ভেলেণ্টাইন ডে’ৰ উপহাৰ-প্ৰণীতা গোস্বামী বৰঠাকুৰ
: হয়নে হেৰি, শুনিছেনে…?
: কিনো কাণৰ কাষতে ইমান ডাঙৰকৈ চিঞৰিছা, শুনি আছোঁ কোৱা… ?
বাতৰি কাকতখনতে চকু দুটা থৈ বৰুৱাই উত্তৰ দিলে।
: সেয়া, গেঙেৰী মাৰি উঠিলেই নহয়, নকওঁ যাওক…!
বৰুৱানীয়ে বৰুৱাৰ চাহৰ কাপটো অলপ জোৰকৈয়ে মেজখনত থৈ নিজৰ কাপটো লৈ আগফালৰ বাৰান্দালৈ ওলাই গ’ল।
বৰুৱা বৰুৱানীৰ সংসাৰত এনেবোৰ নাটক সদা প্ৰচলিত। দিনটোত বিশ-পঁচিশবাৰমান এনেধৰণৰ খুঁত-খাত লাগিয়েই থাকে। এজনৰ অলপ উচ্চস্বৰৰ কথাতে আনজনৰ ঠেহ লাগে। বৰুৱানীৰ ক্ষেত্ৰত এইটো অলপ বেছি হয়। আজি যেনিবা পুৱাৰ চাহকাপৰ সময়তে লাগিল। বৰুৱানীয়ে ভালকৈ ওচৰত বহি কিবা এষাৰ ক’ব খুজিলেই বৰুৱাৰ সেই সময়ত বাতৰি কাকতখন পঢ়াৰ কোবতো বেছি হয়। খচখচকৈ বাতৰি কাকতৰ পৃষ্ঠাবোৰ লুটিয়াই কথা কোৱাৰ মুডটো নাইকিয়া কৰি দিয়ে। তেতিয়াই বৰুৱানীৰ মস্ত খং উঠে। উচাৎ মাৰি তেওঁ বৰুৱাৰ ওচৰৰপৰা উঠি যায়। বৰুৱাই সেইকণ অভিমানৰ সোৱাদ লয়। মুখত মিচিকিয়া হাঁহিলৈ তেওঁ পুনৰ কাকত পঢ়াত মন দিয়ে।
: আপুনিনো দিনে- ৰাতিয়ে সেইখনত কি পঢ়ে হয়নে…? টিভিৰ এটা বাতৰিও নোচোৱাকৈ নাথাকে, সেইখনো উধৰপৰা মূধলৈকে পঢ়ি থাকে। কি এনে দেশ উদ্ধাৰ কৰিবগৈ হে?
কেতিয়াবা অতিষ্ঠ হৈ বৰুৱানীয়ে কেই আষাৰমান শুনায়। বৰুৱাৰ নিৰুত্তাপ উত্তৰ–
: তুমি কি বুজিবা.. ? দেশ কোনফালে গৈছে খবৰ ৰাখিলেহে!
কেতিয়াবা সৰু সৰু কথাতে ওখনা ওখনিখন অলপ বেছি হয়গৈ৷ সেইদিনা বৰুৱাই আবেলি খোজকাঢ়ি উভতি আহোঁতে বৰুৱানীয়ে ভালপোৱা ধোকলা, জেলেপী আদি লৈ আনে। একেলগে দুয়ো টিভিৰ সমুখত বহি চাহকাপ খায়। সেইদিনালৈ দুয়োৰে মন ভাল হৈ পৰে।
অৱসৰ লোৱাৰ পাছৰপৰা তেওঁলোকৰ মাজৰ এই খুঁত-খাতবোৰ যেন বেছি হৈছে। বৰুৱাৰ অমনোযোগী স্বভাৱটোৱে বৰুৱানীক অতিষ্ঠ কৰি তোলে। দিনটোৰ বেছিসময় তেওঁ বাতৰি কাকত পঢ়িয়েই পাৰ কৰে। তাৰ মাজতে নিজৰ নৈমিত্তিক কামবোৰ কৰাৰ উপৰি বৰুৱানীক দুই-এটা কামত সহায় নকৰাও নহয়। এই খুঁত-খাতবোৰৰ মাজতে যেন দুয়ো জীয়াই থকাৰ মাদকতা বিচাৰি পাইছে।
আজি পুৱাতেই বৰ আগ্ৰহেৰে তেওঁ বৰুৱাক আবেলি ফুৰিবলৈ ওলাই যোৱাৰ কথা ক’ব খুজিছিল। ক’ৰণাৰ সন্ত্ৰাসৰ পাছৰপৰা ভালকৈ ক’তো ওলাই যোৱা হোৱাই নাই। চৰকাৰী ফিল্ডখনত হোৱা মেলাখনলৈকে যাবৰ মন আছিল তেওঁৰ। সেইদিনা ওচৰৰ শইকীয়ানীয়ে ফোনতে কোৱা কথাখিনি শুনাৰ পৰাই বৰুৱানীৰ মনটোৱে লকলকাই আছে। বহুবছৰ এই মেলা-উৎসৱবোৰলৈও যোৱা নাই। এইখন বহুত ডাঙৰ মেলা বোলে! বৰুৱানীয়েও ঘৰুৱা দুই- এপদ বস্তু কিনিব পাৰিলেহেঁতেন! পিচে এতিয়া আৰু গিৰীয়েকক জোৰ নকৰে তেওঁ। পুৱাই মনটো বেয়া কৰি দিলে। পেটতে খঙটো সামৰি তেওঁ পুৱাৰ কামখিনি সামৰি গা-পা ধুই পুৱাৰ জলপান বনাবলৈ পাকঘৰত সোমাল। ডাইনিং টেবুলত দুয়োলৈ ৰুটি-তৰকাৰী আৰু অ’টচ দুবাতি গোটাই বৰুৱানীয়ে গিৰীয়েকক মাতিবলৈ গ’ল। তেতিয়ালৈকে বৰুৱাই একেটা প’জতে কাকতখন পঢ়িয়েই আছে। আন একো নকৈ তেওঁ খোৱাৰ আগৰ ঔষধকেইটা যতনাই বৰুৱানীয়ে বৰুৱাক খোৱা টেবুললৈ মাতি আনিলে। দুয়ো মৌন হৈয়ে খোৱা সামৰিলে। এনেয়ো বৰুৱাই খাওঁতে বৰ কথা নকয়। খোৱা-বোৱাতো বৰ আপত্তি নাই। নিমখ নিদিলেও আপত্তি নকৰাকৈ খাই উঠি যায়। কেতিয়াবা নিমখ বেছি পালেহে ‘আজি কালৈ ইমান মৰম লাগিল দুবাৰ নিমখ দিলা যে’ বুলি প্ৰশ্ন কৰিলেও মীমাংসাও নিজেই কৰি লয় বৰুৱাই— ‘হ’ব দিয়া, এইখন আঞ্জাৰ লগত একেলগে সানি খাবলৈ ভালেই হৈছে৷’
বৰুৱাৰ এনেবোৰ আচৰণে বৰুৱানীক মোহত পেলায়। কিন্তু কোনোদিনেই মানুহজনে জুতিকৈ ৰন্ধা আঞ্জা এখনৰো ‘বৰ ভাল হৈছে’ বুলি শলাগ লৈ নাপালে। কুটৰি কুটৰি সুধিলেহে ‘অ’ ঠিকেই আছিল’ বুলি সেৰেকা উত্তৰ এটা দিয়ে। তেতিয়াই বৰুৱানীৰ খং উঠে। তেতিয়া ‘তামোলসোপা খাই খাই আপোনাৰ মুখৰ একো জুতি নাইকিয়া হ’ল’ বুলি বৰুৱানীয়ে অভিমান জাহিৰ কৰে।
: তোমাৰ হাততনো কেতিয়া বেয়া আঞ্জাৰ পাগ উঠিছে?
বৰুৱাৰ উত্তৰে বৰুৱানীৰ মনত কিমান আলোড়ন তোলে সেয়া বৰুৱাই নাজানে৷
এইদৰেই বৰুৱাৰ সংসাৰখন আগবাঢ়িছে। বৰুৱাই লক্ষ্য কৰিছে বৰুৱানীৰ ঠেহ-পেচবোৰো যেন সংসাৰৰ দায়িত্ববোৰ কমি অহাৰ পাছতহে বেছি হ’বলৈ ধৰিছে। শহুৰ-শাহু, দেওৰ, দুটি সন্তানৰ আলপৈচান ধৰোতে সৰু সৰু কথাবোৰত লাগিবলৈ তেওঁৰ সময়ো নাছিল। এনেয়ো স্বভাৱটো বৰ লাগি থকা বিধৰো নহয় অৱশ্যে। কিছুমান কথাৰ ভূ তেওঁক নিদিয়াকৈয়ে বৰুৱানীয়ে সমাধা কৰিছিল। দায়িত্বশীল পদবীত থকা বাবেই হয়তো তেওঁক সৰু-সুৰা ঘৰুৱা সমস্যাৰ উমান ল’বলৈ দিয়া নাছিল। এতিয়াহে অকণমানতে তেওঁৰ অভিমান হয়। বৰুৱাই তাৰ উমান নোপোৱা নহয়। কেতিয়াবা নিজে নিজেই ঠিক হয়৷ কেতিয়াবাহে নৱ-বিবাহিতৰ দৰে তেওঁ অভিমান ভাঙিব লগা হয়। উপায়ো নাথাকে, সংসাৰখন যে তেওঁলোকৰে…!
বৰুৱানীয়েও কথাবোৰ নুবুজা নহয়। কেতিয়াবা নিজৰ ওপৰতে খং উঠে৷ তেওঁ ভাবে, ‘এইটো কথাতনো মই তেওঁক খং কৰিব লাগেনে! মানুহটো তেনেকুৱাই, ঘৰুৱা জঞ্জালৰ মাজত সোমাই নোপোৱা মানুহ, এনেয়ো আনতকৈ অলপ বেছিয়েই চিধা-চাধা।’ এনে ভাৱ আহিলেই বৰুৱানীয়ে নিজক সৈমান কৰি লয় আৰু উৎসাহেৰে নিজৰ কামত লাগে। সেইদিনা তেওঁ বৰুৱাই ভালপোৱা দুই-তিনিখন ব্যঞ্জন জুতি লগাই ৰান্ধে। দুয়ো তৃপ্তিৰে ভাতসাঁজ খায়। মৰম-প্ৰীতিবোৰ যেন এই ভাতসাঁজতে সোমাই থাকে। সেইদিনা আবেলিলৈ চাহকাপৰ লগত খোৱাকৈ বৰুৱাৰ হাততো বৰুৱানীৰ প্ৰিয় কিবা এবিধ আহে। মনবোৰ মুকলি হয়, দিনটো সুখৰ হয়।
: হেৰা শুনিছানে, মানুকণে ভিডিঅ’ কল কৰিছে আহা৷
বৰুৱাই বৰুৱানীক উদ্দেশ্যি ক’লে।
লৰালৰিকৈ বৰুৱানী আগফালৰ ৰূম পালেগৈ। ডাঙৰ ছোৱালী বাসন্তীৰ ছোৱালী মানুকণ। মানুকণ ককাকে মৰমতে মতা নাম। সিহঁত দিল্লীত থাকে। মাজে মাজে বন্ধৰ দিনত এনেকৈ ভিডিঅ’ কল কৰে। বৰুৱা-বৰুৱানী দুয়ো ওচৰ চাপি বহি ল’লে।
: কি কৰিছা আইতা?
মানুকণৰ প্ৰশ্ন। কাষতে বাসন্তীও আছে।
: কিনো কৰিম মাজনী, ব্ৰেকফাষ্ট কৰি এনেয়ে বহি আছিলোঁ।
আইতাকৰ মৰমসনা উত্তৰ।
: হেপ্পী ভেলেণ্টাইন ডে’, ককা-আইতা।
মুনুকণে ফ্লাইং কিছ এটা দি দুয়োকো শুভেচ্ছা জনালে।
: সেইটোনো আক’ কি ওলাল অ’?
ককাকে ৰসিকতা কৰি ক’লে। সিমূৰে বাসন্তী আৰু মানুকণে ঢেকঢেকাই হাঁহি উঠিল।
: ইইই ককা, তুমিও যে…., পিচে তুমি কি দিলা আইতাক?
: কিবা দিবও লাগে নেকি আজি?
ককাকৰ প্ৰশ্ন।
: লাগেতো! তোমালোক ইমান লাভলি কাপল। দিবা গোলাপ এপাহকে৷
দুয়োফালে হাঁহিবোৰ বাগৰি পৰিল।
ফোনৰ বাৰ্তালাপ সামৰি দুয়ো নিজৰ নিজৰ কামত ব্যস্ত হ’ল। সিহঁতৰ মুখবোৰ দেখিলে এনেই ভাল লাগে, মাত-কথাবোৰ শুনিলেই মনবোৰ ভৰি পৰে। দিনটোলৈ সজীৱ হৈ পৰে দুয়ো। বৰুৱানীয়ে দিনটোৰ বাবে অহা বনকৰা বিমলাক দিহা দিবলৈ বুলি পাকঘৰত সোমাল। তাইৰ হতুৱাই তৰকাৰী পাচলিবোৰ কটাই থয় ৰাতিটোৰ বাবেও। আজি বন-শাক দুডালমানো বোটলাব লাগিব, বৰুৱানীয়ে মনতে ঠিক কৰিলে। মানুকণৰ ফোনটোৱে তেওঁৰ অভিমান কৰ্পূৰৰ দৰে উৰাই দিলে। বৰুৱাৰ বহু কথাই তেওঁৰ পছন্দ নহ’লেও তেওঁ কৰি ভাল নোপোৱা কামবোৰ, যেনে বিছনাৰ আঁঠুৱা তৰা, পুৱা দুৱাৰ-খিড়িকীবোৰ খোলা, গৰম পানীৰ চুইছটো অন কৰা আদি সৰু-সুৰা কামবোৰ সদায়েই বৰুৱাই কৰি আহিছে। ডাক্তৰে তেওঁক বিষৰ বাবে গৰমৰ দিনতো গৰম পানীৰে গা ধুবলৈ দিহা দিছে। সেইকামটোকে তেওঁ গৰমৰ দিনত সদায়েই পাহৰে, সেয়ে বৰুৱাই পুৱাতেই গিজাৰৰ চুইছটো দি থয়। অৱসৰ লোৱাৰ পাছৰপৰা এইটো কামো বৰুৱাৰ ৰুটিনত সোমাল।
দুপৰীয়া ভাত খাওঁতে বৰুৱানীয়ে পুৱা ক’ব খোজা কথাষাৰ উনুকিয়ালে। বৰুৱাই হা-না একো উত্তৰ নিদিলে, নিৰ্বিকাৰ ভাৱত ভাতকেইটা খোৱাত মনোযোগ দিলে। মনত খেদ এটা থাকিল যদিও বৰুৱানীয়ে পুনৰ কথাষাৰ নোদোহাৰিলে।
আবেলিলৈ বৰুৱাৰ হাতত এটা ডাঙৰ বাকচ দেখি বৰুৱানী আচৰিত হ’ল।
: কি আনিলে এইটো?
: অথনি মানুকণে কৈছিল নহয় তোমাক কিবা দিব লাগে বুলি, এইটোকে আনিলোঁ দিয়া৷
: ধেত, কিনো কথাবোৰ কৈ থাকে, কিনো আনিলে আক’ পইচা এসোপা খৰছ কৰি?
: এইটো তোমাৰ ভৰি ধোৱা মেছিন। ইয়াত পানী ভৰাই চুইছ অন কৰিলে পানীখিনি সহ্য কৰিব পৰা গৰম হ’ব আৰু এই বেল্টডাল ভৰিত লগাই ল’লে ভৰিকেইটা কলাফুললৈকে মাছাজ কৰাৰ দৰে কৰিব। তোমালৈ ইয়াতকৈ ভাল গিফ্ট আৰু ভাবি নাপালোঁ।
: আয়ৈ, কিযে কয়, মানুকণে ক’লে বুলিয়েই …!
: নহয় হে! বহুদিনৰপৰাই ভাবি আছিলোঁ। দোকান এখনত কৈ থৈছিলোঁ। আহিলে খবৰ দিম বুলি কৈছিল। আজি আহিলত লৈয়েই আহিলোঁ। পুৰা পইচা দিয়াই নাই! গধূলি ভৰিকেইটা ধুবলৈ এলাহ কৰা যে, এতিয়া এলাহ নালাগিব চাগে। বিষটোও আৰাম পাবা। ৰাতি ভাল টোপনিও হ’ব।
: আজি আপুনিয়েই প্ৰথম ধুই মোক দেখুৱাই দিব। তাৰ পাছতহে মই ব্যৱহাৰ কৰিম। ইমান পইচা খৰছ নকৰা হ’লেও হ’ল হয়, ধুয়েই আছিলোঁ দেখোন!
বৰুৱানীয়ে আৱেগ মিহলি সুৰেৰে ক’লে।
: হ’ব দিয়া, আনিলোঁ আৰু। গোলাপ এপাহতকৈ এইটো তোমাৰ কামত আহিব।
: কিনো কয় হেৰি, কিবা সৰু ল’ৰা-ছোৱালীৰ দৰে কথাবোৰ কৈছে দেখোন? ৰ’ব চাহ দুকাপ বনাই আনোগৈ। খেজুৰৰ কেক এটাও বনাইছিলোঁ।
বৰুৱাক উদ্দেশ্যি কথাকেইটা কৈ বৰুৱানী পাকঘৰলৈ সোমাই গ’ল।
☆ ★ ☆ ★ ☆
9:21 pm
বা বহুত ভাল লাগিল৷
11:00 pm
ধন্যবাদ নীলাক্ষি
9:53 pm
বৰ ভাল লাগিল পঢ়ি। উমম সময় অনুসৰি উপহাৰৰ মূল্যবোধ।
11:02 pm
মন্ততব্যৰ বাবে অশেষ ধন্যবাদ।
10:08 pm
সঁচা উপহাৰ৷ ভাল লিখিছে৷
11:03 pm
ধন্যবাদ
6:53 am
সুন্দৰ সংসাৰ এখনৰ প্ৰতিচ্ছবি ফুটি উঠিল ৷
11:30 am
ধন্যবাদ
4:05 pm
বহুত ভাল লাগিল।
11:30 am
ধন্যবাদ
3:41 pm
বৰ ভাল লাগিল এইটো৷ দেৰি হল পঢ়াত