ফটাঢোল

উৎকৰ্ষ-কাবেৰী মহন্ত

দেবজিত, শংকৰ, গৌৰীশংকৰ, দিম্পল, ভাস্কৰ বৰডেকা আদিৰ দৰে ফটাঢোলৰ বৰলাবোৰৰ উদ্গতি নোহোৱা দেখি বহু চিন্তাচৰ্চা কৰি হেডমিন বিজয় মহন্তই গোলাঘাটৰ বিখ্যাত জ্যোতিষী আদিত্য জ্যোতি বৰঠাকুৰৰ কাষ চাপিল৷ বৰঠাকুৰে যদিও এইটো টপিকত একো কৰিব নোৱাৰে, তথাপি উপায়হীন হৈ সকলোকে এবাৰ তীৰ্থ ভ্ৰমণ কৰাই অনাৰ উপদেশ দিলে৷ লগতে দুই-এটা চৰ্তও আৰোপ কৰি দিলে৷

যথা সময়ত তীৰ্থযাত্ৰাৰ বাবে সকলো সাজু হ’ল৷ নেতৃত্বত হেডমিন বিজয়৷

যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে বিজয়ে সকলোকে উদ্দেশ্যি ক’লে, “চোৱা, এই যাত্ৰাত নাৰী বিশেষকৈ ছোৱালীৰ পৰা সম্পূৰ্ণ দূৰত থাকিব লাগিব৷ আন নালাগে চোৱাও নিষেধ৷ মহিলা দেখিলেই মই কাহ মাৰি দিম৷ সকলোৱে চকু মুদি দিবা৷”

এইবুলি সকলোৰে প্ৰতি বিজয়ে এবাৰ চাই পুনৰ কথা কবলৈ আৰম্ভ কৰোতেই তামোলৰ চৰ্চৰণী খাই কাহিবলৈ আৰম্ভ কৰিলে৷ লগে লগে ইমান সময়ে চুপ হৈ বিজয়ৰ কথা শুনি থকা আটাইকেইজন বৰলায়ে বিজয়ৰ মুখৰ আগলৈ আহি প্ৰশ্ন কৰিলে “ক’ত ছোৱালী দেখিলা?”

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *