ফটাঢোল

শ্বিলং ভ্ৰমণৰ লটিঘটি – দিলীপ ৰঞ্জন কাকতি

২০০৬ চন মানৰ কথা। গুৱাহাটীতে চাকৰি কৰি আছোঁ। তেতিয়াই শ্বিলঙৰ ল’ৰা এজনৰ সৈতে বন্ধুত্ব হ’ল। বন্ধুজন মণিপুৰী, দেউতাকৰ চাকৰিসূত্ৰে শ্বিলঙতে স্থায়ীভাৱে থাকে। গুৱাহাটীত আন এজন মণিপুৰী বন্ধুৰ সৈতে একেলগে থাকে। সম্ভৱতঃ অক্টোবৰ মাহৰ কোনোবা এদিন বন্ধুৱে হঠাতে ঘৰত কিবা সকাম থকাৰ বাবে মণিপুৰৰ বন্ধুজনৰ সৈতে পিছদিনা শ্বিলঙলৈ নিমন্ত্ৰণ দিলে। নোযোৱাৰ কোনো কথাই নাই। শ্বিলঙৰ দৰে ঠাইত থকা, খোৱা, ঘূৰা সকলো৷ আৰু কি লাগে! লগে লগে দুয়োজনে মান্তি হৈ দুদিনীয়াকৈ শ্বিলং ভ্ৰমণৰ প্লেন বনালোঁ। যাবৰ বাবে অফিচৰ পৰা চুটিও ল’লোঁ। স্থানীয় বন্ধুজনৰ লগতেই শ্বিলং চহৰখন ধুনীয়াকৈ ফুৰিম বুলি ঠিক কৰিলোঁ৷

সেই সময়ত গুৱাহাটীত ভীষণ গৰম। গতিকে সেই নিৰ্দিষ্ট দিনা গুৱাহাটীত পিন্ধাৰ দৰেই সাধাৰণ কাপোৰ এযোৰ পিন্ধিয়েই শ্বিলঙলৈ যাত্ৰা কৰিলোঁ। গৈ থাকোঁতে বৰাপানী পাৰ হোৱাৰ পিছৰে পৰা কিনকিনিয়া বৰষুণ দিবলৈ ধৰিলে। আমাৰো ঠাণ্ডা লাগি আহিবলৈ ধৰিলে। বাকী যাত্ৰীবোৰে গৰম কাপোৰ উলিয়াই ল’লে। আমি যিমানে শ্বিলঙৰ ওচৰ চাপি গৈছোঁ সিমানে ঠাণ্ডা বাঢ়ি আহিল। বন্ধুৱে হঠাতে মতাৰ বাবে আহোঁতে গৰম কাপোৰৰ কথা চিন্তাই কৰিবৰ নহ’ল। ইপিনে বৰষুণ, তাতে আকৌ ফেৰফেৰীয়া ঠাণ্ডা বতাহো আৰম্ভ হ’ল৷

অৱশেষত ঠাণ্ডাত কঁপি কঁপিয়েই পুলিচ বজাৰত নামিলোঁ। তাত আগৰ পৰাই ৰৈ থকা বন্ধুৱে গাড়ীৰে তেওঁৰ ঘৰলৈ লৈ গ’ল। বন্ধুৰ ঘৰত গাড়ীৰপৰা নমাৰ পিছত ঠাণ্ডাত আমাৰ অৱস্থা আৰু বেছি কাহিল হ’ল‌। তেওঁলোকৰ ঘৰৰ আন মানুহবোৰে‌ও আমাক চিৰিয়াখানাৰ জন্তু চোৱাৰ দৰে ঘূৰি ঘূৰি চালে৷ তেওঁলোকে হয়তো ভাবিছিল যে এই মৰ ঠাণ্ডাত এনেদৰে তেলফুটি মৰা এই দুটা কোন? তাত প্ৰায় সকলোৰেই গাত চুৱেটাৰ, জেকেট পিন্ধিও লগতে জুইৰ উম লৈ আছে। অলপ ৰক্ষা পালোঁ বন্ধুৰ ঘৰৰ চৌহদৰ বৃহৎ জুই একুৰা দেখি। কিন্তু কি হ’ব? ঠাণ্ডা বতাহ আৰু কিনকিনিয়া বৰষুণৰ বাবে জুইয়েও ৰক্ষা নকৰিলে। জুইত শৰীৰৰ এফাল গৰম হ’লে আনফাল ঠাণ্ডা হৈ পৰে, বতাহে বিন্ধি থৈ যায়। বাহিৰত কিন্তু মানুহবোৰক আমি যে ঠাণ্ডাক বশ কৰি লৈছোঁ তেনে দেখুৱাইছিলোঁ৷ ইপিনে বন্ধুৱে সকামৰ বাবে ব্যস্ত থকাত আৰু নিজৰ অদূৰদৰ্শিতাৰ বাবে লাজতে কথাটো ক’বও নোৱৰা হ’লোঁ। অৱশেষত উপায় নাপাই বন্ধুক অলপ ঠাণ্ডা লগা বুলি কোৱাত তেওঁ সমস্যাটোৰ সমাধান উলিয়ালে। মোৰ লগত যোৱা বন্ধুজনো যিহেতু মণিপুৰী আছিল আৰু তেওঁ সকামৰ দুই এটা কামত সহায় কৰি আছিল সেইবাবে তেওঁৰ জেকেট এটা বিচাৰি লোৱাত অসুবিধা নহ’ল৷ তেওঁ মোক এটা ৰূমৰ ভিতৰলৈ নি দৰ্জা-খিৰিকী বন্ধ কৰি ইলেকট্ৰিক হিটাৰ এটাৰ সৈতে বহি থাকিবলৈ দিলে। ময়ো ইলেকট্ৰিক হিটাৰটোৰ সন্মুখত দিনটো বহি বহি মনৰ মাজতে শ্বিলং চহৰখন ঘূৰি ফুৰিলোঁ। কিমান আশা লৈ আহিলোঁ আৰু ক’ত ফচি মৰিলোঁ! কেৱল ভাত খাবলৈহে ৰুমৰ বাহিৰলৈ ওলালোঁ। তাকো মুকলি ঠাই বাবে ঠাণ্ডাৰ প্ৰকোপত ভালকৈ খাব‌ও নোৱাৰিলোঁ। আবেলিলৈ সকাম শেষ হোৱাত পিছদিনা অফিচত দৰকাৰী কাম আছে বুলি বন্ধুক কৈ সেইদিনাই বিয়লি মোক গুৱাহাটীৰ গাড়ীত উঠাই দিবলৈ ক’লোঁ। বন্ধুৱে থাকিবলৈ বৰ জোৰ কৰিছিল যদিও ঠাণ্ডাৰ প্ৰকোপত থকাৰ সাহস নহ’ল। পুৱা শেনটোৰ দৰে শ্বিলঙলৈ গৈ গধূলি ফেঁচাটোৰ দৰে আহি গুৱাহাটী পালোঁহি।

☆ ★ ☆ ★ ☆

3 Comments

  • Pranita Goswami

    এইবোৰেই জীৱনৰ অভিজ্ঞতা।

    Reply
  • Prodip Borah

    ভ্ৰমণটো উপভোগ্য নোহোৱাৰ বাবে মোৰ ১০ মিলি মান চকুৰ পানী ওলাল ৷

    Reply
  • মিলন চন্দ্ৰ দাস

    মোৰো উটিত গৈ তেনে অৱস্থা হৈছিল।তাত ছুৱেটাৰ কিনিহে ৰক্ষা। জুলাই মাহতে গৈছিলো। পঢ়ি ভাল লাগিল যদিও আপুনি অনুভব কৰা কষ্টখিনি ময়ো সমানে অনুভব কৰি দুখৰ সমভাগী হলো।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *