ফটাঢোল

শতৰু – অৰবিন্দ গোস্বামী

পুৱাই পুৱাই মেচেকা মুচিয়াৰে কাৰোবাক গোৱাল গালি পাৰিবলৈ ধৰিলে। অৱশ্যে এয়া চুবুৰীয়াসকলৰ বাবে কোনো নতুন কথা নহয়। আজিকালি মেচেকা মুচিয়াৰৰ এনে গালিবোৰ পুৱাই পুৱাই প্ৰায় শুনা যায়। এয়া যে সি ভলুকা বাঢ়ৈকে গালি পাৰিছে, সেয়া সৰ্বজনবিদিত।

“আজি বা আকৌ কি হ’ল?”

মেচেকাৰ ঘৈণীয়েকে প্ৰশ্নবোধক আৰু ভাৱবোধক মিশ্ৰিত সুৰেৰে কুঁৱাৰ পাৰতে দাখন ধৰাই থকা মেচেকাক সুধিলে।

“কি হৈছে তই জানিব নালাগে। মাথোঁ এটা কথাই জানি থ’বি। কোন দিনা চুবুৰীত এই মেচেকাই ‘মাৰ্ডাৰ’ কৰে ঠিক নাই। যি দেখিছোঁ কাৰোবাৰ তপত তেজ এটোপা নাখালে মোৰ এই মেচিদাখনৰ আৰু মোৰ পিয়াহ নুগুচিব।”

মেচেকাৰ ঘৈণীয়েক মনে মনে থাকিল। এতিয়া আৰু বেছি মাত মাতি লাভ নাই। মানুহটোৰ মূৰ উটলি আছে। কি বা হ’ল!

আচলতে ভলুকা আৰু মেচেকা সৰুৰেপৰা একেলগে একে শ্ৰেণীতে আৰু একেখন বিদ্যালয়তে পঢ়িছিল। দুয়োৰে ভাল বন্ধুত্বও আছিল। এখন বাঁহৰ জেওৰাই দুয়োখন ঘৰৰে সীমা। পিছে এই ৰঙিলীয়ে সকলো ওলট-পালট লগাই থৈ গ’ল।

আজিৰে পৰা সাত-আঠ বছৰমানৰ আগৰ কথা। ৰঙিলী তেতিয়া ষোড়ষী গাভৰু আছিল। সেই ৰঙিলীৰ ৰূপ যৌৱন দেখি ভলুকা আৰু মেচেকা দুয়োৰে মন গলিছিল। ৰঙিলীও কম নাছিল। তাই ভলুকা বাঢ়ৈয়ে দিয়া জ্বলা ছানাৰ কাগজেৰে বন্ধা টোপোলাটো যেনেদৰে হাত পাতি লৈছিল, মেচেকা মুচিয়াৰে অনা বনবগৰী বা মৰ্টনকেইটাকো অনাদৰ কৰা নাছিল। মানে…

“কাকো নকৰিবা বঞ্চিত, সকলোকে দিবা কিঞ্চিত কিঞ্চিত” বোলা আমাৰ সেই পুৰণি পাঠ্যপুথিৰ আপ্তবাক্যশাৰী তাই আখৰে আখৰে পালন কৰিছিল। এদিন মেচেকা মুচিয়াৰে আবেগৰ ভৰ সহিব নোৱাৰি ৰঙিলীক সুধিয়েই পেলালে—

“তই কাক ভাল পাৱ, সঁচা কথা ক। তই যদি মোকেই ভাল পাৱ, তেন্তে ভলুকাই দিয়া ছানা কিয় খাৱ? মই আনি দিম তোক ছানা। কচোন কিমান ছানা খাবি তই? বস্তাই বস্তাই তোক ছানা খুৱাম। কিন্তু তই ভলুকাৰপৰা ছানা নাখাবি।”

মেচেকাৰ এই বচন শুনি ৰঙিলীয়ে সেইদিনাৰপৰা ভলুকাই অনা ছানাভজাৰ টোপোলা হাত পাতি নোলোৱা হ’ল। দুদিনমানৰ পিছত ভলুকাই আচল কথাটো আনৰ মুখৰপৰাই শুনিলে। তাৰ বাল্যবন্ধু নিমিষতে শত্ৰুলৈ পৰিবৰ্তিত হ’ল। সেইদিনাৰপৰা সিহঁত দুয়োৰে মাতবোল বন্ধ হ’ল।

পিছে, “ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি’।”

মেচেকাৰ আশাও পূৰ্ণ নহ’ল। ভুবন মণ্ডলে পুতেকলৈ ৰঙিলীক বিচৰাত আৰু ভুবনৰ পুতেকেও ৰঙিলীক পছন্দ কৰাত ৰঙিলীয়ে বিনা প্ৰতিবাদেই বিয়াত সোমাই ভুবনৰ ঘৰৰ বোৱাৰী হ’লগৈ। নহ’বই বা কিয়! মেচেকাই বস্তাই বস্তাই ছানা খুওৱাৰ প্ৰতিশ্ৰুতিহে দিছিল! কোনোদিনেতো এক বস্তা ছানা একেলগে আনি দেখুৱাবও নোৱাৰিলে। ইপিনে ভুবনৰ পুতেকৰ নাই কি! এটাই ল’ৰা। বাপেকে সম্পত্তিৰ পাহাৰ গঢ়ি থৈ গৈছে। সি একো নকৰিলেও খাই শেষ কৰিব নোৱৰা সম্পত্তি। ইচ্ছা কৰিলে ভুবনৰ পুতেকে তাইক ট্ৰাকে ট্ৰাকে ছানা আনি খুৱাব পাৰিব। সেয়ে ৰঙিলীয়েও ভাগ্যক নেওচা নিদিলে আৰু এদিন হাঁহিমুখেৰেই কইনা সাজি ভুবনৰ পুতেকৰ জীৱনত ৰং সানিলেগৈ।

আচলতে ঘটনাটো ৰঙিলীৰ বিয়াৰ দিনাৰপৰা আৰু অলপ বেছি বেয়ালৈ ঢাল খাইছিল। বিয়ালৈ মেচেকাৰ মাক-দেউতাক গৈছিল। মেচেকাই কিন্তু আনদিনাৰ দৰেই জোলোঙাটো বান্ধি তিনি আলিলৈ মুচিয়াৰৰ কাম কৰিবলৈ ওলাই গৈছিল। ৰাতিও সেইদিনা সি দেৰিকৈ ঘৰলৈ আহিছিল।

আনহাতে ভলুকাৰ সেইদিনা আদপ-কায়দাই বেলেগ আছিল। সেইদিনা সি মেচেকাক জ্বলাবৰ বাবে গোটেইটো ৰঙিলীৰ ককায়েক হৈ পৰিল। বিয়াৰ সকলো কামতে সি আগভাগ ল’লেগৈ। কেৱল সেয়া হ’লেও কথা আছিল। ৰাস্তাতে সি মেচেকাক জোলোঙাটো লৈ তিনি আলিলৈ গৈ থকা দেখা পালে। জ্বলা জুইত অলপ ঘিঁউ ঢালো বুলিয়েই সি চলাই গৈ থকা চাইকেলখন ৰখাই মেচেকাক মাতিলে—

“ঐ মেচেকা, মেচেকা।”

হঠাৎ ভলুকাৰ চিনাকি মাতটো শুনি মেচেকা উছপ খাই ঘূৰি চালে। খঙেৰে সি ভলুকাক সুধিলে—

“কি হ’ল? টেঁটু কিয় ফালিছ?”

ভলুকাই হাঁহিমুখেৰে টপককৈ উত্তৰ দিলে—

“ৰঙিলী ভনীৰ বিয়াৰ দিনা তই কাম কৰিবলৈ ওলাইছ যে! নাযাৱ নেকি তোৰ ভনীজনীৰ বিয়ালৈ?”

মেচেকাৰ খঙে মূৰৰ চুলিৰ আগ পালেগৈ। খঙত একো নাই নাই হৈ ৰাস্তাতে পৰি থকা ফলা শিল এটা বুটলি “চা.. ফেটীসাপ” বুলি জোৰকৈ ভলুকালৈ বুলি মাৰি পঠিয়ালে। আৰু সেইটো ভলুকাৰ চাইকেলৰ স্পকত লাগি চাইকেলৰ স্পক এডাল ছিগি পুনৰ ৰাস্তাৰ কাষত তিন টেলেঙনি খাই পৰিলগৈ। মেচেকাৰ ৰুদ্ৰমূৰ্তি দেখি ভলুকায়ো পলম নকৰি চাইকেলত উঠি পলায়ন কৰিলে। তাৰ মুখত অৱশ্যে বিশ্ববিজয়ৰ হাঁহি এটা জিলিকি উঠিল।

সেইদিনাৰপৰা দুয়োৰে মাতবোল একেবাৰে বন্ধ হৈ গ’ল। ৰঙিলীও গ’ল আৰু ভলুকা মেচেকাৰ বন্ধুত্বও শেষ হ’ল।

দিন বাগৰিল। প্ৰথমতে ভলুকা আৰু তাৰ পিছত মেচেকাৰো বিয়া বাৰু হ’ল। পিছে শত্ৰুতাহে আঁতৰ নহ’ল। ভলুকাৰ বিয়াৰ দুই বছৰমানৰ পিছত মেচেকাই বিয়া পাতিলে।

বিয়াৰ এসপ্তাহমান হৈছিলহে। এদিন মেচেকাৰ ঘৈণীয়েকে লেপ-তুলি ৰ’দত দিবলৈ যাওঁতে ভলুকায়ো সন্মুখৰফালে কিবা কাম কৰি আছিল। দুয়োৰে চকুৱে চকুৱে পৰাত মেচেকাৰ নৱবিবাহিতা পত্নীয়ে চুবুৰীয়া ভলুকাৰ ফালে চাই হাঁহি এটা মাৰিলে। ইয়াকে আকৌ দেখিলেগৈ মেচেকাই। বচ। আৰু লাগেনে কিবা! সি গুৱাল গালি এসোপা পাৰিবলৈ লাগিল ভলুকাক। নিজৰ ঘৈণীয়েককো সুদাই নেৰিলে।

“জহনীমৰতী! বিয়া হৈ অহা দুদিন হৈছেহে, ৰং দেখুৱাবলৈ আৰম্ভ কৰিলিয়েই।”

সি ঘৈণীয়েকক গালি পাৰিবলৈ ধৰিলে। পিছত অৱশ্যে সি ঘৈণীয়েকক বুজালে যে ভলুকা এটা লম্পট চৰিত্ৰৰ মানুহ, গতিকে তাৰপৰা যেন তাই আঁতৰত থাকে।

মেচেকাৰ ঘৈণীয়েকেও কথাষাৰ সঁচা বুলি ভাবি ভলুকাৰফালে মূৰ তুলিও নোচোৱা হ’ল। পিছে মেচেকাই ভলুকাক নিজৰ ঘৈণীয়েকৰফালে চোৱা যেন অনুভৱ হ’লেই ৰণচণ্ডী মূৰ্তি ধৰি গুৱাল গালি পাৰে, দা ধৰায়। এইদৰে বিনা দোষত পৰোক্ষভাৱে হ’লেও ভলুকাক গালি পৰা শুনি ভলুকাৰো মূৰ গৰম হয়। সি ঘৰতে কাঠৰ কামবোৰ কৰে। মেচেকাই এনেদৰে বকিবলৈ আৰম্ভ কৰিলে সিও পুৰণি বাতৰিকাকত এখন লৈ ঘৈণীয়েকক চিঞৰি মাতে—

“হেৰা শুনাচোন।”

গিৰীয়েকৰ গগনফলা চিঞৰ শুনি ভলুকাৰ ঘৈণীয়েকেও ওচৰ চাপি আহি ধমকিৰ সুৰতেই সোধেহি—

“কি হ’লনো? পুৱাই পুৱাই কিয় টেঁটু ফালিছেনো?”

ভলুকাই ঘৈণীয়েক বাতৰিখন পঢ়ি শুনায়—

“কৰতেৰে কাটি হাতুৰীৰে মৰিয়াই বাল্য বন্ধু হত্যা। ইচ ইচ! ভাল বাতৰি শুনিবলৈয়ে নোপোৱা হ’লো। পিছে বাল্য বন্ধু হ’ল, তাতে কি হ’ল! কিবা জগৰ লগাইছিল চাগৈ! সেইকাৰণে কুকুৰ-মেকুৰীৰ নিচিনাকৈ মাৰিলে।”

ভলুকাৰ ঘৈণীয়েকে একো বুজি নাপাই ভোৰভোৰাই আঁতৰি যায়। ইফালে ভলুকাৰ বচন শুনি সিফালৰপৰা মেচেকাই চিঞৰে—

“হেৰা! শুনিছানে! আজি কাক ঘপিয়াওঁ ঠিক নাই। এটাক ওপৰলৈ পঠিয়াই দুপৰীয়া ৰঙাঘৰতে ভাতসাঁজ খামগৈ। দুপৰীয়া মোলৈ ভাত নবনাবা। পাছবুকত থকা টকাকেইটা উলিয়াই মোক জামিনত লৈ আহিবা।”

সেইদিনাখনৰে ৰাতিৰ ঘটনা। বিছনাত পৰিও মেচেকাৰ গাটো পুৰি আছিল। কি কৰা যায় ভলুকাক! এপাকত সি পিছফালৰ বাৰাণ্ডাৰে সৰুপানী চুবলৈ গ’ল। হঠাৎ ভলুকাৰ লুঙীখন বাহিৰত মেলি থোৱা দেখি তাৰ মূৰত কূটবুদ্ধি খেলালে। সি মনে মনে গৈ ভিতৰৰপৰা কেঁচীখন আনিলে আৰু দুয়োঘৰৰ মাজৰ জেওৰাখন পাৰ হৈ গৈ ভলুকাৰ লুঙীখনত গোল গোলকৈ প্ৰায় ২০ টা মান ডাঙৰ ফুটা কৰি থৈ আহিল। সি মনতে ভাবিলে—

“ৰহ বেটা! পাবি মজাটো পুৱাই! এইখন পিন্ধিবিয়েই নহয় পুৱা! বুজি পাবি কোন বাপেৰৰ লগত টক্কৰ লৈছিলি!”

পিছদিনাখন পুৱাই ভলুকাই উঠি গা-পা ধুই আহি লুঙীখন পিন্ধিলে। লুঙীত থকা চালনীসদৃশ ফুটাবোৰলৈ তাৰ চকুৱেই নগ’ল। ঘৈণীয়েকে চিঞৰ মৰাতহে সি লুঙীখনলৈ মন কৰিলে আৰু সি চিঞৰ এটা মাৰি ভিতৰ পালেগৈ। ভিতৰত অন্য এখন লুঙী সলাওঁতেহে সি আচল কথাটো বুজি পালে যে আচলতে তাৰ লুঙীখনে কেনেকৈ চালনীৰ ৰূপ ধাৰণ কৰিলে। সি মনে মনে থাকিল। একো হৈ-হাল্লা নকৰিলে আৰু মনতে মুচিয়াৰক এপালি দিবলৈ উপায় বিচাৰিলে।

শেষত চিন্তা কৰি কৰি সি উপায় এটা পালেগৈ। সি জানে যে মুচিয়াৰৰ এযোৰেই মাত্ৰ চেণ্ডেল আছে। সেইযোৰৰ সি আজিলৈকে কিমানবাৰ ফিটা সলাইছে, তাৰ ঠিক নাই। চেণ্ডেলযোৰ ক্ষয় গৈ কায়টোহে আছেগৈ। চেণ্ডেলযোৰ মেচেকাই কেতিয়াও ঘৰৰ ভিতৰলৈ নুসুমুৱায়। কামৰপৰা আহি ঘৰৰ বাহিৰতে থয়।

মেচেকায়ো জানিছিল যে প্ৰতিশোধ ল’বলৈ ভলুকাই কিবা এটা নকৰাকৈ নাথাকে। ৰাতিয়েই ভলুকাই কিবা এটা অঘটন ঘটাব পাৰে বুলি সেইদিনা ৰাতি সি বহু দেৰিলৈকে সাৰে থাকিল। পিছে পুৱতি নিশালৈ তাৰ টোপনী ধৰিল। সেই সময়তে ভলুকাই সৰু পুৰণি তলা-চাবি এযোৰ লৈ জেওৰা পাৰ হ’ল আৰু তাৰ দুয়োপাট চেণ্ডেলৰ ফিটা দুডাল সংলগ্ন কৰি তাতে তলা মাৰিলে আৰু চাবিটো লৈ আহিল।

পিছদিনা পুৱা মেচেকাই ভাত পানী খাই কামলৈ যাবলৈ চেণ্ডেলযোৰ খৰধৰকৈ পিন্ধি খোজ কাঢ়িবলৈ লওঁতেই উজুটি খাই ধুপুচকৈ বাৰাণ্ডাৰ মজিয়াতে পৰিল। সি বুজি পালে যে  এইটো ভলুকাৰ বাহিৰে আন কাৰো কাম নহয়। পিছে গালি পাৰিবলৈও উপায় নাছিল। কাৰণ আগদিনা ভলুকায়ো তাক একো গালি পৰা নাছিল।

এবাৰ ভলুকাৰ ৰাস্তাতে এটা দুৰ্ঘটনা ঘটিল। আনফালৰপৰা আহি থকা মেচেকা মুচিয়াৰে তাক দেখা পাই ৰ’ব নোৱাৰিলে। কোনোবাই এম্বুলেণ্সলৈ ফোন কৰিলে। ভলুকাৰ লগত এম্বুলেণ্সত মেচেকাও উঠিল। মেচেকাই নিজৰ ঘৈণীলৈ ফোন কৰি ভলুকাৰ খবৰ দিলে, কাৰণ ভলুকাৰ বা ভলুকাৰ ঘৰৰ কাৰো ফোন নম্বৰ তাৰ হাতত নাছিল। সেইদিনা ৰাতি ভলুকাৰ পৰিয়ালৰ মানুহ আৰু মেচেকাৰ সৈতে মেচেকাৰ ঘৈণীয়েকো হাস্পতালতে বহি থাকিল।

পুৱালৈ ভলুকাৰ চেতনা আহিল। সন্মুখত মেচেকাক দেখা পাই ভলুকাই সুধিলে—

“চেণ্ডেলযোৰ পিন্ধি কেনে পালি?”

মেচেকাই ক’লে—

“তই লুঙীখন পিন্ধি যেনে পালি তেনে।”

কোঠাটোৰ ভিতৰত থকা আটায়ে গিৰ্জনি মাৰি হাঁহি উঠিল।

☆ ★ ☆ ★ ☆

5 Comments

  • ডলী

    হা হা। ভাল লাগিল

    Reply
  • Prodip Borah

    ভলুকা মেচেকাৰ মেচখন ভাল জমিল তেন্তে

    Reply
  • বন্দিতা

    বৰ ভাল লাগিল।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    এনে শতৰু থাকিব লাগে৷ ভাল হৈছে৷

    Reply
  • জিতু

    এএএ মজাআআআ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *