পানী,পাণি আৰু আমি-সোমেশ্বৰ বৰা
পানী আৰু পাণিৰ এৰাব নোৱৰা সম্পৰ্ক। পিয়াঁহ লাগিলে পানী খাব লাগিব আৰু সংসাৰ এখনত পূৰ্ণতা দিবলৈ পাণি-গ্ৰহণ কৰিব লাগিব। সেয়ে আমি পানী, পাণিৰ লগতনো আমাৰ কি সম্পৰ্ক তাৰে উৱাদিহ লওঁচোন।
পাণি গ্ৰহণ মানে জীৱনৰ দ্বিতীয় ইনিংছৰ আৰম্ভণি। পাণি গ্ৰহণৰ পিছত বহুজনে ঘটিয়ে ঘটিয়ে পানী খাইছে আৰু বহুজনৰ ঘৰত বানপানীৰ পলস পৰি সাৰুৱা হৈ ঠন ধৰিছে। পাণি গ্ৰহণ কৰি জোলোকা জোলোকে পানী খাবলৈকে একালত মন উচাতন হয়৷ আৰু পিছত চকুৰ পানী নাকৰ পানী একাকাৰ কৰি ইজনে সিজনক দোষাৰোপ কৰে।
পাণি গ্ৰহণৰ পৰাই পানী আৰু পত্নীৰ ওতঃপোতঃ সম্পৰ্ক হয়৷ আপুনি পিছ লোৱা, লুকাই চুৰকৈ চোৱা, নৈৰ ঘাটৰ পানী আনিবলৈ যোৱাজনী পিছলৈ আপোনাৰ পত্নীও হ’বগৈ পাৰে। তাহানিতে ছোৱালীবোৰ পানী আনিবলৈ যায়, লোটা-ঘটি ঘঁহা চলে, ডেকাহঁতক চায়। মনটোৱে উজনি-ভাঁটি কৰিলে কেতিয়াবা পলাই যায়।
আমাৰে শৰ্মাদেৱৰ পৰাই আৰম্ভ কৰোঁচোন! ডাঙৰীয়াই আঙুঠি পিন্ধাই আহিল৷ উদ্দেশ্য পাণি গ্ৰহণ। কিন্তু ইয়াৰ লগে লগেই বহুগৰাকীৰ আশাত চেঁচাপানী পৰিল। বিশেষকৈ বীৰঝৰাৰ সহপাঠীসকলৰ কথা ক’বলৈ হ’লে লাগিব লেঠা। এবাৰ শৰ্মাদেৱে বিজনীৰ লক্ষ্মীপূজালৈ যাবলৈ সহপাঠী এগৰাকীক দিয়াৰ দৰে শ্লিভলেচটোৰ লগতে পাৰি লগাই ঢালিগাঁৱৰ বি আৰ পি এল কলনিৰ সন্মুখত দহি বাঁটি অনা বোৱা কাপোৰ এযোৰ পিন্ধি ন-ছোৱালীৰ বেশত ৰচক পচককৈ ওলোৱা সোমোৱা কৰিবলৈ কেইবাগৰাকীৰো বৰ হেঁপাহ আছিল। শৰ্মাদেৱৰ হাতত-হাতে ধৰাধৰিকৈ গান্ধী ময়দান, পাগলাস্থান, বেংতল, চাপাগুৰি, কাজলগাঁও আদিৰ লগতে বাঘেশ্বৰীত লগে-ভাগে পূজা এভাগ দিবলৈ তেওঁলোকৰো বৰ হেঁপাহ আছিল। কিন্তু কণা বিধাতাই তেওঁলোকৰ আশাত চেঁচাপানী ঢালিলে৷
গীতা নগৰৰ গীতা মন্দিৰত দীক্ষা লোৱা জনৈক বৰাৰ মতে পানী আৰু পত্নীৰ সাদৃশ্য দেখা যায়। পানীটুপিক যি পাত্ৰতে ৰখা যায় সেই পাত্ৰৰে আকৃতি লয়। ঠিক তেনেদৰে পত্নীকো য’ত ৰখা হয় তথা যালৈকে বিয়া দিয়া হয় তাৰে আকৃতি লয়। যেনে হাজৰিকাৰ পত্নী হাজৰিকানী, শৰ্মাৰ পত্নী শৰ্মানী, মহন্তৰ পত্নী মহন্তনী, তালুকদাৰৰ পত্নী তালুকদাৰনী আদি।বগাপানী, ৰঙাপানী, গৰম পানী, উতলা পানীৰ দৰে পত্নীয়েও গগৈ বৰা, শইকীয়া ফুকন, ফুকন সিং, গগৈ বৰুৱা আদিৰ ৰূপতো থাকে অৱশ্যে৷
