ফটাঢোল

সৰু মানুহ সৰু সপোন-ৰিমঝিম বৰঠাকুৰ

প্ৰিণ্ট মিডিয়া, ইলেকট্ৰনিক মিডিয়াৰ পিছত লিখিবলৈ ওলাইছোঁ ছ’চিয়েল মিডিয়াৰ বিষয়ে। সঁচা অৰ্থত ছ’চিয়েল মিডিয়াৰ বিষয়ে গোটেই ৰচনাখন যদি লিখিবলৈ যাওঁ, মেট্ৰিকত অসমীয়া প্ৰশ্নখনত লিখিবলৈ অহা পোন্ধৰ নম্বৰ থকা ৰচনাখনতকৈ বহুত দীঘল হ’ব। বাৰু, সেইখনতকৈ দীঘল নহ’লেও, সেইখনৰ সমানেই যেনিবা লিখিলোঁ, মইনো পাম কি? নম্বৰেই পামনে, শৰাই- বঁটা পাম! ওলোটাই চাগে ছ’চিয়েল মিডিয়াৰ ওপৰত ইমান পাণ্ডিত্যালি দেখুৱাব নালাগে বুলি গালি-শপনিহে পাম। সেয়ে ছ’চিয়েল মিডিয়াৰ সবিশেষলৈ নগৈ তাৰ ভিতৰত থকা এটা ছ’চিয়েল নেটৱৰ্কিং ছাইটকে লৈছোঁ। সেইটো হৈছে ফে’চবুক, যাৰ বিষয়ে আজিৰ সমাজত নজনা মানুহ নাই। এই ফে’চবুকৰো গোটেই কাৰবাৰটোৰ কথা আলোচনা নকৰি কেৱল ইয়াৰ গ্ৰুপ আৰু পেজসমূহৰ বিষয়েই আলোচনাভাগি আগবঢ়াবলৈ লৈছোঁ।

ফে’চবুকৰ গ্ৰুপৰ কথা ক’বলৈ গৈ যদি ফে’চবুকৰ জন্ম বৃত্তান্তৰ কথা নকওঁ চলিবনে? চলিব চাগে। কাৰণ ফে’চবুকৰ পিতৃৰ নাম, পিতৃৰ বিষয়ে সকলোৱে জানেই। জানে বুলি এইকাৰণেই মানি লৈছোঁ যে সকলোৱে তেওঁৰ উপাধিটোৰ সৈতে আমাৰ খাৰখোৱা সকলোৱে নিজৰ ককায়েক বা ভায়েক মানে জুকাৰদা বা জুকাৰ বুলি সম্বোধন কৰা দেখা পাওঁ। লগতে ফে’চবুক নামটোকো অনুবাদ কৰি ‘মুখপুথি’ কৰি একেবাৰে নিজৰে পুথিখন কৰি পেলালে। তাৰপিছত আকৌ এচামে নিজৰ কোঠাৰ ৱালখনৰ দৰে ‘ইটছ মাহ ৱাল, মাহ ষ্টাইল’ বুলি ভাবি জধে মধে, জাৱৰে জোঁ‌থৰে এগালমান আঁকি, সিঁচি সকলোৱে দেখাকৈ লেতেৰা কৰিবলৈও কুণ্ঠাবোধ নকৰে। ধেৎতেৰিকা, এই কথা ক’লে মুখলৈ নোচোৱা স্বভাৱটোৰ কাৰণেই আচল কথাৰ পৰা ফালৰি কাটি গৈ কোনোবাখিনি ওলাওঁগৈ।

এতিয়া আহিছোঁ ফে’চবুক গ্ৰুপ আৰু পেজবোৰলৈ। প্ৰথমতেই ক’ব বিচাৰোঁ এই গ্ৰুপ/পেজসমূহৰ নিমন্ত্ৰণী শৰাইখনৰ বিষয়ে। আজিকালি প্ৰায়ে লক্ষ্য কৰোঁ কোনোবা এজনৰ বন্ধুত্বৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পিছতে পেজ এটা লাইক কৰিবলৈ বা গ্ৰুপ এটাত জইন কৰিবলৈ ইনভিটিছন মানে আমাৰ ভাষাত নিমন্ত্ৰণী বাৰ্তা প্ৰেৰণ কৰে। যদি সেই নিমন্ত্ৰণ আওকাণ কৰোঁ ফে’চবুকে আকৌ মনত পেলাই দিয়ে ”আমুকে নিমন্ত্ৰণী পত্ৰ দি থৈছে, কিয় লাইক বা জইন কৰা নাই।” হয় ঔ, মই কিয়নো সেইবোৰক পাত্তা দিয়া নাই। কোনোবাই নিজৰ প্ৰতিভা প্ৰদৰ্শনৰে সমাজৰ কোনোবা এজনৰ কিবা এটা ভাল হওক বুলিয়েইতো সেইখন পেজ লাইক কৰিবলৈ মাতে। কিন্তু তাকে নকৰি যদি মই এনেই ফে’চবুক শুৱনি কৰি বহি থাকোঁ, আপোনাৰ হ’লেও খং উঠিব দিয়কচোন। কিন্তু মোৰ কথাটো অলপ বেলেগ। এনেকৈ পেজসোপা লাইক কৰিবলৈ শৰাই আগবঢ়োৱাতকৈ যদি কাৰোবাৰ ঘৰত ‘ব্ৰেকফাষ্ট’, ‘লাঞ্চ’ বা ‘ডিনাৰ’ কৰিবলৈকে যদি নিমন্ত্ৰণ দিলেহেঁতেন মই বেছি ভাল পালোঁহেঁতেন। অৱশ্যে আপোনাৰ প্ৰমোচন হিচাপে খানাৰ ফটো দুখনমান ‘হেড এ গ্ৰেট টাইম উইথ বেষ্টি’ বুলি মোৰ ৱালত আপোনাক টেগ কৰি খানাসহিতে আপোনাৰ ফটোও আপলোড কৰিলোঁহেঁতেন। কিন্তু তাকে নকৰি ‘ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপটেড’ নটিফিকেচন দেখাৰ লগে লগে অকল পেজটো চাবলৈ মাতে যে মই বেয়া পাওঁ অ। ইয়াৰ উপৰিও এচাম আছে যে ইনবক্সত মিঠা সুৰত দম দিয়ে পেজ এটা লাইক কৰিবলৈ ইনভাইট কৰিছোঁ, সময় পালে এপাক চাবচোন। ময়ো কিন্তু কথাৰ কথা মনা মানুহ। লগে লগে চাই গুচি আহোঁ। কেতিয়াবা পেজৰ কনটেণ্ট দেখি নাকটো কোচাই থৈ আহোঁ, কেতিয়াবা কিন্তু সঁচা অৰ্থত লাইক কৰি থৈ আহোঁ। কাৰণ ভালক ভাল বুলিতো ক’বই লাগিব না।

এতিয়া আহিছোঁ গ্ৰুপৰ কথালৈ। পেজৰ ইনভিটিছনবোৰ বাৰু যেনতেন। গ্ৰুপৰ কথা ক’বলৈ গ’লে এহিলিচা লিখিব লাগিব। সেয়ে অলপ চমুৱাই থওঁ বুলিয়েই আগবাঢ়িছোঁ ফে’চবুক গ্ৰুপৰ কথালৈ। ফে’চবুক গ্ৰুপৰ বহুতো প্ৰকাৰ আছে। কিছুমানে জ্ঞানমূলক/শিক্ষামূলক, কিছুমান মনোৰঞ্জন, কিছুমান ব্যংগ বা কিছুমান সাহিত্য চৰ্চা। এইবোৰৰ উপৰিও আৰু বহুতো আছে যাৰ নিজৰ নিজৰ বিষয়কলৈ গঠন হয়। এই ফে’চবুক গ্ৰুপবোৰ কিছুমান অপেন আৰু কিছুমান ক্লোজ গ্ৰুপ মানে কিছুমানৰ দুৱাৰ খিৰিকী খোলা বাহিৰে বাহিৰে থাকিও চব চাই থাকিব পাৰি। কিছুমান আকৌ চাবলৈ ভিতৰলৈ সোমাব লাগে। এই গ্ৰুপবোৰত এডমিন/মডাৰেটৰ থাকে যিয়ে গ্ৰুপটো চোৱা-চিতা কৰি থাকে।  এনেধৰণ গ্ৰুপসমূহৰ মাজৰে কিছুমান গ্ৰুপৰ কিছুমান প্ৰশাসকে নিজেই আপোনাক গ্ৰুপ শুৱনি কৰিবলৈ মাতিব, আৰু যদি মতৰ অমিল হয় নিজেই গতিয়াই বাহিৰ কৰি দিব।

যেন মাৰ্ক জুকাৰবাৰ্গে ফে’ৱচবুক সাম্ৰাজ্যৰ আধা অংশ তেওঁক দান কৰি থৈছে, মোৰ মতে নচলিলে তোক ৰাজ্যচ্যুত কৰা হ’ব বা নচঁচা শূলত দিয়া হ’ব। অৰ্থাৎ মই ৰজা, আৰু তহঁত সদস্যবোৰ প্ৰজা। ৰাজ্যত ওপচ্ গ্ৰুপত থাকিবলৈ মন আছে যদি চুপচাপ মোৰ মতে চলি যা। এনে এডমিন প্ৰায়বোৰে ভগনীয়া, যি অইন গ্ৰুপত নিজৰ শক্তি প্ৰদৰ্শন কৰিব নোৱাৰি নিজেই ৰজা হোৱাৰ সপোন দেখি আন এটা গ্ৰুপ খুলি আধিপত্য চলায়।

অৱশ্যে, কিছুমান গ্ৰুপত কিছুমান চৰ্তাৱলী আছে যিবোৰ সঁচা অৰ্থত পালন নকৰিলে, আন সদস্যই আমনি নাপাওক বুলিও গ্ৰুপৰ পৰা কিছুমান জাৱৰক উলিয়াই দিয়া হয়। সেয়া বেলেগ কথা।

এই ফে’চবুক গ্ৰুপবোৰৰ মাজত এনেকুৱা প্ৰতিযোগিতা চলে, দেখিলে বিচূৰ্তি আউ। এই প্ৰতিযোগিতামূলক ভাৱ থকা বুলি জনা হ’লে এনেধৰণৰ এডমিন মডাৰেটৰসকলে পঢ়ি থকা কালত চাগে কেইবাটাও ‘কম্পিটিটিভ এক্সাম’ ‘ক্ৰেক’ কৰিব পাৰিলেহেঁতেন। কিন্তু দুখৰ বিষয়, থকা সময়ত তেওঁলোকে এই প্ৰতিভা তেওঁলোকৰ মাজত আছে বুলি গম পোৱাৰ সুযোগ নাপালে। কেতিয়াবা ইটো গ্ৰুপ সিটো গ্ৰুপৰ কাজিয়াখন দেখিলে এনে লাগে বিজেপি/কংগ্ৰেছৰ দৰে একো একোটা ডাঙৰ ৰাজনৈতিক দল। তেওঁলোকে যেন নিৰ্বাচন খেলি ফে’চবুকতে চৰকাৰ বহুৱাই দেশৰ শাসনভাৰ মূৰ পাতি ল’ব। ইটো গ্ৰুপ সিটো গ্ৰুপৰ অঁ‌ৰিয়াঅৰিৰ সময়ত তেওঁলোকৰ উদাত্ত কণ্ঠৰ ভাষণে অহ চ’ৰী উদাত্ত আঙুলিৰে লিখা কমেণ্টবোৰ পঢ়িলে এই অভাগিনীৰ অনুভৱ হয় জীৱনত সকলোবোৰ কৰিবলগীয়া কাম কৰি আজৰি হৈ এইসকল লোকে এতিয়া ফে’চবুক চৰকাৰ গঠন কৰি দেশৰ পৰিবৰ্তন সাধনত নিজৰ জীৱন উৎসৰ্গিত কৰিছে। কিন্তু ভালকতো ভাল বুলি ক’বই লাগিব দিয়কচোন। এইবোৰৰ মাজতো এনে বহু গ্ৰুপ আছে যি সঁচা অৰ্থত ভাল কাম কৰি গৈ আছে। ফে’চবুক গ্ৰুপৰ বিষয়ে লিখিবলৈ গ’লে আৰু অলপ লিখিব পাৰিলোঁহেঁতেন, কিন্তু ময়ো এটা গ্ৰুপৰ এডমিন। এতিয়া এইবোৰ লিখি থাকিবলৈ মোৰো সময় নাই। আই মিন সময় নষ্ট নকৰোঁ। কাৰণ এডমিন হেন গুৰু দায়িত্ব লৈ গ্ৰুপত কি চলিছে, কোনে আমাক নকল কৰি গ্ৰুপ বনাইছে, সেইবোৰ নিৰীক্ষণ কৰি যদি কাজিয়া এভাগি নকৰোঁ, কিহৰ এডমিন হ’লোঁ‌হে!

অহ্ যোৱাৰ আগতে এটা কথাই কৈ যাওঁ আমাৰ এই এডমিনসকলৰ কষ্ট মানি লৈ জুকাৰদাই  আমালৈ এক আৰ্থিক সাহায্য আগবঢ়াবলৈ হাত ভৰি এচাৰি দাবী কৰিলোঁ। যেনেকৈ  ‘শ্লেভ ডাইনেষ্টী’, ‘খিলজী ডাইনেষ্টী’ আছে তেনেকৈ এই এডমিনসকলৰ নামতো একো একোটা ডাইনেষ্টী বনাই সোণালী আখৰে তাম্ৰ লিপিত খোদিত কৰি একো একোজন ৰজা অহ চ’ৰী গ্ৰুপ বা এডমিনৰ যুগ বুলি যাতে নামকৰণ কৰে। এইটো জীৱনত সকলোবোৰ পালোঁ, এই দাবীবোৰো মানি লৈ পূৰণ কৰিলে ‘মাই লাইফ ৱাজ পাৰ্ফেক্ট ইন দ্য আৰ্থ’ বুলি যমৰ আগত ক’বগৈ পাৰিম। আমাৰনো কি ‘সৰু মানুহ সৰু সপোন’।

☆ ★ ☆ ★ ☆

5 Comments

  • ৰিণ্টু

    তামাম

    Reply
  • জিতু

    সুন্দৰ

    Reply
  • প্ৰদীপ বৰা

    কইনো কৈ থাকিলেে ওৰকে নপৰে আমাৰ ফেচবুক গ্ৰুপৰি কথা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *