ফটাঢোল

ঠাণ্ডা হাৱা-জয়ন্ত দত্ত

বোলো ঘটনাটো সেই তাহানিৰে, মানে হাবিতলীয়া গাঁওখনত গাড়ী-মটৰ বাদেই, বিজুলী সংযোগো নোহোৱা দিনৰে। মানুহবিলাকো চিধা-চাধা, খাইছে-শুইছে, মন গ’লেই ফুৰিছে তেনেধৰণৰ৷

মোমায়েকৰ ঘৰত থাকি তিনিবাৰ পঞ্চম শ্ৰেণীৰ পৰীক্ষা দি উভতি অহা মালতীৰ সমান শিক্ষিত গাঁওখনত কোনো নাই। কাজেই মালতীৰ যথেষ্ট প্ৰতিপত্তি গাঁৱত, নহ’লেনো গাঁৱৰে কনকলৈ বিয়া হোৱাৰ দুমাহতে ‘গাঁৱত থাকি কিডাল হ’ব, চহৰলৈ যাওক তেহে সন্মান বাঢ়িব’ বুলি গিৰীয়েকক জোৰকৈ চহৰত কাম কৰিবলৈ পঠিয়াই দিব পাৰেনে? সেইবোৰ বহুত কথা, মুঠতে মালতী গাঁওবাসীৰ বাবে সকলো সমস্যাৰ ‘ওৱানষ্টপ চল্যুশ্যন’।

ইফালে মালতীৰ কৃপাত কনক চহৰত থকা গাঁওখনৰ প্ৰথম ব্যক্তি। শইকীয়া উকীলৰ ঘৰত থাকি সি গাড়ী মচাৰপৰা বজাৰ কৰালৈকে সকলো কৰে। চাৰৰ গেৰেজৰ কাষত থকা তাৰ ‘ছিক্স বাই এইট’ৰ তৰ্জাৰ কোঠাটোলৈ মালতীক দুবাৰমান আনিছেও। অৱশ্যে বেছিদিন থকাকৈ নহয়, কেতিয়াবা ছাৰ-বাইদেউহঁত ক’ৰবালৈ ফুৰিবলৈ গ’লে আগদিনা সাউতকৈ গৈ মালতীক লৈ আহে আৰু এদিন বা দুদিন পিছত ছাৰহঁত আহি পোৱাৰ লগে লগে আকৌ থৈ আহে। মালতীৰ বাবে সেয়াই যথেষ্ট, দুদিনীয়া অভিজ্ঞতাৰ সমলেৰে গাঁৱত চহৰীয়া আদৱ-কায়দাৰ ফুলজাৰি মাৰে। যাহওক সেয়া সিহঁতৰ ‘পাৰ্চনেল মেটাৰ’, আমি মূৰ ঘমোৱাৰ দৰকাৰ নাই!

কিন্তু যোৱাবাৰ চহৰলৈ যাওঁতেহে ঘটিল অঘটনটো। উকীলহঁত ঘৰতে আছিল সেইবাৰ। ৰাতি বাইদেৱে মালতীক মাতি নিলে, ‘বোলো তোক ভালকৈ লগে পোৱাই নাই, আহচোন অলপ কথাকে পাতোঁ’। তায়ো বোলে, ‘অকল কথাকে পাতি থাকিমনে বাইদেউ, দিয়ক পাচলিখিনিকে কাটি দিওঁ।’ উকীলনীয়ে ভালেই পালে৷ মিচিকিয়াই হাঁহি মাৰি পাচলিখিনি উলিয়াবলৈ তেওঁ ফ্ৰীজৰ দুৱাৰখন খুলিলে। লগে লগে কি এক ধুনীয়া ঠাণ্ডা বতাহে মালতীৰ পিঠিখন শাঁত পেলাই দিলে।

সেয়াই কাল হ’ল। আঁৰ চকুৰে মালতীয়ে বতাহ অহা উৎসলৈ চালে যদিও বস্তুটো কি ধৰিব নোৱাৰিলে। ঘৰলৈ আহি সেইবাৰ মালতীৰ মুখত কেৱল বস্তুটোৰে গুণগান। ইমান ধুনীয়া ঠাণ্ডা হাৱা! গেলা গৰমত বিচনীৰে বিচি বিচি হাতৰ বিষ উঠোৱাৰ কোনো যুক্তিয়েই নাই, বাকচটোৰ দুৱাৰখন খুলিলেই একেবাৰে দেহ মন জুৰ পৰি যায়। গাঁৱৰ মানুহমখাই সেইবিলাক কি বুজি পাব!

দুমাহ ধৰি গিৰীয়েকক কুটুৰি কুটুৰি মালতীয়ে তেনে বাকচ এটা অানিবলৈ সৈমান কৰালে। উকীলৰ ষ্ট’ৰ ৰূমত বছৰদিন ধৰি বেয়া হৈ পৰি থকা ফ্ৰীজটোকে এদিন ঘঁহি-পিহি এডোখৰ ৰাস্তা বাছত আৰু তাৰপিছৰ ভগা ৰাস্তাডোখৰ ঠেলা এখনত ঘটং মটঙকৈ লৈ কনকে ঘৰ পালে৷ কনক ঘৰ পায় মানেচোতালত গোটেই গাঁওখন হাজিৰ।

সকলোকে একগোট হ’বলৈ কৈ ঠাণ্ডা হাৱাৰ ওপৰত সৰুকৈ ভাষণ দি সেৱা এটা কৰি মালতীয়ে চোতালতে বাকচটোৰ দুৱাৰখন খুলিবলৈ ল’লে। মানুহবিলাকেও মুখ মেলি এবাৰ বাকচটোলৈ আৰু এবাৰ মালতীলৈ চাই থাকিল৷

মালতীয়ে দুৱাৰখন খুলিলে৷ কিন্তু…ই কি ! ক’ত ঠাণ্ডা হাৱা? ভিতৰত দেখোন ভঙা চিঙা কিবা কিবি বস্তুহে সোমাই আছে! মালিকৰ ঘৰৰ ভঙা ফ্ৰীজে ক’ত আৰু ঠাণ্ডা হাৱা দিব?

মালতীয়েও অলপ থতমত খালে। কিন্তু বেছিসময়ৰ কাৰণে নহয়, আফটাৰ অল্ তাই ফাইভলৈকে পঢ়া আৰু চহৰত ‘নাইট ষ্টে’ কৰাৰ অভিজ্ঞতাৰে পৰিপুষ্ট । গহীন হৈ মানুহবিলাকলৈ চাই মালতীয়ে ক’লে— ‘সেইকাৰণে কওঁ, মানুহে চহৰলৈ গ’লেহে শিকিব পাৰে৷ মোৰ কথা ক’ত শুনিবি তহঁতে, গাঁৱতে সোমাই থাকিবি। গাঁওখন ইমান লেতেৰা-পেতেৰা কৰি ৰাখিছ, ইমান বেয়া পৰিবেশ, ক’ত আৰু ঠাণ্ডা হাৱা পাবি, ভিতৰৰ মেচিনেই ভাঙি গৈছে দেখিছ?’

☆ ★ ☆ ★ ☆

3 Comments

  • প্ৰদীপ বৰা

    আগতে এবাৰ পঢ়িছিলোঁ

    Reply
    • Anonymous

      হয়, গোটত দিছিলো । ধন্যবাদ জনালো ।

      Reply
  • জয়ন্ত দাস

    বঢ়িয়া

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *