ফটাঢোল

ইম’জিৰ ইম’শ্যন- ববিতা শৰ্মা

জুকাৰ ককাইৰ কৃপাত ফে’চবুকত মানুহৰ বিভিন্ন ধৰণৰ প’ষ্টত বিভিন্ন ধৰণৰ অনুভৱ বুজাবলৈ কেইবাটাও ইম’জিৰ ব্যৱস্থা কৰা হৈছে। তাৰে দুটামান বহুলভাৱে ব্যৱহাৰ হোৱা দেখাৰ বিপৰীতে দুটামানৰ ব্যৱহাৰ সীমিত হোৱাও দেখা যায়। আজি সেই অভিনৱ আৱিষ্কাৰটোৰ চিনাকিপৰ্ব তথা ব্যৱহাৰৰ বিষয়ে কিছু ব্যাখ্যা আগবঢ়োৱা হ’ল। কিবা ভুল ভ্ৰান্তি হ’লে গুণীজনে নিজগুণে শুধৰণি কৰি ল’ব বুলি আশা ৰাখিলোঁ।

প্ৰথমটো ইম’জিৰ নাম হ’ল লাইক। মানে লাইকটো বিশেষ্য পদেই হ’ব চাগে। এক অৰ্থত অংগুষ্ঠ ছাপ। প্ৰথম অৱস্থাত ফে’চবুকত লাইকৰ ব্যৱহাৰ তথা জনপ্ৰিয়তা আকাশচুম্বী আছিল যদিও বৰ্তমান এনেকুৱা দেখা যায় যেন লাইকৰ অৱস্থা বৰ্তমান ফে’চবুকাৰুৰ বাবে অলপ এলাগি যেন বোধ হয়, ঠিক যেন বিয়া ঘৰত কইনা অনাৰ সময়ত দৰাৰ সখীয়েকৰ দৰেই৷  তাৰ কাৰণবোৰো হ’ল লাইকৰ সমান্তৰালকৈ আৰু কেইবাটাও ইম’জিয়ে মাৰ্কেটত নিজৰ দপদপনি ঘোষণা কৰিছে। লাইক মানে ভাল লগা। কিবা প’ষ্ট পঢ়ি বা চাই বা গান হ’লে শুনি ভাল লাগিলে লাইক মাৰি দিয়া যায়৷ অৰ্থাৎ লাইক এটা দিয়া মানে লিখোতাৰ প্ৰতি এটা উৎসাহজনক বাৰ্তাও বুজোৱা যায়। প্ৰথম প্ৰথম ফে’চবুকত কেৱল লাইকৰ ব্যৱস্থাহে আছিল বাবে ঘৰৰ প্ৰথম তথা ডাঙৰ সন্তানে সকলোৰে মৰমত আলাসৰ লাড়ু হৈ থকাদি লাইকেও সকলোৰে মৰমবোৰ বুটলিবলৈ সক্ষম হৈছিল। বৰ্তমান বেলেগ ইম’জিৰ সৈতে ‘চাৰ্ভাইভেল অৱ দা ফিটেষ্ট’ সূত্ৰত পৰি লাইকক কিছু চেন্টিমেন্টেল হোৱা তথা হীনমন্যতাত ভোগা দেখা গৈছে যদিও বজাৰত যিমান জলকীয়াই নাহক কিয় ভোট জলকীয়াৰ লগত ফেৰ মাৰিব নোৱৰাদি বেলেগ ইম’জিয়েও লাইকৰ লগত ফেৰ মাৰিব পৰা নাই বুলি কিছু এলেহুৱা ফে’চবুকীয়াই মত পোষণ কৰে৷

দ্বিতীয়তে আহিল লাভ ইম’জি। বাপৰে, ই দেখোন ফে’চবুকৰ ইম’জি বা ষ্টীকাৰ সাম্ৰাজ্যৰ উঠিৰজা- বহিৰজা। লাইকক চেৰ পেলাই লাভে নিজৰ অস্তিত্ব জাহিৰ কৰাত কৃপণালি কৰা নাই। বৰ্তমান প’ষ্টবোৰত কেৱল লাভেই লাভ। ফটো, লিখনি, মিউজিক অডিঅ’, ভিডিঅ’ সকলোতে ৰাইজে লাভ ৰিয়েকচন দিবলৈ ভাল পোৱা হৈছে। তাৰ দ্বাৰা লাইকৰ বজাৰ দৰ কিছু অৱনমিত হৈছে যদিও লাভৰ তাৰ প্ৰতি ভ্ৰূক্ষেপ নাই। থাকিবই বা কিয়, ৰাইজে যিমান আদৰ দিছে লাভে তাৰ লাভালাভৰ প্ৰতি পুৰা মনোনিৱেশ কৰাত লাগিছে। দেখাৰো এটা কথা থাকেতো। লাভটো দেখিবলৈ যিমান ধুনীয়া সকলোকে তৎক্ষণাত আকৰ্ষণ কৰিবলৈ সক্ষম হয়। পিছে কিছুক্ষেত্ৰত লাভৰো অহংকাৰ চূৰ্ণ হয়। যেতিয়া প্ৰেমিকাৰ প’ষ্টত বেলেগ বন্ধুয়ে লাভ ৰিয়েক্ট কৰে, প্ৰেমিকৰ নিজকে তেতিয়া পৰশুৰাম যেন ভাৱ হৈ এই যেন পাশুপাত নিক্ষেপ কৰি বিৰোধীপক্ষৰ একাউন্ট ব্লক কৰি দিব তেনেকুৱা কৰে। ঠিক তেতিয়াই সকলোৰে হৃদয়ৰ ৰাণীস্বৰূপ লাভে নিজকে প্ৰথমবাৰৰ বাবে নিজৰ কৰ্মদক্ষতাক ধিক্কাৰ দিয়ে। বাকী একোতে পেলাব নোৱৰা লাভ ইম’জিৰ ভেম নিজে নিজে বাঢ়ি বেলুন হোৱাদি হৈছে। তথাপি বজাৰ দখল লাভৰ সমান বেলেগে কৰিব পৰা নাই এতিয়াও। প’ষ্টদাতাৰ ফটোখনত লাভ এটা দিলেহে হিয়াখন শাত পৰাদি লাভ ইম’জিয়েও ৰাইজৰ মৰম বুটলি  নিজৰ হিয়া শাত পেলাব পৰা অৱস্থাত আহি উপনীত হৈছে।

এইবাৰ আহিল হাঁ হাঁ ইম’জি। এখেতৰ দেখোন বেলেগ ডিমাণ্ড। হাঁহিয়েই জীৱন। জীয়াই থকাকেইদিন মানুহৰ দুখ যন্ত্ৰণাৰ সীমা নাই। তাতে যদি দুটা হাঁহি উঠা প’ষ্ট, দুখনমান ফটো আৰু ভিডিঅ’ বা মিম দুটামানেই যদি দেখা যায় তেন্তে আৰু হাঁহিৰ ৰিয়েক্টৰ লগত কোনে ফেৰ মাৰিব পাৰে? এনেকৈয়ে হাঁহিৰ মহাৰাজ হৈ ইজনৰ পৰা সিজনলৈ হাঁহি বিলাই বিলাই থাকে৷ কিন্তু হাঁহিৰ মহাৰাজো কেতিয়াবা শ’লঠেকত পৰা দেখা যায়। যেনে, কোনোবাই দিয়া ছিৰিয়াচ প’ষ্টত যদি অন্যমনস্ক অৱস্থাতে হওক বা নজনাকৈ হওক কেতিয়াবা হাঁ হাঁকৈ হাঁহিৰ ইম’জিটো যেতিয়া গুছি যায় তেন্তে আৰু হৈ গ’ল৷ হাঁহিৰ হাহাকাৰ লাগি গ’ল আৰু! প’ষ্টদাতাই গম নাপাবও পাৰে কি কাৰণত বা হাঁ হাঁ গুছি গৈ আহুকালখন কৰিলে। তথাপি হাঁহিৰ ৰিয়েক্ট এটা দিবলৈ পালে মনটো ভালেই লাগে, ব্যস্ততাৰে ভৰা জীৱনত হাঁহিবলৈ যে কিবা এটা কাৰণ বিচাৰি পোৱা যায়! বহুতৰ বাবেই হাঁহিৰ ইম’জিটো এটা অতুলনীয় সংযোজন। হাঁহি হাঁহি ‘হাঁহি ৰিয়েক্ট’ৰ সুবাস বিলাই যাওক। কি ঠিক, জুকাৰ ককাইৰ কিবা খং উঠি হাঁ হাঁ ইম’জি উঠাই দিব লাগিলে অত্যন্ত হাঁহি উঠা প’ষ্টতো হাঁহিব নোৱাৰিব হাঁহি সচেতন ফে’চবুকাৰুয়ে।

ইয়াৰ পিছতে হ’ল এটি চকু মুখ মেলা ইম’জিৰ প্ৰৱেশ। তেখেত হ’ল ‘ৱাও’ ইম’জি। যেতিয়া কিবা আশ্বৰ্যকৰ বা ‘অহ মাই গড’ ধৰণৰ প’ষ্ট আহে তেতিয়াই অলপো দেৰি নকৰি যুদ্ধকালীন ক্ষিপ্ৰতাৰে সচেতন ফে’চবুকাৰুয়ে ‘ৱাও’ নিক্ষেপ কৰে। মানে তেওঁ যে প’ষ্টটি পঢ়ি, ফটোখন চাই বা ভিডিঅ’টো চাই আচৰিত হৈ গৈছে তাকে বুজাবলৈ এখেতৰ সদ্ব্যৱহাৰ কৰে। মানে চিধাচিধি ক’বলৈ গ’লে ‘য়ে ৰাম! হয় নেকি’, ‘অ’হ! এনেকুৱা বুলি ভৱা নাছিলো’, ‘মাই গুডনেছ! কি হ’ব এতিয়া’— এনেকুৱা ধৰণৰ ৰিয়েক্টৰ বহিঃপ্ৰকাশ হ’ল চকু ডাঙৰ কৰি মুখ মেলি ‘চাইন অৱ এক্সক্লেমেশ্বন’ প্ৰকাশ কৰা চেনেহৰ ৱাও ইম’জি।

এইবাৰ কন্দা-কটাৰ পাল! কিমান আৰু মৰম- চেনেহ, হাঁহি-ধেমালিতে থাকিব? মাজে মাজে দুখো লাগেতো সকলোৰে। গতিকে সেইবোৰ কথা ভাবিয়েই ফে’চবুক আৱিষ্কাৰকে এটা কান্দি থকাৰ অৰ্থাৎ ‘চেড ইম’জি’ৰ আৱিষ্কাৰ কৰিলে। এতিয়া আৰু ফে’চবুকাৰুৰ দুখলগা প’ষ্ট আহিলেও টেনচন নাই। আৰামত কন্দাৰ ইম’জি দবাই দিয়ক, কাম শেষ। কেৱল কান্দিবলগা প’ষ্টতে নহয়, অকনমান দুখ লগা, মন বেয়া লগা  হ’লেও, অৱহেলিত অনুভৱ হ’লেও, কাৰবাৰ দ্বাৰা প্ৰৱঞ্চিত হ’লেও বা তেনেকুৱা ধৰণৰ দুখে-শোকে জৰ্জৰিত প’ষ্টত এইটো ইম’জিৰ তামাম ডিমাণ্ড। যেনেতেনে প’ষ্টটো পঢ়াজন দুখত যে থাকিব পৰা নাই তাকে বুজাবলৈ দৌৰাদৌৰিকৈ দুখৰ ইম’জিটো পঠাই দায়িত্বটো সামৰে। কিন্তু কেতিয়াবা তাতো অথন্তৰ নঘটা নহয়। নিদিবলগা প’ষ্টত ‘চেড ৰিয়েক্ট’ গুচি গ’লেও পয়মাল হৈ যায়। বাকী মৰম চেনেহৰ ইম’জিৰ সমান্তৰালভাৱে নিজৰ স্থিতি স্পষ্ট কৰিছে দুখৰ ইম’জিয়ে।

এইবাৰ আহিল খঙৰ ইম’জি। মানুহৰতো খঙো উঠে নহয়নে? সদায় ভাল লগাবোৰৰ লগতে সময় পাৰ নহয়তো! মানুহে যেতিয়া খং উঠা প’ষ্ট দিয়ে বা নিজৰ লগত ঘটা ঘটনা দিয়ে য’ত তেওঁৰ লগত কোনোবাই খং উঠিবলগা অৱস্থাৰ সৃষ্টি কৰিছে বা কিবা ভুল হৈ আছে তেতিয়া এইটো ইম’জিৰ ধাৰাসাৰ প্ৰক্ষেপ হয়। বেলেগ কোনোবাই কাৰোবাৰ কথা বিনা কাৰণত বেয়াকৈ ক’লেও উত্তৰটো এইটো চিনেৰে দিয়ে। ৰাজহুৱাভাৱে কিবা অনাৱশ্যকীয় প’ষ্ট দিলেও ‘এংগ্ৰী য়ং’ মেন হাজিৰ হৈ যায়। মুঠতে খং উঠিবলগা বা অশান্তিকৰ প’ষ্ট হ’লেই চকু ঘোপা কৰি খঙাল মহাজন হাজিৰ। তেখেতক কোনো কোনোয়ে ৰঙালাও দলিওৱা বুলিও কয়। মুঠতে খঙত ৰঙাপৰা চিনটোৰে খঙৰ বহিঃপ্ৰকাশৰ এটা যথাৰ্থ প্ৰতীক।

একেবাৰে শেষত আহিল কেয়াৰ ইম’জি। যদিও লাভৰ পিছতে তাক জুকাৰ ককায়ে স্থান দি থৈছে তথাপি ফে’চবুকৰ ইম’জিৰ জগতত দেৰিকৈ পদাৰ্পণ কৰাৰ বাবে তখেতক আলোচনাৰ চৰ্চালৈ দেৰিকৈ অনা হৈছে। ‘লেট লটিফ’ হ’লেও বৰ্তমান কেয়াৰে বজাৰ দখল কৰিবলৈ পুৰাদমেই সমৰ্থ হৈছে। কাৰোবাৰ মন বেয়া, গা বেয়া, সমবেদনামূলক প’ষ্ট তথা সন্তানৰ কৃতকাৰ্যতা আদিবোৰতেই তেখেতক সকলোয়ে মনত পেলাই থাকে। মানে হয়তো দ্বৈত অৰ্থৰ বাহকস্বৰূপে কেয়াৰে নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আৰম্ভণি কৰিছে। যেনে ‘টেক কেয়াৰ’ অথবা ‘আই কেয়াৰ ফৰ ইউ’ জাতীয় সমৰ্থনেৰে। বাৰু যি কি নহওঁক কিছু স্পৰ্শকাতৰ ফে’চবুকাৰুৰ বাবে কেয়াৰ ইম’জিৰ অপৰিসীম গুৰুত্ব আছে। বাকীকেইটা ইম’জিৰ সৈতে বাই-ভনী অথবা ভাই- ককাইৰ দৰেই একেখন ঘৰতে সুখে সন্তুোষে বাস কৰি আছে।

আজিলৈ ফে’চবুক জগতৰ ইম’জিৰ ব্যাখ্যা ইমানেই। পিছে বৰ্তমান পৰিস্থিতিলৈ চাই সৰহ সংখ্যক ফে’চবুক ব্যৱহাৰকাৰীৰ তীব্ৰ ডিমাণ্ড অনুসৰি আন এটা ইম’জিৰ ব্যৱস্থাহে কৰা উচিত বোলে। সেইটো হ’ল ‘ডিচলাইক ইম’জি’। তেহে বোলে সাতে সোতৰই মিলি ফে’চবুক কৰাৰ মজা অটুট থাকিব। অ’, আৰু এটা কথা৷ উল্লিখিত সকলো ইম’জি ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধান হোৱা ভাল৷ কাৰণ ইটোৰ লগতেই সিটো থাকে৷ ভুল হৈ আঙুলিৰ পৰশ লাগি খঙৰ ইম’জিৰ ঠাইক লাভ ইম’জি গুচি হ’লে আপুনি ব্লকত চাকৰি পোৱাৰো সম্ভাৱনা প্ৰবল৷

☆ ★ ☆ ★ ☆

2 Comments

  • ডলী

    ভাল লাগিল পঢ়ি

    Reply
  • প্ৰদীীপ বৰা

    ইম’জিৰ অধ্যয়নেে ভাল ইমেজ দিলে

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *