ফটাঢোল

জীৱনৰ ৰং-ৰূপম ঠাকুৰীয়া

অফিচৰ কোঠাত সোমোৱাৰ মুহূৰ্ততে মোৰ কাণত পৰিল— ‘ৰূপম আহিলা? তোমালৈয়ে ৰৈ আছো৷’

দেখিলোঁ, কোঠাটোত মোৰ সোঁফালে থকা বেৰখনৰ লগালগিকৈ থকা হাতথকা দীঘলীয়া বেঞ্চখনত বহি থকাৰ পৰা উঠি লৈ বয়সীয়াল মানুহ এজনে মোৰ ফালে চাই কৈছে কথাখিনি। মই মানুহজনৰ ফালে চালোঁ। আমাৰ অফিচৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী যতীন ঠাকুৰীয়াদা।

: ‘অ’ দাদা দেখোন ! ভালনে? আপুনি অলপ বহক। মই কথা পাতি আছোঁ ৰ’ব আপোনাৰ লগত।’

‘হ’ব দিয়া’ বুলি ঠাকুৰীয়াদা পুনৰ বহি পৰিল।

কিছুসময় পিছত মই ঠাকুৰীয়াদাৰ ওচৰত গৈ বহি ল’লো।

: ‘দাদা, কিবা কাম লৈ আহিলে নেকি? কওঁক।’

: ‘মানে তোমালোকৰ খবৰ লওঁ বুলিয়েই আহিলোঁ। ভালে আছা নহয়? ঘৰত ভালনে? বোৱাৰীৰ?’

–আছোঁ দাদা। সকলো ঠিকেই আছে। আপোনাৰ কওঁক।

–ময়ো আছোঁ দিয়া। মোৰ পেঞ্চনৰ বাবে এখন কাগজ জমা দিব আহিছিলোঁ। ভাবিলোঁ তোমাকো এবাৰ দেখা দি যাওঁ।

কথাখিনি কৈ তেওঁ বাৰাণ্ডাৰ পিনে চাই ল’ৰা এজনক মাতিলে “বাবু, এইফালে আহ।” ল’ৰাজন সোমাই আহিল। ঠাকুৰীয়াদাই কৈ গ’ল,

–এইজন মোৰ ল’ৰা। নাম নিপন ঠাকুৰীয়া। তোমাৰ লগত চিনাকি কৰাই দিলোঁ।

ল’ৰাজনে মোৰ ফালে চাই নমস্কাৰ দিলে। মই প্ৰতি নমস্কাৰ জনালোঁ। ঠাকুৰীয়াদাই পুনৰ কৈ গ’ল,

–আজিকালি জানাইতো, চাকৰি বাকৰি পোৱা ইমান সহজ নহয়। সেয়ে ই তুক্-তাক্ কিবাকিবি কৰি নিজৰ খৰচটো উলিয়াই আছে আৰু। মই যেনিবা তাক হাত খৰচ দিব লগা হোৱা নাই এতিয়ালৈকে। তোমালোকৰ ওচৰলৈ আহিলে অলপ সহায়-চহায় কৰি দিবা। কিবাকে চলি থাকক দিয়া।

–হ’ব দাদা। মই মানে আমাৰ ফালৰ পৰা কিবা সহায় কৰিব পৰা থাকিলে নিশ্চয় কৰি দিম। আপুনি একদম চিন্তা নকৰিব।

ইতিমধ্যে মোৰ সহকৰ্মী দুজনো কোঠাৰ ভিতৰলৈ সোমাই আহিল। ঠাকুৰীয়াদাই দুয়োকে হাঁহি মাত দিলে। সহকৰ্মী দুয়োজনেও ঠাকুৰীয়াদাৰ খবৰ খাটি লৈ নিজৰ নিজৰ আসনত বহিলগৈ।

এইবাৰ ল’ৰাজনে মাত দিলে,

–দাদা, চাহ অলপ খাই আঁহো বলক দোকানত।

–ভাত কেইটা মুখত গুজি আহিছোঁহে। পেট ভালকৈ পোৱাই নাই। তোমালোকে খোৱা যদি মই চাহ অনাই দিওঁ।

–নাই নাই নালাগে। আমিহে আপোনাক খুৱাব খুজিছিলোঁ।

–তোমালোক মোৰ আলহী। মই হে চাহ খুৱাব লাগে।….. বাৰু মোক যে খুৱাব খুজিছা, কিবা ভাল খবৰ আছে নেকি?

–নাই তেনেকুৱা নহয়। ….বাৰু কাইলৈ আহিম মই, আপোনাৰ লগত অলপ কথা আছে।

–বাৰু আহিবা। মই ক’লো।

“ইয়াক অলপ চাবা” বুলি ঠাকুৰীয়াদা উঠিল। মই মূৰ দুপিয়ালো।
তেওঁলোক গ’লগৈ।

পিছদিনা ল’ৰাজন পুনৰ অফিচলৈ আহি মোক লগ কৰিলে। কালি মোৰ লগত কথা থকা বুলি কোৱা কাৰণে আজি ময়েই ল’ৰাজনক সুধিলোঁ,

–কি কাম আছিল মোৰ লগত কোৱাচোন।

–নাই…মানে দাদা আপুনি অলপ সহায় কৰি দিব লাগে।

–আৰে কালিও তোমাৰ দেউতাৰাই মোক, তোমাক সহায় কৰিব লাগিব বুলি কৈছিল। কিন্তু কথাটো মইতো প্ৰথমতে গম পাব লাগিব কি সহায় কৰিব লাগে !! কথাটো কোৱা।

–বেলেগ একো নাই….মানে আপোনালোকৰ অফিচৰ পৰাযে “দুৰ্ঘটনা জনিত মৃত্যু, বানপানী, গড়াখহনীয়া, ধুমুহা, বজ্ৰপাত” আদিত মৃত্যুবৰণ কৰা লোকৰ নিকট আত্মীয় সকলক যে বিভিন্ন ধৰনৰ এককালীন সাহায্য (মানে ধন) দিয়ে সেই কামটোত মই অলপ জড়িত হৈ আছোঁ….

—মানে ??

–মানে তেনেকুৱা মানুহক মই অলপ সহায় কৰি দিওঁ সাহায্যখিনি পোৱাত। তাৰ বিনিময়ত মই অলপ কমিচন লওঁ …

–মানে তুমি দালালি কৰা….

–তেনকৈ নক’বচোন দাদা। তেওঁলোকে সন্তুষ্টি মনেই মোক কিবা অলপ দিয়ে…. মই গোটেই খিনি চাই দিওঁ যে….

–শুনা। তুমি বেয়া নাপাবা। তুমি চাই নিদিলেও চৰকাৰী নিয়ম মতে প্ৰাপ্যজনে ধন পাবই। খালি অলপ পলম হ’ব পাৰে।তুমি এইটোত কিয় সোমাব লাগে?

–দাদা, আমাৰতো আৰু চাকৰি বাকৰি নাই। এনেকৈ দু এপইচা পাই চলি আছোঁ আৰু।

–শুনা এইবোৰ পাপৰ ধন। এইবিলাক পাৰিলে বাদ দিয়া। বেলেগ কাম বিচাৰা। চেষ্টা কৰিলে পাবা।

–………………..

— বেয়া পালা নেকি কথাখিনি কোৱা কাৰণে??

–নাই….নাই দাদা নাপাও বেয়া।

–শুনা। চৰকাৰী নিয়ম মতে “জেনুইন” জনে সাহায্য পাবই। গতিকে তাত মই তোমাক সহায় কৰিব লগীয়া একো নাই। বাহিৰত তুমি কাৰ লগত কি কৰা মোৰ তাত ক’ব লগীয়া বা কৰিব লগীয়া একো নাই।

–বুজিছোঁ দাদা…

–হ’ব দিয়া তেন্তে …তুমি যোৱা এতিয়া …নে কি?

–হয় দাদা….কিন্তু মই মাজে মাজে আহি থাকিম…

–হ’ব…

ল’ৰাজন গ’লগৈ।

ল’ৰাজন পিছ দিয়াৰ পিছতেই আমাৰ অফিচৰ পিয়ন ৰেবতীয়ে মাত লগালে

–দাদা, ল’ৰাজন কিন্তু ভাল। আমাৰ কাষতে ইহঁতৰ ঘৰ। পঢ়া শুনাতো ভাল আছিল ল’ৰাজন। গাওঁৰ মানুহখিনিৰ লগতো ইয়াৰ ভাল সম্পৰ্ক। বহুকেইটা ইণ্টাৰভিউত ই পাছ কৰিছে। কিন্তু পইচা দিব নোৱাৰা কাৰণে পিছত চাকৰি নহয়গৈ। সেয়ে এতিয়া এই দালালি জাতীয় কামত ধৰিছে। তথাপি কিন্তু মানুহক ঠগাই নাখায় ল’ৰাজনে, মই ডাঠি ক’ব পাৰোঁ।

ৰেবতীৰ কথাখিনি শুনি ল’ৰাজনৰ প্ৰতি থকা বেয়া ভাব বহুখিনি আঁতৰিল মনৰ পৰা। মনত অলপ বেয়াও লাগিল, উপায় নাপাই সি দালালিৰ কামত ধৰা বুলি জানি। মনতে ভাবিলোঁ, তাক আমাৰ অফিচৰ বিভিন্ন সামগ্ৰী যোগানৰ এটা দুটা ঠিকা পাৰিলে কৈ মেলি দিব লাগিব। ঠাকুৰীয়াদাও আমাৰ অফিচৰে মানুহ আছিল। তেওঁ তেতিয়া অন্ততঃ অলপ ভাল পাব। অলপ সকাহ পাব।

–ৰেবতী ল’ৰাজনৰ ফোন নম্বৰটো আছে নেকি তোমাৰ তাত?

–নাই দাদা। কালেক্ট কৰি দিম দিয়ক।

“হ’ব দিয়া” বুলি কৈ মই নিজৰ কামত ধৰিলোঁ।

গধূলি ঘৰত চাহ খাই চোফাত বহি পেপাৰখন হাতত ল’লো। আজি ৰাতিপুৱা লৰালৰি হোৱা বাবে পেপাৰ পঢ়া নহ’ল। এওঁ কাষতে বহি মোবাইল চাইছে। মই ক’লো,

–অজি অফিচলৈ ল’ৰা এজন আহিছিল। বৰ ভাল ল’ৰা। আমাৰ অফিচৰে অবসৰ প্ৰাপ্ত কৰ্মচাৰী এজনৰ ল’ৰা। চাকৰিৰ ইন্টাৰভিউ দি দি হেনো ভাগৰি পৰি এতিয়া একো উপায় নাপায় বিভিন্ন দালালিত ধৰিছে। পঢ়া শুনা কৰা ল’ৰা, বেয়া লাগে। পাৰিলে কিবা সহায় কৰিব লাগিব তাক।

মোৰ কথাখিনি শুনি এওঁ লাহেকৈ শলাগি থলে।

মই পেপাৰখন পঢ়াত লাগিলো।

কিছু সময় পিছত…

–তুমি “…………….” নামৰ ল’ৰা জনক চিনি পোৱা নেকি?

–নাপাওঁ। এনেয়ে উত্তৰ দিলোঁ। (মই ল’ৰাজনৰ নামটো নুশুনিলোঁ। পেপাৰ পঢ়ি থাকিলে এনেয়েও মোৰ বেলেগ কথা কাণত নোসোমায়।)

–ল’ৰা জনে মোক ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠাইছিল…….

–……………………….

–কিবা কৈ আছোঁ কাণত সোমাইছেনে? অলপ পেপাৰখন এৰিব নোৱাৰি?

–কৈ যোৱা। মই শুনিম। (পেপাৰৰ পৰা মূৰ নোতোলাকৈয়ে ক’লো)।

–ল’ৰাজনে ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠালে, মই একচেপ্ত কৰিলোঁ। এতিয়া তামাম মেচেজ দি আছে। অলপ ক্ৰেক নেকি ল’ৰাজন! তামাম চেনি নেকি?

–কিনো লিখিছে??

–চাবা নেকি??

–নাচাওঁ দিয়া। কোৱাচোন কি লিখিছে। মানে পঢ়ি দিয়া চোন। শুনিম মই।

–শুনিবা? শুনা তেন্তে। মই পঢ়ি দিছোঁ,

: হায়। থেংকুউ ফৰ একচেপ্তিং মাই ফ্ৰেইণ্ড ৰিকুৱেষ্ট।

: ৱেলকাম।

: প্ৰফাইল পিকচাৰ খন বৰ ধুনীয়া লাগিছে।

: ধন্যবাদ।

: ফটোজেনিক চেহেৰা দেই।

:…………..

: একো নামাতিলা যে? তুমি কিবা কৰা নেকি?

: মোৰ প্ৰফাইলত দেখোন দিয়া আছে।

: অ অ চাই লওঁ ৰ’বা।……. তুমি টিচাৰ দেখোন? প্ৰফাইলটো চালোঁ।

: কিবা অসুবিধা আছে? আৰু আপুনি ডাইৰেক্ট যে তুমি বুলি মাতিলে??

: নহয় মানে তুমি মোতকৈ সৰু হ’বা যেন লাগিছে ফটোখন চাই। সেয়ে তুমি কৈছোঁ।

: সৰু হ’লেই তুমি ক’বনে??

: মানে সৰুক তুমিয়েই ওলায়। ….বাৰু তুমি লিখা মেলাও কৰা দেখোন??

: মই উপাধিটো ঠাকুৰীয়া দেখি আমাৰ এওঁৰ কিবা ৰিলেটিভ হয় বুলিহে ফ্ৰেইণ্ড ৰিকুৱেষ্ট একচেপ্ত কৰিছিলোঁ!!

: নিজৰ মানুহতকৈও আন মানুহো কেতিয়াবা আপোন হ’ব পাৰে। কোৱাচোন হয়নে নহয় ?

: অচিনাকি মহিলা এজনীৰ লগত এনেকুৱাকৈ কথা পাতিবলৈ আপোনাৰ লাজ নালাগে?

: লাজ কৰিব লগীয়া কি আছে? সচাঁ কথাহে কৈছোঁ …..

: দেখিছোঁ লাজটো কম আপোনাৰ। লগতে অলপ অভদ্ৰও….

: তুমি ভবাৰ দৰে মই তেনেকুৱা বেয়া ল’ৰা নহয় দেই……বাৰু তোমাৰ লগত কথা পাতি ভাল লাগিছে।

: এওঁৰ কোনো সম্পৰ্কীয় নহয় বুলি জানিলোঁ যেতিয়া আপোনাক ব্লক কৰাত এতিয়া অসুবিধা নাই মোৰ।

: ব্লক কিয় কৰা? তোমাক ভাল লগা বুলি কোৱা কাৰণে??

: ……………..

: শুনা, মোক ভাত খাব মাতিছে। ভাত খাই পুনৰ কথা পাতিম দেই। নুশুবা হা……।।

কথাবোৰ শুনি মোৰ তেজবোৰ গৈ মূৰত জমা হোৱা যেন লাগিল। লগতে গাটোও কিবা অলপ গৰম গৰম যেন লাগিল। এওঁক ক’লো,

-‘চাওঁ ফোনটো দিয়াচোন। চাই লওঁ এবাৰ এই মক্কেলটোক। কি নামনো তাৰ?

: কোনোবা “ঠাকুৰীয়া এন…” নামটো…… এইবুলি এওঁ ফোনটো মোলৈ আগুৱাই দিলে।

“ঠাকুৰীয়া এন”… ধৰিব পৰা নাই কোন চেনিৰাম এইজন। প্ৰফাইল পিকচাৰত কোট, টাই, টুপীৰে জাতিস্কাৰ দেখোন এইজন…। প্ৰোফাইল খুলিলো। “স্ক্ৰোল” কৰি তললৈ আহিলো…….১ম, ২য়…..আৰু এইবাৰ ৩য় খন ফটো…….

— আৰে, এইজন দেখোন আজি অফিচলৈ অহা সেই ল’ৰাজন….মানে নিপন ঠাকুৰীয়া ….চা বেটাই নাম দিছে চা….. “ঠাকুৰীয়া এন”……কটা নিধক….অফিচত মোৰ সহায় বিছাৰি আহ আৰু ঘৰত এওঁৰ লগত চেনি খাব খোজ??? ….লা তোক মই সহায় কৰিম বুলি ভাবিছিলো….চাল্লা..!! তোৰ নিচিনা ল’ৰাই দালালি নকৰি কৰিবি কিতো….?? ৰ তোৰ ব্যবস্থা কৰি আছো এতিয়াই….

ৰেবতীলৈ ফোন লগালো,

–হেল্লো, ৰেবতী…

–দাদা কওঁক…

–আজিযে অফিচলৈ আহিছিল সেই নিপন ঠাকুৰীয়া নামৰ ল’ৰাজন, তাৰ ফোন নম্বৰটো দিয়াচোন। লাগে। (যিমান পাৰো সিমান প্ৰকৃতিস্থ হ’বলৈ চেষ্টা কৰি মাতটো উলিয়ালোঁ)

–তাৰ এতিয়ালৈ নম্বৰটো কালেক্ট কৰিব পৰা নাই ৰ’ব দাদা। কাইলৈ দিম দিয়ক আপোনাক। ইমান অধৈৰ্য্য কিয় হৈছে?? আপোনাৰ মানে কাৰোবাক ভাল লাগিলে অতি সোনকালে আপোন কৰি ল’ব বিচৰা স্বভাবটো নগ’ল আৰু !! …..কাইলৈ ধৈৰ্য ধৰকচোন……!!

…..লা, এই ৰেবতীৰো জ্বলা জুইত ঘিউ ধলাৰ বাহিৰে বেলেগ কাম নাই আৰু…..!!

☆ ★ ☆ ★ ☆

3 Comments

  • ৰঞ্জিত কুমাৰ শৰ্মা

    লেখকলৈ ধন্যবাদ৷

    Reply
  • বন্দিতা জৈন

    বঢ়িয়া লাগিল

    Reply
  • প্ৰদীপ বৰা

    সুন্দৰ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *