এইখন সমাজ আমাৰ সমাজ-নাজিয়া হাচান
জীৱনত সমাজৰ হকে বহু কাম কৰিবলৈ আশা থাকে। কিন্তু জীৱনটোচোন এটাই। তাতে আকৌ কিমান দিন জীয়াই থাকিম তাৰ কোনো দিন মাহ বছৰৰ সঠিককৈ ভৰষা নাই! ভবামতে সকলো কাম কৰিব পৰা হোৱা হ’লে মানুহে খঙৰ ভমকত এনেকৈ নক’লে হয় – ‘মই মানুহহে! মেছিন নে কিবা’ – বুলি। মন মগজুৰ চিন্তাবোৰো মানুহ ভেদে ভিন্ন। এনেধৰণৰ বিভিন্ন ভাবৰ বুৰবুৰণি লৈ, সমাজ সেৱিকা মিছেছ ৰহমানে বাৰাণ্ডাৰ চকীখনত বহি, এখন হাত থুতৰীটোৰ একাষে লগাই, বহু দূৰলৈ উদাস দৃষ্টি ৰেখাডালক স্থিৰ কৰি ৰাখিছিল।
ফাগুনৰ শুকান বতৰ। কিবা যেন মায়া লগা মায়া লগা সময় এইখিনি। দুদিনমান আগত প্ৰেমৰ দিৱস এটা পাৰ হৈ গৈছে। কিবা এটা কাম প্ৰেমৰ দিৱস হিচাপে কৰিম বুলি ভাবিছিল যদিও সময়ে সুবিধা নিদিলে। এতিয়া তাকেই ভাবিছে, পিছেদিয়েই খৰ গতিত আহি থকা নাৰী দিৱসটোতে কিবা এটা নিশ্চয়কৈ কৰিব লাগিব। নাৰী দিৱস হয়, নাৰীয়ে নকৰিলে কৰিব কোনে? পুৰুষসকলে সচৰাচৰ এনেবোৰ কামত মগজ খটুৱাবলৈ নিবিচাৰেতো। তেওঁলোকে দৈনিক খুটি নাটি কামবোৰত নাৰীকেইচোন সহায়ৰ লাখুটি হিচাপে যুগে যুগে বিচাৰি আহিছে। তেনেক্ষেত্ৰত নাৰীকনো বিশেষভাৱে তেওঁলোকে কিটো সহায় কৰিব? অপ্ৰিয় যদিও সত্যবোৰকতো মানুহে মানি ল’বই লাগিব যে, প্ৰতি মাহে হিচাপ নৰখাকৈ পুৰুষসকলৰ বগা পৰা চুলি, দাড়িত ৰং সানি দিয়া কামবোৰক বাদ দিয়ো; নিতৌ প্ৰতিটো সাজত ৰুটি, ভাত, চাহ, কফি আদি ৰান্ধি বাঢ়ি খুওৱাৰপৰা আৰম্ভ কৰি, তেওঁলোকৰ ভিজা টাৱেলখন পৰ্যন্ত ৰ’দত শুকুৱাই ৰখাত নাৰীবোৰেই আজিৰ যুগলৈকেযে সমাধান কৰি আহিছে। এক কথাত নাৰীৰ ওপৰতেই তেওঁলোকৰ জীৱনৰ দৈনিক ভৰষা। কিন্তু, তথাপি; তেওঁলোকে যে নাৰীৰ একে উশাহে কেতিয়াও এইবোৰ সহায়ৰ গুণ নবখানে, সেইটো আশী শতাংশই সত্য। তাৰ বিপৰীতে ক’ত কেনেকৈ সুবিধা পালেই নাৰীক হাঁহিব, দাই দোষ ধৰিব তাৰেইহে সুবিধা বিচৰাত কিছুসংখ্যক পুৰুষ সদায় ব্যস্ত। তেওঁলোকৰ বহুতেই “লাও যিমানে ডাঙৰ হওক পাতৰ তলত” বোলা ফকৰাটোতে একান্ত বিশ্বাসী। সৃষ্টিৰ দেৱীসদৃশ এই নাৰীয়ে পুৰুষগোষ্ঠীৰ সেই স্বভাৱবোৰক অনুভৱ কৰে যদিও, সদ্যহতে সহনশীল নাৰীয়ে তেনে পুৰুষসকলক অবুজ নাদান বান্দা বুলিয়েই সেই দোষ ত্ৰুটিবোৰ হাঁহি হাঁহি বা মৌনতাৰেই পৰিৱেশ অনুসৰি উৰাই দিয়ে। কাৰণ, নাৰীসকলে বুজে; ফকৰাটোৰ সেই ধনাত্মক দিশটোক। এইযে ফকৰাটোত লাওটোকহে ধৰি কৈছে; কেৱল লাওৱেই নে কিবা! শাক-পাচলি, ফল-ফুলবোৰ বেছিভাগেইচোন পাতৰ তলত। অকল পাতৰ তলতেই নে কিবা; কিছুমান পাচলি দেখোন মাটিৰ তলতো! পিছে এই লাও পাচলি ফল ফুলবোৰ নাথাকিলে সেই গছ পাতবোৰৰ ভেল্যু আছে নে কিবা! গতিকে ইয়াত মন বেয়া কৰিবলৈ কিটো আছে। বৰঞ্চ এই ফকৰাক লৈ আজিৰ নাৰীয়ে গৰ্বত মূৰ ডাঙি এখোজ আগুৱাই যাবলৈ সাহহে পাইছে।
হয়, নিৰপেক্ষ বিচাৰেৰে জুকিয়াই চালে নাৰীৰো আঙুলিয়াব পৰাকৈ দোষ ত্ৰুটি অগণন। সকলো নাৰীয়েই এশ শতাংশ সৰল, নিৰ্জু, অমায়িক স্বভাৱৰেই যে হ’ব, সেই কথাও একেবাৰেই অসম্ভৱ। তাৰ উপৰি এগৰাকী নাৰীৰ দোষ আন এগৰাকী নাৰীয়ে ভালক বুলি ইংগিত কৰি শুধৰাবলৈ গ’লে সেই ইংগিত বুজিবলৈ সিগৰাকী নাৰীয়ে কিঞ্চিটো প্ৰয়াস নকৰে। বেছি সংখ্যক নাৰীয়ে আকৌ অকণমান ওপৰলৈ উঠিবলৈ পাৰিলে কি নাই, ভৰিৰ তলৰ মাটিডোখৰকে একেবাৰে চিনি নোপোৱা হেন কৰিবলৈ ধৰে। নিজৰ হ’লেও নাৰীৰ এনেবোৰ দোষ ত্ৰুটিৰ বাবেই, এওঁলোকক লৈ এইদৰে চিন্তিত আজি শ্ৰীমতী ৰহমান! আগতে এই দিৱস চিৱসবোৰ আহিলে মিছেছ ৰহমানৰ খুব আনন্দ লাগিছিল। আজি কালি নালাগে। কাৰণ বেছি সংখ্যক নাৰীয়েই আজি কালি নিজৰ নিজৰ জ্ঞানক গুৰুত্বত ৰাখি কোনেও কাকো গুৰুত্বই নিদিয়ে। লাগিলে তেওঁলোকৰ আত্মসন্মানেই যাওক, তথাপি নিজৰ মূৰেৰেই সেইচাম চলিবলৈ যাব। লগতে, বয়সত ডাঙৰসকলক সৰুসকলে সন্মান কৰাৰ জ্ঞানখিনিও কিছু নাৰীয়ে আধুনিকতাৰ কৱলত পৰি মলিন কৰি পেলাইছে! এনেবোৰ অভিজ্ঞতাৰপৰায়েই সমাজৰ কিছুমান কামত তেওঁৰ আগ্ৰহ ক্ৰমান্বয়ে শূন্য হ’বলৈ গৈ আছে। কিন্তু মনটোৱেও এই শূন্যক একেবাৰে সহযোগিতা নকৰে। বিপৰীতে সমাজৰ হকে পুৰুষ নাৰী উভয়কে লৈ কৰ্ম কৰি যাবলৈ মনে বাৰে বাৰে তেওঁক তাগিদাহে দি থাকে।
বসুন্ধৰা নামৰ সহায়িকাগৰাকীয়ে মিছেছ ৰহমানক আবেলিৰ চাহ কাপ বাৰান্দালৈ আহি হাতত দি গ’ল। চাহ পিয়লাত শোহা মাৰি মিছেছ ৰহমান গভীৰ ভাৱত আকৌ ডুব দিবলৈ লওঁতেই..
: বাইদেউ কাইলৈ মই কাম কৰিবলৈ নাহোঁ।
: কিয়?
: মোৰ মতামানুহটোৱে কাইলৈ মোক চুটি ল’বলৈ কৈছে।
: কিন্তু কিয়?
: আপুনি এইদৰে ‘কিয়’ বুলি সুধিব বুলি সি জানিছিলেই। সেয়ে মোক কিয়ৰ উত্তৰটো ‘নাজানো’ বুলি ক’বলৈ কৈছে। তাক কিন্তু মানিছোঁ দেই বাইদেউ, সৰবজানৰ নিচিনাকৈ কেনেকৈ যে ইমান কথা বুজি পাই আগতেই! হি হি..!
: ঠিক আছে, ঠিক আছে। হ’ব যা। – বসুন্ধৰাই সমস্ত সুখ যেন হাতৰ মুঠিতে পোৱাৰ দৰে চাদৰৰ আঁচলটো এখন হাতেৰে লৰাই লৰাই গুণগুণাই ওলাই গ’ল।
বসুন্ধৰাই মানুহৰ ঘৰত কাম নকৰিলে তাইৰ ঘৰখন হেনো মাজ পানীৰ অচল জাহাজাৰ দৰে হৈ পৰে। তাইৰ মতাটোৱে হেনো এদিন ৰিক্সা চলাই দহদিনলৈ বহি বহি খায়; আৰু সেইবোৰ দোষ ধৰি তাক তাই গালি পাৰিলে সি হেনো ওলোটাই তাইকহে ‘বৰ কাম কৰি খোৱাইছ তই’ বুলি কৈ দাঁত চেলাই তাইক ঠাট্টা কৰে। দুদিন মূৰে মূৰেই এনেধৰণৰ বেদনাক এইজনী বসুন্ধৰায়েই মোৰ আগত কৈ কৈ কান্দে! আৰু তাৰ দুদিন পিছতেই সেই মানুহটোকে লৈ তাইৰ মুখত ঠিক আজিৰ দৰেই কি যে শলাগৰ বৰিষণ! পুৰুষৰ কৰ্ম, নাৰীৰ ধৰ্ম; সমাজখন আচলতে আমাৰ এইধৰণৰ বিবেচনাৰেই চলি আহিছে; ভৱিষ্যতেযে নচলিব সেই আশাও একেবাৰেই ক্ষীণ! তেন্তে মইনো মাজতে কিয় কথাবোৰ চিৰিয়াছলি লৈ চিন্তা কৰোঁ? এৰা, এৰি ধৰি ন-অভিজ্ঞতাৰে এইবাৰ নাৰী দিৱস আৰু বেছি ধুমধামেৰেহে আয়োজন কৰিব লাগিব। বেথাবোৰ জাৰি জোকাৰি ৰহমান বাইদেউ ফৰকাল মন এটাৰে বাৰাণ্ডাখনৰপৰা ভিতৰলৈ সোমাই গ’ল।
☆ ★ ☆ ★ ☆
6:44 pm
ভাল লাগিল
6:47 am
ভাল লাগিল