জোলোঙাৰ মেকুৰী-বিনীতা বৰশইকীয়া
: হে’ৰা , মোৰ ৱালেটটো ইয়াতেই আছিল৷ এতিয়া নাই পোৱা যে …?
: ক’তনো তাত আছিল? টি ভিটোৰ কাষতহে আছিল৷ এইয়া লোৱা৷
: বাৰু দিয়া। মোৰ কিন্তু ইয়াতে থোৱা পূৰা মনত আছে৷
: এতিয়া পালে জানো থোৱা ঠাইত?
ৱালেট , ৰুমাল , মাস্ক , হেলমেট , বাইকৰ চাবি , বেগ সকলোবোৰ যতনাই মস্ত নিমাখিত আৰু বাধ্য পত্নীৰ দৰে গিৰিজনাক উলিয়াই পঠালোঁ অফিচলৈ বুলি৷ এইবাৰ কেইঘণ্টামান পাম আৰু৷ মুঠতে চাৰি বজালৈ নিচিন্ত৷ বাকী কামবোৰো যিমান পাৰো চমুৱাই থৈছোঁয়েই। ওচৰৰ শইকীয়ানীলৈ ফোন লগালোঁ৷ তেওঁ আমাৰ চুবুৰীৰ ভাড়াঘৰলৈ নতুনকৈ আহিছে। তেওঁক বজাৰখন চিনাকি কৰাই দিব লাগে বোলে। ‘না ‘ বুলিনো কেনেকৈ কওঁ ? ওচৰৰ মানুহ৷ টানে আপদে সকলোকে লগ এটা লাগেই দিয়কচোন। হাঁহিবলৈও লগ এটা লাগে , কান্দিবলৈও কান্ধ এখন লাগে৷ এইটো চেগতে বজাৰত নতুনকৈ অহা কাপোৰকেইযোৰো চাই চাই চকু মন শাঁত পেলাব পাৰিম৷ ইয়াতকৈ আৰু বিনামূলীয়া সুখ আছে জানো জগতত ? অন্ততঃ এইমাহত কেইযোৰ গোটাব পাৰিম আইডিয়া এটাতো কৰিব পৰা যাব , নে কি কয়?
দুচকুত এলেপামান কাজল , টিকটিকীয়া ৰঙা লিপষ্টিক এসোপা লেপি , কাপোৰসাজৰ লগত মিলাকৈ ফোটটো জিলিকাই ওলালোঁ শইকীয়ানীৰ লগত বজাৰ অভিমুখে৷ শাক-পাচলিৰ পৰা জোতা দোকানলৈকে আটাইবোৰ এমূৰৰ পৰা বিজ্ঞ গাইডৰ দৰে দেখুৱাই গ’লোঁ।
মই যদি ভুল কোৱা নাই , মহিলামণ্ডলৰ মন পাকঘৰ , ফুলনি আৰু সবাতোকৈ চেনেহৰ নাই নাই বুলিও কাপোৰেৰে ঠাহ খাই থকা হিমালয়সম আলমাৰিটো। গতিকে সহজাতভাবেই কাপোৰৰ দোকানকেইখনৰ আগেদি পৃথিৱীত চকু নিদিয়াকৈ কাপোৰবোৰৰ ফালে চাই চাই অহা-যোৱাটো বেছিকৈ চলিল। মস্ত মস্ত পেট একোটাহতঁক প্ৰতিপাল কৰি কৰি বহি থকা দোকানী দাদাহঁতে মাতে — ‘বাইদ’ আহক আহক৷ কি লাগিব?’
তেওঁলোকৰ মৰমৰ মাতষাৰক জানো আওকান কৰিব পাৰোঁ?
সোমালো এখনত। জানেই নহয় আমাৰ প্ৰশ্নবোৰ?
“এইটো ডিজাইনৰ বেলেগ আৰু কি কি ৰঙৰ আছে?”
“ইয়াতকৈ অলপ কম বা হেভি ডিজাইনৰ হ’ব নেকি?”
“ইস্ এইটো ৰং যে নেদেখুৱাব দেই। একদম ভাল নালাগে৷”
“কাপোৰটো ইস্ত্ৰী কৰোতে কোঁচ খাব নেকি ? ধুলে ৰং নাযায়তো?”
“ঘৰত যদি এখেতে পছন্দ নকৰে , সলনি কৰি নিম দেই।” … ইত্যাদি ইত্যাদি।
গ্ৰাহক আৰু দোকানীৰ সৰ্বশেষত হোৱা দৰ-দামৰ হ’ব নহ’বৰ পাছত লাহেকৈ পাৰ্চটোৰ পৰা টকাকেইটা উলিয়াই লওঁতেই দেখিলোঁ বিপৰীত দিশৰ পৰা কান্ধত বেগটো ওলোমাই জপৌ জপৌকৈ এক্কেবাৰে চিনাকি মানুহজন আহি ওলালহি। চিনাকি মানুহজন কোন জানিছেই চাগৈ? আমাৰ ল’ৰাটোৰ বাপেকজন আকৌ। ধেৎ তেৰি! কি যে দশা! শনিৰ দশা নে কেঁতুৰ দশা ক’ব নোৱাৰোঁ আৰু দেই! মুঠতে আজিৰ দিনটো যে সাংঘাতিক বেয়া গম পোৱা গ’ল৷
মানুহজনৰ চকু মোৰ মোৰ হাতত থকা নোটকেইখনত। তেওঁৰ বাবে যেন সেইকেইখন বৰ চিনাকি!
: তুমি বজাৰত ? কি কৰিছা?
: আপুনিও যে আৰু , বজাৰত বজাৰ কৰিছোঁ আকৌ।
: তুমিতো বজাৰলৈ আহিম বুলি কোৱা নাছিলা।
: এহ ! মই নিজেই গম নাপাওঁ নহয়। হঠাতে শইকীয়ানীয়ে লগ ধৰাত গুছি আহিলোঁ। এনেই আছিলোঁ ঘৰতে , বোলো ওলায়েই যাওঁ। তুমিতো অফিচত ব্যস্ত থাকা, কিনো ফোন কৰি কৰি জনাই থাকিম বুলি নজনালোঁ। পিচে তুমিওতো কোৱা নাছিলা , বজাৰলৈ আহিম বুলি?
: নহয় হে , লগৰ এজনৰ ছোৱালীৰ আজি বোলে বাৰ্থডে। ভাবিলোঁ বজাৰখনো ওচৰতে যেতিয়া লাঞ্চ ব্ৰেকত উপহাৰটোকে লৈ আহোঁ৷ সেয়ে আহিলোঁ৷ ঘৰতে গৈ ক’মগৈ বুলি ভাবিলোঁ। বাৰু তুমিও আহিছা যেতিয়া ইয়াতে কিবা এটা লৈ লওঁ ন?
: হ’ব হ’ব …ভালেই হ’ল দিয়া।
এতিয়া মইহে জানো , কি চক্ৰবেহুত সোমালোঁ । না ইধৰ কি , না ওধৰ কি হৈ পৰিলোঁ৷
ৰাম! ৰাম! বচাবা আৰু প্ৰভু!
মনে মনে সকলো দেৱ-দেৱীক আহ্বান কৰিলোঁ। ইফালে দোকানীৰ হাতত কাপোৰ আৰু মোৰ হাতত টকাকেইটা। না দিব পাৰিছো , না ল’ব পাৰিছোঁ। আকৌ কাষত শইকীয়ানী৷ ইজ্জতৰ কথাও সাঙোৰ খাই পৰিল। ইফালে দোকানীয়ে মাত দিলেই নহয়।
: বাইদ’ কাপোৰযোৰ…?
মই ইংগিতেৰেহে বুজাইছোঁ। অলপ পাছত বুলি৷
আই ঔ ইংগিতটো দিওঁতে পৰিল নহয় মোৰ চকুয়ে চকুয়ে এওঁৰ৷
বোলে,কাপোৰ কিনিছা?
মই বোলো,নহয় এনেয়ে।
হাতত টকাকেইটা কিয় লৈ আছা তেন্তে?
আকৌ ক’লো এনেয়ে। মেলেককৈ ফলচ্ হাঁহি এছাটি মাৰি পঠিয়ালোঁ। চুৰ কৰিও শান্তি নাই ঔ!
অথনি যে তেওঁৰ ৱালেটটো থোৱা ঠাইত নাছিল৷ মই মানে পকেট মাৰি বেলেগ ঠাইত থৈ পালোঁ আক খৰধৰকে৷
যি কি নহওক ,বাৰ্থডেৰ উপহাৰটো ল’লোঁ দেই৷
উপহাৰটো কিনি দামটো দিবলৈ লৈ ৱালেটটো খুঁচৰি খুঁচৰি এবাৰ মোলৈ এবাৰ ৱালেটটোলৈ চাই থাকিল তেওঁ৷ মানে যিমান আছিল সিমান পোৱা নাই যে। মোক সন্দেহ কৰিছে আকৌ! এই চাৱনিৰ অৰ্থ চাগে দোকানীয়েও বুজিব পাৰিছে। হে হৰি!
এওঁ যোৱাৰ পাছত মই পছন্দ কৰি থোৱা কাপোৰযোৰ ল’লোঁ৷
ঘৰলৈ অহাৰ পিছত…
: তুমিতো যোৱামাহত কাপোৰ এযোৰ লৈছিলাহে৷
: ক’তনো যোৱা মাহত ? তাৰ আগৰ মাহতহে!
: হ’লেও ইমান কাপোৰ কিয়?
: ইমান কাপোৰ নাই নহয় মোৰ।
নাই,তেওঁৰ বিশ্বাস নহ’ল৷ ‘ৰবাচোন তোমাৰ আলমাৰিটো চাওঁ’ বুলি সাউৎকৰে উঠি গৈ দিলে নহয় আলমাৰিটো খুলি।
কি ক’ম? যেনে তেনে সামৰি থোৱা কাপোৰবোৰ আলমাৰিটো খুলি দিয়া মাত্রকে সৰসৰাই পৰিল নহয় গৃহস্থৰ মূৰৰ ওপৰতে। আনকি ব্ৰা এটাও আহি তেওঁৰ কানখনতে ওলমি ল’লেহি। ক’ত মৰ মৰ এতিয়া? সেমেনা সেমেনিকৈ বাহিৰত কাম আছে বুলি কৈ খৰধৰকৈ ওলাই আহিলোঁ৷
মাজে-মাজে সেইভাগ কৰ্ম কৰি লোৱা কাপোৰকেইযোৰলৈ মৰমেই সুকীয়া, তেওঁ নিজে দিয়া কেইযোৰতকৈ । কষ্ট কৰি লৈছোঁ যে? পকেট মৰাও জানো কম ৰিস্কৰ কথা? খাটনি আছে নহয়! কেইবাদিনো জুপিব লাগে৷
আলমাৰিটোত চিলাই নকৰা কাপোৰ তিনিযোৰো আছিল৷ এতিয়া মিছন হ’ল সেইকেইযোৰ চিলোৱাৰ ব্যৱস্থা কৰা৷ দুদিনৰ আগতে জেপ লুৰুকিছোঁহে। আকৌনো কেনেকৈ খোজোঁ বাৰু? ধৰাও পৰিছোঁ ইফালে। পিচে নুখুজিলেতো নহ’ব। বৰ সাধনা কৰি ক’লোঁ,
: হেৰি নহয় , মানে টকা এহেজাৰমান লাগিছিল৷
: আকৌ?
: নহয় মানে , যিকেইযোৰ আনি থৈছোঁ চিলোৱাবও লাগিবতো? আজিকালি কিবাকিবি অনুষ্ঠান ওলায়েই থাকে নহয়। কুকুৰ চিকুণ গিৰিহতঁৰ জহ দেই। কথাষাৰ মনত ৰাখিবা। কলিতানীৰ জীয়েকৰ বিয়াত পিন্ধাযোৰ মই বৰানীৰ পুতেকৰ বিয়াত পিন্ধিব নোৱাৰোঁ নহয়৷
: হে’ৰা , এইমাহত নহ’ব দেই। অহামাহত ল’বা৷
: কেনেকৈ হ’ব ? নহ’ব দেই৷ এইমাহত শৰ্মানীৰ পুতেকলৈ ছোৱালী চাবলৈ মোকো লগ ধৰিছে৷
: আগৰ এযোৰকে পিন্ধি যাবা৷
মই নিমাত৷
নিৰ্দিষ্ট দিনটোত শৰ্মানীৰ ল’ৰালৈ ছোৱালী চাবলৈ ওলালোঁ৷ তেওঁ ওলাইছে অফিচলৈ। ভাত বাঢ়ি খাবলৈ মাতিলোঁ৷
খোৱাপাতত বহি মোলৈ চাই ক’লে,
: এইয়া পৰহিৰে আঞ্জা নহয় জানো?
: হয় , পৰহিৰে আঞ্জা৷
: আজিলৈকে আছে যে?
: খাবলৈ ভাল লগা বুলি জানি অকণ থৈ দিছিলোঁ৷ কিয় টকালি পাৰি পাৰি খাইছিলা দেখোন?
: হ’লেও পৰহিৰে আঞ্জা …!
:খোৱা আকৌ। মোকতো আগতে পিন্ধা কাপোৰ এযোৰকে পিন্ধি যাবলৈ কৈছিলা৷ এতিয়া গম পাইছা? তোমাকো পৰহিৰ আঞ্জা খাবলৈ দি বুজাইছোঁ যে একেযোৰ কাপোৰ পিন্ধাটো কিমান কষ্টকৰ!
তেওঁ একো মাত নামাতিলে৷
এইবাৰ অফিচলৈ যাবলৈ লৈ তেওঁ বেগটোত যাৱতীয় বস্তুবোৰ আছেনে নাই পৰীক্ষা কৰাত লাগিল৷
: হে’ৰা , মোৰ ষ্টেপলাৰটো নাই দেখোন …?
: মই লৈ আছোঁ৷
: কি কৰিছানো সেইটোৰে?
: কাপোৰ চিলাবলৈ টকা নিদিলা নহয় , গতিকে ষ্টেপলাৰ পিনকে মাৰি লৈছোঁ বাপ্পেকে৷ তথাপি নতুন কাপোৰ পিন্ধিমেই পিন্ধিম৷
তেওঁ মূৰে-কপালে হাত দি বহি পৰিল৷ মাজনীয়ে খৰধৰকে পানী এগিলাছ দেউতাকক আনি দিলেহি৷
অফিচৰ পৰা ঘূৰি আহোঁতে দেখিছোঁ, তেওঁ টেম্প’ এখনত চিলাই মেচিন এটা লৈ আনিছে। ভাবিলে চাগে মহামায়াই আৰু ক’ত ক’ত ষ্টেপলাৰ মাৰে ঠিক নাই৷
☆ ★ ☆ ★ ☆
6:35 pm
তামাম জমনি কিন্তু দেই। ভাল লাগিল।
6:18 pm
বঢ়িয়া৷ বৈদ্য জমনি৷