জীৱনৰ ছন্দ-বেবী শৰ্মা চৌধুৰী
গাঁওখন চহৰৰ পৰা ভালেখিনিয়েই নিলগত। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ফালেদি গাঁওখনৰ এটা সুনাম আছে। এইটো গাঁওখনৰ বাবে এটা ডাঙৰ বিশেষত্ব। গাঁওখনৰ আন এটা বিশেষত্ব হ’ল- ধনীয়েই হওক বা দুখীয়াই হওক সকলোৰে বাসস্থানবোৰ হ’ল জুপুৰিঘৰ। প্ৰত্যেকৰে ঘৰৰ সন্মুখত একোজোপাকৈ নাৰিকলৰ গছ আছে। গাঁওখনৰ মাজভাগতে এটা নামঘৰ আছে। বিহুৱে পূজাই সকলোৱেই এই নামঘৰটোলৈ সেৱা জনাবলৈ আহে। নামঘৰটোৰ পৰা নাতিদূৰৈৰ ডাঙৰ আমগছজোপাৰ গাতে লাগি থকাকৈ থকা জুপুৰিটোত এহাল বৃদ্ধই বাস কৰে। তেওঁলোক দুয়ো বুঢ়া-বুঢ়ী বছৰৰ প্ৰতিটো দিনতেই যেন সুখী! হাঁহিমুখীয়া তেওঁলোক দুয়ো সকলোৰেই প্ৰিয়পাত্ৰ।
চৰকাৰী চাকৰিয়াল অনুপম তেওঁলোকৰ একমাত্ৰ সন্তান। চাকৰিসূত্ৰে সি বাহিৰত থাকে। মাক-দেউতাকৰ আৰ্হিত গঢ় লৈ উঠা অনুপমো বৰ সহজ-সৰল প্ৰকৃতিৰ। চাকৰিৰ খাতিৰত সি বহুদিন ঘৰলৈ আহিব পৰা নাই।
এইবাৰ পিছে কেইদিনমান ছুটী লৈ সি ঘৰলৈ আহিছে৷ এইবাৰ সি খেতি মাটিখিনি আধি খোৱা ভাল মানুহৰ হাতত দিয়াৰ উপৰিও ঘৰটোও অলপ মেৰামতি কৰি দিয়াৰ কথা ভাবিছে। মাক-দেউতাকক সি তাৰ লগত থকাৰ কথা কৈ, বহুবাৰ নিব খুজিও ব্যৰ্থ হৈছে।
দৰাচলতে, অনুপমৰ মাক-দেউতাক আগৰে পৰাই গাঁৱত থকা মানুহ। জন্ম হৈছে তেওঁলোকৰ গাঁওতেই আৰু জীৱিকা অৰ্জনো কৰিছে গাঁওতেই। সি দেউতাকক এই প্ৰস্তাৱ দিওঁতেই দেউতাক বৰ চিন্তিত হৈছিল। মনে মনে তেওঁ ভাবিছিল- “বোপা-ককাৰ দিনৰে পৰা পৰম্পৰাগতভাৱে লাভ কৰি অহা ‘কৃষক’ বৃত্তিটোনো বাদ দিয়া যায় কেনেকৈ এতিয়া! বাদ দি তেওঁ কৰিবই বা কি! লিখা-পঢ়া কৰি যদি বিদ্বান হ’ল হয়, তেতিয়াহ’লেও কিজানিবা কিবা এটা চাকৰি কৰি খাব পাৰিলেহেঁতেন!কিন্তু, সেইফালেদিওতো নহ’ল! প্ৰাথমিক বিদ্যালয়লৈ দুদিনমান গৈ, কিতাপৰ আখৰকেইটাৰ লগত চিনাকি হৈছিল মাত্ৰহে, তেনেতেই আৰ্থিক দীনতা আৰু ঘৰুৱা বিভিন্ন অসুবিধাৰ বাবে ‘শিক্ষা জীৱন’ৰ ইতিৰেখাডাল টানিব লগা হৈছিল।”
ছুটী লৈ অনুপম ঘৰত থকাকেইদিন গাঁৱৰে ফণী নামৰ কৃষক বন্ধুজনক খেতিৰ দায়িত্ব দি অনুপমৰ দেউতাক ঘৰতেই আছিল। কাৰণ, বাৰ্দ্ধক্যত ভৰি থোৱা দেউতাকে এতিয়া আৰু খেতি কৰিবলৈ পথাৰত নমা দেখা পালে অনুপমৰ খং উঠিব। সেয়েহে, সি ঘৰত থকা কেইদিন তেওঁলোক দুয়ো মাক-দেউতাক তাৰ লগত একাত্ম হৈ পৰিছিল। ছুটীৰ সময় শেষ হোৱাত অনুপমে এদিন তাৰ কৰ্মস্থলীলৈ যাবলৈ ওলোৱাত সজল নয়নেৰে মাক-দেউতাকে তাক পদূলিমুখলৈ আগবঢ়াই দিছিল।
অনুপম চকুৰ আঁৰ হৈছিল নে নাই, তৎক্ষণাৎ দেউতাকে ঘৰুৱা পোছাকযোৰ সলাই খেতিলৈ যোৱা পোছাকযোৰ পিন্ধি খেতিপথাৰত উপস্থিত হৈছিল। ইমানদিনে কৃষক বন্ধু ফণীৰ হতুৱাই কৰি থকা খেতিৰ কামখিনি পুনৰ তেওঁ চমজি লৈছিল।
নাঙলৰ যুঁৱলিত মুঠি মাৰি ধৰি তেওঁ গৰুহাল খেদি খেদি কিছুসময় হাল বাইছিল। এনেতে, তেওঁ মূৰ তুলি চোৱাত অনুপমক দেখা পাইছিল। সি লাহে লাহে ঘৰলৈ ঘূৰি আহি আছিল। হয়তোবা সি তাৰ ম’বাইল ফোনটো নিবলৈ পাহৰিছে! পিছে, সি কিয় ঘৰলৈ ঘূৰি আহিছে এতিয়া আৰু এইবোৰ চিন্তা কৰিবলৈ তেওঁৰ সময় নাই! ইফালে, অনুপম প্ৰায় ওচৰ পাওঁ পাওঁ যেন হৈছে! খেতিপথাৰলৈ অহা বুলি গম পালে তেওঁৰ ওপৰত তাৰ খং উঠিব!
অনুপমৰ দেউতাকে গৰুহাল আৰু নাঙলখন থিতাতে এৰি থৈ,পুতেকে দেখাৰ ভয়ত ঘৰলৈ ভিৰাই লৰ মাৰিছিল। এনেদৰে খপজপকৈ দৌৰতে কেনেবাকৈ তেওঁৰ ভৰি নাঙলৰ ফালত লাগি কাটি গৈছিল।তেওঁৰ ভৰিৰ পৰা হোলোকা হোলোকে তেজ ববলৈ আৰম্ভ কৰিছিল। কি কৰিব কি নকৰিব ভাবি থাকোঁতে পুতেক ঘৰ আহি পাইছিল। হয়, তেওঁ ভবাটোৱেই হয়, সি তাৰ ম’বাইল ফোনটো ঘৰতে এৰি থৈ গৈছিল। কি কৰিব ভাবি উপায়ন্তৰ হৈ সাময়িকভাৱে পুতেকৰ পৰা লুকাবলৈ খৰধৰকৈ জোতাযোৰ তেওঁ পিন্ধি লৈছিল।
খৰধৰকৈ ম’বাইল ফোনটো হাতত তুলি লৈ অনুপমে যাবলৈ ওলাওঁতে হঠাৎ তাৰ দৃষ্টি দেউতাকৰ ভৰিত পৰিছিল। সি সুধিছিল-” পিতা, তোৰ ভৰিত তেজ দেখোন! কি হৈছে?”
তেওঁ উত্তৰ দিছিল-“জোকে কামুৰিছে।”
ডাক্তৰৰ ওচৰলৈ লৈ যোৱাৰ কথা কোৱাত দেউতাকে কৈছিল-“মলম দিছোঁ ভাল হৈ যাব। তোৰ দেৰি হ’ব; তই যা। চিন্তা কৰিৰ নালাগে দে; সোনকালে শুকাই যাব।” তথাপিতো সি পুনৰ কৈছিল-” মই কাইলৈ গ’লেও হ’ব পিতা, অ’ফিচত জনাই দিলেই হ’ব। কিন্তু তোৰ ভৰিখন আজি যেনেতেনেই ডাক্তৰক দেখুৱাব লাগিব। মই গুচি গ’লেতো তই ডাক্তৰৰ ওচৰলৈ নাযাবি নহয়!”
দেউতাকে ভাবিছিল, পুতেকৰ কথাত তেওঁ যদি মান্তি হয়, তেন্তে সি তাৰ অনুপস্থিতিত দেউতাকে খেতিপথাৰলৈ যোৱা কথাটো গম পাই যাব! তেতিয়াতো সি আৰু কোনো কথা নুশুনি তেওঁলোকক তাৰ লগত লৈ যাব! সেয়েহে, তাৰ কথা শুনি তেওঁ পুনৰ জোৰ দি কৈছিল- ” মই ডাক্তৰক দেখুৱাবলৈ এতিয়াই যাম নহয়, তই চিন্তা কৰিব নালাগে। তই তোৰ কৰ্মস্থলীলৈ যা!”
দেউতাকৰ কথা শুনি সি যাবলৈ ওলাল যদিও দেউতাকে কিবা কথা তাৰ পৰা লুকুৱাইছে বুলি ভাবি অনুপমৰ মনটোত কিবা খু-দুৱনি লাগি থাকিল।
অনুপম গুচি যোৱাৰ পিছত তাৰ দেউতাকৰ পয়মালখন আৰম্ভ হৈছিল। যিমানে দেৰি হৈছিল সিমানে তেওঁৰ ভৰিৰ কটা ঠাইৰ পৰা অহৰহ তেজ ববলৈ ধৰিছিল। উপায় নাপাই তেওঁ ডাক্তৰৰ ওচৰলৈ যাবলৈ ওলাইছিল। আগতে কোনোদিনেই ডাক্তৰৰ ওচৰলৈ যোৱা নাছিল বাবে মনত ভয় ভয় ভাৱ হৈছিল। সেয়েহে তেওঁ লগত পত্নীকো লৈ গৈছিল।
ডাক্তৰৰ ওচৰ গৈ পায় মানে অনুপমৰ দেউতাক বহুত দুৰ্বল হৈ পৰিছিল। ডাক্তৰে ৰোগীৰ অৱস্থা দেখা পাই চিকিৎসা আৰম্ভ কৰিছিল। ইফালে, ডাক্তৰৰ ভয়তে তেওঁ পেঁপুৱা লাগিছিল। কথা-বতৰা বন্ধ কৰি তেওঁ চকু দুটা জপাই লৈ চুপচাপকৈ বহি আছিল। তেওঁৰ তুলনাত পত্নী অলপ সাহসী।
ডাক্তৰে সুধিছিল- “ৰোগীৰ নাম কি?”
অনুপমৰ মাকে উত্তৰ দিছিল- ” বাৰিষা যি মাহত আহে।”- বাক্যটো শেষ হ’বলৈ নৌপাওঁতেই ডাক্তৰে কৈছিল-” অ’ তাৰমানে শাওণ।”
অনুপমৰ মাক -” নহয় ছাৰ, তাৰ আগৰ মাহটো।”
ডাক্তৰ -” অ’ তাৰমানে আহাৰ মাহ।”
অনুপমৰ মাক-” আপুনি কোৱা মাহটোৰ ‘হ” ৰ আ-কাৰডাল গুচাই দিয়ক ছাৰ।”
ডাক্তৰ-” তেনেহলে তোমাৰ মানুহজনৰ নাম ‘ আহৰ ”
অনুপমৰ মাক- ” নহয় ছাৰ, এইবাৰ ‘ৰ’ৰ পেটটো কাটি দিয়ক ছাৰ!”
ডাক্তৰ-” ‘ৰ’ৰ পেটটো দেখোন কটাই আছে।”
অনুপমৰ মাক- ” ছাৰ, ‘ৰ’ ৰ পেটটোৰ মাজেদি যোৱা কটা চিনটো কাষেদি বাহিৰ কৰি দি মূৰটো পকাই লাৰু কৰি দিয়ক।”
ডাক্তৰ- ” তাৰমানে তোমাৰ মানুহজনৰ নাম। ” ‘আহৰু”!
অনুপমৰ মাকে ক’লে-“অ’ সেইটোৱেই ছাৰ।”
ক্ষন্তেকৰ বাবে ডাক্তৰে হাঁহিলে। অনুপমৰ মাকেও তলমূৰ হৈ সলাজ সলাজ চাৱনিৰে হাঁহিলে।….
☆ ★ ☆ ★ ☆
11:26 pm
ভাল লাগিল পঢ়ি
5:42 am
ভাল লাগিল দেই।
6:37 am
ভাল লাগিল।
9:50 am
ভাল লাগিল পঢ়ি