পাণি গ্ৰহণত অপেক্ষাৰত জাগি ভকত গাঁঁৱৰ জনৈক শৰ্মা নামধাৰী এগৰাকীৰ মতে পুখুৰীৰপৰা যেনেকৈ পানী আনে ঠিক সেইদৰে শহুৰৰ ঘৰৰপৰা পত্নী আনে। সীতা জখলা, আমছৈ ঘাট, দেওশালত সঘনাই দেখা পোৱা যায় যদিও শৰ্মা যোৰহাট চহৰত থাকে। অৱশ্যে তেওঁ সকীয়াই দিছে, সঘনাই পানী আনিব লগা হ’লে পানী পৰি পুখুৰীৰ পাৰ পিছল হয় আৰু সঘনাই শহুৰৰ ঘৰলৈ অহা-যোৱা কৰিলেও শহুৰৰ পদূলিত পিছল খোৱাৰ সম্ভাৱনা থাকে। সেয়ে তেওঁ যোৰহাট তথা উজনিত একে ঠাইতে মন দিয়া নাই।
আজিৰ গাভৰু/বৰলী/পোষ্ট বৰলীহঁতৰ মনৰ ভাৱ সুকীয়া। পানীক বটলত সুমুৱাই বিচলেৰী, একুৱা আদি নামকৰণ কৰা হয়। গতিকে তেওঁলোকেও পতিৰ নামটো মাজত সুমুৱাই নতুনকৈ নিজকে নামকৰণ কৰিব খোজে। যেনে ধৰক, অনিমা প্ৰাঞ্জল গগৈ, গৰিমা বুলবুল চুটীয়া, মুনিমা পদ্ম হাজৰিকা। জিনিমা সৌৰভ মহন্ত, কাকলি হিমাংশু কলিতা ইত্যাদি ইত্যাদি৷
ইপিনে জনৈক বৰপুজাৰীয়ে আবিয়ৈ কালতে সিদ্ধি লাভ কৰি পোৱা বহুমূলীয়া তত্ব আকৌ এনেধৰণৰ—
পানীত গা ধুই চাফা হয়। পাণি গ্ৰহণ কৰি পত্নীৰ শৰণাপন্ন হৈ বহু টেঙৰ ধোৱা তুলসীৰ দৰে পবিত্ৰ হয়।
পানীয়ে জুই নুমুৱায় অথচ পত্নীয়ে জুইকুৰা দাউ দাউকৈ জ্বলায়।
কুহুমীয়া গৰম পানীৰে গা ধুবলৈ ভাল। পত্নীৰ উমত জিৰাবলৈ ভাল।
গৰম পানীয়ে পিঠি পোৰে। খং উঠিলে পত্নীয়ে ৰণচণ্ডী মূৰ্ত্তি ধৰে আৰু বেলনা মাৰিৰ কোবত পিঠি পোৰে।
এইবোৰৰ কাৰণ কি সেয়া বিচাৰি বিমোৰত পৰা বৰপুজাৰীয়ে সেয়ে মাজে সময়ে পত্নীক সাঙুৰি অমৃতবাণী বিলায়।
নলবাৰীৰ ফালৰ ৰহমানৰ মতে পানী গভীৰলৈ বোৱাৰ দৰে পত্নীও ধন বিতৰ গভীৰতাত বিশ্বাসী। আনৰ ধন বিত, দীঘল গাড়ীত, বিলাসী ফ্লেটত পত্নীৰ চকু থৰ হয়। পাণি গ্ৰহণত এগৰাকী ইচ্ছুক তেতিয়াহে হয় যদিহে হ’বলগাজনৰ এনুৱেল পেকেজ গধুৰ হয়। মনৰ মিলক নেওচি ডাক্তৰ, ইঞ্জিনীয়াৰ, ঠিকাদাৰলৈ ছোৱালী দিবলৈ অভিভাৱক ব্যাকুল হয়।
উত্তৰ পৰীয়া অংক চাৰে পানী আৰু পত্নীৰ সমীকৰণ উলিয়াইছে। তেওঁৰ মতে অধিক পানীত তথা বানপানীত কাজিৰঙাৰ জীৱই ককবকাই ফুৰাৰ দৰে একাধিক পত্নীত মত থকাজনে জীৱনত বৰকৈ ককবকাই থাওনি হেৰুৱাই দেদাউৰীয়াই ফুৰে।
কম ইনকামৰজনৰ কথা সুকীয়া। পত্নীৰ লগত হেনো ঘটিয়ে ঘটিয়ে পানী খাইছে। বন্ধন বেঙ্কলৈ তাঁত-বাতি কাঢ়োঁতে-কাঢ়োঁতে জোলপোটনি ওলাইছে। কিন্তু কোনোজনীয়ে আকৌ ছালৰ জলঙাৰে সোমোৱা জোনৰ পোহৰতে ভাগৰুৱা পতিক শীতল পানী খুৱাই মজবুত কৰিছে।
দক্ষিণ কামৰূপ ফালৰ ফটাঢোলৰ হাৰ্টথ্ৰৱ পোৱালি কলিতাৰ এই বিষয়ত অভিজ্ঞতাই সুকীয়া। তেওঁৰ মতে পানীত যিমানেই চেনী মিহলাব সিমানেই অধিক মিঠা হয়। তেনেকৈ পত্নীকো যিমানেই চেনী খুৱাই ফুচুলাব পাৰি সিমানেই উচতাই জোল খাব পাৰি। বৰ্তমানেও আবিঐ হ’লেও এইক্ষেত্ৰত তেওঁৰ বিশেষ বুৎপত্তি আছে। মাক ভালেই জীয়েক ভাল মন্ত্ৰত বিশ্বাস কৰি বহু ঠাইত ছোৱালীৰ মাকৰ হাতেৰে খায়ো ফুৰিছে।
উদ্ভিদ বিজ্ঞান পঢ়োৱা ছাৰৰ মতে পানীত জুবুৰীয়াই জুবুৰীয়াই গোন্ধোৱা চাবোনেৰে গা ধুলে মন প্ৰফুল্ল হয়।পত্নীৰ মন প্ৰফুল্ল কৰিবলৈ মাজে মাজে চপিং, আউটিঙত যাব লাগে। ফিল্মী ষ্টাইলত বাটে ঘাটে ফটো উঠি ফে’চবুকত আপলোড কৰিব লাগে। অৱশ্যে কেতিয়াবা ঘৰৰ বাঘিনীৰ ভয়ত বাঘমোড়ে ধৰাৰ দৰে বাটে-পথে বাঘ দেখে।
পানী আৰু পত্নীৰ যোগসূত্ৰ বিচাৰে যদি পৰিয়াল পৰিকল্পনাৰ সূত্ৰ সুকীয়া। বোৱতী পানী ভেটা দি ৰোধিব পাৰি। পত্নীকো জন্ম নিয়ন্ত্ৰণৰ সকাহ দি সোণৰ সৌধ গঢ়িব পাৰি।
কলং পৰীয়াৰ বৌম বৌম ভোলানাথ বৰাৰ মতে কলঙৰ পানী ঘোলা। পত্নীৰ হাত দুখন হেনো সদায় পতিৰ জেপলৈ খোলা। মেঘে গাজিলে বৰষুণৰ পানীৰে চৌপাশ উপচি পৰে। পত্নীৰ মৌ বৰষিলে শাহু আই আহে আৰু সেইকেইদিন ঘৰখন ৰসে চোচৌৱাই থাকে।
এজনে গাহৈৰ লগত ৰহি খায়নে পানী খায় ধৰিবই নোৱাৰে। গতিকে পত্নী পায়নে নেপায় একো গেৰাণ্টি দিব নোৱাৰি। অৰুণাচল পাহাৰত অনাই বনাই মনেতৰাৰ কবিতা লিখি থাকোঁতেই দিনকাল যাব। অৱশ্যে গা-ধন দি হ’লেও পাণি-গ্ৰহণ কৰাতো খাটাং।
মহাসাগৰত তেল খান্দি ফুৰা মোৰ উভচৰ বন্ধু দুজনমানে পোন্ধৰদিনীয়া ইণ্টাৰভেলত লুইতৰ দোকোলটকা বানপানীৰ দৰে চপচপীয়া পত্নী স্নেহত আধামাহকৈ ডুবি থাকেহি। সেই সময়ত কোনেও তেওঁলোকৰ সাক্ষাৎ নিবিচাৰে যেন।
বহু চিৰিজৰ লেখক মহাপ্ৰভু গোস্বামী বহু ঘাটৰ পানী পিয়া মানুহ। এতিয়া আৰু চকুৰ পানীৰ ধলত উটুৱাব নোখোজে পত্নীৰ মমতা। পানী গোটমাৰি বৰফ হয় আৰু পত্নীৰ আদৰ সাদৰবোৰ গোট মাৰিলে পত্নী ৰোহঘৰত সোমাব৷ এই কথাটো তেওঁ ভালকৈ জানে। পাৰিজাত হৰণ জলজল পটপট উদাহৰণ হেনো।
এজন ফুকনে পানীৰ সলনি পানীয় খায়। পানীয়ৰ গোন্ধ সহিব নোৱাৰি পত্নীয়ে কেতিয়াবা ফুকনৰ মূৰত বাল্টিয়ে বাল্টিয়ে পানী ঢালে।
গতিকে বন্ধুগন, পানী আৰু পত্নীৰ সাদৃশ্য অথবা বৈশাদৃশ্য অন্তহীন। বৰলাসকলে পানীৰ পিয়াঁহত চটফটাইছে আৰু পোষ্ট বৰলা তথা বিবাহিতসকলক পাণি গ্ৰহণৰ পৰিণামত পত্নীয়ে জোলোকা জোলোকে পানী খুৱাইছে। সিয়ানজনে পত্নীক বৰাপানী, গৰমপানী আদি ঠাইত এপাক ফুৰাই আনি আই পি এল চাবলৈ বহি শীতল পানীয় খাইছে।
পানী আৰু পত্নীৰ এই স্নেহ বন্ধন অটুত থাকক সৰ্বতকাললৈ৷
☆ ★ ☆ ★ ☆
10:38 pm
ভাল লাগিল
6:19 am
পানী আৰু পাণিৰ পানীনসৰকা কথাবোৰ পান কৰি আমোদ পালোঁ