পঞ্চাশটকীয়া – দীপ বৰা
হায়াৰ চেকেণ্ডাৰীৰ প্ৰথম বৰ্ষত পঢ়ি থাকোঁতেই দেউতাৰ চাপানলাৰ পৰা ছালনালৈ বদলিকৰণ হয়। মই বদলিকৰণৰ বাবে প্ৰিন্সিপাল চাৰৰ ওচৰলৈ যোৱাত তেওঁ ক’লে যে এটা বছৰহে আছে সেয়ে বোলে মই যাব নালাগে৷ তেওঁ ক’লে– ‘অসুবিধা নহ’লে মোৰ ঘৰতে থাকিবি।’ প্ৰিন্সিপাল ছাৰক সকলোৱে ভয় কৰে। মই নকৰিবলৈ কোন কুটা? মই হ’ব ছাৰ বুলি কৈ যি আহিলোঁ আৰু দ্বিতীয়বাৰৰ বাবে বদলিকৰণৰ চাৰ্টিফিকেট বিচাৰি নগলোঁ। ছালনাৰ পৰাই বাছেৰে অহা-যোৱা কৰি হায়াৰ চেকেণ্ডাৰী শিক্ষা সাং কৰিম বুলি ঠিৰাং কৰিলোঁ।
ছালনাৰ পৰা চাপানালালৈ দূৰত্ব পোন্ধৰ-বিশ কিলোমিটাৰ মান হ’ব। ৰাস্তাৰ অৱস্থা অতি শোচনীয় হোৱা বাবে একঘণ্টাতকৈ অলপ বেছিয়েই সময় লাগিছিল। পুৱা আঠবজাৰ বাছত আহিলে শ্ৰেণী আৰম্ভ হোৱাৰ আগে আগে বিদ্যালয় পাওঁগৈ। উভতি ঘৰ পাওঁতে প্ৰায় সদায় এন্ধাৰ নামে। বাছৰ মধ্যমীয়া লাইটৰ পোহৰেৰে খলা বমা ৰাস্তাটোৰে ছালনালৈ গৈ থাকোঁ।
এতিয়া আহোঁ আচল ঘটনালৈ। সেইদিনাখনো অলপ দূৰ বাট অহাৰ পিছত প্ৰায় আন্ধাৰ নামি আহিছিল। বাছৰ ডিম লাইটৰ পোহৰ দিয়া লাইটটো জ্বলাই দি চালকে লাহে লাহে গাড়ী চলাই গৈ আছে। বাছত বৰ এটা ভিৰ নাই৷ মাত্ৰ দহজনমান যাত্ৰী। হঠাৎ মই বহি থকা ছিটটোৰ কাষত মোৰ বাওঁভৰিৰ ওচৰতে টকাৰ নিচিনা দেখা কাগজ এখন পৰি থকা দেখিলোঁ। কাষত অন্য মানুহ থকাৰ বাবে মই কাগজখন হাতেৰে তুলি লব পৰা নাই। অলপ ভালকৈ চকু মোহাৰি লক্ষ্য কৰি দেখা পালোঁ সেইখন এখন সচাকৈ পঞ্চাশ টকীয়া নোট। সেইসময়ত মোৰ বাবে পঞ্চাশ টকাৰ মূল্যও বহুত আছিল। কি কৰোঁ কি নকৰোঁ ভাবি এবাৰ মোৰ বাওঁ ভৰিখন টকাটোৰ ওচৰত থৈ দিলোঁ। চাৰিওফালে এবাৰ মূৰটো ঘূৰাই চালোঁ, মোক কোনোবাই লক্ষ্য কৰি আছে নেকি? নাই কোনেও মোলৈ চাই থকা নাই। এইবাৰ বাওঁভৰিৰে নোটখন হেঁচি মোৰ পিনে টানিবলৈ চেষ্টা কৰিলোঁ। নাই নাহে। বাছৰ মজিয়াখন কাঠৰ হোৱা বাবে বাৰে বাৰে পিছলি ৰৈ গৈছে৷ পইচাতো নাহে , মই নেৰোঁ। অলপ সময় চেষ্টা চলোৱাৰ পিছত মই ভাগৰি পৰিলোঁ৷ পইছাটো কাষলৈ নাহিল। উপায় নাপাই পইচাটোৰ ওপৰতে ভৰিখন থৈ বাহিৰলৈ চালোঁ৷ বাছ ছালনা পাওঁ পাওঁ হৈছে।
আনদিনা ছালনা কেতিয়া পাওঁ কেতিয়া পাওঁ লাগে৷ কিন্তু আজি গমেই নাপালোঁ ছালনা বজাৰ কেতিয়া পালোঁ। মনটো স্ফূৰ্তিত ক’ব নোৱৰা হৈ আছে৷ পঞ্চাশ টকা পাম, ধেমালি নেকি? লাহে লাহে বাছ গৈ নিজৰ ঠাইত ৰৈ গ’ল। এজন এজনকৈ সকলো যাত্ৰী নমাৰ পিছত মই জোতাৰ ফিটা মৰাৰ চলেৰে পঞ্চাশ টকীয়াখন হাতৰ মুঠিত লৈ বাছৰ পৰা নামি লাহে লাহে ঘৰমুৱা হৈছোঁ৷ নোটখন ভালে আছেনে চাবলৈ বন্ধ দোকান এখনৰ জ্বলিথকা লাইটটোৰ ওচৰলৈ গলোঁ৷ আৰু হাতৰ মুঠিটো মেলি দিলোঁ। কিন্তু মোৰ মূৰটোৱে কাম নকৰা হ’ল। মন সেমেকি উঠিল৷ তেঁতেলীৰ পেকেটৰ সেই নকল নোটখনৰ বাবে মোৰ ইমানখিনি কষ্ট হ’ল! যিজনে বাছত এইখন পেলাইছে তেওঁক গুৱালগালি দুটামান এৰি ঘৰলৈ খোজ ললোঁ।
☆ ★ ☆ ★ ☆
8:45 pm
সুন্দৰ???
9:12 pm
ধন্যবাদ ৰাজৌ
9:08 pm
ভাল হৈছে দীপ দা
9:16 pm
ধন্যবাদ ভাই
4:46 pm
ধেততেৰি, বিৰাট ঠগ খালে তাৰমানে।
হাঃ হাঃ