ফটাঢোল

নাখাওঁ নাখাওঁ সুদা ভাত – অবিনাশ শৰ্মা

নাখাওঁ নাখাওঁ সুদা ভাত

 

: বাপুকণদা, ঐ বাপুকণদা…

 

দীঘলীয়া চিঞৰটোৰ উত্তৰত এটা অতি অসমীয়া অবাইচ শব্দৰে সৈতে

 

: ব্ৰহ্মপুৱাতে কিয় চিঞৰি আছা…

 

বুলি ভাড়াৰূমৰ কাষতে কৰা শাকনিবাৰীৰপৰা বাপুকণদাই মাত লগোৱাত মোৰ জিভাৰ জুতি মাৰিবলৈ আজি এসপ্তাহে গুজৰি-গুমৰি থকা ইচ্ছাটোৰ কথা বেকত কৰিলোঁ।

 

: হাতত নাই ধন; বৰ সবাহলৈ মন…মাংস যে খাম বুলিছা; হেৰৌ আজি এসপ্তাহে যে নিমখ ভাত খাই আছা! চৰুৱে কেইদিন দাইল দেখা নাই সোধা!

 

বাপুকণদাই ভোৰভোৰাই আৰু কিবা কৈছিল। মোৰ কাণত নোসোমাল। আজি এসপ্তাহ অসম বন্ধ, ভাৰত বন্ধ, চকা বন্ধৰ নামত পকেটত থকা গোটেইকেইটা পইচা শেষ হৈ কোনোমতে ভাড়াৰূমৰপৰা ঘৰলৈ যাবলৈ টকা দুটামান আছে। চাউলকেইটা জমা আছে বুলিহে পেটৰ জুইকুৰা নিমখ তেলেৰে হ’লেও ঠাণ্ডা কৰি আছোঁ। কলেজৰ চেছ’নেল পৰীক্ষাৰ সময় বুলি দুসপ্তাহ ঘৰলৈ নোযোৱাৰ প্লেনটোৱে এতিয়া পেটত গাঁঠি দিব লগা পৰ্যায় পোৱাব বুলি জনা হ’লে বাপুকণদাক পঠিয়াই হ’লেও ঘৰৰপৰা টকা অলপ আনিব পাৰিলোঁহেঁতেন! তাতে আকৌ মাংসৰ লোভটোৱে পেটৰ জুইকুৰা আৰু অলপ বেছি কৰিছে।

 

: এটা কাম কৰ নহ’লে বাপুকণদা! বীৰেণ মাংস বেপাৰীক কৈ এপোৱামান মাংস বাকীত আনাগৈ। ঘৰৰপৰা পইচা আহিলে দি দিম।

 

: কিন্তু তেল আৰু মছলা? নগেন বুঢ়াই আৰু বাকী নিদিওঁ বুলি কৈছে। যোৱা দুমাহে বাকীত বস্তু আনোঁতে আনোঁতে হাজাৰ টকাৰ ওপৰত বাকী হৈছে৷ মই নোৱাৰোঁ যাব।

 

বাপুকণদাই কৰা প্ৰত্যাখ্যানে মোক বেলেগকৈ ভাবিবলৈ বাধ্য কৰালে। হওঁতে কথাটো নোহোৱা নহয়। বুঢ়াৰ দোকানত দুমাহে এটকাও নিদিয়াকৈ যিমানহে বস্তু খালোঁ! এই বন্ধবোৰৰ সময়ত তেওঁৰো আহুকাল অহাতো স্বাভাৱিক। কাৰণ বা অকাৰণত দিয়া এই বন্ধবোৰে সঁচাকৈ সাধাৰণ মানুহক জলা-কলা খুৱাইহে এৰে। প্ৰথমে এদিন বা দুদিন বন্ধটোৰ কাৰণসমূহ সমৰ্থন জনাব লগা বুলি ভাবিলেও দুদিনৰ বেছি হোৱাত ই বিৰক্তি আৰু আমনিদায়ক হৈ পৰিছে। চৰকাৰ আৰু চৰকাৰ বিৰোধীয়ে মোৰ জিভাৰ জুতিত ব্যাঘাত জন্মোৱা বাবে মনে মনে গৰিহণা দিলোঁ।

 

এনে সময়তে পঢ়া মেজত ফোনটোৱে চিঞৰি উঠাত শুই থকাৰ পৰাই হাত-ভৰি চলাই চোঁচৰাই বগৰাই মেজৰপৰা মোবাইলটো হাতত লৈ চকুৰ আগত ডিচপ্লেখন ধৰি আনন্দত চিঞৰি দিম যেন লাগিল। এনে লাগিল যেন আৰ্কিমিডিছে বাথৰূমৰপৰা ইউৰেকা… ইউৰেকা বুলি চিঞৰি দৌৰ দি বাপুকণদাৰ ওচৰলৈ মই দৌৰি যাম। সেই সময়ত মোৰ আৰু আৰ্কিমিডিছৰ মাজৰ সামান্য মিল এটা আছিল এয়ে যে মোৰ গাত কেৱল মইনা পেণ্টটোৰ বাহিৰে আন একো নাছিল। পিন্ধি থকা গামোচাখন হাততে লৈ বাপুকণদাৰ সন্মুখত হাজিৰ হ’লোঁ।

 

: হেৰৌ পগলা হৈ আহিছা যে, হ’ল কি?

 

বাপুকণদাই কৰা শাকনিবাৰীৰপৰা তুলি অনা শাক বাচি বাচি মোক সুধিলে।

 

: মালবিকা, মালবিকা… মালবিকাৰ ফোন..৷

 

মোৰ কথাত বাপুকণদাই ভেবা লাগি মোৰ মুখলৈ চাই ৰ’ল। হয়তো কি ক’ব খুজিছোঁ তেওঁ অনুমান কৰিবলৈ যত্ন কৰিছিল। মই তেওঁৰ সেই ভেবালগা চাৱনিক আওকাণ কৰি ফোনটো ৰিচিভ কৰিবলৈ লওঁতেই সংযোগ বিচ্ছিন্ন হৈ গ’ল। ব্যস্ত হৈ পৰিলোঁ কল বেক কৰিবলৈ।

 

“আপোনাৰ প্লেনৰ ম্যাদ সমাপ্ত হৈছে। অনুগ্ৰহ কৰি ৰিচাৰ্জ কৰক।”

 

সুন্দৰীৰ কণ্ঠই মোৰ কৰ্ণকুহৰ পাৰ হৈ মগজুলৈ আৰু পিছত হাতত থকা ফোনটোলৈ এটা বিশেষ বিজুলী সঞ্চাৰ কৰালে। যাৰ ফলশ্ৰুতিত হাতৰ 1100 মডেলৰ ফোন গৈ এটা সুন্দৰ বাউন্সাৰ হিচাপে বাপুকণদাৰ আগত থকা এল’মিনিয়ামৰ বাল্টিটো পাৰহৈ শাক বাচি থকা কাঁহীত দুফাল হৈ উঠিলগৈ। মই জানো যে মালবিকাই দ্বিতীয়বাৰ ফোন কৰাৰ কোনো চান্স নাই। আগতেও কোনোদিন তেনে নকৰে। বাপুকণদাৰ মুখত খঙৰ ভাৱ এটা দেখি মোবাইলটো তুলি লৈ ৰূমত সোমালোঁ। মানিবেগটো উলিয়াই চুক কোণবোৰ পৰীক্ষা কৰি দহ টকা এটা গোটোৱাৰ প্ৰয়াস কৰিলোঁ। নাই, চুক কোণবোৰ বহু আগতেই পৰিষ্কাৰ কৰা হৈ গৈছিল। বাপুকণদাৰ পৰাও এই দুসপ্তাহত ধাৰ কৰি কৰি তেওঁৰ মানিবেগ ময়েই প্ৰায় চাফা কৰি থৈছোঁ। তেওঁৰ দিন হাজিৰা কৰা চাকৰি এই বন্ধবোৰৰ বাবে কিমান অসুবিধা আনে সংগঠন কৰা সকলে কেনেকৈ বুজিব। একে গাঁৱৰ হোৱা বাবে মাহঁতে মোৰ খোৱা-লোৱাৰ সুবিধা হ’ব বুলি ভাবি মোৰ লগতে থাকিব দিছে। গাঁৱৰ কৰ্মী মানুহ, গতিকে মালিক নথকা ৰূম বাবে কাষৰ খালি মাটিত খাবৰ জোখাৰে শাক, জলকীয়া আদি লগাই লৈছে।

 

মানিবেগটো হাতত লৈয়ে সেমেনা-সেমেনিকৈ বাপুকণ দাৰ কাষ পালোঁ। টকা দহটা হ’লেও কাম চলিব বুলি দহ টকাৰ এটাৰ বাবে খাটনি ধৰিলোঁ। বহু কাকূতি-মিনতিৰ মূৰত দহ টকাটো পাই একেকোবে নগেন বুঢ়াৰ দোকান পালোঁগৈ।

 

বুঢ়াই দিয়া দহটকীয়া ৰিচাৰ্জ ভাউচাৰখন আঙুলিৰে ঘঁহি ঘঁহি মালবিকাৰ পৰা কেনেকৈ এশ টকা এটা যোগাৰ কৰিবপৰা যাব বুলি চিন্তা কৰিলোঁ। যোৱামাহত লোৱা পঞ্চাশ টকা এতিয়াও ঘূৰাই দিয়া নাই, আকৌ এশ টকা এটা খোজোঁ কেনেকৈ? তথাপি ৰিচাৰ্জটো কৰি ফোন লগালোঁ।

 

: হেল্ল’, অথনি ফোন কৰিছিলোঁ ক’ত থাকা তুমি?

 

মালবিকাৰ কণ্ঠত অভিমান। ভাল লাগে তাইৰ এই অভিমানখিনি। ক’ম ক’ম বুলি নোকোৱাকৈ থকা কথাবোৰ তাইৰ অভিমানবোৰ ভঙাৰ পিছত কৈ দিম যেন লাগে। কলেজৰ এবছৰ জুনিয়ৰ মালবিকা প্ৰথম চিনাকিৰ পৰাই মোৰ ভাল লাগে৷ সদায় ফোন, মেছেজ কৰা হয় যদিও আজিলৈ পিচে ভালপাওঁ বুলি ক’বলৈ সাহস হোৱা নাই। তাইক পতাবলৈ গৈ কিমান যে টকা কেণ্টিনত খৰচ কৰিলোঁ হিচাপ নাই৷ মাহৰ হিচাপত ঘৰৰপৰা দিয়া পইচাকেইটা তাত খৰচ কৰোঁতে বুঢ়াৰ দোকানত বাকীৰ বহীত যোগ অংকবোৰ দীঘল হয়৷

 

: নাই ঔ, বাপুকণদাৰ লগত বাহিৰত আছিলোঁ। কোৱা কিয় ফোন কৰিছিলা?

 

: আপোনাক কথা এটাৰ বাবে ফোন কৰিছিলোঁ৷ ক’বহে বেয়াই লাগিছে, কিন্তু…৷

 

তাই লেনিয়াই কোৱা কথাৰ উত্তৰত মই

 

: হেই! মোক ক’বলৈ কিয় বেয়া লাগিছে। কোৱা

বুলি সোনকালে কথাটো জানিবৰ ইচ্ছা কৰিলোঁ৷

 

দহ টকা ৰিচাৰ্জত সাত টকা পায়৷ প্ৰতি মিনিটত বিশ পইচাকৈ যায়। গতিকে সোনকালে কথা সামৰাৰ বাবে লেনিয়াই থকা বাদ দিলোঁ।

 

: পৰীক্ষা বুলি ঘৰত নগ’লোঁ যে, পাপাও আহিব পৰা নাই। প্লিজ্ আপোনাৰ হাতত যদি টকা আছে মোক দুশ মান দি দিয়কচোন। পাপা আহিলেই মই আপোনাক দি দিম।

 

মালবিকাই কোৱা ‘প্লিজ্’টোৱে মোক উত্তৰ দিবলৈ গৈ ভাবিব বাধ্য কৰালে। কি বুলি কওঁ তাইক মোৰ অৱস্থাটোৰ কথা? পোনে পোনে না ক’ব নোৱাৰোঁ। ভাবিছিলোঁ কি, হ’ল কি? সিফালৰ পৰা তাইৰ হেল্ল’ হেল্ল’ বেছি হৈ আহিছিল।

 

: ঠিক আছে, মই চাব লাগিব কিমান পইচা মোৰ হাতত আছে। তোমাক মই কিছুসময় পিছত ফোন কৰি আছোঁ। এতিয়া অলপ বাহিৰত আছোঁ।

 

মূৰত হাত দি বুঢ়াৰ দোকানৰ বেঞ্চখনত বহি দিলোঁ। হিচাপ কৰিলোঁ। ঘৰলৈ যাবলৈ থোৱা আশী টকাটোৰ বাহিৰে বেলেগ হিচাপ মিলাব নোৱাৰিলোঁ। বুঢ়ালৈ চালোঁ। হিচাব বহীখন লৈ কিবা হিচাবত ব্যস্ত। মাত লগাম বুলি ৰৈয়ো দোকানৰপৰা ওলাই আহিলোঁ।

 

দোকানৰ পৰা ৰূমলৈ অহা বাটত বহু অংক কৰিলোঁ৷ মালবিকাক না ক’লে মোৰ ইজ্জতেই ক’ত ৰ’ব? পৰিস্থিতিটো বুজাই ক’লেও মোকেই হাঁহিব৷

 

মালবিকাক ফোন লগালোঁ। হয় যদি পঞ্চাশ টকা এটাহে দিব পাৰিম বুলি কোৱাত মনটো মাৰি হ’লেও সেইটো হ’লেও চলিব বুলি কৈ মোক তাইৰ হোষ্টেললৈ যাবলৈ ক’লে।

 

কিছু পিছত মই মালবিকাৰ হোষ্টেলৰ গে’ট পালোঁগৈ। পকেটত আশী টকা। হোষ্টেলৰ সন্মুখৰ বীৰেণ মাংস দোকানীয়ে ভাইটি বুলি মাত দিয়াত নাচাওঁ বুলিও চাই মূৰ দুপিয়াই মালবিকা অহালৈ ৰৈ থাকিলোঁ৷ কাণত সোমাল বীৰেণ দাই মাংস টুকুৰা কৰোঁতে হোৱা শব্দকেইটা৷

 

মালবিকাক লগৰ ছোৱালীকেইজনীৰে সৈতে হাঁহি হাঁহি চিৰি বগাই অহা দেখিলোঁ। মনটো ভাল লাগিল তাইক দেখি। পইচাটো দিলোঁ। তাই থেংকিউ বুলি কৈ মোৰ খা-খবৰ লৈ লগৰবোৰৰ লগত বীৰেণ দাৰ মাংসৰ দোকানখনলৈ যোৱা দেখিলোঁ। ময়ো কাষৰ গেলামালৰ দোকানলৈ গৈ সিহঁতে মাংস কিনা চালোঁ। এক কিলো ব্ৰইলাৰ মাংস৷ মোৰ পেট আৰু মনৰ মাজত তেতিয়া বিষাদৰ ৰোল উঠি আহিছিল।

 

বীৰেণ দাৰ দোকানৰ আগত ৰৈ থকাৰ ধৈৰ্য মোৰ নাছিল৷ খৰ খোজেৰে ৰূমলৈ আগবাঢ়িলোঁ৷ চকুত ভাঁহি আছিল মালবিকাৰ হাতৰ এক কেজিৰ ব্ৰইলাৰ মাংসৰ ক’লা পলিথিনৰ টোপোলাটো৷

 

অংকবোৰ ওলোটাকৈ কৰি চালোঁ৷ মোৰ হাতৰ আশী টকা, বাপুকণ দাৰ পৰা লোৱা দহ টকা৷ বেছি ন’হলেও এপোৱা মাংস আৰু তেল মছলাখিনি হ’লহেঁতেন!

 

নগেন বুঢ়াৰ দোকানত সোমাই দুটা কণী দিবলৈ কৈ দহ টকীয়া এখন আগবঢ়াই দিলোঁ। মাংস নহ’লেও নিৰামিষ খাবলৈ যে একেবাৰেই মন নাছিল সিদিনা৷

 

 

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *