কাৰ্টুনৰ কথা-নিতুপৰ্ণ ৰাজবংশী
মানুহৰ ইতিহাসৰ সৈতে সম্পৃক্ত চিত্ৰকলাৰ ইতিহাসো। সেই সূত্ৰেই পুৰাতন ব্যংগচিত্ৰৰ চৰ্চাও । গুহাত মানৱ জীৱনৰ জীৱন আৰু সভ্যতা নিৰ্ণয়ৰ লগে লগেই আৰম্ভণি কাৰ্টুনৰ। তৎকালীন বিভিন্ন কথা-কাণ্ডক আদিম মানুহে মনত ৰাখিবলৈ অথবা ৰস সৃষ্টিৰ বাবে ব্যংগচিত্ৰৰ মাধ্যমেৰে গুহাত অংকন কৰিছিল নিজস্ব ভাৱ আৰু চিন্তা। অৱশ্যে এয়া সম্পূৰ্ণ ব্যংগচিত্ৰ বুলি ডাঠি ক’ব নোৱাৰি যদিও এই চিত্ৰসমূহৰ প্ৰকাশ শৈলী আছিল ব্যংগ, বক্ৰ আৰু কৌতূহলউদ্দীপক। মানুহৰ মুখাবয়ৱ বিকৃত ৰূপত অংকনৰ যি পদ্ধতি তাৰ ক্ৰমানুসাৰ উত্থান-পতনৰ পৰিমাৰ্জিত ৰূপটোৱেই আজিৰ কাৰ্টুন। প্ৰাচীন কালত আছিৰিয়া, মিছৰ, গ্ৰীছ, ৰোম আদিত কেৰিকেচাৰৰ ব্যাপক প্ৰচলন আছিল। ভাৰতৰ অজন্তাৰ গুহা, বৌদ্ধ চিত্ৰচৰ্চাত আছিল কাৰ্টুনৰ ৰূপ। ইংৰাজসকলে একালত কাৰ্টুনকেই কেৰিকেচাৰ বুলি অভিহিত কৰিছিল। অৱশ্যে গৱেষকসকলৰ মতে ইটালীৰ ‘কাৰ্টোন’ শব্দটোৰ পৰাই ‘কাৰ্টুন’ শব্দটো আহিছে। এই কাৰ্টুন বা কেৰিকেচাৰৰ বিভিন্ন নিদৰ্শন মিছৰৰ পেপিৰাছৰ পুথি, প্ৰাচীন গ্ৰীকৰ বিভিন্ন পুথি-পত্ৰ, ৰোমৰ হাৰকুলেনিয়াম আৰু স্পেইনৰ ধ্বংসাৱশেষ আদিত পোৱা যায়। ভাৰতৰ সুপ্ৰাচীন অজন্তাৰ গুহাৰ বৌদ্ধ চিত্ৰ কৰ্মত প্ৰাচীন ব্যংগচিত্ৰৰ ৰূপ সুস্পষ্ট। ভাৰতৰ স্বাধীনতা আন্দোলনতো কাৰ্টুনে মুক্তিকামীসকলৰ দ্বাৰা প্ৰকাশিত পত্ৰিকাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আনহাতে, স্বৰাজোত্তৰ ভাৰতীয় সমাজ-ৰাজনীতিত নৱজাগৰনৰ সৃষ্টি কৰে কাৰ্টুনে। প্ৰসিদ্ধ কাৰ্টুনিষ্ট কেশৱ শংকৰ পিল্লায়ে ‘শংকৰছ উইকলি’ নামেৰে প্ৰকাশ কৰা সাপ্তহিক কাৰ্টুন আলোচনীখনে ভাৰতীয় কাৰ্টুনৰ ৰেহ-ৰূপেই সলনি কৰি দিয়ে। সেইদৰে আৰ কে লক্ষ্মণ, আবু আব্ৰাহাম, ৰংগা প্ৰমুখ্যে বৰেণ্য কাৰ্টুনিষ্টসকলে ভাৰতীয় কাৰ্টুনক কাললৈ সমৃদ্ধ কৰি তোলে।
কৌতুকপ্ৰিয় লোকজীৱন আৰু লোক সংস্কৃতিৰ আধাৰতেই ব্যংগচিত্ৰবোৰ অংকিত হৈছিল। অসমীয়া কাৰ্টুন বা ব্যংগচিত্ৰৰ ইতিহাসো পুৰাতন। অসমৰ প্ৰাচীন বিগ্ৰহ বা গুহাতো ব্যংগচিত্ৰৰলেখীয়া ঠাঁচৰ অৱস্থিতি মন কৰিবলগীয়া। সমাজ সংস্কাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাঁচিপাতত অংকিত ছবিসমূহত ব্যংগচিত্ৰশৈলীৰ প্ৰভাৱৰ পৰা অসমত এই শিল্পৰ চৰ্চা যে লোক জীৱনতো আছিল সেই কথা ঠাৱৰ কৰিব পাৰি। কিন্তু অসমীয়া আধুনিক কাৰ্টুনক পৰম্পৰাগত শৈলীৰ আধাৰত প্ৰতিষ্ঠা কৰা মূল মানুহজন হ’ল লক্ষ্মীনাথ বেজবৰুৱা। অৱশ্যে, প্ৰথম অসমীয়া কাকত ‘অৰুণোদয়’ৰ যোগেদি কাৰ্টুনে ভূমুকি মাৰিছিল যদিও সেই কাৰ্টুনসমূহ আছিল কাৰ্টুন ব্যাখ্যাচিত্ৰহে। পৃথিৱীব্যাপি ব্যংগচিত্ৰই আলোড়ন তোলাৰ সময়তে অসমৰ পৰা সাহিত্যৰথী বেজবৰুৱাই প্ৰবল উদ্যমেৰে অসমীয়া কাৰ্টুনকো বিশ্বৰ ব্যংগ শিল্পৰ ইতিহাসত খোদিত কৰিবলৈ সক্ষম হৈছিল। লক্ষ্মীনাথ বেজবৰুৱাই ‘বাঁহী’ আলোচনীত নিজেই কাৰ্টুন আঁকি অসমীয়া কাৰ্টুনৰ সুঁতি এটা বোৱাইছিল। ব্যংগচিত্ৰৰ মাধ্যমেৰে সমাজ-ৰাজনীতিকে ধৰি বিভিন্ন দিশৰ দুষ্কাৰ্য আৰু অপ্ৰিয় সত্যসমূহ উদঙাই দি সমাজক সচেষ্ট কৰি জনমত গঠনেৰে প্ৰতিবাদ সাব্যস্ত কৰিব যে পাৰি, সেই কথা বেজবৰুৱাই ‘বাঁহী’ৰ পাতত ভেঙুচালিসুলভ চিত্ৰ আৰু ব্যংগ চিত্ৰ আঁকি অসমীয়া সমাজক বুজাই দিছিল। মুখ্যতঃ মধ্যবিত্তৰ অহমিকা, ভেম, জমিদাৰী ব্যৱস্থাৰ কদৰ্যময়তাৰ বিৰুদ্ধে আছিল তীব্ৰ প্ৰতিবাদ। ব্যংগচিত্ৰসমূহৰ চালিকাশক্তি আছিল পিছপৰা অসমীয়া সমাজখনৰ সৰ্বসাধাৰণৰ চিঞৰ। ৰাজনৈতিক আৰু সামাজিক চেতনা আছিল অতি প্ৰবল আৰু গূঢ়াৰ্থপূৰ্ণ। তৎকালীন শাসকপক্ষই গোৱালপাৰাক বংগদেশত অতি চক্ৰান্তমূলকভাৱে অন্তৰ্ভুক্ত কৰিব খোজা স্পৰ্শকাতৰ বিষয়ক লৈ বেজবৰুৱাই ‘বাঁহী’ৰ পাতত অংকন কৰা গুৰুত্বপূৰ্ণ ব্যংগচিত্ৰই শাসকপক্ষক জোকাৰি যোৱাৰ লগতে অসমীয়া সমাজখনতো আলোড়নৰ সৃষ্টি কৰিছিল। এই ব্যংগচিত্ৰ আছিল জাতীয়তাবাদৰ সাৰ্থক প্ৰকাশ। আনহাতে অসমৰ অঞ্চলভেদে স্বকীয় ভাষাৰ ব্যৱহাৰ, ইয়াক লৈ একাংশ মানুহৰ মাজত অৰুচিকৰ-অস্বাস্থ্যকৰ যুঁজ-বাগৰ, বাক-বিতণ্ডাই সমাজখন অস্থিৰ আৰু দিশহাৰা কৰি তোলাৰ বিষয়তো বেজবৰুৱাই ব্যংগচিত্ৰৰ মাজেৰেই কঠোৰ সমালোচনা আৰু কটাক্ষ কৰি অসমীয়া সমাজখনক সকীয়নি দিছিল। ইংগিতধৰ্মী আৰু চিত্তাকৰ্ষক ব্যংগচিত্ৰসমূহৰ যোগেদি বেজবৰুৱাই মানুহক হাঁহি উঠাবৰ বাবে অথবা ক্ষণিক ৰস সৃষ্টিৰ বাবে ভাকুটকুটাই দিয়া নাছিল। তৎকালীন ছপা মাধ্যমৰ সীমিত সা-সুবিধাৰ আওতাৰেই বেজবৰুৱাই অতি কষ্টসাধ্য প্ৰচেষ্টাৰে ব্যংগচিত্ৰবোৰ ‘বাঁহী’ৰ পৃষ্ঠাত প্ৰকাশ কৰিছিল। বেজবৰুৱাৰ চিন্তাৰ এই নতুন সুঁতিটোৱে অসমীয়া ব্যংগচিত্ৰক পথ প্ৰদৰ্শন কৰাই নহয়, অসমীয়া চিত্ৰকলাকো সমানে সমৃদ্ধ আৰু ঐশ্বৰ্যশালী কৰি তুলিছিল।
অসম তথা উত্তৰ-পূবৰেই প্ৰথমগৰাকী কাৰ্টুনিষ্ট হিচাপে বেজবৰুৱাই সম্পূৰ্ণ একক প্ৰয়াসেৰে অসমীয়া ব্যংগচিত্ৰক এখন উচ্চ আসনত অধিষ্ঠিত কৰাই থৈ গ’ল যদিও ৰসৰাজোত্তৰ কালত অসমীয়া ব্যংগচিত্ৰই এটা বিৰতিৰ মূৰতহে মূৰ দাঙি উঠি পুনৰ যাত্ৰাৰম্ভ কৰিবলৈ সকাহ পায়। ‘জনমভূমি’, ‘আছাম ট্ৰিবিউন’, ‘নতুন অসমীয়া’, ‘সাদিনীয়া নৱযুগ’, ‘ৰামধেনু’, ‘অসমবাণী’ আদি কাকত-আলোচনীত অসমীয়া ব্যংগচিত্ৰই নতুন ৰূপত ঠন ধৰি উঠে। পুনেৰ পৰা অহা বাপট ওৰফে কেশৱ নামৰ এজন শিল্পীয়ে ‘আছাম ট্ৰিবিউন’ আৰু ‘অসমবাণী’ৰ পৃষ্ঠাত এলানি গুৰুত্বপূৰ্ণ কাৰ্টুন আঁকিছিল। তেওঁৰ কাৰ্টুনসমূহ দুয়োখন কাগজৰে পৃষ্ঠাত অতি গুৰুত্বসহকাৰে প্ৰকাশ পাইছিল আৰু এই কাৰ্টুনসমূহে পঢ়ুৱৈক বাৰুকৈ আকৰ্ষিত কৰিছিল। উল্লেখযোগ্য যে, অসমীয়া কাৰ্টুনত নতুন ধাৰাৰ প্ৰৱৰ্তন কৰা পুলক গগৈয়ে ‘আছাম ট্ৰিবিউন’ আৰু ‘দৈনিক অসম’ত ধাৰাবাহিকভাৱে কাৰ্টুন আঁকিবলৈ লয়। ‘সাদিনীয়া নৱযুগ’, ‘নতুন অসমীয়া’, ‘জনমভূমি’, ‘ৰামধেনু’ পিছলৈ ‘সাদিন’, ‘অবিকল’ আদিত কাৰ্টুন আঁকিও তেওঁ যথেষ্ট সমাদৰ লাভ কৰে। ১৯৬৭ চনত পুলক গগৈয়ে নিজস্ব সম্পাদনাত কলকাতাৰ পৰা প্ৰকাশ কৰে অসমৰ প্ৰথমখন ব্যংগচিত্ৰৰ আলোচনী ‘কাৰ্টুন’। আৰ্থিক দৈন্যৰ মাজতো প্ৰকাশ পোৱা পুলক গগৈৰ ‘কাৰ্টুন’-এ অসমীয়া ব্যংগচিত্ৰক সমৃদ্ধ কৰি তোলে। অসমীয়া শিল্প সাহিত্যলৈ ‘কাৰ্টুন’ৰ বৰঙণি অবিস্মৰণীয়। ‘আছাম ট্ৰিবিউন’ গোষ্ঠীত বিশিষ্ট চিত্ৰশিল্পী ত্ৰৈলোক্য দত্তই ব্যংগচিত্ৰ আঁকি বিশেষ সমাদৰ আৰু জনপ্ৰিয়তা লাভ কৰিছিল। ধ্ৰুপদী ব্যাখ্যাচিত্ৰ অংকন আৰু হাতৰ আখৰেৰে বিশেষ দক্ষতা আৰু পৰিচিতি অৰ্জন কৰা দত্তৰ কাৰ্টুন শৈলীয়েও অসমীয়া পঢ়ুৱৈক মোহাচ্ছন্ন কৰিছিল। ‘দৈনিক অসম’ৰ প্ৰথম পৃষ্ঠাৰ ‘কাঁহুদী’ৰ লগতে সম্পাদকীয় পৃষ্ঠাৰ ‘সময়ৰ শৰ’ শীৰ্ষক শিতানত দত্তই অঁকা কাৰ্টুনত প্ৰকাশ পায় তৎকালীন অসমীয়া সমাজ আৰু ৰাজনীতিৰ বহু নিৰ্মোহ চিত্ৰ। অসমৰ প্ৰেক্ষাপটত বিভিন্ন সময়ত কাৰ্টুনে অতি দায়িত্বসহকাৰেই ভূমিকা লৈছে যদিও আজিও অসমত কাৰ্টুনৰ চৰ্চা তাকৰ। ইয়াৰ মাজতেই ৰবীন বৰুৱাৰ উদ্যোগত আৰু সতীশ ভট্টাচাৰ্যৰ সম্পাদনাত প্ৰকাশিত হাস্য-ব্যংগ আলোচনী ‘অবিকল’-এ ব্যংগ ৰচনাৰ সমানে ব্যংগ চিত্ৰকো অগ্ৰাধিকাৰ দিছিল। ’৯০ দশকৰ মাজভাগত প্ৰকাশিত অধুনালুপ্ত ‘অবিকল’-এ এদল নতুন ব্যংগচিত্ৰকৰৰ জন্ম দিয়াৰ লগতে অসমীয়া ব্যংগচিত্ৰক পুনৰুজ্জীৱিত কৰি তুলিবলৈ সক্ষম হৈছিল।
সংবাদপত্ৰত কাৰ্টুন বা ব্যংগচিত্ৰ এক অপৰিহাৰ্য অংগ। দেশ-বিদেশৰ সংবাদ মাধ্যমে ব্যংগচিত্ৰক সদায় কাকত এখনৰ সম্পাদকীয়ৰূপেই প্ৰকাশ কৰি আহিছে। এই প্ৰসংগত প্ৰথিতযশা সাংবাদিক-সম্পাদক তিলক হাজৰিকাই কৈ গৈছে– ‘কাৰ্টুন কেৱল হাঁহি উঠা ছবিয়েই নহয়। ই এটা সমৃদ্ধ চিত্ৰশিল্প। এজন বিচক্ষণ কাৰ্টুন শিল্পী হ’বলৈ চকুৰ দৃষ্টিশক্তিতকৈ মনৰ আৰু বোধশক্তিৰ দৃষ্টিকোণৰ প্ৰখৰতা লাগে। এটা বুদ্ধিদীপ্ত কাৰ্টুন এটা সুক্ষ্ম বিশ্লেষণযুক্ত সম্পাদকীয়ৰ সমকক্ষ।’ একোখন সাৰ্থক ব্যংগচিত্ৰই মানুহৰ চেতনাক জোকাৰি যায়। বিবেকক দংশে। হুঁহুৱায়। কন্দুৱায়। চিন্তাৰ উদ্ৰেক ঘটাই সচেষ্ট কৰে আপামৰ মানুহক। প্ৰবল জীৱনবোধ সম্পৃক্ত একোখন ব্যংগচিত্ৰহে মানুহৰ সবল কণ্ঠ। এজন কাৰ্টুনিষ্ট মূলতঃ মানুহৰ শিল্পী।
☆ ★ ☆ ★ ☆