ফটাঢোল

গুৰু আৰু তিনি শিষ্য – মৃদুল শৰ্মা

তিনিগৰাকী শিষ্য ভূমিৰূপ, স্বপ্নশীল আৰু শীর্ষকল্পৰ আনুষ্ঠানিক শিক্ষা সাং হোৱাত নিশাৰ আহাৰ গ্ৰহণ পৰ্বৰ পিছত তিনিওজনক ওচৰত বহুৱাই লৈ……

গুৰুদেৱ: তোমালোক প্ৰত্যেকলৈ মই একোটিকৈ উপহাৰ ৰাখিছো নিৰ্দিষ্ট ঠাইত। নিজৰ নিজৰ পছন্দ অনুসৰি সেয়া লৈ ল’বা আৰু তাৰ পিছত নিজ নিজ গৃহলৈ প্ৰত্যাৱৰ্তন কৰিবা। এবছৰ পিছত পুনৰ ইয়ালৈ আহি মোক এষাৰ মাত লগাই যাবা। পুৱা আশ্ৰম প্ৰাঙ্গণৰ পৰা সাঙ্কেতিক নিৰ্দেশানুসাৰে তোমালোক আগবাঢ়িবা।

 

পিছদিনা পূৱে ঢলফাট দিয়াৰ সময়তে তিনিও শিষ্য প্ৰসন্ন চিত্তে আশ্ৰমৰ চোতালত একত্ৰিত হ’ল। পিছে কাৰ চিনেৰে দেখুৱাই থোৱা পথ নিৰ্দেশ দেখি তিনিওজনৰ মুখৰ মাত হেৰাল। অদূৰৰ সুউচ্চ পাহাৰৰ দিশে সেই নিৰ্দেশনা…!

 

উপায়হীন হৈ তিনিও সেই নিৰ্দেশ অনুসৰণ কৰিবলৈ লাগিল। কিছুদূৰ পাহাৰ বগোৱাৰ পিছতেই তিনিওৰে ফোপনি উঠিল। আৰু কেইখোজমান পাহাৰ বগোৱাৰ পিছতেই দেখা গ’ল নিয়তি বুলি লিখি থোৱা এটি টোপোলা।

 

ভূমিৰূপে দৌৰি গৈ টোপোলা্টো হস্তগত কৰিলে আৰু পৰম সন্তুষ্টিৰে মাটিতে বহি দিলে। ভাগৰ আঁতৰি গ’ল। প্ৰসন্ন চিত্তে ভূমিৰূপ পাহাৰৰ পৰা নামি স্বগৃহলৈ বুলি খোজ ল’লে। মুখত মিচিকিয়া হাঁহি, অন্তৰ থৌকিবাথৌ…!

 

হতাশ আৰু বিষন্ন চিত্তে স্বপ্নশীল আৰু শীৰ্ষকল্পই পুনৰ পাহাৰ বগাবলৈ লাগিল নিৰ্দিষ্ট নিৰ্দেশানুসাৰে। ঠিয় পাহাৰ বগাওঁতে ফোপনিত দুয়োৰে কলিজা মুখেৰে ওলাই যাওঁ ওলাই যাওঁ কৰে। তথাপি দৃষ্টি ওপৰলৈ, গতি সমুখলৈ। হঠাৎ স্বপ্নশীলে খোজৰ গতি বঢ়াই দিয়ে আৰু নাতি উচ্চতাত থকা আন এক টোপোলা নিয়তি থপিয়াই বুকুত সাৱটি ভাগৰত লালকাল শৰীৰ পাহাৰৰ এঢলীয়াত এৰি দিয়ে।

 

হতভম্ব, উৎসুক, গুৰুবাণী বিশ্বাসী মনেৰে শীর্ষকল্পই নিজৰ লেবেজান, বিদ্ধস্ত শৰীৰৰ উৰ্দ্ধগতি অব্যাহত ৰাখে। কিন্তু পাহাৰৰ শীৰ্ষত উপনীত হৈও তেওঁ কোনো #নিয়তি টোপোলা বিচাৰি নাপালে। কিন্তু গুৰুদেৱৰ পথ নিৰ্দেশক কাঁড় চিন পাহাৰৰ সিটোপাৰৰ নামনিৰ দিশে পুনৰ দেখিলে। সুতীব্র আনুসন্ধিৎসুতাৰে শীর্ষকল্পই সেই পথ অনুসৰণ কৰি আগুৱাই গৈ থাকিল……

 

এবছৰ পিছত তিনিও শিষ্য গুৰুগৃহত পুনৰ মিলিত হ’ল। মিশ্ৰিত ভাৱনাৰে তিনিও গুৰুদেৱৰ সৌম্য সমাহিত মূৰ্ত্তিৰ সমুখত বহি থাকিল!

 

মিচিকিয়া হাঁহি, গুৰুগাম্ভীৰ স্বৰেৰে

গুৰুদেৱ: এজন এজনকৈ মোক কোৱা, এবছৰ আগত পাহাৰ পথত কোনে কেতিয়া কি পালা আৰু আজি কোনে কি পাইছা…?!

 

ভূমিৰূপ: প্ৰথমে ময়েই এটি টোপোলাত ১০টি স্বৰ্ণমুদ্ৰা পাইছিলোঁ। ঘৰলৈ গৈ বিয়া বাৰু পাতি ছমাহ অতি সুখেৰে পাৰ কৰিলোঁ গুৰুদেৱ। কিন্তু টকাকেইটা শেষ হোৱাৰ পিছত যোৱা ছমাহে মোৰ অতি #সঙ্গীন অৱস্থা। মোক পথ দেখুৱাওক গুৰুদেৱ! (গুৰুদেৱৰ মিচিকিয়া হাঁহি)

 

স্বপ্নশীল: ইয়াৰ পিছত ১০টি স্বৰ্ণমুদ্ৰাৰে সৈতে মই এখনি কৃষি নিৰ্দেশনা পাইছিলোঁ গুৰুদেৱ। সেই নিৰ্দেশনা আৰু মূলধন কামত লগাই কৃষিকৰ্ম কৰি মই মোৰ পৰিয়াল ভৰণ পোষণ দি আছো। মোৰ আকালো নাই ভঁৰালো নাই। কিন্তু মই #সম্পদহীন গুৰুদেৱ! (গুৰুদেৱৰ মিচিকিয়া হাঁহি)

 

শীর্ষকল্প: পাহাৰৰ শীর্ষতম উচ্চতাত উপবিষ্ট হৈও মই একো দেখা নাছিলোঁ গুৰুদেৱ। মাথোঁ আপোনাৰ দুৰদৃষ্টি আৰু আশীৰ্বাদৰ ওপৰত ভৰসা ৰাখি আগুৱাই গৈছিলোঁ। নামনিৰ পথত প্ৰথমে পালো এখনি কৃষি নিৰ্দেশনা। পৰৱৰ্তী পথৰ মাজভাগত পালো এখনি বিপনী আৰু বিক্ৰী নিৰ্দেশনা। নামনিত পালো দুহাল তজবজীয়া বলধ, দুজন তগবগীয়া হালোৱা, দুখন ম’হৰ গাড়ীৰে সৈতে দুজন পাহোৱাল গাৰোৱান।

 

নৈপৰীয়া পলসুৱা মাটি ভাঙি, বিবিধ শস্যৰ খেতি কৰি, দূৰণিৰ হাটত সেয়া বিক্ৰী কৰি আজি মই অৱস্থাপন্ন, সম্পদশালী হলো। এবাৰ মোৰ গৃহত পদধূলি দি মোৰ গৃহলক্ষ্মীক আপোনাক সেৱা জনাবলৈ সুযোগ দিয়ক গুৰুদেৱ। মোৰ নৱজীৱন আপোনাৰ দান! (গুৰুদেৱৰ মিচিকিয়া হাঁহি তথা সন্তুষ্টিৰ চাৱনি)

 

হতভম্ব ভূমিৰূপ আৰু স্বপ্নশীলৰ স্বগতোক্তি… “What_is_this?!”

 

গুৰুদেৱৰ বজ্ৰগম্ভীৰ ব্যক্তোক্তি
This is Delayed Gratitude…!!

 

(বিঃদ্ৰঃ লেখাটো লেখকৰ ইচ্ছানুসৰি তেওঁ দিয়াধৰণে দিয়া হ’ল৷ শিৰোনামটো সলনি কৰা হৈছে৷— সম্পাদক৷)

One comment

  • প্ৰদীপ বৰা

    একাগ্ৰতা ধৈৰ্য্যশীলতাৰ প্ৰভাৱ ফুটি উঠিছে

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *