ফটাঢোল

ব’লা বিয়াখন পাতো-হিমাংশু ৰাজখোৱা

‘তুমি মোক ভালপোৱা?’

‘পাওঁ৷’

‘খুব?’

‘খুউব৷’

‘বহুত?’

‘বহ…হুত৷’

‘তেন্তে বলা না, বিয়া কৰাই পেলাওঁ!’

‘মই টো বিয়া নহওঁ বুলি কোৱা নাই!’

‘তেন্তে বাধা কি আছে?’

‘একো বাধা নাই।’

‘তেন্তে বিয়াখন পাতি দিওঁ দিয়া।’

‘ঠিক আছে…কিন্তু থাকিম ক’ত?’

‘হম্‌…, নতুন ভাড়া ঘৰ এটা ল’ব লাগিব।’

‘ঠিক। ইমান পইচা কত পাম পিছে?’

‘কাম কৰিব লাগিব দুয়োটাই।’

‘ঠিক আছে। পিছে ভাত কোনে ৰান্ধিব?’

‘মই ভাত ৰান্ধিব নাজানো, তুমিয়েই ৰান্ধিব লাগিব৷’

‘বিয়াৰ পাছতো যদি ৰান্ধিবই লাগে, বিয়া হোৱাৰ প্ৰয়োজনটো কি আছে!’

‘আমাৰ ল’ৰা-ছোৱালী হ’ব, সিহঁতৰ লগত খেলিম।’

‘অনবৰতে পেনপেনাই থাকিব, সকলো সময় সিহঁতৰ লগতে যাব। চিনেমা, থিয়েটাৰ চোৱাৰ কথা বাদেই পৰিব৷’

‘এহ্‌ বাদ দিয়া তেন্তে, ল’ৰা-ছোৱালী নালাগে। চিনেমা, থিয়েটাৰেই চাম আৰু কুকুৰ এটা পুহিম।’

‘চিনেমা হলত ক’ত কুকুৰ সুমুৱাব দিব চাগে!’

‘বাদ দিয়া কুকুৰো নুপুহো তেন্তে। চিনেমাই চাম মাত্ৰ।’

‘কিন্তু চিনেমা, থিয়েটাৰ চাবলৈতো আমি এতিয়াও যাওঁ।’

‘যাওঁ।’

‘তেন্তে, বিয়া কৰোৱাৰ দৰকাৰ কি আছে?’

‘তোমাৰ লগত মই অনৱৰতে একেলগে থাকিব খোজোঁ।’

আমি অনবৰতে একেলগে থাকিম, তুমি সেইটো বিচৰা?’ বিৰক্তি নাপাবা? বিয়াৰ পাছত যদি আমি কাম কৰিব লাগে তেন্তে এনেও একেলগে থকা নহ’ব।”

“তাৰ মানে, অনবৰতে একেলগে থাকিব নিবিচাৰিলে আমি কাম কৰিব লাগিব ন? কিন্তু আমিতো এতিয়াও কাম নকৰোঁ, তথাপিও চোন একেলগে নাথাকোঁ!’

‘তেন্তে কামেই নকৰোঁ৷’

‘কাম নকৰিলে খাম কি? পইচা কৰ পৰা আহিব?’

‘তেন্তে আমি একেলগে থাকিব নাপাম?’

‘একেলগে নাথাকিলে নতুন ভাড়াঘৰ কিয় লাগিছে?’

‘আৰে, একেলগে থাকিব নাপাওঁৱেই যেতিয়া বিয়া কৰাব কিয় লাগিছে!’

‘মইতো তেতিয়াৰ পৰা সেইটোৱেই কৈ আছোঁ৷’

‘সঁচা কথা এটা কওঁ?’

‘কোৱা৷’

‘আমি বিয়া হম নে নাই সেইটো গুৰুত্বপূৰ্ণ কথা নহয়, আচল কথাটো হৈছে আমি দুয়োটাই দুয়োটাকে ভালপাওঁ৷ তুমি মোক ভাল পোৱা ন?’

‘পাওঁ৷’

‘খুব?’

‘খুওব৷’

‘বহুত?’

‘বহুত বহুত৷’

‘তেন্তে, বলা না বিয়াখন পাতি পেলাওঁ?

☆ ★ ☆ ★ ☆

5 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *