গল্প লিখাৰ যন্ত্ৰণা-প্ৰদীপ চন্দ্ৰ বড়া
বিষ্ণুপুৰ হাইস্কুলৰ শিক্ষক বিজয় গোস্বামীৰ গল্প লিখাৰ হেঁপাহ বহু দিনৰ পৰা পকা অঙঠাৰ দৰে তিৰবিৰাই আছে৷ চেষ্টাৰ অসাধ্য একো নাই বুলি তেওঁ প্ৰচেষ্টা চলাই আহিছে৷ কিন্তু মিছা কলে কিডাল হ’ব, তেওঁ লিখা গল্প আলোচনীলৈ দুবাৰমান পঠাইছে যদিও সম্পাদনা সমিতিৰ মনপুত নহয়৷ তেওঁৰ মনত বিষাদৰ কলিয়া ডাৱৰে আবৰি ধৰে৷ দুখনমান ই-আলোচনীলৈকো দুটা গল্প তেওঁ পঠিয়াইছে৷ কিন্তু বৰ্তমান বিশ্বায়নৰ ইলেক্ট্ৰনিক মাধ্যমৰ যুগত প্ৰখৰ বিবেচনা শক্তিৰ অধিকাৰী সম্পাদকসকলৰ বিবেচনাত তেওঁৰ গল্পই পীৰা এখন পাবলৈও ঠাই নাপায়৷ তেওঁ কিন্তু চেষ্টা এৰি দিয়া নাই৷ তেওঁ পুনৰ গল্প এটা লিখিবলৈ মন কৰিলে ৷ তেওঁ সহকৰ্মী যদু মাষ্টৰৰ কাহিনীকে লিখিব বুলি চিন্তা কৰিলে৷ যদু মাষ্টৰৰ বিদ্যালয়লৈ যাওঁতে সদায় পলম হয়৷ হেডমাষ্টৰৰ ওচৰত জবাব দিবলৈ তেওঁ কিমান যে ফাঁকিৰ জোৰাটাপলি মাৰি কৈফিয়ৎ দিয়ে৷ কোনোবা দিনা তেওঁ চাইকেলখনৰ চকাৰ পাম্প এৰি দি গালে হাতে ক’লা দাগ লৈ স্কুল ওলাইগৈ৷ কোনোবা দিনা আকৌ নিজৰ হাতঘড়ীটোৰ সময় পিছুৱাই লৈ স্কুল ওলাইগৈ৷ শ্ৰেণীত পাঁচ মিনিট পলমকৈ প্ৰৱেশ কৰি পাঁচ মিনিট আগতীয়াকৈ ওলাই অহাটো তেওঁ নিজে বান্ধি লোৱা নিয়ম৷ তেওঁ যদি কেতিয়াবা বাছত স্কুললৈ আহে তেন্তে বাছখন পলমকৈ আহে আৰু ঘূৰি যোৱা বাছখন সোনকালে যায়৷ বিভিন্ন সংগঠনে আহ্বান দিয়া অসমবন্ধ, চকা বন্ধ আদিৰ খবৰ সংগ্ৰহ কৰাত তেওঁ অদ্বিতীয়৷ যদু মাষ্টৰৰ এই চাৰিত্ৰিক বৈশিষ্ট্যসমূহকে লৈ স্থান-পাত্ৰ সলনি কৰি দীঘলীয়া বৰ্ণনাৰে বৰ্ণিত কৰি এটি বৰ্ণিল গল্প লিখি আলোচনীলৈ পঠিয়াব নেকি গোস্বামীয়ে তাকে ভাবিলে৷ কিন্তু তেনেকুৱা গল্প লিখি সহকৰ্মীৰ চকুৰ কূটা দাঁতৰ শূল হ’বলৈ তেওঁৰ ইচ্ছা নগল৷
গোস্বামীয়ে এবাৰ বন্ধু এজনৰ সৈতে বাংগালুৰুলৈ গৈছিল৷ তাত দুদিনমান থকাৰ পিছত এদিন তেওঁ মন কৰিলে যে তেওঁ পেন্টটো পিন্ধিব পৰা নাই৷ তেওঁ বহুত সময় যুঁজিও পেণ্টটো পিন্ধিব পৰা নাছিল৷ ইপিনে,তেওঁৰ বন্ধুৰ আকৌ পেন্টটো পিন্ধিব ল’লেই সুলকি পৰা অৱস্থা৷ শেষত দুয়োজনে পেণ্ট দুটা সলনি কৰিলতহে দুয়োৰে সমস্যা সমাধান হ’ল৷ আচলতে বিজয় মাষ্টৰে ভুলতে বন্ধুজনৰ পেণ্টটোহে পিন্ধিবলৈ লোৱাত পেণ্টদুটা সালসলনি হৈ পয়মালখন হ’ল৷ এই কথাখিনিকে ‘এক ইঞ্চি ডাঙৰ হ’ল’ বুলি দীঘলীয়া বৰ্ণনা দি লিখি আলোচনীলৈ পঠাব নেকি বুলি গোস্বামীয়ে ভাবিলে৷ কিন্তু এই সামান্য কথাটোকে ৰৌজাল-বৌজাল কৰি লিখা গল্পটো কোনো আপোচবিহীন লেখাৰ লেখত নপৰিব আৰু সম্পাদনা সমিতিয়ে নিশ্চয় তাত কেঁচি চলাব বুলি ভাবিয়েই তেওঁ গল্পটো নিলিখাৰ সিদ্ধান্ত ল’লে৷
এনিশা বিজয় গোস্বামীয়ে এখন চিৰিয়াখানা খোলাৰ সপোন দেখিছিল৷ সপোনতে তেওঁ সেই চিৰিয়াখানাৰ বাঘৰ খাদ্য তালিকা এখন প্ৰস্তুত কৰিছিল এনেধৰণেৰে— ‘পুৱা ব্ৰেকফাৰ্ষ্ট হিচাপে জাহাজী কল,পায়স আৰু হৰলিক্স৷ দুপৰীয়া ভাতৰ লগত কাঠফুলাৰ ভাজি আৰু অন্যান্য দামী দাইল, তৰকাৰী আদি ৷ আবেলি গৰম গাখীৰৰ লগত পিঠা, বিস্কুট আদি আৰু ৰাতিলৈ ভাতৰ লগত পনীৰ, দাইল, ভাজি আদি৷ কাৰণ তেওঁ নিজেই দুৰ্ঘোৰ নিৰামিষ ভোজী৷ সেই সপোনটোকে লৈ গল্প এটা লিখিব পাৰি নেকি চিন্তা কৰিলে গোস্বামীয়ে৷ কিন্তু তেওঁ ইয়াকো চিন্তা কৰিলে যে তেওঁৰ দৰে এজন শিক্ষকে এনেদৰে ধৰ্মনীতি আৰু ৰাজনীতিৰে সংপৃক্ত এটি স্পৰ্শকাঁতৰ বিষয়ত গল্প লিখিলে সমাজে তেওঁক নিশ্চয় ধিক্কাৰ দিব আৰু গল্পটোৱে সমাজৰ উত্তৰণত কোনো সুস্থ বাৰ্তা বহন নকৰি অশান্তিৰ বিষবাষ্পহে বিয়পাব ৷ গতিকে এনেধৰণৰ গল্প নিলিখিবলৈ তেওঁ থিৰাং কৰিলে৷
বিজয় মাষ্টৰে সুবিধা পালেই পুৰোহিতৰ কামো কৰে৷ কিন্তু মানুহবিলাক আজিকালি বৰ চিকটা হ’বলৈ লৈছে৷ দান-দক্ষিণাৰ ক্ষেত্ৰত বহুতে খুউব হাত ধৰে৷ দুখীয়া লোকৰ কথা বেলেগ বাৰু, কিন্তু ধনবান লোকৰ ঘৰতো যিহে হাত ধৰে! সেয়ে তেওঁ বিজয়ে পূজা-শ্ৰাদ্ধাদিৰ বাবে কোনোবাই নিমন্ত্ৰণ কৰিবলৈ আহিলে আগতেই তেওঁৰ মাননিখিনি স্থিৰ কৰি লয়৷ কাৰণ ষ্টেট জি এছ টি আৰু চেণ্ট্ৰেল জি এছ টিৰ দৰে বজাৰত প্ৰৱেশ কৰিব নোৱাৰি ৷ দুশ টকা দক্ষিণা লৈ বিদ্যালয় ক্ষতি কৰি আৰু দেহ আৰু মুখক কষ্ট দিব পাৰিনে? এজন কৰ্মচাৰীৰ এদিনৰ দৰ্মহা গড়ে দুহেজাৰ টকা ধৰিলে তেওঁতো এই জটিল কামখিনিৰ বাবদ অন্ততঃ এহেজাৰ টকা পাব লাগে! বি পি এলসকলৰ বাহিৰে ধনবান কিন্তু কৃপণচামৰ বাবে গোস্বামীয়ে এখন মূ্ল্য তালিকাও প্ৰস্তুত কৰি উলিয়াইছে৷ নিমন্ত্ৰণ দিবলৈ অহা যজমানক তেওঁ কৈ দিয়ে— ‘তুমি/আপুনি যদি অভাৱী তেন্তে নিয়ম এটা কৰিলেই হ’ব৷ কিন্তু গামোচাৰ নামত আঠুঁৱাৰ কাপোৰ, তিনিহাট ধূতিৰ দি ‘তোক চালে মোক দেখা’ ধৰণৰ বস্তু নিদিবা/নিদিব৷’ বিজয় গোস্বামীৰ জীৱনৰ অভিজ্ঞতাৰ আলমত এই কথাবোৰকে লৈ ‘তোক চালে মোক দেখা’ শিৰোনামেৰে গল্প এটা লিখিব পাৰি নেকি সেই কথাও তেওঁ ভাবিলে৷
কিন্তু এইবিলাক কথাই জানো সমাজক কিবা সু-বাৰ্তা দিব? আৰু সম্পাদনা সমিতিৰো জানো মনঃপুত হ’ব?
বিজয় গোস্বামীক যেন হতাশাই বেৰি ধৰিলে৷ এই প্ৰচেষ্টাত তেওঁৰ গল্প লিখা নহ’ল৷
☆ ★ ☆ ★ ☆