কৌতুক-মিলন চন্দ্ৰ দাস
১)নগেনে এশ টকা সৰকাবলৈ পৰিকল্পনা কৰি আহি খগেনক প্ৰশ্ন কৰিলে।
নগেন:-ঐ খগেন, প্ৰতিটো শব্দতে আকাৰ লগাই বাক্য এটা কচোন? ক’ব পাৰিলে পঞ্চাছ টকা দিম।
খগেন:-মই নোৱৰিম৷ তয়ে কচোন? তোক মই এশ টকা দিম৷
নগেন:- ঠিক আছে বাৰু চেষ্টা কৰি চাওঁ। তই এশ টকাটো টেবুলত থ’ আৰু শুন। আপা হাপা মাৰা চাবা নাযা? ইয়াৰ পিছত নগেনৰ সেইদিনাৰ গৰম পানীৰ খৰচ ওলাই গ’ল।
২) হাতী আৰু পৰুৱা এটা বৰ বন্ধু। পৰুৱাতো হাতীৰ পিঠিত উঠি ঘূৰি ফুৰে। এইদৰে গৈ থাকোতে দুয়ো আগত এখন কাঠৰ দলং পালে। দলংখনৰ সন্মুখত এখন ফলকত লিখা আছিল— ‘দুৰ্বল দলং, লাহে লাহে যাব৷’ পৰুৱাই লগে লগে হাতীটোক ৰখালে আৰু নিজে পিঠিৰপৰা নামি আহিল৷ হাতীয়ে সুধিলে–‘কিয় নামিলি?’
পৰুৱা:- ওজন কমাবলৈ। তই পাৰ হ’ তাৰ পিচত মই পাৰ হম।
৩) ৰোগী এজন চকুৰোগ বিশেষজ্ঞৰ ওচৰলৈ গ’ল।
ডাক্তৰ:- কওকচোন কি সমস্যা?
ৰোগী:-মই সকলো বস্তু দুটা দেখা পাওঁ ছাৰ।
ডাক্তৰ:-আপোনালোক তিনিওজনৰে একেই সমস্যানে?
ৰোগী:-ছাৰ, মই এজনহে !
৪) হোমিঅ’ ডাক্তৰ এজনৰ ওচৰলৈ গৈ ৰোগী এজনে ক’লে যে তেওঁৰ চাৰিদিন ধৰি শৌচ হোৱা নাই৷ পেটটো ওফন্দি আছে৷ ডাক্তৰে তেওঁৰ কৰ্মচাৰীজনক ১৮ নম্বৰ বটলৰ পৰা ঔষধ দিব দিলে। ঔষধ লৈ ৰোগীজন গ’লগৈ।দুদিন পিচত ৰোগীজন আহি ডাক্তৰক কি ঔষধ দিলেহে বুলি প্ৰশ্ন কৰিলে৷ তেওঁৰ ভালতকৈ বেয়াহে হ’ল! ডাক্তৰে কি হ’ল বুলি সোধাত ৰোগীয়ে কলে যে তেওঁৰ শৌচ কৰাৰ ভাৱ আহে, কিন্তু কামফেৰা কৰিবলৈ গৈ ওভতি আহিবলগীয়া হয়। ডাক্তৰজন তেনে ফলাফলত আচৰিত হ’ল৷ তেওঁ কৰ্মচাৰীজনক ১৮ নম্বৰ ঔষধটো দিছিলনে সেয়া সুধিলে। কৰ্মচাৰীজনে ১৮টোৰ ঔষধ শেষ হোৱা বাবে ১০ নম্বৰ আৰু ৮ নম্বৰ ঔষধৰ বটলদুটাৰ পৰা ঔষধ মিহলাই ১৮ নম্বৰ বনাই দিয়া বুলি ক’লে। ডাক্তৰে খালা খালা বুলি কৰ্মচাৰীজনক গালি পাৰিলে। ১০নম্বৰটোৱে পায়খানা বন্ধ কৰে আৰু ৮নম্বৰটোৱে পায়খানা খোলা কৰে। ডাক্তৰৰ কথা শুনি ৰোগীজন চেম্বাৰতে বেহুচ হ’ল।
৫) বজাৰত খেল দেখুওৱা মানুহ এজনে তেওঁৰ ঘোঁৰাটোক কথাৰ দ্বাৰা যিয়ে মূৰতো লৰাব পাৰিব তেওঁকে পাঁচ হাজাৰ টকা পুৰস্কাৰ দিয়া হ’ব বুলি ঘোষণা কৰিলে। তেওঁ খেলত যোগদানৰ মাচুল দুশ টকা কৰিলে। পাঁচ হাজাৰ টকাৰ লোভত বহু লোকে খেলত যোগদান কৰি বিফল মনোৰথ হৈ দুশ টকা হেৰুৱাই ঘৰলৈ উভতিল। এজন কবিয়ে খেল দেখুওৱা মানুহজনৰ টকা ঘটাৰ বুদ্ধি দেখি পাঁচ হাজাৰ টকা পুৰস্কাৰ বুটলিবলৈ ঘোঁৰাটোৰ ওচৰলৈ গ’ল আৰু ক’লে— ‘মই এজন কবি, মই এতিয়া কবিতা পাঠ কৰিম শুনিবিনে?’ ঘোঁৰাই লগে লগে নুশুনো বুলি মূৰটো দুয়োফালে লৰালে। কবিয়ে পাঁচ হাজাৰ টকা পুৰস্কাৰ লৈ গ’ল। আৰু কোনোবাই পুৰস্কাৰ পাব পাৰে বুলি ভাবি খেল সমাপ্ত কৰি খেল দেখুওৱা মানুহজন ঘোঁৰাটো লৈ গুচি গ’ল। আন এখন নগৰত মানুহজনে খেল পতা দেখি কবিয়ে তাতো যোগদান কৰিলে। কবিৰ বেশভূষা প্ৰথম দিনটোতকৈ বেলেগ আছিল বাবে খেল পতা মানুহজনে চিনি নেপালে। এইবাৰ খেলত ঘোঁৰাটোৱে এবাৰ মূৰ দুপিয়াব লাগিব আৰু আনবাৰ মূৰ লৰাব লাগিব বুলি নিয়ম কৰা আছিল৷ কবিয়ে ঘোঁৰাৰ কাণৰ ওচৰলৈ গৈ লাহেকৈ ক’লে— ‘মই কবি৷ সেইদিনা আহিছিলোযে, চিনি পাইছ?’ ঘোঁৰাই মূৰ দুপিয়াই পাইছোঁ বুলি ক’লে। কবিয়ে পুনৰাই ক’লে— ‘আজি বহু কবিতা শুনাম।’ ঘোঁৰাই নাই নালাগে বুলি মূৰটো দুয়োফালে লৰালে। কবিয়ে অনায়াসে পুনৰ পাঁচ হাজাৰ টকা লৈ গুচি গ’ল।
12:33 pm
সুন্দৰ কৌতুক
11:06 pm
বঢ়িয়া৷
7:55 pm
সুন্দৰ
12:46 pm
mja mja be