ফটাঢোল

ঘৰঘৰণি – নীলাক্ষী কাকতী

সৰুৰেপৰাই মই খুব তীখৰ আছিলোঁ৷ কিন্তু মুখখন দেখিলে বোধকৰো মানুহে তাৰ ওলোটাই ভাবে৷ মোৰ আচল ৰূপটো মা-দেউতাই ভালকৈ জানিছিল৷ সেয়ে সৰুতে মায়ে কচুগুটি, বিহগুটি, বাঘৰ আগতেল খাইটি আৰু ক’ত উপনামেৰে বিভূষিত কৰিছিল সীমা নাই৷ মোৰ ভাইটি মোৰ কাণ-সমনীয়া৷ মই তাতকৈ এবছৰে ডাঙৰ৷ সি মোৰ ক্ৰাইম পাৰ্টনাৰ আছিল৷ আচলতে দুষ্টামি মই কৰোঁ আৰু সি ধৰা পৰি মা-দেউতাৰপৰা মাৰ খায়৷ সি আচল কথা কৈ দিব বিচাৰে যদিও চকলেট, লুজেনৰ লোভত একো নকয়৷ মানে মই তাক মোৰ সাঁচতীয়া পইচাৰপৰা মাজে মাজে চকলেট কিনিবলৈ পইচা দিছিলোঁঁ৷ কেতিয়াবা বেছিকৈ পিটন পৰিলে মোৰ নামটো কৈ দিয়ে অৱশ্যে৷ তেতিয়া মায়ে কৈছিল, “সেয়া মই জানোৱেই নহয়৷ আচল মালিকনী কোন!” তাৰপিছত মোৰ পিঠিতো বাবৰি ফুল বাচিছিল মায়ে৷ দুয়ো দুদিনমান নমতানামাতিকৈ থকাৰ পিছত পুনৰ গোপন বুজাবুজি হৈ আকৌ আমাৰ কামত লাগি গৈছিলোঁ ৷ এনেদৰেই ভাৰ-ভেটি দি মই ভাইটিক মেনেজ কৰিছিলোঁ৷ ভাইটিয়ে আনকি মোৰ বিয়াৰ দিনাও হোমৰ ওচৰত মোৰ মানুহজনক কৈছিল, “মৃণাল দা, এবাৰ ভাবি চোৱা দেই৷ এইক বিয়া কৰাবলৈ গৈ আছা৷ বাচিব খুজিছা যদি এতিয়াই ধুতি দাঙি দৌৰ মাৰা৷ পিছত নক’বা আগতে সঁকিয়াই নিদিলোঁ বুলি৷” বাৰু যি নহওক এতিয়া আহোঁ আচল কাহিনীলৈ ৷

মই তেতিয়া তৃতীয় মানত৷ ভাইটি দ্বিতীয়ত৷ সেইদিনা আমাৰ ঘৰলৈ আমাৰ ডাঙৰ পেহা আহিছিল৷ বৰ মৰমীয়াল তেওঁ৷ ঘৰলৈ কিবাকিবি অনাৰ লগতে আমাৰ দুয়োলৈ চকলেট আনিছিল৷ মুখ হাত ধুই তেওঁ মাহঁতৰ লগত কথা পতাত লাগিল৷ তাৰপিছত মায়ে পেহাক চাহ-পানী দি ভাত ৰন্ধাত লাগিল৷ আমি দুয়ো পেহাৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলোঁ৷ দেউতা সেই সময়ত অফিচৰপৰা আহি পোৱা নাছিল৷ পেহাই আমাক সাধু কোৱাত লাগিল৷ আমি পেহাৰ লগ নেৰাই হ’লোঁ৷ সন্ধিয়া দেউতা ঘৰ আহি পোৱাৰ পিছত আমি কিতাপ পঢ়াত লাগিলোঁ৷ ৰাতি ভাত-পানী খোৱাৰ পিছত মায়ে ভাইটি আৰু মোৰ ৰূমত পেহাক শোৱাৰ ব্যৱস্থা কৰি দিলে৷ মই শোৱা বিছনাখনত ভাইটি আৰু মই থাকিলোঁ আৰু ভাইটিৰখনত পেহাক থাকিবলৈ দিয়া হ’ল৷ তাৰ লগে লগে মাৰ কাঢ়া নিৰ্দেশ যাতে কোনো কাৰণতেই আমি পেহাক দিগদাৰি নিদিওঁ৷ আমিও মাছৰ জোলকণৰপৰা মাছপিচ লৈ খাব নজনাটোৰ দৰে হ’ব বুলি মূৰ জোকাৰিলোঁ৷ পিচে আমিতো সাতঘাটৰ চেঙেলী৷ মা নিজৰ ৰূমলৈ যোৱাৰ লগে লগেই পেহাক আমি দুয়ো আৰু দুটামান সাধু ক’বলৈ খাটনি ধৰিলোঁ৷ পেহাই আমাৰ কথা ৰাখি আমাক এটা সাধু ক’লে৷ তাৰপিছত আমাক শুবলৈ ক’লে কিয়নো তেওঁৰ যথেষ্ট ভাগৰ লাগিছিল৷

পেহা শুই পৰিল আৰু আমি দুয়ো ফুচফুচাই পেহাই কোৱা সাধুটোৰ ওপৰত বিশেষ টিপ্পনী দিবলৈ আৰম্ভ কৰিলোঁ৷ অলপ পিছত দুয়ো কিবা এটা শব্দত চক্‌খাই উঠিলোঁ৷ মন কৰিলোঁ সেয়া পেহাৰ নাকৰ পৰা সৃষ্টি হোৱা বিভিন্ন ধৰণৰ শব্দ৷ আমি দুয়ো উঠি বহিলোঁ৷ শব্দবোৰ বিভিন্ন ধৰণৰ৷ এবাৰ যদি ‘কেঁচুৱাই কন্দাৰ দৰে আনবাৰ দুৰ্গাপূজাত আমি বজোৱা পেঁপাটোৰ দৰে৷ এবাৰ যদি গাড়ীৰ ব্ৰেক মৰাৰ দৰে শব্দ আনবাৰ সুহুৰিৰ দৰে৷ মুঠতে বিভিন্ন মিশ্ৰিত শব্দ৷ আমাৰ খুব হাঁহি উঠিল৷ দুয়ো মুখত সোপা দিলোঁ, কাৰণ মায়ে শব্দ শুনিলে আমাক সুদাই নেৰে৷ হঠাতে পেহাৰ নাকৰ শব্দ বন্ধ হ’ল৷ আমি দুয়ো ইজনে সিজনলৈ চালোঁ৷ তাৰপিছত দুয়ো হাতত সাৰে ভৰিত সাৰে উঠি পেহাৰ বিছনাৰ ওচৰ পালোঁগৈ৷ ডিম লাইট জ্বলি আছিল বাবে ভালকৈ ধৰিব নোৱাৰিলোঁ৷ ভাইটিয়ে মোক সুধিলে কিয় পেহাৰ শব্দ নাইকিয়া হ’ল৷ মই বিশেষজ্ঞৰ দৰে ক’লোঁ, “পেহা মৰিল চাগে৷” ভাইটিয়ে বিৰাট ভয় খালে৷ মই উস্তাদীয়ে তাৰপিছত হাতত সাৰে ভৰিত সাৰে ভাইটিক লৈ পাকঘৰ পালোঁ৷ কিয় নাজানো সদায়ে মোৰ মূৰত আচহুৱা বুদ্ধিবোৰে কিৰিলি পাৰে! মই পাকঘৰৰ পাচি এটাত থোৱা ৰংপুৰি আলু এটা (খুব সৰু) তুলি ল’লোঁ৷ তাৰপিছত লাহে লাহে ৰূমটোলৈ আহি আমাৰ ৰূমৰ লাইটটো জ্বলাই দি পেহাৰ নাকৰ ভিতৰত আলুটো সুমুৱাই দিলোঁ৷ কি ভাৱত সুমাই দিলোঁ এতিয়া মনলৈ অহা নাই৷ কেই চেকেণ্ডমান পিছতে পেহাই খপজপকৈ সাৰ পালে৷ বোধকৰো নাকৰ সুৰসুৰনি নাইবা লাইটৰ পোহৰ নাইবা উশাহত কষ্ট পোৱাৰ বাবে পেহা উঠি বহিছিল৷ টোপনিৰ জালত পেহাই চকুযোৰ মেলিবই পৰা নাছিল৷ তাতে আঠুঁৱাৰ ভিতৰত মোক দেখি চক্‌ খাই গৈছিল৷ ইফালে আমাৰ দুয়োৰে ভয়তে অৱস্থা কাহিল৷ অলপ পিছতে পেহাই দুটামান হাঁচি মাৰি নাকটো মোহাৰি মোহাৰি আমাক ক’লে, “নাপায় নহয় এনে কৰিব৷ মোৰ নাকৰ শব্দৰ বাবে তোমালোকৰ দিগদাৰ হৈছে ন? মোৰ অলপ নাকৰ শব্দ হয়েই৷ কিন্তু এনে কাম নকৰিবা আগলৈ৷” আমিও কন্দনামুৱা হৈ নকৰোঁ বুলি ক’লোঁ ৷ পিছদিনা মায়ে কি ৰূপ ল’ব ভাবি বুকুখন চিৰিং চিৰিংকৈ কঁপিবলৈ ধৰিলে৷ পেহাই আমাৰ অৱস্থা দেখি বুজি পাই ক’লে,

: হ’ব মই কাকো একো নকওঁ৷

কিন্তু পিছদিনা ঘৰ শত্ৰু বিভীষণৰ দৰে ভাইটিয়ে মোৰ বুকুত কামোৰ মাৰিলে৷ ইমান দিনৰ চকলেট লুজেনৰ ভাৰ-ভেটিবোৰ পাহৰি মাৰ আগত ৰাতিপুৱাই সৱ কথা কৈ দিলে৷ বোধকৰো সি নিজকে বচাবৰ বাবে কৈছিল নাইবা পেহাই কৈ দিব বুলি ভাবিছিল৷ তাৰপিছত!! তাৰপিছত মায়ে চিটিপনি এচাৰিৰে মোক যিকেইটা কোব দিছিল সেয়া মনত পৰিলে আজিও মই মোৰ কাম কৰা স্কুলত মোৰ কোনো ছাত্ৰই ভাৰতৰ ৰাষ্ট্ৰপতি কোন বুলি সুধিলে যেতিয়া কয়- “গিয়াচুদ্দিন বাইদেউ৷ আমাৰ ঘৰৰ পিছফালে থাকে৷” তেতিয়াও তেনেকৈ পিটিবলৈ মন নাযায়৷

☆ ★ ☆ ★ ☆

12 Comments

  • Pranita Goswami Barthakur

    হাঃ হাঃ, বেছ অঘাইটং আছিলা দেখোন!

    Reply
  • ৰিণ্টু

    বঢ়িয়া লাগিল নীলাক্ষি

    Reply
  • হেমন্ত কাকতি

    মজা লাগিল নীলাক্ষী৷

    Reply
  • বাগ্মিতা

    নিলাক্ষীবা অ’ হাঁহিত থাকিব পৰা নাই মই????

    Reply
  • দেখোতে লাগে কিন্তুু সৰুতেই দাংকাটী টাইপৰ পছিলা বুলি
    মজা লাগিল পঢ়ি

    Reply
  • ডলী

    হাঃ হাঃ। ঠিকছে হাঁহিলো। তোমাক মায়ে মাৰিছে অকল। মই হ’লে মা,দেউতা, পেহা চবে মাৰিলে হয়।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    ইয়াতে কয় বাঘৰ আগতেল খোৱা৷

    Reply
  • কাবেৰী মহন্ত

    মজা ৰসাল কাহিনী নীলাক্ষী৷ ভাল লাগিল

    Reply
  • মানসী

    সৰুকালৰ ৰসাল কাহিনী ভাল লাগিল দেই… …

    Reply
  • প্ৰদীপ বৰা

    ৰংপুৰি আলুৱেও তত নাপালে ৷ শ্ৰেষ্ঠ হাস্য ৰসৰ সৃষ্টি হ’ল দে ৷

    Reply
  • জিতু

    এএএ মজাআআআ

    Reply
  • বন্দিতা জৈন

    হা,হা,,মজা।আপোনাৰ জোকোৱা নাম সুধিছিলো নহয় এবাৰ,,,,পালোঁ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *