বৌম বৌম ভোলানাথ – ৰাজশ্ৰী শৰ্মা
এইকেইদিন গোটেই পৃথিৱীখনত ফাগুনৰ ৰং। ফেচবুকৰ ভিতৰত, ফেচবুকৰ বাহিৰত! আকাশত মাজে মাজে পলাশৰ ৰং, শিমলুৰ ৰং, আৰু য’ত সেই ৰংবোৰে ঢুকি নাই পোৱা, তাত কেৱল ধূলিৰ আবৰণ। হওঁতে, কবিতা এটা লিখিবৰ বাবে এই ফাগুন মাহ আৰু শৰৎ কালেই আটাইতকৈ ভাল, কিবা বোলেনে Best season, কিন্তু আমুকীৰ আকৌ ফাগুন বুলিলেই তিনিটা কথাহে মনলৈ আহে। প্ৰথমটো হ’ল ফাকুৱা, দ্বিতীয়টো ধূলি বতাহৰ দৌৰাত্মত বন্ধ হোৱা চাইনাচাইটিজ থকা নাক আৰু তৃতীয়টো হ’ল মহাদেৱৰ দিন (ঘাইকৈ ৰাতি) শিৱৰাত্ৰি।
ইয়াৰে প্ৰথমটো মানে ফাকুৱা খেলি সৰুতে বৰ ভাল পাইছিলোঁ। দেউতাই আনি দিয়া সৰু সৰু পেকেটত হালধীয়া, ৰঙা, সেউজীয়া ফাকুগুড়ি। ঘৰত থকা ৰবিন ব্লুটোৰেই নীলা ৰঙৰ কাম চলাই দিওঁ। লগৰবোৰৰ লগত পুৰণি কাপোৰ এযোৰ পিন্ধি যি যাওঁ, ঘূৰি আহি পোৱালৈ কাৰ কোনটো ল’ৰা বা ছোৱালী নিজে নক’লে মাকবোৰে চিনি নোপোৱা অৱস্থা। পিটনো খাইছিলোঁ দেৰি কৰাৰ বাবে বা ভোলৰ জাবৰেৰে ঘঁহি ঘঁহিও ৰং নোযোৱাৰ বাবে। তিনি দিন মানলৈ কাণৰ পিছফালে গুলপীয়া আভা অকণ থাকেই। লাহে লাহে ডাঙৰ হৈ অহাৰ লগে লগে ফাকুৱা নেখেলা হ’লোঁ, গুৱাহাটীৰ পানীৰ সমস্যাৰ অন্ত নোহোৱা হ’ল। জুখি মাখি পানী ব্যৱহাৰ কৰিব লগা হোৱাৰ কাৰণে এতিয়া বেছিভাগেই ফাকুৱা বা হোলি বুলি ‘হোলি হেঁয়’ বুলি চিঞৰ এটা মাৰি ফোঁট এটাকে লৈ থয় আৰু।
দ্বিতীয়টো মানে ফাগুনৰ বলিয়া বতাহৰ লগত অহা ধূলিৰ কথাই বা কি ক’ম! ফাগুনতো পিছৰ কথা, সেই ডিচেম্বৰ মাহৰ পৰাই কাঁহ, চৰ্দি লাগি যিটোহে অৱস্থা হয় প্ৰতি বছৰেই, চাইনাচাইটিজ বুলি বেমাৰটোৱে নাক বন্ধ কৰি মুখেৰে উশাহ ল’বলৈয়ে বাধ্য কৰায়। লাভৰ মূৰত কাঁহ, মূৰৰ বিষ এইবোৰ ফ্ৰি। ডাক্তৰক দেখুৱায়ো বৰ এটা লাভ নোহোৱা বেমাৰ এইবোৰ। ফাগুন যায়, ধূলি কমে। নাকেৰে উশাহ পাওঁ। আকৌ বছৰৰ মূৰত ফাগুনৰ আগমন, আকৌ ধূলিৰ বতাহ, আকৌ নাসিকাৰন্ধ্ৰ বন্ধ। গতিকে এইবিধৰ ওপৰতো ক’বলৈ বিশেষ নাই।
বাকী থাকিল আমাৰ ভাৰত মুলুকৰ সকলোতকৈ গ্লেমাৰ থকা হেনচাম হাংক ভগৱান গৰাকীৰ স্পেছিয়েল ডে’টো, মানে ফাগুনৰ বতৰত দেশৰ বৰলা বৰলী প্ৰমুখ্যে আটায়ে ৰৈ থকা মহাশিৱৰাত্ৰি পূজাভাগ। ভোলানাথ বাবাৰ কৃপাত সমস্ত পৃথিৱীৰ দোষ কটা যায়, পৰম কৃপালু ভোলেবাবাক সন্তুষ্ট কৰাও সহজ। পূজা বুলি ছোৱালীবোৰৰ উপবাসে থাকি সন্ধিয়া শিৱলিংগত গাখীৰ, ধতুৰা ফুল দি পূজা কৰা আৰু ল’ৰাবোৰৰ বাবাৰ প্ৰসাদকণৰ আশা। এই যে বাবাৰ প্ৰসাদ, সেয়াও আকৌ বহুত ধৰণৰ পোৱা যায় হেনো! আমাৰ দৰে সংসাৰী মানুহে কিন্তু ঘৰতে প্ৰস্তুত কৰা বা ওচৰৰ শিৱ মন্দিৰত বনোৱা ভাঙৰ লাড়ুৰেই মন শান্ত কৰিবলগীয়া হয়।
সৰুৰেপৰাই শিৱৰাত্ৰিৰ দিনটো আমাৰ বাবে বৰ আমোদজনক দিন আছিল। কাষৰ শিৱ মন্দিৰত প্ৰস্তুত কৰা ভাং আৰু ঘোটা খাই কোনোবাই কোনোবাই যদি হাঁহি থাকিছিল, কোনোবাই আকৌ গোটেই ৰাতি কান্দি কটাইছিল। আমাৰ ওচৰৰে দাদা এজনে এবাৰ আমাৰ চোতালত শুকান দলিচপৰাৰ ওপৰতে সাঁতুৰি নাদুৰি পাৰ নাপাই প্ৰায় ডুব যোৱাৰেই উপক্ৰম হৈছিল। দাদাই টানি নি ঘৰত থৈ অহাতহে ৰক্ষা! আকৌ এবাৰ ওচৰৰ খুড়া এজনে গোটেই ৰাতি বিছনাত বহি বহিয়েই আল্লাদিনৰ কাৰ্পেটত উৰি ফুৰা যেন অনুভৱ কৰিছিল বুলি আমাক কৈছিল। কাজেই আমাৰ বাবে এই ভাঙৰ লাড়ু আৰু ঘোটা দুয়োবিধ যেনেদৰে কৌতূহলৰ বস্তু আছিল, তেনেদৰেই ভয়ো খাইছিলোঁ আৰু সেইবোৰ পূজা বুলি হ’লেও সেৱন কৰাৰ পৰা বাৰণ থাকিছিলোঁ৷
বিয়াৰ পাছতো ঘাইকৈ এই ভয়টোৰ বাবেই ওচৰ চুবুৰীয়া দুঘৰতেই বৰ ধুমধামেৰে শিৱৰাত্ৰি পালন কৰা হয় যদিও মই কেৱল চাকি বন্তি জ্বলাই মাহ প্ৰসাদ খোৱাতেই সন্তুষ্ট আছিলোঁ। ভাঙৰ লাড়ু বা ঘোটা যাচিলেও বেছিভাগ কেৱল এচিকুট মুখত দিয়েই সামৰিছিলোঁ। ওচৰৰ বৌ, খুড়ীহঁতে কয় খাই চাবলৈ কিন্তু সাহসৰ অভাৱ। পিচে যোৱাটো শিৱৰাত্ৰিত মোৰ আৰু সহ্য নহ’ল। ভাবিলোঁ, আটায়ে খাইছে, মই অকমাণ খালে একো নহয় আৰু। পূজা কৰি উঠি প্ৰসাদৰ লগতেই ভাঙৰ লাড়ু চাৰিটামান খালোঁ। ঘোটা খামনে সোধোঁতেও খাম বুলিয়েই দুগিলাচ খাই লৈ তাতেই সমজুৱাকে ৰন্ধা ভোজ ভাত খাই ঘৰলৈ আহিলোঁ। ঘৰ পোৱাৰ অলপ সময় পাছতেই মূৰটো অকণমান ৰিমঝিমাই আহিছে আৰু! তেতিয়া আঢ়ৈ বছৰীয়া মোৰ সৰু ছোৱালীজনীক শুৱাবলৈ চাওঁ, ইয়ে এইজনীৰ মুখখন দেখোন কেনেকুৱা জমনি! আঠুৱাখনো কেনে চাৰিকোণীয়া! হিঃ হিঃ হিঃ! লাইটৰ চুইচোনো এনেকুৱা থাকেনে? কোনে যে বনাইছিল এনেকুৱা বিছনা…হাঃ হাঃ হাঃ! হিঃ হিঃ হিঃ……
এওঁ আহি কৈছে,
: তোমাৰ নিচা হৈছে, কিহে পাইছিল সেই সোপা খাবলৈ! কেঁচুৱা থকা কথা, অলপ যদি বুজা শক্তি দিলেহয় ভগৱানে!
: হিঃ হিঃ হিঃ! ভগৱানে কেনেকৈ বুজা শক্তি দিব, ভাং খাই ভক্তৰেই এই অৱস্থা!
গোটেই ৰাতি হিঃ হিঃ, খিক খিক কৰি হাঁহি থাকোঁতেই গ’ল মোৰ সিদিনা। কথা নোকোৱাকৈ থাকিলে কমে, আকৌ মুখ মেলিলেই হাঁহি ওলায়। মানে কি হৈছিল নাজানো আৰু! ৰাতিপুৱালৈ হাঁহি কমিল। এওঁ আজিৰপৰা কেতিয়াও এইবোৰ মুখত নিদিবা বুলি কোৱাত হয়ভৰো দিলোঁ। পিচে এইবাৰো শিৱৰাত্ৰি আহি আছে, চাওঁচোন বাবাৰ প্ৰসাদ বুলি অকণমান যদি…
☆ ★ ☆ ★ ☆
5:05 pm
ফাগুণ মানে সঁচাই এই তিনিটি…
আমোদ পালো…
6:42 pm
বহুত বহুত ধন্যবাদ দাদা?
5:24 pm
এ মজ্জা! এইবাৰ পাৰিবা দিয়া, ইহঁত দুজনী ডাঙৰ হ’ল নহয়!?
6:42 pm
এইবাৰ নেৰো আৰু???
5:41 pm
মজা। এইবাৰ আঠটা মান খাব,,,,কিজানি সেই যাদুৰ কাৰ্পেট খন পাই যায়।
6:43 pm
কি মজা লাগিব তেনেকৈ।
6:47 pm
এতিয়া কেঁচুৱা ডাঙৰ হ’ল। ভিনদেৱে একো নকয় দিয়ক।খাই দিব প্ৰসাদ বুলি। পঢ়ি মজা লাগিল।
9:49 pm
হা হা,ৰিস্ক লৈ চাব লাগিব ৰবা।
8:02 pm
মানে এবাৰ হ’লেও টেষ্ট কৰি নিচাৰ সোৱাদ ল’লা। এইবাৰো বাবাৰ প্ৰসাদ বুলি…..
9:48 pm
এইবাৰো আশা এটা ৰাখিছো বা
11:13 pm
হাঁহিবলৈ হ’লে বাবাৰ প্ৰসাদ ধৰিলেই হ’ল মানে।খিক খিকাই থাকিব পৰা যাব ।মজা লাগিল দেই..
9:47 pm
হয় তো আকৌ??
4:56 pm
মোৰ তাতকৈও সাংঘাটিক অভিজ্ঞতা, এদিন ঢোলত লিখিম।
9:47 pm
লিখিব দেই।পঢ়িবলৈ ৰৈ থাকিলো।
6:41 pm
এইবাৰ আৰু সৰহ কৈ খাই চাবছোন আৰু কেনেকুৱা লাগে পাছত পুনৰ লিখিব । যি কি নহওক খুউব ভাল লাগিল পঢ়ি।
9:46 pm
ধন্যবাদ দেই। আশা এটা ৰাখিছো ৰ’ব?
12:42 am
বঢ়িয়া…. মোৰো এবাৰ এনেকৈ হাঁহি থাকিবৰ মন আছিলে। পিছে আজিলৈকে সৌভাগ্যকণ হোৱা নাই। মায়ে ভাং বেছিকে দিছো বুলি কৈ ইলাচি গুটিকেইটাহে দিয়ে।
4:45 pm
তই নিজে বটি দি দিবি ???