ফটাঢোল

বেতালৰ সাধু-সোনটো ৰঞ্জন বৰুৱা

“……তাৰাতাৰি তোৰ ফটা লেকচাৰ আৰম্ভ কৰ ভাই….. সোনকালে উত্তৰ দি অলপ শুবলৈ যাব লাগে….৷” বেতালক পিঠিত পেলাই বিক্ৰমে কাহিনী শুনিবলৈ খৰধৰ লগালে।

“ভায়ৌ ঔৰ বেহনো…” বুলি কাহিনী আৰম্ভ কৰিবলৈ লৈ বেতালে সন্মুখত বিশাল জনসমাগমৰ সলনি বিক্ৰমৰ পিঠিখন দেখি জিভা কামুৰি ব্ৰেক লগালে।  সদায় টিভি চোৱাৰ অভ্যাসটোক মনে মনে গালি এটা পাৰি পুনৰ কাহিনী আৰম্ভ কৰিলে।

“বহুত প্ৰাচীন কালত ভাৰত নামৰ এখন দেশ আছিল। প্ৰাচীন কালৰ মানুহে জম্বুদ্বীপ বুলি কৈছিল। ইয়াৰ বাসিন্দাসকলৰ বিদগ্ধতা, বিচক্ষণতা প্ৰশ্নাতীত আছিল। নতুন ৰিচাৰ্চ এণ্ড ডেভলপমেন্ট  চকুত পৰাৰ লগে লগে কৈ দিব পাৰিছিল যে এনে ৰিচাৰ্চ  তেওঁলোকৰ পূৰ্বপুৰুষে বহু যুগৰ আগতেই কৰিছিল নতুন কিবা আছে যদি দেখুওৱা। কোনোৱে যদি প্ৰমাণ বিচাৰে, তৎক্ষণাৎ শ্লোক দুটামান আনি মুখত দলিয়াই দিছিল। প্ৰশ্নকৰ্তাই ভাৰতৰ মনিষীসকলৰ বিদগ্ধতাক দীঘলীয়া প্ৰণাম জনাই  আঁতৰি যোৱাৰ বাদে উপায় নাছিল।

দেশৰ বাসিন্দাসকল বহুত উদাৰ আৰু সহিষ্ণু আছিল, বাহিৰৰ পৰা অহা লোককে অতি সাদৰেৰে আদৰি লৈছিল। কোনো বহিৰাগতৰ আক্রমণক একত্রিত হৈ প্ৰতিৰোধ কৰাৰ সলনি ভাগে ভাগে ৰেড কাৰ্পেট পাৰি আদৰি আনিছিল। যুদ্ধ,খোৱাকামোৰা নিজৰ মাজতে কৰি মৰিছিল কিন্তু বহিৰাগতৰ গাত আঁচোৰ পৰিবলৈ নিদিছিল। ভয় কৰিছিল,যদি সকলো একত্রিত হৈ যুদ্ধ কৰে তেন্তে বহিৰাগতই জম্বুদ্বীপত কলনি স্থাপন কৰিবলৈ  সাহস নকৰিব। ভয় কৰিছিল, একত্রিত হৈ বাধা দিলে তেওঁলোকৰ ‘বাসুদেব-কুটুম্বকম’ৰ উদ্দেশ্য পূৰণ নহ’ব। বহিৰাগতইও তেওঁলোকৰ আত্মীয়তাত  মুগ্ধ হৈ ইয়াতে স্থায়ীভাবে বসবাস কৰিবলৈ ল’লে। যিমানেই বহিৰাগত আহিল, অাত্মীয়তাত মুগ্ধ হৈ দেশৰ বাসিন্দাৰ লগত গাখীৰত পানী মিহলি হোৱাৰ দৰে মিলি যাবলৈ ধৰিলে।

এনেকৈয়ে এদিন ইংৰাজ নামৰ জাতি এটা আহিল। সেই জাতিটো কিন্তু যুদ্ধ কৰিবলৈ অহা নাছিল। গতিকে সিহঁতৰ লগত কিদৰে মোকাবিলা কৰিব, তাকেলৈ দেশবাসী ‘পাজোল’ত পৰিল।  কোনোৱে ক’লে, ‘খেদ ইহঁতক’, কোনোৱে ক’লে, ‘ইহঁতৰ হতুৱাই শাসন কৰাব লাগে’।

ভাৰতৰ জনতা এটা ক্ষেত্রত বৰ দিলদাৰ আছিল। ৰাজনৈতিক কথাত ভুলতো মূৰ নঘমাইছিল। ‘আমাক শাসন কৰক’ বুলি থাপ মাৰি যাকে তাকে ধৰি সিংহাসনত বহুৱাই দিছিল।

শেষত সৰ্বসন্মতিক্ৰমে ইংৰাজৰ হাততেই শাসনভাৰ দিয়াটো ঠিক কৰিলে। সিহঁতৰ হতুৱাই কাম হ’ব পাৰে। পঢ়া লিখা মানুহ সিহঁত, সমাজৰ উপকাৰ  হ’ব।

তাৰ পাছত… ইংৰাজৰ শাসন। শাসনত দুয়ো পক্ষ সুখী।  দুশবছৰ মান এনেকৈয়ে চলিল। তাৰ পাছত কোনো কোনোৱে অসন্তোষ হৈ ইংৰাজৰ লগত কাজিয়া কৰিবলৈ আৰম্ভ কৰিলে। যিসকলে ইংৰাজৰ লগত সুখী হৈ আছিল তেওঁলোকে ইংৰাজৰ হৈ কাজিয়াত মুখ পাতি ধৰিলে।

দিন গৈ আছিল… এদিন উকিল এজন চাকৰি কৰিবলৈ গৈ দক্ষিণ আফ্রিকাত অপমানিত হল। গান্ধী নাম আছিল তেখেতৰ। ৰিজাৰ্ভেচন থকাৰ পিছতো ইংৰাজ এজনে ৰে’লৰ দবাৰ পৰা উলিয়াই পঠিয়ালে৷ উলিয়াই মানে গঁতিয়াই বাহিৰ কৰি দিলে । উকিলে মনত ইমান ‘চুট’ পালে যে তাতেই প্ৰতিজ্ঞা কৰিলে, ‘মোক দবাৰ পৰাহে গঁতিয়াইছ, তহঁতক মোৰ দেশৰ পৰাই গঁতিয়াম….৷’

তাৰ পিছত…. উকিল বাবুৱে গোটেই দেশতে হাল্লা-গুল্লা, প্ৰতিবাদ-ধৰ্ণা  চুৰু কৰি দিলে। সিহঁতে সুস্থিৰভাবে ৰাজকাৰ্য চলাব নোৱৰা হ’ল। জনতাই যি কামৰ বাবে ইংৰাজক ৰাখিছিল, তাকেই কৰিব নোৱৰা হৈ আহিল যেতিয়া সিহঁতৰ প্ৰয়োজনো শেষ হৈ আহিল।  অ’ত দিনে শাসনত থাকি  নিজৰ পেৰা ভৰ্তি কৰি ইংৰাজৰো ঘৰলৈ কেতিয়া যাওঁ কেতিয়া যাওঁ লাগি আছিল। গতিকে  চাঞ্চ পাই  কাকো ফুট নিদিয়াকৈ ইংৰাজে এদিন ৰাতিয়েই ফুইতকৈ নিজ দেশলৈ মেলানি মাগিলে । দেশ স্বাধীন হ’ল।

স্বাধীনতা পাই ৰাইজে গান্ধীক প্ৰশংসাৰে উপচাই দিলে।  লিখাই গান্ধীৰ নামত অলেখ কিতাপো লিখিলে। কোনোৱে ৰাষ্ট্ৰপিতাৰ নাম দিলে। কোনো কোনোৱে তেওঁৰ নামত ৰাষ্টা-ঘাট, ষ্টেডিয়ামৰ পৰা আৰম্ভ কৰি  আঁচনি, যোজনা, এক্ট, স্কীম, ফ্ৰী স্কীম চলালে । যিমান আঁচনি, যোজনা চলালে তাৰ সমানে সমানে অলেখ ঘোটালাও চলালে।

অ….এটা কথা ৰৈয়ে  গৈছিল। গান্ধীয়ে সত্য আৰু অহিংসাত বিশ্বাস কৰিছিল। তেওঁৰ মতে সত্য আৰু অহিংসা মানৱজাতিৰ উন্নতিৰ মূল মন্ত্ৰ।

তাৰ পাছত যিমান চৰকাৰ আহিল, সকলোৱে নিজ নিজ সুবিধা অনুসৰি গান্ধীৰ নাম ব্যৱহাৰ কৰিবলৈ ল’লে। কোনোৱে যদি গৰীব মুক্তিৰ বাবে গান্ধীৰ নাম লৈ নিজৰ গৰিৱী শেষ কৰিলে। কোনো এখন চৰকাৰ আহি আকৌ তেওঁৰ নাম লৈ স্বচ্ছতা অভিযান আৰম্ভ কৰিলে। গোটেই দেশত এনে স্বচ্ছতা অভিযান চলালে যে জাৱৰে চকুৰে সৰিয়হৰ ফুল দেখি গ’ল। জাৰুৰ পৰা হাত সাৰিবলৈ জাবৰে নদী বুকু, দেৱালৰ চুক, ফটা তিৰ্পালৰ আঁৰত লুকাই প্ৰাণ ৰক্ষা কৰাত লাগিল। গোটেই দেশত স্বচ্ছতা অভিযান চলি থাকিল।  নেতা, পালিনেতা, কৰ্মচাৰীৰ পৰা  চোৰ মাফিয়ালৈকে স্বচ্ছতা অভিযানত নামি পৰিল। জাৱৰ নাথাকিলেও বিদেশৰ পৰা জাৱৰ আমদানি কৰি জাৰু অভিযান চলি থাকিল। চেলফি, ফটোৱে ক’লা ডাৱৰৰ দৰে চানি ধৰি মিডিয়া জাৱৰ কৰি পেলালে ….৷”

” কাহিনীয়েই কৈ থাকিবি নে প্ৰশ্ন কৰিবি?”  আমনি লাগি বিক্ৰমে মাজতে মাত লগালে।

থতমত খাই বেতালে অলপ ৰৈ প্ৰশ্ন কৰিলে, “সত্য আৰু অহিংসা গান্ধীৰ মুল মন্ত্ৰ আছিল। তাক গা এৰা দি চৰকাৰে স্বচ্ছতা অভিযান কিয় বাচি ললে? সঠিক উত্তৰ দিব নোৱাৰিলে কি হ’ব জান নহয়? দেশত ছমহীয়া কৰ্ছৰ ডক্টৰো ওলাইছে বুলি শুনিছোঁ, মুৰভী ফাটিলে বচি যাবি যে আশা নকৰিবি।

গলখেকাৰি মাৰি বিক্ৰমে উত্তৰ দিলে,  “কলিযুগত গণতান্ত্রিক চৰকাৰ চলাবলৈ জনতাক ভাল কাম কৰি দেখুৱাব লাগিব। স্বচ্ছতা অভিযানত দেশত যিমান জাৱৰ  চাফা হ’ব সেইখিনি জনতাৰ আগত আঙুলিয়াই দেখুৱাব পাৰিব।  কিন্তু সত্য আৰু অহিংসা দেখুৱাব নোৱাৰে। এনেও গণতান্ত্রিক শাসন চলাবলৈ অসত্য আৰু হিংসাৰ আশ্ৰয় ল’ব লগা হয়। গতিকে চৰকাৰে গান্ধীৰ ব্যৱহাৰিক ব্যৱহাৰ কৰিছে। ইয়াক বেপাৰীৰ বুদ্ধি বুলিও ক’ব পাৰি। ”

উত্তৰ শুনি বেতাল চাৎকৈ উৰা মাৰিলে আৰু বিক্ৰম…..?

☆ ★ ☆ ★ ☆

2 Comments

  • ডলী

    সুন্দৰ ব্যংগ

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    বঢ়িয়া ব্যংগ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *