ফটাঢোল

ৰঘুমলা-জয়ন্ত দাস

বন্ধৰ দিনটো দিগন্তৰ বৰ প্ৰিয়৷ সপ্তাহৰ সেই দিনটোতেই সি তাৰ যাৱতীয় সকলোখিনি কাম কৰে৷  চাকৰিজীৱি মানুহখিনিৰ এই দেওবৰীয়া বন্ধৰ দিনটোতকৈ অইন কোনো ভাললগা দিন হয়তো নাই৷ সি মাকৰ লগত চাহ খাই খাই কথাবোৰ ভাবিবলৈ ধৰিলে৷ অৱশ্যে দিগন্তৰ দেওবাৰটো ভাল লগাৰ আন এটা কাৰণো আছে৷ আজিৰ দিনটোতেই সি তাৰ প্ৰিয়বন্ধু বিকাশক লগ পায়৷ বিকাশক লগপোৱা সময়খিনি দিগন্তৰ খুব ভাল লাগে৷ আজিও সি তাৰ প্ৰিয়বন্ধুক লগ কৰিবলৈ যাবলৈ ওলাল৷ মাকে মাত্ৰ বেছি দেৰি নকৰিবলৈ সকীয়াই দি ক’লে,

: সোনকালে আহিবি৷ ভাত একেলগে খাম৷

: আহ আহ, ভাল সময়তেই আহি পালি৷

দিগন্তক চোতালত দেখিয়েই বিকাশে মাত লগালে৷

মা দিগন্তৰ বাবেও চাহ একাপ আনিবা৷

পাকঘৰত থকা মাকক বিকাশে চিঞৰি ক’লে৷

“মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে” ৰিং টনেৰে হঠাতে দিগন্তৰ ফোনটো বাজি উঠিল৷

: অ’ অ’ কাইলৈৰ ভিতৰত পঠিয়াবলৈ চেষ্টা কৰিম বাৰু৷ আচলতে এইকেইদিন কিবা এটা কামত বৰকৈ ব্যস্ত আছোঁ সেয়ে লিখা হোৱা নাই৷

দিগন্তই  ফোন কৰাজনক মিছা মাতিলে৷ আচলতে সি এতিয়ালৈকে একো লিখাই নাই৷

: আলোচনী সম্পাদকৰ ফোন আছিল ন? কিয় মিছা মাতিলি? কিয় এতিয়ালৈ লেখা জমা দিয়া নাই?

বিকাশৰ প্ৰশ্ন৷

দিগন্ত কিছু সময় মৌন হৈ থাকিল৷ তাৰ পিছত লাহে লাহে ক’লে,

: লিখিবলৈ মন নোযোৱা হৈছে৷ ইমান কষ্ট কৰি আমি লিখোঁ বা সম্পাদনা সমিতিয়ে আলোচনীখন প্ৰকাশ কৰে তাৰ তুলনাত পাঠকৰ সঁহাৰি দেখিছানে কিমান কম? পাঠকসকলে কষ্টখিনিৰ মূল্য দিয়া উচিত৷  তেওঁলোকে যদি নপঢ়েই আমাৰ লিখাৰ সাৰ্থকতা ক’ত?

দিগন্তৰ কথাখিনি বিকাশৰ ভাল লাগিল৷ কথাটো একেবাৰেই সত্য৷ সিও মন কৰিছে৷ সেইবুলিয়েই দিগন্তই নিলিখিব নে? তাক যিকোনো উপায়েৰে লিখাবই লাগিব৷

: চা দিগন্ত তোৰ এতিয়াৰ লেখা আৰু আৰম্ভণিৰ লেখাবোৰ কেতিয়াবা ৰিজাই চাইছনে? এতিয়া তোৰ লেখাবোৰ পূৰঠ হৈ আহিবলৈ ধৰিছে৷ দিনেদিনে শব্দ আৰু বিষয়বস্তুৰ ওপৰত গভীৰতা বৃদ্ধি পাইছে৷ সময় যোৱাৰ লগেলগে লেখাবোৰ আৰু মসৃণ হ’ব৷ গতিকে তই তোৰ নিজৰ বাবেই লিখিব লাগিব৷ পাঠকে পঢ়িছে নাইপঢ়া এইবোৰত মনকাণ দিব নালাগে মাত্ৰ লেখাত চোক বঢ়াই যা আৰু সদায় লিখি যা৷

বিকাশৰ কথা শুনি দিগন্তই ভাবিবলৈ ধৰিলে৷ সি বেলেগৰ বাবে কলম এৰি কিয় দিব! আগতকৈ আৰু ভালদৰে মন দি লিখিব৷ ঠিক কথাই কৈছে বিকাশে৷

দিগন্ত লৰালৰিকৈ যাবলৈ ওলাল৷ আলোচনীখনৰ বাবে আজিৰ দিনটোতেই কিবা এটা লিখি পঠিয়াই দিব সি৷

: আৰে ৰ চোন৷ চাহকাপ খাই যা৷

বিকাশে ক’লে৷

দিগন্তই অলপ সময়ো তাত নবহি মটৰ চাইকেলখনৰফালে আগবাঢ়ি গ’ল৷

: আৰু ফোনৰ ৰিংটনটো সলনি কৰিবি৷

বিকাশৰ উপদেশ৷

: কিয়?

দিগন্তই মটৰ চাইকেলৰপৰাই সুধিলে৷

: কিবা আচহুৱা আচহুৱা যেন লাগে৷

: তই ইঞ্জিনীয়াৰ মানুহ৷ গানটো আচহুৱা লাগিবই৷

হাঁহি হাঁহি উত্তৰ দি দিগন্ত ঘৰমুৱা হ’ল৷ ঘৰ সোমায়েই দিগন্তই দেখিলে ওচৰৰে ৰেৱতী খুড়ীয়ে মাকৰ লগত কথা পাতি আছে৷

: তোমাক লগ পালোঁ ভালেই হ’ল৷ অহা দেওবাৰে মাজনীৰ তোলনী বিয়াৰ অনুষ্ঠানটো পাতিম৷ বন্ধৰ দিন যেতিয়া তুমি থাকিবা৷

দিগন্তক দেখি খুড়ীয়েকে কথাখিনি ক’লে৷

: কি ক’লা খুড়ী৷ তাইকচোন বহুদিন আগতেই ধুৱালা৷ আৰু কি অনুষ্ঠান নো বাকী থাকিল?

দিগন্তই খুড়ীদেউকৰ কথাত আচৰিত হৈ সুধিলে৷

: এঃ! সেয়া তেতিয়া নিয়মটোহে কৰিছিলোঁ৷ পাৰ্টি দিয়াই নাই নহয়৷

: কি যে কোৱা খুড়ী? বৈদিক নিয়ম পালনখিনিয়েইতো আচল৷ এইবোৰ পাৰ্টি- চাৰ্টিৰ কি কথা আছে? তদুপৰি এই ফুলকুমলীয়া ছোৱালীজনীক কইনা সজাই মানুহৰ মাজত বহাই ৰাখিবা, এইটোওতো ভাল কথা নহয়৷ তাইৰ বয়সেই নো হৈছে কিমান? কিয়েই বা বুজি পোৱা হৈছে? তাইক পুতলাৰ দৰে কইনা সজাই এনেদৰে পাৰ্টি আয়োজনৰ মই পক্ষপাতী নহয়৷ গতিকে এইটো নাপাতিলেই মই ভাল পাম৷

দিগন্তই অসন্তুষ্টিৰে কথাখিনি ক’লে৷

: কি কৈছা দিগন্ত? পাৰ্টি নিদিলে মানুহে বহুত কিবাকিবি ক’ব মোক৷ আচল নিয়মকণেই নকৰা বুলি মানুহে হাঁহিব৷ গতিকে পাতিবই লাগিব৷

: নাই নাই খুড়ী, এইটো ভুল সিদ্ধান্ত লৈছা৷ তদুপৰি তুমি অকলশৰীয়া মানুহজনীয়ে ইমান খৰচ কেনেকৈ যোগাৰ কৰিবা?

: পইচাৰ বাবে মই পথাৰৰ মাটিখিনি বিকাশৰ তাত বিক্ৰী কৰি দিলোঁ৷

: কি?

দিগন্ত আচৰিত হ’ল৷

সি তাৰ কোঠালৈ সোমাই গ’ল৷ চকীখনত বহি ভাবিবলৈ ধৰিলে৷ খুড়ীক বুজাই একো লাভ নাই৷ বিকাশৰ দৰে উচ্চ শিক্ষিত মানুহবোৰেই যেতিয়া এইবোৰত সাৰপানী যোগায় তেতিয়াহ’লে সমাজখনৰপৰা এইবোৰ নিয়ম কেনেকৈ আঁতৰিব? আচলতে গাঁওখনৰ ল’ৰা-ছোৱালীবোৰ শিক্ষা-দীক্ষাৰে আগুৱাই গৈছে যদিও মন আৰু ধ্যান-ধাৰণা সেই অনুপাতে আগবাঢ়ি নগ’ল৷ বিকাশৰ ওপৰতো তাৰ যথেষ্ট খং উঠিল৷ ইমান অন্তৰংগ বন্ধু হৈয়ো সি ৰেৱতী খুড়ীৰপৰা মাতি কিনা কথাটো তাক নোকোৱাত সি আচৰিত হ’ল৷ বিধবা মানুহজনীৰ আৰ্থিক দুৰ্বলতাৰ সুযোগ লৈ মাটিখিনি এনেদৰে হস্তগত কৰিব নালাগিছিল৷ বিকাশৰ  দৰে বন্ধু এজন তাৰ নথকাই ভাল৷ সি ভবিষ্যতে আৰু বিকাশৰ লগত সম্পৰ্ক নৰখাৰ সিদ্ধান্ত ল’লে৷ তাৰমতে বিকাশহঁত সমাজৰ একো একোডাল ৰঘুমলা৷

☆ ★ ☆ ★ ☆

3 Comments

  • মুকুট শৰ্মা

    সুন্দৰ লিখনি। খুউব ভাল লাগিল পঢ়ি।

    Reply
  • মিলন চন্দ্ৰ দাস।

    বিষয়তো ভাল লাগিল। ধনী মানুহখিনিক অনুকৰন কৰি দুখীয়াখিনিয়ে অবাবত ধাৰ -ঋণ কৰি এই অনুষ্ঠানবোৰ পাতি সৰ্বস্বান্ত হয়।

    Reply
  • বন্দিতা জৈন

    বৰ ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *