অধিকাৰ-অগ্নিভ দত্ত
জয়ন্তহঁতৰ আন একো কাম নাথাকিলেও বছৰটোত পৰা প্ৰায়বোৰ দিৱসেই মোটামোটি ধুমধামেৰে পতাত বৰ কৃপণালি নকৰিছিল। এইবাৰ সিহঁতৰ ৰুপালী ক্লাৱত খুব ধুম-ধামেৰে নাৰী দিৱস পাতিবলৈ ঠিক কৰিলে।
ঠিক কৰিলে মানে পুৰা জোৰদাৰ কাৰবাৰ। ৰাস্তাত গাড়ী ৰখাই পইছা তুলি সিহঁতি ফাংচন পাতি ভাল নাপায়। সেইকাৰণে শশাংকই স্পনছৰ গোটাবলৈ আগতীয়াকৈ দায়িত্ব ল’লে। মুঠতে ইলাহী কাৰবাৰ গোটেইখন। নাৰী দিৱসৰ মুখ্য অতিথি কৰিলে অঞ্চলটোৰ জনপ্ৰিয় সকলোৰে মৰমৰ নাৰীবাদী মন্তীখুৰী মানে মন্তীলেখা শইকীয়াক।
নাৰী দিৱসৰ দিনা ৰাতিপুৱাৰপৰা জয়ন্তহঁতৰ গাত তত নাই। লোকেল টি ভি, কেমেৰা আদিও যোগাৰ কৰা ধৰণেৰেই আহি পাইছেহি ইতিমধ্যে। ওচৰ-চুবুৰীয়া মানুহবোৰো গোট খাইছেহি। ৰাতিপুৱাই ১০০ টকাকৈ দি মাতি অনা আনৰ ঘৰত কাম-বন কৰি যেনেতেনে চলি থকা চম্পাহঁতো আহি ক্লাব ঘৰটোত পাৰি থোৱা চকীত বহি লৈছে নাৰীৰ অধিকাৰৰ কথা শুনিবলৈ।
এজন এজনকৈ সভালৈ নিমন্ত্ৰণ কৰা মানুহবোৰে ভাষণ দি গৈছে নাৰী মুক্তিৰ ওপৰত। একেবাৰে শেষত মন্তীখুৰীয়ে সভাপতি আসনৰপৰা উদাত্ত কণ্ঠেৰে আজিৰ নাৰীৰ অধিকাৰ আৰু কৰণীয়ৰ ওপৰত ভাষণ দিছে। নাৰীৰ অধিকাৰ নাৰীয়ে নিজেই আজুৰি আনিব লাগিব বুলিও কৈছে ভাষণত। তাকে শুনি চম্পাহঁতে অলপ বুজা নুবুজাৰ নামত খুব হাততালি মাৰিছে বাকী মানুহবোৰৰ লগত।
মন্তীখুৰীৰ ভাষণৰ পাছতে মিটিং শেষ। তাৰপাছত জয়ন্তহঁতে যোগাৰ কৰা পেকেট লান্সৰ পেকেটবিলাক বিলাইছে সকলোকে। বিলাই বিলাই আহি মন্তীখুৰীকো এটা আগবঢ়াই দিলে জয়ন্তই। জয়ন্তৰপৰা পেকেটতো লৈ হাঁহি এটা মাৰি মন্তীখুৰীয়ে ক’লে,
: অ’ জয়ন্ত আৰু এটা পেকেট দি যাবাহে।
জয়ন্তক অকণমান আচৰিত হোৱা যেন দেখি পৰিস্থিতিটো নৰমেল কৰিবলৈ খুৰীয়ে হাঁহি এটা মাৰি, অকণমান গৌৰৱেৰেই খুৰীয়ে ক’লে,
: এহ নক’বাহে তোমাৰ খুৰায়েৰাৰ কাৰণে এটা লৈ যাওঁ ৰ’বা। নহ’লে মানুহটো ভোকতেই থাকিব বুইছা। বিয়া পতা বিছ বছৰ দিন ধৰি মই নাথাকিলে কূটা এগছো কৰি নলয় বুইছা। ভাত বনাই আৰু ক’ত খাব হেঃ হেঃ!
পেকেটটো খুৰীলে আগবঢ়াবলৈ লৈ জয়ন্ত হঠাৎ ৰৈ গ’ল। অকণমান আঁতৰত ৰৈ থকা চম্পালৈ চাই সুধিলে,
: ঐ চম্পা তোৰ মানুহটোৱে ঘৰত ভাত বনাবনে আজি? আজিতো ঘৰতে আছে কিজানি দেওবাৰ যেতিয়া?
চম্পাই অকণমান অস্বস্তিৰে ক’লে
: হেই দাদা আমাৰ আৰু ক’ত এই দেওবাৰ, শনিবাৰৰ বন্ধ এইবোৰ! ৰাতিপুৱাই ৰিক্সা লৈ ওলাই গৈছে। ল’ৰাৰ স্কুলৰ ফিজ ভৰাব লাগে অহা সপ্তাহত। মোৰ ভাগৰে এই পেকেটটো লৈ লৈছোঁ ঘৰলৈ দাদা। আজি ভাত নবনোৱাকৈয়ে হ’ব দাদা।
জয়ন্তই অকণমান খুৰীৰ ফালে চাই হাঁহি এটা মাৰি ক’লে,
: খুৰী, খুৰাক আজি নাৰীৰ অধিকাৰৰ নামত এসাঁজ লঘোণতে থাকিবলৈ দিয়ক। বিছ বছৰত অলপ হ’লেও প্ৰায়শ্চিত্ত হ’ব দিয়ক। ঐ চম্পা এই পেকেটটো লৈ যা মানুহটোক দিবিগৈ যা।
খুৰীৰ ফালে চোৱাৰ অকণো ইচ্ছা নকৰাকৈ জয়ন্তই বাকী থকা টোপোলাবিলাক লৈ মুকলি মন এটাৰ সৈতে চম্পাহঁতৰ ফালে লাহে লাহে খোজ দিলে।
☆ ★ ☆ ★ ☆
5:57 pm
সুন্দৰ। বৰ ধুনীয়াকৈ খুলি দিলে মুখা খন।
7:50 pm
ভাল লাগিল দাদা। আঁৰৰ কথাবোৰ।
8:13 am
বঢ়িয়া দাদা
8:26 am
বঢ়িয়া অগ্নিভ