাজী গীতৰ জয়গান৷ এদিন মাকে চাকি দি আছিল৷ তীখৰ বাথৰূমত৷ বিকট চিঞৰ শুনি মাক উধাতু খাই লৱৰি আহিল৷ তীখৰে হেনো লিংকিন পাৰ্কৰ গীতৰ বিলাপহে দি আছিল৷ তাক লৈ ভাল খকাখুন্দা লাগে ঘৰখনত৷

তীখৰৰ সেই ‘আই বিকাম চ নাম্ব…’, ‘ইটছ টেকেন টেকেন’ জাতীয় গীত শুনি শুনি অশান্তি লাগিল দেউতাকৰ। হ’ল বুলিলেই এই ১০ কিলোমিটাৰ বাট সদায়ে এনেহেন গীত শুনি অহা যোৱা কৰিব পাৰিনে? এদিন ৰাতি ভাতৰ পাতত তেওঁ কথাটো উলিয়ালে, ‘জানানে তীখৰৰ মাক, আমাৰ লগৰ নয়নৰ গাড়ীত কেতিয়াবা আহোঁ নহয়, কি ধুনীয়া ধুনীয়া পুৰণি হিন্দী গীত বাজি থাকে, নামিবই মন নাযায় গাড়ীৰ পৰা৷ আৰু আমাৰ ইয়াৰ মানে তীখৰৰ লগত গ’লে জঁপিয়াই নামি যাওঁ নামি যাওঁ যেন লাগে৷’ লাজুকুৰীয়া হাঁহি মাৰিলে তীখৰে৷ মানে তামাম লাজ পালে সি৷

পিছদিনা পুৱা৷ ধুনীয়াকৈ গাড়ী চাফা কৰিলে তীখৰে৷ কেছেটবোৰ খুঁচৰি খুঁচৰি উলিয়ালে সি৷ তাৰ কাৰনামা দেখি দেউতাকে মাকক ক’লে, ‘ই ল’ৰাটোৱে কথা বুজে দেই, মানে সি মানুহৰ ৰুচিবোধ বুজি পায়, দেখিছানে সি আজি পুৱাৰে পৰা কেনেকৈ হিন্দী গীতৰ কেছেট বিচাৰি আছে? এটা কাম কৰা, তুমিও ওলোৱা, মোক অফিচত নমাই থৈ মাহেকীয়া বজাৰখিনি লৈ আহিবা৷ এনেও আজি ইয়াৰ ক্লাছ নাই৷ ধুনীয়া গীত শুনি শুনি যাব পাৰিবা, আহিবও পাৰিবা৷ ই ভাল গাড়ী চলায়৷’

সাজি-কাচি মাক-দেউতাক গাড়ীত বহিল৷ তীখৰেও গাড়ী ষ্টাৰ্ট দিলে৷ মিউজিক চিষ্টেমত বাজি উঠিল হিন্দী গীত… ‘ফায়াৰ ব্ৰিগেড মংগৱা দে তু/ অংগাৰো পে হ্যে অৰমান…৷’

মাক-দেউতাকে সেই দিন ধৰি তীখৰৰ লগত গানৰ কথা আলোচনা কৰা নাই ।

☆ ★ ☆ ★ ☆

7 Comments

  • Pranita Goswami

    হাঃ হাঃ। বডিগাৰ্ড দুজনক চাবলৈ বৰ মন গৈছে। চিনাকি যে চৰিত্ৰ দুটা।
    বৰ ভাল লাগিল।

    Reply
    • Sushmita Das

      বাইদেউ, ধন্যবাদ জনালোঁ??

      Reply
  • জিতু

    ভাল লাগিল

    Reply
  • অতনু মেধি

    কিছু লিখিছে দেই একদম আমূল তাজাৰ পায়স মাফিক। ??

    Reply
    • Sushmita Das

      অতনু দা????

      Reply
    • PranabJyoti

      সুন্দৰ লিখিছা। বহুত ভাল লাগিল।

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *