ভাড়াঘৰ-মিনতি মহন্ত
ভাড়াঘৰৰ তিক্ততা লৈ আজি এটা নতুন কাহিনী পঢ়ুৱৈৰ মাজলৈ আগবঢ়াইছোঁ, নাজানো পাঠক সকলে কি পায়৷ কাৰোবাৰ মনত আঘাত দিবৰ বাবে মোৰ অকনো ইচ্ছা নাই, মাত্ৰ ঘটি থকা ঘটনাকেহে আগবঢ়াই আছোঁ দেই৷
এবাৰ অকলে থাকিম বুলি খালি হৈ থকা চিংগল কোঠাটোত এগৰাকী মহিলাই পুৰঠ জীয়েকক লৈ সোমালেহি৷ এইটোও হয়, গাভৰু জীয়েকজনীক ক’ত বেলেগে ৰাখিব। গিৰীয়েক থাকে অসমৰ বাহিৰত, ছোৱালীয়ে হাইস্কুলত পঢ়ি আছে, স্কুল সলাই থাকিবলৈ দিগদাৰ হয়।
মহিলাগৰাকীয়ে সদায় দিনৰ ন- মান বজাত ওলাই যায়, ৰাতি আঠ মান বজাত সোমায়হি। কোনোবা এটা নামজ্বলা পাৰ্টিৰ অফিচত কেৰাণীৰ কাম কৰে হেনো। ৰূম দিওঁতেই কৈছিলোঁ আলহী আহি থাকিব নোৱাৰিব বুলি। ‘কোননো আহিব’, তেওঁৰ উত্তৰ আছিল। ঠিকেই আছে তেনেহ’লে।
লাহে লাহে দিনৰ পৰা মাহ কেইটামান পাৰ হ’ল। মহিলাৰ ৰূমলৈ উভতাৰ সময়ো বাঢ়ি গ’ল। গে’ট বন্ধ কৰিবলৈ সদায় ৰ’ব লগা হ’ল। এদিন আকৌ সুধিলোঁ কিয় দেৰি হয়৷ তেওঁৰ উত্তৰ— ‘পাৰ্টিৰ অফিচৰ মানুহ শেষেই নহয়, বহুত দেৰিলৈকে কাম কৰিব লাগে।’ সেইকাৰণে হেনো পলম হয় – গপচত ক’লে। কথা কওঁতে কিবা এটা ভেকেটা গোন্ধ আহি নাকতে সোমালেহি ; একো নকলোঁ অৱশ্যে। সদায় খাপ পিটি ৰৈ থকাতকৈ পাছদিনা চাবি এপাটকে দিলো গে’টখন বন্ধ কৰিবলৈ। হে হৰি, উদক হে ভেটা ৰখীয়া পতা হ’ল! সুবিধা পাই ভদ্ৰ মহিলাই দুদিনমানৰ পাছৰ পৰা বেলেগ বেলেগ কলিগ আনি ৰাতি মদ-ভাতৰ আড্ডা বহাবলৈ ধৰিলে। ৰাতি হলে ৰূমৰ ভিতৰত হাঁহি খিকিন্দালি, বটল – গিলাচৰ ঠুং ঠাং … মাংসৰ মলমলীয়া গোন্ধে আমাৰ কোঠা পায়হি। কি কৰিম এতিয়া! এইবোৰক লৈ মাথাটো নষ্টহে কৰা হৈছে৷ বহুত ৰাতিলৈকে শুবও নোৱৰা হ’লোঁ। মহিলাই আৰামত পুৱা ন বজাতহে উঠে! যাঃ যি হয় হ’ব আৰু বুলি ভাবি এদিন পুৱা লগ ধৰি সোধাত মহাশয়াৰহে বৰ বৰ মাত শুনিবলগা হ’ল— ‘দিনটো তলমূৰৰ পৰা ওপৰ মূৰ কৰিবলৈ সময় নাপাওঁ, ৰাতি অকণমান কলিগৰ লগত ধেমালি কৰোঁ, কি মহাভাৰতখন অশুদ্ধ হ’ল? অঁ যি মন যায় তাকে কৰিম।’
পাঠক সকল, ভাবকচোন, এনেকুৱা অৱস্থাত কি কৰা উচিত বাৰু?
নিৰুপায় হৈ সোনকালে ৰূম খালি কৰিবলৈ দি ক’লোঁ— ‘দুমাহৰ ভাড়া বাকী আছে, দি যাব।’ তেওঁ জকজকাই উঠিল৷ নগ’লে কি কৰিব নাযাওঁ বুলি দুৱাৰ বন্ধ কৰি সোমাই থাকিল।
লগৰ কেইগৰাকীমানৰ লগত আলোচনা কৰি শেষত থানাত জনাবলৈ বাধ্য হ’লোঁ। নটিচ এখন লিখাই আনি সেইদিনা ৰাতিয়ে ভদ্ৰ মহিলাক দিলোঁ। নাই, তেওঁৰ গা লৰাব থানাৰ নটিচেও নোৱাৰিলে।
কেইদিনমানৰ পাছত, তিনিজনীমান লগ হৈ পুনৰ থানাত সবিশেষ জনালোঁ। থানাই এইবাৰ কৃপা কৰিলে৷ ফাইনেল নটিচ এখন কনিষ্টবল এগৰাকীয়ে আহি নিজেই দৰ্জাত আঁৰি দিলেহি, মানুহজনীক লগ নোপোৱাৰ কাৰণে। এইবাৰ সেইখন নটিচ পোৱাত ভাড়া আৰু লাইটৰ বিল পৰিশোধ নকৰাকৈ তেওঁ গাড়ীত বস্তুবোৰ তুলি যাবলৈ ওলালে৷ দিবলগীয়া টকাকেইটা দি যোৱাৰ কথা ক’বলৈহে পালোঁ, কথা নাই, বতৰা নাই, লোহা নে কি নেদেখিলোঁ, পাছফালৰ পৰা সেইডালেৰে দিলে নহয় মূৰতে মাৰি৷ মই চিতভোলোঙা খাই পৰি গলোঁ। উলটি এবাৰলৈও নোচোৱাকৈ ফোঁ-ফোঁৱাই গাড়ীত উঠি গুছি গ’ল। মোৰ চিঞৰ শুনি ওচৰৰ কেইগৰাকীমান বান্ধৱী আহি লগে লগে ৰিক্সাত তুলি মোক ফাৰ্মাচি এখনলৈ নি ডাক্টৰক দেখুৱালেগৈ। ডাক্টৰে বেজি এটা দি এসোপামান দৰৱ দি পঠালে। ভাগ্যে মূৰটো নাফাটিল৷
ৰাতিটো কেঁকাই গেঁথাই থাকি পাছদিনা দুগৰাকী বান্ধৱীক লগত লৈ গৈ থানাত এজাহাৰ এখন দিলোঁগৈ৷ কিন্তু থানাই গুৰুত্ব দিবলৈ সময়ে নাপালে কিজানি৷
এনেকুৱা হ’লে কেতিয়াবা ভাড়াতীয়াৰ হাততে প্ৰাণ যোৱাৰ আশংকা নুই কৰিব নোৱাৰি। সকলো ক্ষেত্ৰতে ভাড়া দিলে সাৱধান আৰু সষ্টম হৈ থাকিব লাগিব।
☆ ★ ☆ ★ ☆
3:42 pm
কি কয় বৰ্মা এনে ফাল্টু মানুহ থাকেনে বাৰু।
7:19 pm
উমম। চিন্তা কৰিব লগীয়া কথা। আজি কালি ভাড়াতীয়া চিনিব নোৱাৰিপ্ৰথমে। আগলৈ সাবধান হোৱাটো ভাল।
11:29 am
দুমাহমানৰ আগধন লৈ ল’ব লাগে আৰু ভালকৈ এগ্ৰিমেণ্টত চহী কৰি ল’ব লাগে ৷
12:09 pm
ইচ ৰাম! কি মানুহ ও