ফটাঢোল

পখিলা পলাই গ’ল-সমীৰ সূৰ্য্যনীল বৰা

পুৱা চাহৰ কাপটো হাতত লৈ পঢ়ি থকা পখিলাক দিবলৈ গৈ মাকে দেখিলে যে পখিলাই পঢ়াৰ মেজত বহি বাহিৰলৈ চাই মিলমিলাই আছে। কিতাপো মেলা, হাতৰ কলম গৈয়ো দাঁতৰ মাজত। কিনো হ’ল বুলি মাকে হাতত সাৰে ভৰিত সাৰে গৈ দেখে বাহিৰত একো নাই, এনেই তাই মিলমিলাই হাঁহি আছে। এইজনী পাগলীয়ে হ’ল নেকি অ’? মাকজনী ওচৰতে আছে বুলিও তাইৰ একো অনুভৱ নাই! কথাবোৰ আচহুৱা যেন লগাত মাকে তেওঁলোকৰ কাম কৰা ল’ৰা গগনৰ কাষ পালেগৈ। সি এইবোৰৰ শুংসূত্ৰ উলিওৱাত পাকৈত। একান্তমনে কামত ব্যস্ত হৈ থকা গগনৰ ওচৰলৈ গৈ পখিলাৰ মাকে কথাটো কেনেকৈ উলিয়াব তাকে ভাবি ক্ষন্তেক ৰৈ ক’লে—

: ‘হেৰি নহয় গগন, ধৰি ল, তই এজনী যেনিবা ছোৱালী আৰু তই পঢ়ি আছ। এতিয়া যদি তই পঢ়াৰ টেবুলত বহি কৰবালৈ চাই মিলমিলাই হাঁহি থাক তাৰ অৰ্থটো কি হ’ব?’

 গগনে লাজ কৰাৰ দৰে কৰি ক’লে—

: ‘মানে বাইদেউ, মই কাৰোবাক ভালপাই পেলাইছো।’

: ‘কি? কি কৈছ এইবোৰ?’

: ‘অ’…, এতিয়া দেখিছোঁ আপুনি মোক গালিহে দিব৷ কেলেই, আপুনিহে মোক ছোৱালী হৈ মোৰ মনৰ কথা ক’ব কৈছে? আপুনি টিভিত দেখেইচোন, ল’ৰা-ছোৱালীবোৰে যে প্ৰেমত পৰিলে কেনেকৈ কৰবালৈ চাই চাই হাঁহি থাকে।’

: ‘অ’…অ’, হয় হয়৷’— পখিলাৰ মাকৰ চকুহাল থৰ লাগিল। তেওঁৰ কিবা এটা ভয় অনুভৱ হ’ল। গগনে কিবা কৈ আছিল যদিও শুনিবলৈ ধৈৰ্য নহ’ল।

গধূলিৰ চাহকাপ পখিলাক দি আহোঁগৈ বুলি মাকে কাপটো লৈ তাইৰ পঢ়া মেজৰ ওচৰলৈ গৈ দেখে পখিলা তাত নাই। তাই মাকৰ নতুন চাঁদৰ আৰু শাৰী উলিয়াই লৈ ড্ৰেছিং আইনাৰ সমুখত এবাৰ এযোৰ গাত লৈ চাইছে আৰু এবাৰ আন এযোৰ গাত লৈ চাইছে৷ মাকক অহা দেখি পখিলাই এটা মিচিকিয়া হাঁহিৰে সুধিলে—

 : ‘মা মোক কোনটো ৰঙে ভাল লাগিছে চাই দিয়া না৷’

পখিলাৰ কি হৈছে মাকে একো তত ধৰিবই নোৱৰা হ’ল। ভৰি দুখনত কঁপনি অনুভৱ হ’ল, ডিঙিটোও শুকাই যোৱা যেন লাগিল। মাকে ইয়াৰ ৰহস্য ভাঙিবলৈকে পুনৰ গগনৰ ওচৰ পালেগৈ।

: ‘ঐ গগন কথা এটা কচোন। কোনোবা ছোৱালীয়ে যদি পঢ়াত মন নিদি শাৰী, চাদৰ গাত মেৰিয়াই হাঁহি থাকে তাৰ মানে কিনো ?’

গগনে পাকৈত অভিনেতাৰ দৰে অংগী-ভংগী কৰি ক’লে—

: ‘মানেতো কি আৰু, তাইক বোৱাৰী হ’লে কেনে লাগিব চাইছে আকৌ! তাই যে কাৰোবালৈ ভিতৰি যোৱা কথা ভাবি আছে সেইটো খাটাং।’

গগনৰ কথাত জীয়েকৰ মতিগতি বুজিব পাৰি পখিলাৰ মাকৰ ঘামত কপাল তিতি গ’ল। তাকে দেখি গগনে সুধিলে—

: ‘অ’ বাইদেউ, আপুনি কেনেবাকৈ পখিলাৰ কথা সুধি থকা নাইতো?’

গগনৰ আগত ধৰা পৰা যেন দেখি পখিলাৰ মাকে গগনে শুনা-নুশুনাকৈ নিজকে কোৱাৰ দৰে ক’লে—

: ‘মোৰ ছোৱালীজনীৰ যি দেখিছোঁ এয়াই হ’বলৈ গৈ আছে নেকি? নাই, মই তাইক এতিয়াই কাৰোবালৈ যাব দিব নোৱাৰোঁ৷ নহ’লে ক্লাবত চোন মোৰ একো সন্মানেই নাথাকিব। শইকীয়ানিয়েতো মোকেই কথা শুনাব আৰু বৰুৱানীয়েতো মোৰ ছোৱালীক হেও কৰি কেনেকৈ নিজৰজনীৰ গুণ গাব পাৰে তাকেই ভাবিব।’

: ‘অ’ বাইদেউ, আপুনি কিবা কৈছে?’

: ‘নাই, তই কামত ধৰ৷’

পখিলা পলাই যোৱাৰ ভয়ত মাকে নিজৰ সকলো নতুন শাৰী, চাঁদৰ তাই নোপোৱাকৈ লুকুৱাই থলে৷ পিছদিনা মাকৰ চাঁদৰ, শাৰীবোৰ নেপাই হুলস্থূল লগালে।

: ‘মা তোমাৰ শাৰী, চাঁদৰখিনি ক’ত থ’লা? সেইবোৰ লৈ মই এফালে যোৱা কথা আছিল৷ যি দেখিছো সেইবোৰ নোহোৱাকৈয়ে মই যাব লাগিব।’

তাইৰ কথা শুনি মাকৰ দুগুণে ভয় বাঢ়ি গ’ল৷ মাক হয়, জীয়েকে এনেকুৱা কিবা এটা কৰক সেইটো কেনেকৈ কামনা কৰে? পখিলাই সাজি-কাচি হাতত বেগটো লৈ মাকক মাক লগালে—

: ‘মা, মই অলপ বজাৰ কৰি আহোঁ৷ আৰু বিউটি পাৰ্লাৰতো সোমাব লগা আছে৷’

মাকে এইবাৰ ঠিক বুজি পালে যে গগনে কোৱা কথাই সঁচা হ’বলৈ গৈ আছে। কিবা এটা ক’ৰি তাইক ৰখাবই লাগিব! সেইবুলি মাকে পখিলাৰ ওচৰলৈ গৈ ক’লে—

: ‘হেৰ’ আই তই নাযাবি, তোক যি লাগে তাকেই দিম৷ নহ’লে দেউতাৰে মোকেই গালি দিব৷’

: ‘আস মা, দেউতাই তোমাক গালি দিলে মই আছো নহয়, যি ক’ব লাগে মই ক’ম৷’

কথাখিনি কৈ পখিলা গুছি গ’ল৷ মাকে কিবা ক’ব খুজিও একো ক’ব নোৱাৰিলে।

ইপিনে গগনে পখিলাৰ মাকৰ মনৰ অনুভৱবোৰ বুজিব পাৰি ওচৰলৈ আহি ক’লে—

: ‘অ’ বাইদেউ পখিলাৰ বয় ফ্রেণ্ডটো চাব নেকি? ৰ’ব মই ফে’চবুকত দেখাই আছো৷’

গগনে ফে’চবুকত পখিলাৰ প্ৰফাইলটো চাৰ্ছ কৰি উলিয়াই দেখাই পুনৰ ক’লে—

 : ‘অ’ বাইদেউ, এইটো ল’ৰাই হ’ব! এয়া চাওক তাৰ কে টি এম আৰু এয়া চাওক তাৰ ডি এছ এল আৰ আছে। আপুনি চিন্তাই নকৰিব সি আপোনাৰ ছোৱালী বহুত সুখত ৰাখিব।’

গধূলি হৈ অহা লগে লগে মাকৰ ভয় বাঢ়ি গ’ল। বাৰে বাৰে বাহিৰলে চাইছে৷ তাই বাৰু গগনে কোৱা দৰে কাৰোবালৈ গুছি গ’ল নেকি? নাই নগ’লেই হয় আৰু৷ নহলে ক্লাবত কমখন লাজ পাব লাগিবনে? তেনেতে যেনিবা পখিলা ঘৰ ওলালহি। স্ট্রেইট কৰা চুলি৷ হাতত শাৰী আৰু এসোপামান গহনাৰ বজাৰ।

পখিলাক দেখা পাই মাকে স্বস্তিৰ নিশ্বাস এৰিলে। তথাপি মনৰ শংকাবোৰ দূৰ ন’হল। ইমানবোৰ বজাৰ কৰি অনা তাইৰ উদ্দেশ্য কি? কথাবোৰ ভাবি ভাবি মাকৰ ৰাতিটো টোপনিয়ে নহ’ল।

পিছদিনা দুপৰীয়া মাকে পখিলাক ঘৰৰ ভিতৰ- বাহিৰ ক’তো নেদেখি গগনক সুধিলে—

: ‘পখিলাক দেখিছিলি নেকি অ’ গগন?’

: ‘কি হ’ল বাইদেউ? তাইচোন গোটেইজনী নতুন গহনা, শাৰী পিন্ধি সাজি-কাচি অথনিয়ে ক’ৰবালৈ গ’ল। এহ্‌, আপোনাক ক’বলৈ লগেই নাপালে চাগে।’

তাইতো আগতে এনেকৈ ক’তো নেযায়! মাকৰ মনত সন্দেহ উপজিল, তাই ক’লৈ যাব পাৰে বাৰু?

: ‘তই লগত কাৰোবাক দেখিছিলি নেকি?’

: ‘অ বাইদেউ, কালি আপোনাক দেখুওৱা ল’ৰাটোৱে গে’টৰ ওচৰৰ পৰা বাইকত উঠাই লৈ যোৱা দেখিছোঁ৷’

: ‘অ’…, তাই এয়া কি কৰিলে? মই মানুহটোক কি বুলি ক’ম? ইফালে ক্লাবতো মই অলপ লাজ পামনে?’

পখিলা কিজানি আহেই বুলি আশা পালি থাকোঁতে বিয়লি হ’ল, কিন্তু পখিলা উভতি নাহিল৷ মাকে তাইলৈ বাৰে বাৰে ফোন লগালে যদিও তাই মাকৰ ফোনটো বাৰে বাৰে কাটি দিলে। গগনেও বাৰে বাৰে ফোন লগালে যদিও তাই ফোন ৰিচিভ নকৰিলে৷

: ‘হে হৰি মই ভবাটোৱে হ’ল, কৃষ্ণ কৃষ্ণ মোৰ এজনীয়ে ছোৱালী, তাইয়ো আজি কাৰোবালৈ পলাই গ’ল৷ এতিয়া মানুহটোৱে গম পালে মোক কমখন গালি দিবনে?’

পখিলাৰ মাকৰ কান্দোন শুনি গগনে ক’লে—

: ‘অ’ বাইদেউ, এতিয়া কান্দি কাটি হুলস্থূল নকৰিবচোন, গোটেই চুবুৰীৰ মানুহ গোট খাবহি এতিয়া, অলপ ধৈৰ্য ধৰকচোন৷’

পখিলাৰ মাকে ডাঙৰকৈ কন্দা-কটা বন্ধ কৰিলে যদিও উচুপি থাকিল। গগনে হিমগঙ্গা তেলটো আনি ডাঠকৈ মূৰত সানি দিলত পখিলাৰ মাকৰ মূৰটো পাতল পাতল লাগিল৷ প্ৰেচাৰৰ টেবলেটটোৰ সৈতে পানী এগিলাচ গগনে ওচৰতে দিলে।

মাকে ভাবিলে, ছোৱালী মানুহ, এদিনতো কাৰোবালৈ দিবই লাগিব। এতিয়া মুঠতে ল’ৰাটোৱে ভালকৈ ৰাখিলেই হয়? তেওঁ পখিলাৰ বাপেকক জীয়েক পলাই যোৱা খবৰটো গগনকে দিবলৈ ক’লে। সন্ধিয়াও হ’ল৷ পখিলাৰ মাকে পদূলিমুখলৈ ওলাই গ’ল৷ গগনেও পখিলাৰ দেউতাকক জীয়েক পলাই যোৱা খবৰটো দিওঁ বুলি ফোনটো হাতত ল’লে। তেনেতে পখিলাৰ মাকে ‘ঐ গগন, ঐ গগন’ বুলি উধাতু খাই উভতি আহিল৷

পখিলাৰ লগত কেইজনীমান ছোৱালী সোমাই আহিল৷ জীয়েকক দেখা পাই মাকৰ মুখত পানী আহিল৷ তেওঁ দৌৰী গৈ পখিলাক সাৱটি ধৰিব বিচাৰিছিল যদিও পখিলাৰ বান্ধৱীসকলৰ আগত তেনে কৰাটো ঠিক নহ’ব বুলিয়েই নিজকে নিয়ন্ত্ৰণ কৰিলে৷

পখিলাক দেখা পাই গগনৰ মুখতো হাঁহি বিৰিঙি উঠিল৷

পখিলাৰ মাকৰ তেতিয়াহে মনত পৰিল৷ তেওঁ এনেই দুঃচিন্তাবোৰ কৰিলে৷ পখিলাৰ বান্ধৱীকেইজনীক দেখিহে পখিলাৰ মাকৰ মনলৈ আহিল— আজি দেখোন সৰস্বতী পূজা আছিল?

☆ ★ ☆ ★ ☆

One comment

  • Swapnali phukan singh

    হয় দেই ছোৱালী থকা মাকবোৰৰ বৰ চিন্তা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *