ফটাঢোল

শইকীয়া পেটুৱাৰ আখ্যান – জয়ন্ত প্ৰীতম

দুদিনমানৰপৰা মই কথাটো লক্ষ্য কৰিছোঁ। লাহে লাহে মোৰ পেটটোৰ আকাৰ যেন বাঢ়িবলৈ ধৰিছে। শ্ৰীমতীয়ে মাজে মাজে তাকে লৈ উপলুঙা কৰি মোক পেটুৱা বুলি মাতে। পেটুৱা বুলি মতাৰ লগে লগে খঙে মূৰৰ চুলিৰ আগ পায়গৈ যদিও মুখেৰে একো ফুটাই কোৱা নহয়। অফিচৰ লগৰ কেইজনেও মাজে মাজে ধেমালিতে কয়,

: কি হে শইকীয়া আপোনাৰ শ্ৰীমতীয়ে বৰ বেছিকৈ খুৱাইছে যেন পাওঁ। পেটটো বৰ ধুনীয়াকৈ ওলাইছে।

ভিতৰি মোৰ খঙ এচাত উঠে যদিও সহ্য কৰি মনে মনে থাকোঁ। হতাশাত মনটো ভাৰাক্ৰান্ত হৈ পৰে। ইমান সাৱধান হৈ থকাৰ পাছতো কেনেকৈ কেতিয়া পেটটো ওলাল ধৰিবই নোৱাৰিলোঁ। নিজকে আজিকালি কিবা ৰাৱণ যেন লগা হৈছে।

সিদিনা গধূলি শাক পাচলি দিয়া বেপাৰীটোৱেও মোক হাঁহি হাঁহি ক’লে,

: দাদা আপুনি আগতকৈ শকত হৈছে। বিশেষকৈ আপোনাৰ পেটটো অলপ ওলাইছে।

তাৰ কথা শুনি ইমানদিনে মনৰ ভিতৰত জমা হৈ থকা ক্ষোভ আৰু হতাশাখিনি বাহিৰলৈ বাৰিষাৰ নদীৰ ঢল অহাদি ওলাই আহিল‌। তাক অলপ খঙতে ক’লোঁ,

: হেৰ’ মোৰ পেট মোৰ কথা তই ক’বলৈ কোন। নিজৰ কামত গুৰুত্ব নিদিয় কিয়?

মোৰ উগ্ৰমূৰ্তি দেখা পাই সি সেইপিনে তাপ মাৰিলে। মই আৰু কথা নবঢ়াই শাক পাচলিকেইটা লৈ ঘৰলৈ ৰাওনা হ’লোঁ। মোৰ ভিতৰি অলপ মনটো বেয়াও লাগিল বেচেৰাটোক খঙ কৰাৰ বাবে। সি হয়তো ধেমালি কৰিছিল। কিন্তু মোৰ মনৰ ভিতৰত যে ইমানদিনে এখন আগ্নেয়গিৰি উদ্গীৰণ হ’বলৈ অপেক্ষা কৰি আছিল সেয়া বেচেৰাই কেনেকৈ বুজি পাব।

সেইদিনা ঘৰলৈ আহি শ্ৰীমতীক পাচলিকেইটা দি বাৰাণ্ডাত বহি লৈ মনতে ভাবিলোঁ যে এই কথাই কথা নহয়। পেটটোৰ কিবা এটা কৰিব লাগিব। এই শইকীয়াক সামান্য পেটটোৱে হৰুৱাব নোৱাৰে।

সেয়ে সেইদিনাই খাটাং কৰিলোঁ যে শৰীৰ চৰ্চা কেন্দ্ৰ এটাত যোগদান কৰি লোৱাই ভাল। ভবা মতেই কাম। চহৰৰ আটাইতকৈ দামী শৰীৰ চৰ্চা কেন্দ্ৰত নাম ভৰ্তি কৰিলোঁ যাতে সোনকালে পেটটো নাইকিয়া হয়। শৰীৰ চৰ্চা কৰিবলৈ নতুন টি-ছাৰ্ট এটা আৰু পটলুং এটা কিনি আনিলোঁ। শ্ৰীমতীয়ে মোৰ ক্ৰিয়া কলাপ দেখা পাই ঠাট্টা কৰিলে যদিও মই একো নক’লোঁ। ভিতৰি কেৱল ভাবিলোঁ মোৰো সময় আহিব এদিন। শৰীৰ চৰ্চা কৰিবলৈ যোৱাৰ আগৰাতি মনটো বিৰাট ভাল লাগি থাকিল। বিছনাত শুই শুই মই কল্পনা কৰিলোঁ যে মোৰ পেটটো একেবাৰে কমি গ’ল। সকলোৱে মোক সুধিছে,

“শইকীয়া তোমাৰ পেটটো কেনেকৈ নাইকিয়া হৈ গ’ল। আমাকো অলপ টিপছ দিয়াচোন‌।”

শ্ৰীমতীয়ে লগৰবোৰক কৈছে,

“দেখিলা মোৰ মানুহটোৱে পেট কেনেকৈ কমাই পেলালে। মইহে বুদ্ধি দিলোঁ শৰীৰ চৰ্চা কৰিবলৈ।”

কথাবোৰ ভাবি ভাবি কেতিয়া টোপনি আহিল গমেই নাপালোঁ। পিছদিনা পুৱাই শৰীৰ চৰ্চা কেন্দ্ৰটোত যোগদান কৰি এপিনৰপৰা যিমানবোৰ সা-সৰঞ্জাম আছে মই পেট সোনকালে কমোৱাৰ উৎসাহতে দাঙি গৈছোঁ। মোৰ উৎসাহ দেখা পাই মাজে মাজে মোক ট্ৰেইনাৰজনে সুধিছে,

: আপোনাৰ আগতে কেতিয়াবা এইবোৰ কৰাৰ অভ‍্যাস আছে নিশ্চয়।

ময়ো তলত থকা ভকত নহয়। এনেই অভ‍্যাস আছে বুলি কৈ যিয়ে যি কৰিছে তাকে চাই চাই ময়ো কৰি গৈছোঁ। মোৰ এনেকুৱা লাগিল যেন পেটটো এদিনতে নাইকিয়া হৈ গ’ল। পিচে ঘৰলৈ আহিহে মজা পালোঁ। বিষৰ প্ৰকোপত ভালদৰে ক’তো থাকিব নোৱাৰা হ’লোঁ। ভাত খাবলৈ হাতখন দাঙো যদিও মুখলৈ হাতখন নাযায়। বেলেগ ক’ৰবালৈহে যায়। এক নম্বৰ আৰু দুই নম্বৰ কৰোঁতে হোৱা যন্ত্ৰণাবোৰ আছেই। ভগৱানৰ শপত খাই কৈছোঁ এনেকুৱা যন্ত্ৰণা আগতে জীৱনত কেতিয়াও পোৱা নাছিলোঁ।

সেই জ্বালা খাই শপত খালোঁ জীৱনত মৰি গ’লেও আৰু শৰীৰ চৰ্চা কৰিবলৈ নাযাওঁ। পেটটো অকণমানহে ডাঙৰ হৈছে গতিকে অলপ অলপ সন্ধিয়া খোজ কাঢ়িলেই ঠিক হ’ব।

সেয়ে ভাল দিন এটা চাই ওলালোঁ সন্ধিয়া সময়ত খোজ কাঢ়িবলৈ বুলি।

ঘৰৰ গলিটোৰপৰা ওলাই মূল পথটোত উঠিছোঁ মাত্ৰ নাকত সোমালহি নহয় মম’ৰ গোন্ধ। নবেম্বৰ মাহৰ অলপ অলপ ঠাণ্ডা। তাতে ম’মৰ গোন্ধ। নাই ভৰিৰ খোজ আগলৈ নাযায়। মনটো যেনে তেনে বান্ধি আকৌ খোজ কাঢ়িবলৈ ধৰিলোঁ। অলপ দূৰ যাওঁতেই নাকত আলু চপৰ গোন্ধ আহি সোমালেই নহয়। এইবাৰ আৰু নিজকে সম্বৰণ কৰিব নোৱাৰিলোঁ। মনতে ভাবিলোঁ অকণমান পেটটো ডাঙৰ হ’ল বুলিয়েই আৰু খোৱা বোৱা এৰিমনে? মানুহে অলপ হাঁহিব। শ্ৰীমতীয়ে উপলুঙা কৰিব। সকলো সহ্য কৰিম। কিন্তু খোৱাটো খামেই। সেয়ে দোকানখনলৈ আগুৱাই গৈ দোকানিক মাত লগালোঁ,

: ভাইটি আলুচপ দুটা দিয়া হে..! বৰ বঢ়িয়া বনালা৷ অলপ ভোট জলকীয়াৰ চাটনি দিয়াচোন৷ দিয়া আৰু দুটা দিয়া! বৰ জ্বলা দেই! বৰ ভাল লাগিছে খাই। লোৱা লোৱা পইচা লোৱা। বেছি নাখাওঁ আজি কাইলৈ খোজ কাঢ়িবলৈ আকৌ আহিম নহয় তেতিয়া খাম।

উভতি আহি থাকোঁতে ভাবিলোঁ আলুচপ খালোৱেই যেতিয়া মম’ এক প্লেট খাই যোৱাই ভাল হ’ব। ৰাতিৰ সাজলৈ বহুত দেৰি আছে। পাৰিলে অলপ চিকেন লৈ গৈ ড্ৰাই ফ্ৰাই কৰি খাব লাগিব ভাতৰ লগত। সকলো ঠিকেই আছে খালি পেটটোহে কিবা এটা কৰিব লাগিব নহ’লে মানুহে পেটুৱা বুলি হাঁহিব!

☆ ★ ☆ ★ ☆

3 Comments

  • Pranita Goswami

    হাঃ হাঃ মুঠতে খাই-বই ফূৰ্তিত থাকিব লাগে। পেট ডাঙৰ হ’ল কি হ’ল তাতে…
    বেছ ৰস পালোঁ। আমিবোৰৰো একেই যে স্বভাৱটো।

    Reply
  • প্ৰদীপ বৰা

    পেটহে আচল ৷ মানুহেে মুখ আছে যেতিয়া ক’বই ৷ সেইবোৰলৈ কাণ নিদিয়াই ভাল ৷

    Reply
  • জিতু

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *